কাহিনী ৮৩
যিৰূচালেমৰ দেৱাল
ইয়াত হৈ থকা নিৰ্ম্মাণ কাৰ্য্যলৈ মন কৰাচোন। ইস্ৰায়েলীসকলে যিৰূচালেমৰ দেৱাল নিৰ্ম্মাণ কৰাৰ কাৰ্য্যত ব্যস্ত। ৰজা নবূখদ্নেচৰে ১৫২ বছৰৰ আগত যিৰূচালেম নগৰ আক্ৰমণ কৰি তাৰ দেৱালবোৰ চূৰ্ণ-বিচূৰ্ণ কৰিছিল। ইস্ৰায়েলীসকলে বন্দী অৱস্থাৰপৰা যেতিয়া প্ৰথমবাৰৰ বাবে যিৰূচালেমলৈ উভতি আহিছিল, সেইসময়ত তেওঁলোকে নগৰৰ দেৱালবোৰ নিৰ্ম্মাণ কৰা নাছিল।
ইমান বছৰ ধৰি নগৰৰ চাৰিওফালে দেৱাল নথকাকৈ বাস কৰাটো ইস্ৰায়েলীসকলৰ বাবে কেনে আছিল, তাৰ বিষয়ে তোমালোকে কল্পনা কৰিব পাৰিবানে? তেওঁলোকে নিশ্চয় সুৰক্ষিত নাছিল। শত্ৰুবিলাকে সহজতে তেওঁলোকক আক্ৰমণ কৰিব পাৰে। কিন্তু এতিয়া নহিমিয়া নামৰ এজন ব্যক্তিয়ে দেৱাল নিৰ্ম্মাণ কৰিবলৈ ইস্ৰায়েলীসকলক সহায় কৰিছে। নহিমিয়া কোন হয় তোমালোকে জানানে?
নহিমিয়া এজন ইস্ৰায়েলী লোক আৰু তেওঁ চূচন নামৰ নগৰখনত বাস কৰিছিল। এই চূচন নগৰতে মৰ্দখয় আৰু ইষ্টেৰৰ ঘৰ। নহিমিয়াই ৰজাৰ ৰাজভৱনত কাম কৰিছিল। ৰাজভৱনত কাম কৰাৰ বাবে তেওঁ নিশ্চয় মৰ্দখয় আৰু ৰাণী ইষ্টেৰৰ ভাল বন্ধু। কিন্তু নহিমিয়াই ইষ্টেৰৰ স্বামী, ৰজা অহচ্বেৰোচৰ বাবে কাম কৰিছিল বুলি বাইবেলত উল্লেখ নাই। তেওঁ অহচ্বেৰোচৰ পাছত হোৱা ৰজা, অৰ্তক্ষত্ৰৰ বাবে কাম কৰিছিল।
ৰজা অৰ্তক্ষত্ৰৰ বিষয়ে তোমালোকৰ নিশ্চয় মনত আছে। তেওঁ এজন ভাল ৰজা আছিল। তেওঁ যিহোৱাৰ মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ ইজ্ৰাক বহুতো ধন-সম্পত্তি দি যিৰূচালেমলৈ পঠাইছিল। কিন্তু ইজ্ৰাই ধ্বংস হৈ যোৱা দেৱালবোৰ নিৰ্ম্মাণ কৰিব নোৱাৰিলে। পাছলৈ এই নিৰ্ম্মাণ কাৰ্য্য নহিমিয়াই সম্পূৰ্ণ কৰিলে। আহাঁ আমি ইয়াৰ বিষয়ে চালি-জাৰি চাওঁ।
ৰজা অৰ্তক্ষত্ৰই মন্দিৰ নিৰ্ম্মাণ কাৰ্য্যৰ বাবে ধন দিয়াৰ ১৩ বছৰেই হ’ল। নহিমিয়াই এতিয়া ৰজাৰ প্ৰধান পান-পাত্ৰ ধৰোঁতা হিচাপে কাম কৰে। ইয়াৰ অৰ্থ হৈছে যে ৰজাই যেতিয়া দ্ৰাক্ষাৰস খাব বিচাৰে, তেতিয়া তেওঁ ৰজাক আলপৈচান ধৰে। কোনেও যাতে ৰজাক বিহ দি হত্যা কৰিব নোৱাৰে, তাৰ বাবে নহিমিয়াই কাম কৰা এই পদটো অতি গুৰুত্বপূৰ্ণ।
এদিনাখন কিছুমান ইস্ৰায়েলী লোকে নহিমিয়াক দেখা কৰিবলৈ আহিল। তাৰে ভিতৰত হনানী নামৰ নহিমিয়াৰ এজন সম্বন্ধীয় লোকো আছিল। তেওঁলোকে নহিমিয়াক যিৰূচালেমৰ ভঙা দেৱাল আৰু ইস্ৰায়েলীসকলে সন্মুখীন হোৱা পৰিস্থিতিবোৰৰ বিষয়ে বিবৰি ক’লে। যিৰূচালেমৰ বিষয়ে এনে খবৰ শুনি নহিমিয়াৰ বৰ দুখ লাগিল আৰু তেওঁ ইয়াৰ বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে।
এদিনাখন ৰজাই লক্ষ্য কৰিলে যে নহিমিয়াই বৰ বেজাৰ কৰি আছে। তেওঁ নহিমিয়াক সুধিলে: ‘তুমি কিয় বেজাৰ কৰি আছা?’ যিৰূচালেমৰ ভঙা দেৱালবোৰ আৰু ইয়াৰ পৰিস্থিতিৰ বিষয়ে নহিমিয়াই ৰজাক বৰ্ণনা কৰিলে। তেতিয়া ৰজাই নহিমিয়াক সুধিলে: ‘তুমি মোৰপৰা কি বিচাৰা?’
