কাহিনী ৮১
ঈশ্বৰৰ ওপৰত ভৰসা
এক দীঘলীয়া যাত্ৰাৰ অন্তত কেইবাহাজাৰ লোকে যিৰূচালেমত উপস্থিত হয়। যিৰূচালেম নগৰৰ কোনো চিন-চাবেই নাই। তাত কোনেও বাস নকৰিছিল। বাবিলৰপৰা অহা ইস্ৰায়েলী লোকসকলে গোটেই নগৰখন পুনৰ নিৰ্ম্মাণ কৰিব লাগিব।
যিৰূচালেমত উপস্থিত হৈ সৰ্ব্বপ্ৰথমে ইস্ৰায়েলীসকলে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে। এই বেদীত তেওঁলোকে যিহোৱাৰ বাবে জীৱ-জন্তু বা উপহাৰ আগবঢ়াব। কেইমাহমানৰ পাছত ইস্ৰায়েলীসকলে মন্দিৰ নিৰ্ম্মাণৰ কাম আৰম্ভ কৰে। কিন্তু ওচৰ-চুবুৰীয়া ৰাজ্যত থকা লোকসকলে মন্দিৰ নিৰ্ম্মাণ হোৱাটো বিচৰা নাছিল। সেইবাবে তেওঁলোকে বিভিন্ন উপায় অৱলম্বন কৰি নিৰ্ম্মাণ কাৰ্য্য বন্ধ কৰিবলৈ চেষ্টা কৰিলে। সৰ্ব্বশেষত, এই লোকসকলে পাৰস্য দেশৰ নতুন ৰজাক খাটনি কৰি মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য বন্ধ কৰালে।
এইদৰে বহুবছৰ পাৰ হ’ল। বাবিলৰপৰা ইস্ৰায়েলীসকলে উভতি অহা ১৭ বছৰেই হ’ল, কিন্তু মন্দিৰৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। মন্দিৰৰ কাম পুনৰ আৰম্ভ কৰিবলৈ, যিহোৱা ঈশ্বৰে হগ্গয় আৰু জখৰিয়া নামৰ দুজন ভৱিষ্যতবক্তাক ইস্ৰায়েলীসকলৰ ওচৰলৈ পঠালে। ইস্ৰায়েলী লোকসকলে যিহোৱাৰ ওপৰত ভৰসা কৰি ভৱিষ্যতবক্তাকেইজনৰ আজ্ঞা পালন কৰিলে। যদিও পাৰস্যৰ ৰজাই মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ নিষেধ কৰিছিল, কিন্তু ইস্ৰায়েলীসকলে পুনৰ নিৰ্ম্মাণ কাৰ্য্য আৰম্ভ কৰে।
ইস্ৰায়েলীসকলে মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য আৰম্ভ কৰা দেখি, তত্তনয় নামৰ এজন পাৰস্য দেশৰ অধ্যক্ষই যিৰূচালেমলৈ আহিল। তেওঁ জানিব বিচাৰিলে যে ইস্ৰায়েলীসকলে কাৰ আদেশত এই নিৰ্ম্মাণ কাৰ্য্য কৰিছে। ইস্ৰায়েলীসকলে একেমুখে উত্তৰ দিলে যে তেওঁলোকে বাবিলত থকাৰ সময়ছোৱাত, ৰজা কোৰচে এই আদেশ দিছিল: ‘তোমালোকে যিৰূচালেমলৈ যোৱা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ মন্দিৰ পুনৰ নিৰ্ম্মাণ কৰা।’
ৰজা কোৰচে সঁচাকৈ এই আদেশ দিছিল নে নাই, তাক জানিবলৈ তত্তনয়ে বাবিললৈ এখন চিঠি পঠিয়ালে। পাৰস্যৰ নতুন ৰজাৰপৰা তত্তনয়ৰ বাবে উত্তৰ আহিল। চিঠিখনত উল্লেখ আছে যে আগৰ ৰজা কোৰচে মন্দিৰ নিৰ্ম্মাণৰ বাবে আদেশ দিছিল। চিঠিখনত আৰু লিখা আছিল: ‘ইস্ৰায়েলীসকলক তেওঁলোকৰ ঈশ্বৰৰ বাবে মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ দিয়া। মই তোমাক আদেশ দিওঁ যে এই কামত তুমি তেওঁলোকক সহায় কৰা।’ প্ৰায় চাৰিবছৰৰ পাছত মন্দিৰৰ কাম সম্পূৰ্ণ হয় আৰু ইয়াৰ বাবে ইস্ৰায়েলীসকলে বৰ আনন্দ কৰে।
মন্দিৰৰ নিৰ্ম্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱা প্ৰায় ৪৮ বছৰেই হ’ল। যিৰূচালেমত বাস কৰা ইস্ৰায়েলী লোকসকলৰ অৱস্থা এতিয়াও ভাল নহয় আৰু মন্দিৰৰ সৌন্দৰ্য্যতাও আগৰ দৰে নাই। বাবিলত থকা ইজ্ৰাই এই বিষয়ে শুনিবলৈ পালে। ইয়াৰ বাবে তেওঁ কি কৰিলে তোমালোকে জানানে?
ইজ্ৰাই পাৰস্যৰ ৰজা অৰ্তক্ষত্ৰৰ ওচৰলৈ গৈ সকলো কথা বিবৰি ক’লে। অৰ্তক্ষত্ৰ এজন ভাল ৰজা আছিল। তেওঁ ইজ্ৰাক যিৰূচালেমলৈ লৈ যাবলৈ বহুতো উপহাৰ দিয়ে। যিৰূচালেমলৈ এইবোৰ লৈ যাবলৈ ইজ্ৰাই বাবিলত থকা ইস্ৰায়েলীসকলৰ সহায় বিচাৰিলে। ইজ্ৰাক সহায় কৰিবলৈ প্ৰায় ৬,০০০ লোক ওলাল। যিৰূচালেমলৈ লৈ যাবলৈ তেওঁলোকৰ লগত বহুতো সোণ, ৰূপ আৰু মূল্যৱান বস্তু আছিল।
বাবিলৰপৰা যিৰূচালেমলৈ যোৱাৰ পথত বহুতো দুষ্ট লোক থকাৰ বাবে ইজ্ৰা বৰ চিন্তিত হ’ল। এই দুষ্ট লোকবিলাকে তেওঁলোকৰপৰা সোণ, ৰূপ আৰু মূল্যৱান বস্তুবোৰ কাঢ়ি লৈ তেওঁলোকক হত্যাও কৰিব পাৰে। ছবিখনত দেখুৱাৰ দৰে ইজ্ৰাই লোকসকলক একত্ৰিত কৰিলে। যিৰূচালেমলৈ বুলি কৰা এই দীঘলীয়া যাত্ৰাত যাতে কোনো অঘটন নঘটে, তাৰ বাবে ইজ্ৰাই যিহোৱালৈ প্ৰাৰ্থনা কৰে।
যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। চাৰিমাহমান যাত্ৰা কৰাৰ পাছত, ইস্ৰায়েলীসকলে সুৰক্ষিতভাৱে যিৰূচালেমত উপস্থিত হয়। ইয়ে দেখুৱায় যে যিহোৱাৰ ওপৰত ভৰসা কৰা লোকসকলক তেওঁ সহায় কৰে।
ইজ্ৰা ২-ৰপৰা ৮ অধ্যায়।