Skip to content

Skip to table of contents

কাহিনী ৭৬

যিৰূচালেমৰ ধ্বংস

যিৰূচালেমৰ ধ্বংস

ৰজা নবূখদ্‌নেচৰে ইস্ৰায়েলৰ শিক্ষিত লোকসকলক বাবিললৈ লৈ যোৱাৰ ১০ বছৰমান হ’ল। ছবিখনলৈ চোৱাচোন। যিৰূচালেম ধ্বংস হৈছে। বহুতো ইস্ৰায়েলীক বধ কৰা হ’ল। আন বহুতো ইস্ৰায়েলীক বন্দী কৰি বাবিললৈ লৈ যোৱা হৈছে।

যিহোৱাই নিজৰ ভৱিষ্যতবক্তাসকলৰ যোগেদি ইস্ৰায়েলী লোকসকলক সতৰ্ক কৰাটো তোমাৰ নিশ্চয় মনত আছে। যিহোৱাই কৈছিল যে যদি তেওঁলোকে নিজৰ বেয়া কাৰ্য্যবোৰ ত্যাগ নকৰে, তেনেহ’লে যিৰূচালেম আৰু তাত বাস কৰা লোকসকলক ধ্বংস কৰা হ’ব। কিন্তু ইস্ৰায়েলীসকলে ভৱিষ্যতবক্তাসকলৰ কথাত ধ্যান নিদিলে। তেওঁলোকে যিহোৱাক উপাসনা নকৰি, মিছা দেৱতাবোৰক উপাসনা কৰি থাকিল। এই লোকসকল প্ৰকৃততে দণ্ড পোৱাৰ যোগ্য। ইস্ৰায়েলীসকলে কেনে বেয়া কাম কৰিছিল, তাৰ বিষয়ে ঈশ্বৰে ভৱিষ্যতবক্তা যিহিষ্কেলৰ দ্বাৰা আমাক বৰ্ণনা কৰিছে।

যিহিষ্কেল কোন হয় তুমি জানানে? যিৰূচালেম ধ্বংস হোৱাৰ ১০ বছৰৰ আগত, ৰজা নবূখদ্‌নেচৰে বন্দী কৰি লৈ যোৱা ইস্ৰায়েলীসকলৰ মাজৰ যিহিষ্কেলো এজন আছিল। দানিয়েল আৰু তেওঁৰ তিনিজন বন্ধু চদ্ৰক, মৈচক আৰু অবেদ-নগোকো সেইসময়তে বাবিললৈ লৈ যোৱা হৈছিল।

যিহিষ্কেলে বাবিলত থকাৰ সময়ছোৱাত, যিহোৱাই তেওঁক আচৰিতভাৱে যিৰূচালেম মন্দিৰত হৈ থকা বেয়া কামবোৰ দেখুৱালে। যিহিষ্কেলে যি দেখিলে, সেইয়া সঁচাকৈ ঘৃণনীয় আছিল।

যিহোৱাই যিহিষ্কেলক ক’লে: ‘লোকবিলাকে মন্দিৰত কৰা ঘিণলগীয়া কাৰ্য্যবোৰ চোৱা। সকলোবিধ সাপ আৰু ঘিণলগীয়া পশুৰ প্ৰতিমূৰ্ত্তিবোৰ দেৱালত আছে। ইস্ৰায়েলী লোকসকলে সেইবোৰক উপাসনা কৰিছে।’ যিহিষ্কেলে এইবোৰ দেখা পাইছে আৰু তেওঁ সকলো ঘটনা বিতংভাৱে লিখিছে।

যিহোৱাই যিহিষ্কেলক সুধিলে: ‘ইস্ৰায়েলৰ বৃদ্ধবিলাকে নিজ নিজ কোঠালিৰ আন্ধাৰত কি কৰিছে তাক তুমি দেখিছানে?’ যিহিষ্কেলে ৭০জন লোকক মিছা দেৱতাবোৰক উপাসনা কৰি থকা দেখিছে। তেওঁলোকে কৈছে: ‘যিহোৱাই আমাক দেখা নাই। যিহোৱাই পৃথিৱী ত্যাগ কৰিলে।’

