কাহিনী ৬১
দায়ূদ ৰজা হ’ল
ৰজা চৌলে দায়ূদক আকৌ বন্দী কৰিবলৈ চেষ্টা কৰে। তেওঁ নিজৰ ৩০০০ বিশ্বাসী সৈনিকক লগত লৈ দায়ূদক বিচাৰি ওলাল। এই খবৰ দায়ূদৰ কাণত পৰিল। চৌলে আৰু তেওঁৰ সৈনিকসকলে ৰাতিটোনো ক’ত কটায়, তাৰ খবৰ ল’বলৈ দায়ূদে কেইজনমান চোৰাংচোৱা পঠিয়ালে। ইয়াৰ পাছত দায়ূদে নিজৰ দুজন মানুহক সুধিলে: ‘চৌলৰ ছাউনিলৈ মোৰ লগত কোনে যাব?’
তাতে অবীচয়ে ক’লে: ‘আপোনাৰ লগত মই যাম।’ অবীচয় কোন হয় তোমালোকে জানানে? অবীচয় হৈছে দায়ূদৰ বায়েক চৰূয়াৰ পুত্ৰ। যেতিয়া চৌল আৰু তেওঁৰ লগত যোৱা সৈন্যবিলাকে টোপনিত আছিল, তেতিয়া দায়ূদ আৰু অবীচয়ে মনে মনে তেওঁলোকৰ ছাউনিত প্ৰৱেশ কৰিলে। তেওঁলোকে চৌলৰ মূৰৰ শিতানত থকা বৰছা আৰু পানীৰ পাত্ৰটো লৈ আহিল। চৌল আৰু সৈন্যবিলাকে গভীৰ টোপনিত থকাৰ বাবে কোনেও দায়ূদ আৰু অবীচয়ক নেদেখিলে।
ছবিখনত তোমালোকে দায়ূদ আৰু অবীচয়ক দেখা পাইছানে? তেওঁলোকে চৌলৰ ছাউনিৰপৰা ওলাই, ওচৰত থকা পৰ্ব্বতৰ ওপৰত উঠিল। তাৰপৰা দায়ূদে ইস্ৰায়েলৰ সেনাপতি অব্নেৰক উদ্দেশ্য কৰি চিঞৰি চিঞৰি ক’লে: ‘হে অব্নেৰ, তুমি কিয় তোমাৰ প্ৰভুক ৰক্ষা কৰা নাই? ৰজাৰ মূৰৰ শিতানত থকা বৰছা আৰু পানীৰ পাত্ৰটো ক’ত আছে?’
চৌলে হঠাতে সাৰ পালে। তেওঁ দায়ূদৰ মাত বুজিব পাৰি ক’লে: ‘হে মোৰ বোপা দায়ূদ, এয়ে তোমাৰ মাতনে?’ ছবিখনত তোমালোকে চৌল আৰু অব্নেৰক দেখা পাইছানে?’
দায়ূদে উত্তৰ দিলে: ‘হয় প্ৰভু মহাৰাজ, মোৰ মাত।’ ইয়াৰ পাছত দায়ূদে চৌলক সুধিলে: ‘আপুনি মোক কিয় বন্দী কৰিব বিচাৰিছে? মইনো কি বেয়া কাম কৰিলো? হে মহাৰাজ, এইডাল আপোনাৰ বৰছা। ডেকাবিলাকৰ কোনো এজনে আহি ইয়াক লৈ যাওক।’
চৌলে নিজৰ ভুল স্বীকাৰ কৰি ক’লে: ‘মই পাপ কৰিলো। মই অজ্ঞানৰ দৰে কৰ্ম্ম কৰিলো।’ ইয়াৰ পাছত দায়ূদ গুচি গ’ল আৰু চৌলেও নিজৰ ঠাইলৈ উভতি গ’ল। কিন্তু দায়ূদে মনতে ভাবিলে: ‘কোনো এদিনা চৌলে মোক নিশ্চয় বধ কৰিব। পলেষ্টীয়াবিলাকৰ দেশলৈ মই পলাই যোৱাটোৱেই ভাল হ’ব।’ সেই অনুসৰি দায়ূদে পলেষ্টীয়াবিলাকৰ দেশলৈ পলাই গ’ল। পলেষ্টীয়াবিলাকৰ দেশত দায়ূদে তেওঁলোকৰ চকুত ধূলি দিলে আৰু তেওঁলোকৰ ফলীয়া হোৱা যেন দেখুৱালে।
কিছুদিনৰ পাছত পলেষ্টীয়াবিলাকে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। এই যুদ্ধত চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ মৃত্যু হয়। তেওঁলোকৰ মৃত্যুত দায়ূদে বৰ দুখ কৰিলে আৰু এটা গীত ৰচনা কৰিলে: ‘হে মোৰ ভাই যোনাথন, তোমাৰ নিমিত্তে মই দুখিত হৈছোঁ। তুমি মোৰ অতি মৰমৰ আছিলা।’
ইয়াৰ পাছত দায়ূদে ইস্ৰায়েলত থকা হিব্ৰোণ নামৰ নগৰখনলৈ আহিল। এই নগৰখনত দুটা দলৰ মাজত যুদ্ধ হৈ আছে। এটা দলে চৌলৰ পুত্ৰ ঈচ্বোচতক ৰজা বনাব বিচাৰে আৰু আনটো দলে দায়ূদক ৰজা বনাব বিচাৰে। এই যুদ্ধত দায়ূদক সমৰ্থন কৰা লোকসকলে জয়লাভ কৰে আৰু দায়ূদ ৰজা হয়। সেইসময়ত তেওঁৰ বয়স ৩০ বছৰ আছিল। দায়ূদে হিব্ৰোণত চাৰে সাত বছৰ শাসন কৰিছিল। হিব্ৰোণত জন্ম হোৱা দায়ূদৰ কেইজনমান পুত্ৰৰ নাম হৈছে অম্নোন, অব্চালোম আৰু অদোনিয়া।
ইয়াৰ পাছত দায়ূদ আৰু তেওঁৰ লোকসকলে যিৰূচালেম নামৰ নগৰখন অধিকাৰ কৰিবলৈ যাত্ৰা কৰিলে। এই যুদ্ধত চৰূয়াৰ আন এক পুতেক যোৱাবে নেতৃত্ব দিয়ে। দায়ূদে যোৱাবক তেওঁৰ সৈন্যদলৰ সেনাপতি পাতে। ইয়াৰ পাছত দায়ূদে যিৰূচালেমৰ ওপৰত শাসন কৰিবলৈ আৰম্ভ কৰে।
১ চমূৱেল ২৬:১-২৫; ২৭:১-৭; ৩১:১-৬; ২ চমূৱেল ১:২৬; ৩:১-২১; ৫:১-১০; ১ বংশাৱলি ১১:১-৯.