Skip to content

Skip to table of contents

কাহিনী ৭৭

তেওঁলোকে প্ৰণিপাত নকৰিলে

তেওঁলোকে প্ৰণিপাত নকৰিলে

ছবিখনত দেখুৱা এই ডেকাকেইজনৰ কথা তোমালোকৰ মনত আছেনে? তেওঁলোক হৈছে ৰজাৰ খাদ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা দানিয়েলৰ তিনিজন বন্ধু। বাবিলৰ লোকসকলে তেওঁলোকক চদ্ৰক, মৈচক আৰু অবেদ-নগো নামেৰে সম্বোধন কৰে। কিন্তু এতিয়া তেওঁলোকলৈ লক্ষ্য কৰাচোন। আন লোকসকলৰ দৰে তেওঁলোকে কিয় এই প্ৰকাণ্ড মূৰ্ত্তিটোৰ আগত প্ৰণিপাত কৰা নাই? আহাঁ আমি ইয়াৰ বিষয়ে শিকোঁ।

যিহোৱা ঈশ্বৰে নিজে লিখা দহ আজ্ঞাৰ বিষয়ে তোমাৰ মনত আছেনে? সেই দহ আজ্ঞাৰ প্ৰথমটো হৈছে: ‘মোৰ বাহিৰে তোমালোকে আন কোনো দেৱতাক উপাসনা নকৰিবা।’ যদিও এই আজ্ঞা পালন কৰাটো তেওঁলোকৰ বাবে সহজ নাছিল, কিন্তু ডেকাকেইজনে যিহোৱাৰ আজ্ঞা পালন কৰিলে।

ৰজা নবূখদ্‌নেচৰে স্থাপন কৰা এই মূৰ্ত্তিটোক সন্মান দিবলৈ তেওঁ বহুতো গণ্যমান্য লোকক নিমন্ত্ৰণ কৰিছে। ৰজাই লোকসকলক এইদৰে ক’লে: ‘তোমালোকে যেতিয়া শিঙা, বাঁহী, বীণা, চেতাৰ আৰু মৃদঙ্গ আদি নানাবিধ বাদ্যযন্ত্ৰৰ শব্দ শুনিবা, তেতিয়া এই সোণৰ মূৰ্ত্তিটোৰ আগত উবুৰি পৰি প্ৰণিপাত কৰিবা। যিয়ে তাৰ আগত প্ৰণিপাত নকৰিব, তাক সেই মুহূৰ্ত্ততে জ্বলি থকা অগ্নিকুণ্ডত পেলোৱা হ’ব।’

চদ্ৰক, মৈচক আৰু অবেদ-নগোৱে মূৰ্ত্তিটোক প্ৰণিপাত নকৰিলে। এই কথা জানিব পাৰি ৰজা নবুখদ্‌নেচৰৰ বৰ খং উঠিল। তেওঁ চদ্ৰক, মৈচক আৰু অবেদ-নগোক তেওঁৰ ওচৰলৈ মাতি অনালে। ৰজাই তেওঁলোকক মূৰ্ত্তিটোক প্ৰণিপাত কৰিবলৈ আকৌ এবাৰ সুযোগ দিলে। কিন্তু ডেকাকেইজনে যিহোৱাক ভৰসা কৰি ৰজা নবূখদ্‌নেচৰক ক’লে: ‘আমি যিজনাৰ সেৱা কৰোঁ, আমাৰ সেই ঈশ্বৰে জ্বলি থকা অগ্নিকুণ্ডৰপৰা আমাক উদ্ধাৰ কৰিবলৈ সমৰ্থ। কিন্তু তেওঁ যদি আমাক উদ্ধাৰ নকৰে, তথাপিও আপুনি স্থাপন কৰা এই সোণৰ মূৰ্ত্তিৰ আগত আমি প্ৰণিপাত নকৰোঁ।’

তেওঁলোকৰ এই কথা শুনি ৰজা নবূখদ্‌নেচৰে খঙত জ্বলি-পকি উঠিল। তেওঁ দাস এজনক আদেশ দিলে: ‘অগ্নিকুণ্ডৰ জুই সাত গুণ বেছি কৰা।’ চদ্ৰক, মৈচক আৰু অবেদ-নগোক বান্ধি অগ্নিকুণ্ডত পেলাবলৈ, ৰজাই সৈন্যবিলাকৰ মাজৰ কিছুমান বলী লোকক আজ্ঞা দিলে। অগ্নিকুণ্ডৰ তাপ ইমানেই বেছি আছিল যে চদ্ৰক, মৈচক আৰু অবেদ্‌-নগোক পেলাবলৈ নিয়া মানুহকেইজনেই সেই তাপত মৰি থাকিল। কিন্তু প্ৰশ্ন হ’ব পাৰে যে অগ্নিকুণ্ডৰ ভিতৰত চদ্ৰক, মৈচক আৰু অবেদ-নগোৰ কি হ’ল?

তেওঁলোকক অগ্নিকুণ্ডত পেলাই দিয়াৰ কিছুসময়ৰ পাছত, ৰজা নবূখদ্‌নেচৰে অগ্নিকুণ্ডৰ ভিতৰৰ ঘটনা দেখি বৰ ভয় খালে। তেওঁ সুধিলে: ‘আমি তিনিজন পুৰুষক জানো বান্ধি অগ্নিকুণ্ডত পেলোৱা নাই?

দাসবিলাকে উত্তৰ দিলে: ‘হয় মহাৰাজ।’

ৰজাই তেওঁলোকক ক’লে: ‘কিন্তু মই চাৰিজন মানুহক দেখিছোঁ। তেওঁলোকৰ বান্ধ মুকলি আছে আৰু জুইয়ে তেওঁলোকক পোৰা নাই। চতুৰ্থজনৰ আকৃতি স্বৰ্গদূতৰ নিচিনা।’ ইয়াৰ পাছত ৰজাই অগ্নিকুণ্ডৰ ওচৰলৈ গৈ চিঞৰি ক’লে: ‘হে সৰ্ব্বোপৰি ঈশ্বৰৰ দাস চদ্ৰক, মৈচক আৰু অবেদ-নগো তোমালোকে বাহিৰলৈ ওলাই আহাঁ।’

চদ্ৰক, মৈচক আৰু অবেদ-নগোৱে অগ্নিকুণ্ডৰপৰা বাহিৰলৈ ওলাই আহিল। তেওঁলোকক জুইয়ে নোপোৰাৰ বাবে লোকসকলে আচৰিত হ’ল। ৰজাই তেতিয়া ক’লে: ‘চদ্ৰক, মৈচক আৰু অবেদ-নগোৰ ঈশ্বৰ ধন্য। কিয়নো এই ডেকাকেইজনে নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক প্ৰণিপাত নকৰিলে। সেইবাবে তেওঁলোকৰ ঈশ্বৰে নিজৰ দূত পঠাই তেওঁলোকক ৰক্ষা কৰিলে।’

যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থকাৰ ই এক ভাল উদাহৰণ নহয়নে? আমি এই উদাহৰণ অনুকৰণ কৰা উচিত।

যাত্ৰাপুস্তক ২০:৩; দানিয়েল ৩:১-৩০.