কাহিনী ৬৩
জ্ঞানী ৰজা চলোমন
ডেকা বয়সত চলোমন ৰজা হয়। তেওঁ যিহোৱা ঈশ্বৰক বৰ ভাল পায়। পিতৃ দায়ূদে দিয়া পৰামৰ্শবোৰ চলোমনে পালন কৰে। চলোমনৰ কাৰ্য্যবোৰত যিহোৱা ঈশ্বৰেও সন্তুষ্ট। এদিনাখন যিহোৱা ঈশ্বৰে চলোমনক সপোনত সুধিলে: ‘মই তোমাক কি দিম, তাক খোজা।’
চলোমনে ক’লে: ‘হে মোৰ ঈশ্বৰ যিহোৱা, মই সৰু ল’ৰা মাথোন। আপোনাৰ প্ৰজাবিলাকক কেনেকৈ শাসন কৰিব লাগে তাক মই নাজানো। গতিকে, আপোনাৰ প্ৰজাবিলাকৰ বিচাৰ কৰিবলৈ এই দাসক জ্ঞানযুক্ত মন দিয়ক।’
চলোমনৰ এই অনুৰোধত যিহোৱা বৰ আনন্দিত হ’ল। তেওঁ চলোমনক ক’লে: ‘তুমি তোমাৰ নিমিত্তে দীঘল আয়ুস নুখুজিলা, তোমাৰ নিমিত্তে ঐশ্বৰ্য্য নুখুজিলা, কিন্তু গোচৰ শুনিবলৈ তোমাৰ নিমিত্তে জ্ঞান খুজিলা। এই কাৰণে চোৱা, তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিম যে তোমাৰ আগেয়ে, তোমাৰ তুল্য কোনো হোৱা নাই আৰু তোমাৰ পাছতো কোনো নহ’ব। তাৰ বাহিৰে, তুমি যি খোজা নাই, এনে ঐশ্বৰ্য্য আৰু মৰ্য্যদাও তোমাক দিম।’
কিছুদিনৰ পাছত দুজনী তিৰোতাই এটা ডাঙৰ সমস্যা লৈ চলোমনৰ ওচৰলৈ আহিল। তাৰে এজনী তিৰোতাই ক’লে: ‘হে মোৰ প্ৰভু, মই আৰু এইজনী তিৰোতা দুয়ো একে ঘৰতে থাকোঁ। মই এটি ল’ৰা প্ৰসৱ কৰিলো। মই প্ৰসৱ কৰাৰ তৃতীয়দিনা এইজনী তিৰোতায়ো এটি ল’ৰা প্ৰসৱ কৰিলে। কিন্তু ৰাতি তাইৰ ল’ৰাটি মৰিল। মই টোপনিত থাকোঁতে, এইজনীয়ে মোৰ ল’ৰাটি মোৰ কাষৰপৰা নি, নিজৰ মৰা ল’ৰাটি আনি মোৰ কাষত থ’লে। পাছে ৰাতিপুৱা মই মোৰ ল’ৰাটিক দেখিলো, সি মৰা। কিন্তু মই ভালকৈ চাই দেখিলো যে সি মই জন্মোৱা ল’ৰা নহয়।’
তেতিয়া আনজনীয়ে ক’লে: ‘নহয়। জীয়া ল’ৰাটি মোৰ, মৰা ল’ৰাটি তোৰ।’ তাতে প্ৰথম জনীয়ে ক’লে: ‘নহয় নহয়। মৰাটো তোৰ, জীয়াটো মোৰ।’ এইদৰে দুয়োজনী তিৰোতাই ৰজাৰ আগত যুক্তি দৰ্শালে। এতিয়া ৰজা চলোমনে কি কৰিব?
চলোমনে এখন তৰোৱাল আনিবলৈ আদেশ দিলে। তৰোৱাল অনাৰ পাছত তেওঁ ক’লে: ‘এই জীয়া ল’ৰাটি দুডোখৰ কৰি, এজনীক এফাল আৰু আনজনীক এফাল দিয়া।’
ইয়াকে শুনি জীয়া ল’ৰাটোৰ প্ৰকৃত মাকজনীয়ে ক’লে: ‘হে মোৰ প্ৰভু, বিনয় কৰোঁ জীয়া ল’ৰাটি তাইক দি দিয়ক, ল’ৰাটিক বধ নকৰিব।’ কিন্তু আনজনীয়ে ক’লে: ‘সি মোৰো নহওক, তাইৰো নহওক। ল’ৰাটিক দুডোখৰ কৰক।’
এই সকলোৰে অন্তত ৰজা চলোমনে নিজৰ ৰায় দিয়ে: ‘ল’ৰাটিক বধ নকৰিবা। প্ৰথম তিৰোতাজনীক ল’ৰাটো দিয়া। তাই হৈছে প্ৰকৃত মাক।’ চলোমনে জানে যে নিজৰ সন্তানৰ প্ৰতি থকা প্ৰেমৰ বাবে, এজনী মাকে নিজৰ সন্তানক কেতিয়াও বধ কৰিবলৈ নিদিয়ে। সেইবাবে এই তিৰোতাগৰাকীয়ে নিজৰ ল’ৰাটোক আনক দিবলৈ মান্তি হ’ল। চলোমনে এইদৰে এটা ডাঙৰ সমস্যা সমাধান কৰিলে। তেওঁলোকৰ মাজত চলোমনৰ দৰে এজন জ্ঞানী ৰজা থকাৰ বাবে লোকসকলে আনন্দ কৰিলে।
চলোমনৰ শাসন কালত ঈশ্বৰে লোকসকলক আশীৰ্ব্বাদ কৰিছিল। সেইসময়ত ঘেঁহু, যৱ, আঙুৰ, ডিমৰু আদি বিভিন্ন ধৰণৰ শস্য আৰু ফল-মূল প্ৰচুৰ মাত্ৰাত উৎপন্ন হৈছিল। তেওঁলোকে ধুনীয়া ঘৰত বাস কৰিছিল আৰু ভাল কাপোৰ পিন্ধিছিল। সকলোৰে বাবে প্ৰচুৰ পৰিমাণে ভাল বস্তু আছিল।
১ ৰাজাৱলি ৩:৩-২৮; ৪:২৫-৩৪.