কাহিনী ৭০
যোনা আৰু এটা ডাঙৰ মাছ
পানীত থকা মানুহজনলৈ লক্ষ্য কৰাচোন। তেওঁ এক বৰ ভয়ংকৰ বিপদত পৰিছে, নহয়নে বাৰু? এনে লাগিছে যেন যিকোনো মুহূৰ্ত্তত সেই মাছটোৱে মানুহজনক গিলি পেলাব। এই মানুহজন কোন হয় তুমি জানানে? তেওঁৰ নাম হৈছে যোনা। তেওঁ কেনেকৈ এই বিপদত পৰিল বাৰু? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।
যোনা এজন যিহোৱাৰ ভৱিষ্যতবক্তা আছিল। ভৱিষ্যতবক্তা ইলীচাৰ মৃত্যুৰ কিছুদিনৰ পাছত, যিহোৱা ঈশ্বৰে যোনাক আজ্ঞা দিলে: ‘মহানগৰ নীনবিত থকা লোকসকলৰ দুষ্টতা বাঢ়িছে। তুমি তালৈ গৈ তেওঁলোকক সতৰ্ক কৰা।’
কিন্তু যোনাই নীনবিলৈ যাবলৈ ইচ্ছা নকৰিলে। ইয়াৰ পৰিৱৰ্তে তেওঁ নীনবিৰ বিপৰীত দিশলৈ গৈ থকা এখন জাহাজত উঠি যাত্ৰা কৰিলে। যোনাই এনেকৈ পলাই যোৱাৰ বাবে যিহোৱা ঈশ্বৰে ভাল নাপালে। সেইবাবে ঈশ্বৰে সাগৰত এক ধুমুহাৰ সৃষ্টি কৰিলে। ধুমুহাৰ ফলত জাহাজখন ডুবু ডুবু হ’ল। নাৱিকবিলাকে বৰ ভয় খালে আৰু সহায়ৰ বাবে নিজৰ নিজৰ দেৱতাবোৰক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে।
অৱশেষত যোনাই ক’লে: ‘মই আকাশ আৰু পৃথিৱীৰ সৃষ্টিকৰ্ত্তা স্বৰ্গৰ ঈশ্বৰ যিহোৱাক উপাসনা কৰোঁ। তেওঁ মোক যি কৰিবলৈ আজ্ঞা দিছিল, তাক নকৰি মই তেওঁৰ সন্মুখৰপৰা পলাইছোঁ।’ নাৱিকবিলাকে যোনাক সুধিলে: ‘সাগৰ শান্ত হ’বলৈ আমি কি কৰিম?’
যোনাই ক’লে: ‘মোক দাঙি সাগৰত পেলাই দিয়া, তাতে সাগৰ শান্ত হ’ব।’ নাৱিকবিলাকে এনে কৰিবলৈ ইচ্ছা কৰা নাই। কিন্তু ধুমুহা আৰু বেছিকৈ হোৱাৰ বাবে অৱশেষত নাৱিকবিলাকে যোনাক জাহাজৰপৰা পানীত পেলাই দিলে। যোনাক পানীত পেলোৱাৰ লগে লগে ধুমুহা নাইকিয়া হ’ল আৰু সাগৰ শান্ত হৈ পৰিল।
যোনাই লাহে লাহে পানীত ডুবিবলৈ ধৰিলে। হঠাতে এটা ডাঙৰ মাছে যোনাক গিলি পেলালে। কিন্তু যোনাৰ মৃত্যু হোৱা নাই। তিনিদিন আৰু তিনিৰাতি যোনাই মাছৰ পেটতে থাকিল। যিহোৱাৰ আজ্ঞা পালন নকৰাৰ বাবে যোনাই বৰ দুখ কৰিলে। মাছৰ পেটত থাকি যোনাই কি কৰিলে তুমি জানানে?
যোনাই সহায়ৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। যিহোৱাই যোনাৰ প্ৰাৰ্থনা শুনিলে আৰু মাছটোৱে যোনাক বামত উকুলিয়াই দিলে। ইয়াৰ পাছত যোনাই নীনবি মহানগৰলৈ গ’ল। যোনাৰ কাহিনীৰপৰা আমি কি শিকোঁ বাৰু? যিহোৱাই যিহকে কৰিবলৈ আজ্ঞা দিয়ে, আমি তাকে কৰা উচিত।
বাইবেলৰ যোনা নামৰ কিতাপ।