ইয়াৰ পাছত মন্দিৰৰ উত্তৰফালে থকা দুৱাৰখনত, কেইজনীমান তিৰোতাই কি কৰি আছে তাক যিহোৱাই যিহিষ্কেলক দেখুৱালে। তেওঁলোকে মিছা দেৱতা তম্মুজক উপাসনা কৰিছে। যিহিষ্কেলে যিহোৱাৰ মন্দিৰৰ প্ৰৱেশদ্বাৰত লক্ষ্য কৰি দেখিলে যে প্ৰায় ২৫জন লোকে পূব ফাললৈ মুখ কৰি সূৰ্য্যক প্ৰণিপাত কৰিছে।

যিহোৱাই যিহিষ্কেলক ক’লে: ‘এই লোকসকলে মোক সন্মান কৰা নাই। তেওঁলোকে এই বেয়া কাৰ্য্যবোৰ মোৰ মন্দিৰত কৰিছে।’ সেইবাবে যিহোৱাই প্ৰতিজ্ঞা কৰিলে: ‘এই হেতুকে মই ক্ৰোধেৰে কাৰ্য্য কৰিম। মই তেওঁলোকৰ ওপৰত কৃপাদৃষ্টি নেদেখুৱাম।’

যিহোৱা ঈশ্বৰে, যিহিষ্কেলক এই ঘটনাবোৰ দেখুৱাৰ প্ৰায় তিনিবছৰৰ পাছত, ইস্ৰায়েলী লোকসকলে নবূখদ্‌নেচৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। ফলস্বৰূপে, নবূখদ্‌নেচৰে ইস্ৰায়েলীসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। ডেৰ বছৰ ধৰি হোৱা সংঘৰ্ষৰ পাছত, বাবিলীয়াসকলে যিৰূচালেমৰ দেৱাল পাৰ কৰি নগৰখন জ্বলাই ধ্বংস কৰিলে। যিৰূচালেম নগৰত থকা বহুতোলোকক বধ কৰা হ’ল আৰু কিছুমান লোকক বন্দী কৰি বাবিললৈ লৈ যোৱা হ’ল।

যিহোৱা ঈশ্বৰে ইস্ৰায়েলীসকলক এনেকৈ বিনাশ হ’বলৈ কিয় দিলে? কিয়নো ইস্ৰায়েলীসকলে যিহোৱাৰ বাক্যলৈ কান নিদিলে আৰু তেওঁৰ নিয়মবোৰ পালন নকৰিলে। ইয়াৰপৰা আমি এক ভাল কথা শিকোঁ নহয়নে বাৰু? আমি সদায় ঈশ্বৰৰ বাক্য পালন কৰা উচিত।

ৰজা নবূখদ্‌নেচৰে মাত্ৰ কিছুমান লোককহে ইস্ৰায়েলত থাকিবলৈ দিয়ে। তেওঁ গদলিয়া নামৰ এজন যিহূদীক এই লোকসকলৰ ওপৰত শাসনকৰ্ত্তা পাতিলে। কিন্তু কিছুমান ইস্ৰায়েলী লোকে একত্ৰিত হৈ গদলিয়াক হত্যা কৰে। গদলিয়াক হত্যা কৰাৰ পাছত ইস্ৰায়েলী লোকসকলে বৰ ভয় খালে। তেওঁলোকে ভাবিলে যে এই কাৰ্য্যৰ বাবে বাবিলীয়াসকলে পুনৰ তেওঁলোকক আক্ৰমণ কৰিব। বাবিলীয়াসকলৰপৰা নিজকে ৰক্ষা কৰিবলৈ, এই লোকসকলে মিচৰ দেশলৈ পলায়ন কৰিলে আৰু তেওঁলোকে যিৰিমিয়াকো লগত লৈ গ’ল।

সকলো লোকে তাৰপৰা পলায়ন কৰাত ইস্ৰায়েল জনশূন্য হৈ পৰিল। সত্তৰ বছৰ ধৰি এই দেশত এজন মানুহো নাছিল। কিন্তু যিহোৱা ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল যে সত্তৰ বছৰৰ পাছত তেওঁ ইস্ৰায়েলীসকলক যিৰূচালেমলৈ পুনৰ লৈ আনিব। এতিয়া প্ৰশ্ন হ’ব পাৰে যে বাবিললৈ বন্দী কৰি লৈ যোৱা ইস্ৰায়েলী লোকসকলৰনো কি হ’ল? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ

২ ৰাজাৱলি ২৫:১-২৬; যিৰিমিয়া ২৯:১০; যিহিষ্কেল ১:১-৩; ৮:১-১৮.