Skip to content

Skip to table of contents

কাহিনী ৫৯

দায়ূদৰ পলায়ন

দায়ূদৰ পলায়ন

গলিয়াথক বধ কৰাৰ পাছত ইস্ৰায়েলৰ সেনাপতি অব্‌নেৰে দায়ূদক ৰজা চৌলৰ ওচৰলৈ আনিলে। দায়ূদৰ কাৰ্য্যত চৌল বৰ আনন্দিত। চৌলে দায়ূদক তেওঁৰ সেনাবাহিনীৰ এজন অধ্যক্ষ পাতিলে আৰু তেওঁৰ ঘৰতে থাকিবলৈ ব্যৱস্থা কৰিলে।

ইস্ৰায়েলী সৈন্যবাহিনীয়ে পলেষ্টীয়াবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰি উভতি আহোঁতে, ইস্ৰায়েলৰ তিৰোতাবিলাকে গান গাবলৈ ধৰিলে: ‘চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক।’ দায়ূদক লোকসকলে অধিক সন্মান দিয়াটো চৌলে ভাল নাপালে আৰু সেইবাবে তেওঁ দায়ূদক ঈৰ্ষা কৰিবলৈ ধৰিলে। কিন্তু চৌলৰ পুত্ৰ যোনাথনে দায়ূদক ঈৰ্ষা কৰা নাছিল। দায়ূদ আৰু যোনাথন দুয়ো নলে-গলে লগা বন্ধু। এই বন্ধুত্ব তেওঁলোকে সদায় বজাই ৰাখিব বুলি এজনে-আনজনক প্ৰতিশ্ৰুতি দিয়ে।

দায়ূদে বৰ ধুনীয়াকৈ বাদ্যযন্ত্ৰ বজাব পাৰে আৰু চৌলে দায়ূদৰ বজোৱা সংগীত বৰ ভাল পায়। কিন্তু দায়ূদৰ প্ৰতি থকা ঈৰ্ষাৰ বাবে চৌলে এদিনাখন এক বৰ বেয়া কাম কৰিলে। দায়ূদে বাদ্যযন্ত্ৰ বজাই থাকোঁতে চৌলে তেওঁলৈ এডাল বৰছা মাৰি পঠালে। চৌলে ক’লে: ‘মই দায়ূদক দেৱালত ওলমাম।’ কিন্তু দায়ূদে তাৰপৰা আঁতৰি গ’ল আৰু ৰক্ষা পৰিল। ইয়াৰ পাছত আৰু এবাৰ চৌলে তেওঁক বধ কৰিবলৈ বৰছা মাৰিছিল, কিন্তু দায়ূদে এইবাৰো ৰক্ষা পৰিল। তেতিয়াৰেপৰা দায়ূদে চৌলৰপৰা সাৱধান হ’ল।

যুদ্ধৰ সময়ত চৌলে কি প্ৰতিজ্ঞা কৰিছিল তোমাৰ মনত আছেনে? চৌলে কৈছিল যে গলিয়াথক বধ কৰা ব্যক্তিজনক তেওঁ নিজৰ ছোৱালী বিয়া দিব। চৌলে দায়ূদক ক’লে যে তেওঁ নিজৰ জীয়েক মীখলক তেওঁৰ লগত বিয়া দিব, কিন্তু এটা চৰ্তৰ বিনিময়ত। সেই চৰ্তটো হৈছে দায়ূদে ১০০জন পলেষ্টীয়াক বধ কৰিব লাগিব। ই কেনেধৰণৰ প্ৰস্তাৱ বাৰু? প্ৰকৃততে চৌলে ভাবিছিল যে পলেষ্টীয়াবিলাকে দায়ূদক বধ কৰিব। কিন্তু পলেষ্টীয়াবিলাকে দায়ূদক বধ কৰিব নোৱাৰিলে আৰু চৌলে নিজৰ জীয়েকক দায়ূদৰ পত্নী হিচাপে বিয়া দিলে।

এদিনাখন চৌলে যোনাথন আৰু তেওঁৰ ঘৰত থকা দাসসকলক ক’লে যে তেওঁ দায়ূদক বধ কৰিব বিচাৰে। কিন্তু যোনাথনে দেউতাকক ক’লে: ‘দায়ুদক আঘাত নকৰিব। কিয়নো তেওঁ আপোনাৰ বিৰুদ্ধে একো পাপ কৰা নাই। তেওঁ আপোনাৰ ভালৰ বাবেহে কাৰ্য্য কৰিছে। তেওঁ নিজ প্ৰাণ বিপদত পেলাই পলেষ্টীয়াটোক বধ কৰিছিল আৰু তাকে দেখি আপুনি আনন্দিত হৈছিল।’

চৌলে পুত্ৰৰ কথা শুনিলে আৰু দায়ূদক আঘাত নকৰোঁ বুলি কথা দিলে। দায়ূদক চৌলৰ ঘৰলৈ পুনৰ অনা হ’ল আৰু তেওঁক আগৰ ঠাইত নিযুক্ত কৰা হ’ল। এদিনাখন দায়ূদে বাদ্যযন্ত্ৰ বজাই থাকোঁতে, হঠাতে চৌলে এপাট বৰছা তেওঁলৈ মাৰি পঠালে। দায়ূদ কথমপিহে ৰক্ষা পৰিল। বৰছাডাল দেৱালত লাগিল। তৃতীয়বাৰৰ বাবে এনে ঘটনা ঘটিল। দায়ূদৰ আৰু বুজিবলৈ বাকী নাথাকিল যে তেওঁ চৌলৰ ওচৰৰপৰা পলাই যোৱাটোৱেই ভাল হ’ব।

সেইৰাতি দায়ূদে নিজৰ ঘৰলৈ গ’ল। চৌলে দায়ূদক বধ কৰিবলৈ কেইজনমান মানুহ পঠিয়ালে। দায়ূদৰ পত্নী মীখলে নিজৰ দেউতাকৰ মন্ত্ৰণাৰ বিষয়ে উমান পাই গিৰিয়েকক ক’লে: ‘তুমি যদি এই ৰাতিয়েই নিজ প্ৰাণ ৰক্ষা নকৰা, তেন্তে কাইলৈ মৰা পৰিবা।’ সেইৰাতি মীখলে দায়ূদক খিৰিকীয়েদি পলাই যাবলৈ সহায় কৰে। চৌলে যাতে দায়ূদক বধ কৰিব নোৱাৰে, তাৰ বাবে তেওঁ প্ৰায় সাত বছৰমান এঠাইৰপৰা আন ঠাইলৈ পলাই ফুৰিছিল।

১ চমূৱেল ১৭:৫৫-৫৮; ১৮:১-৩০; ১৯:১-১৮.