নহিমিয়াই উত্তৰ দিলে: ‘আপুনি মোক যিৰূচালেমলৈ পঠাই দিয়ক। মই নগৰৰ দেৱালবোৰ পুনৰায় সাজিম।’ ৰজা অৰ্তক্ষত্ৰ বৰ দয়ালু ৰজা। তেওঁ নহিমিয়াক যাবলৈ অনুমতি দিলে আৰু নিৰ্ম্মাণ কাৰ্য্যৰ বাবে কাঠৰ ব্যৱস্থা কৰিলে। কোনো পলম নকৰাকৈ নহিমিয়া যিৰূচালেমত উপস্থিত হ’ল। নহিমিয়াই নিজৰ আঁচনিৰ বিষয়ে ইস্ৰায়েলী লোকসকলক বিতংভাৱে জনালে আৰু লোকসকলেও এই আঁচনিক হয়ভৰ দিলে। তেওঁলোকে ক’লে: ‘আহাঁ আমি নিৰ্ম্মাণ কাৰ্য্য আৰম্ভ কৰোঁ।’
যিৰূচালেমৰ দেৱাল নিৰ্ম্মাণ কৰি থকা দেখি শত্ৰুবিলাকে নিজৰ ভিতৰতে আলোচনা কৰি ক’লে: ‘আমি সিহঁতৰ মাজত সোমাই সিহঁতক বধ কৰি কাম বন্ধ কৰিম।’ কিন্তু নহিমিয়াই শত্ৰুবিলাকৰ পৰিকল্পনাৰ বিষয়ে জানিব পাৰি, কাম কৰা লোকসকলক তৰোৱাল আৰু বৰছা দি ক’লে: ‘শত্ৰুবিলাকলৈ ভয় নকৰিবা। নিজ নিজ ভাই, নিজ নিজ পো-জী, নিজ নিজ তিৰোতা আৰু নিজ নিজ ঘৰৰ নিমিত্তে যুদ্ধ কৰা।’
এই লোকসকল বৰ সাহসী। দিনে-ৰাতিয়ে তেওঁলোকে অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ নিৰ্ম্মাণ কাৰ্য্য কৰি থাকিল। মাত্ৰ ৫২ দিনৰ ভিতৰত দেৱালৰ কাম সম্পূৰ্ণ হয়। দেৱালখন থকাৰ বাবে লোকসকলৰ মনত কোনো ভয় নাই। নহিমিয়া আৰু ইজ্ৰাই ইস্ৰায়েলী লোকসকলক ঈশ্বৰৰ ব্যৱস্থা শিকাবলৈ ধৰে। লোকসকলে এতিয়া সুখ আৰু আনন্দত বাস কৰিবলৈ ধৰিলে।
বাবিললৈ বন্দী কৰি নিয়াৰ আগতে ইস্ৰায়েলীসকলৰ যেনে পৰিস্থিতি আছিল, তেনে পৰিস্থিতি আৰু নাই। ইস্ৰায়েলী লোকসকল এতিয়া পাৰস্য দেশৰ অধীনত আৰু তেওঁলোকে সেই দেশৰ ৰজাৰ আদেশ অনুসৰি কাম কৰে। কিন্তু যিহোৱা ঈশ্বৰে ভৱিষ্যতবাণী কৰিছিল যে তেওঁ এনে এজন ৰজা পঠিয়াব, যিজনে লোকসকলৰ বাবে শান্তি কঢ়িয়াই আনিব। ভৱিষ্যতবাণী কৰা অনুসৰি সেই ৰজা কোন হয় বাৰু? তেওঁ কেনেকৈ পৃথিৱীলৈ শান্তি কঢ়িয়াই আনিব? ঈশ্বৰৰ এই ভৱিষ্যতবাণীৰ বিষয়ে ৪৫০ বছৰলৈকে কোনেও জনা নাছিল। ইয়াৰ পাছত এক বিশেষ শিশুৰ জন্ম হয়। আগলৈ আমি এই শিশুৰ বিষয়ে শিকিবলৈ পাম।
নহিমিয়া ১-ৰপৰা ৬ অধ্যায়।