Skip to content

Skip to table of contents

কাহিনী ৮৬

তৰাৰ দ্বাৰা পৰিচালিত

তৰাৰ দ্বাৰা পৰিচালিত

মানুহজনে আঙুলিয়াই থকা তৰাটোলৈ লক্ষ্য কৰাচোন। আন তৰাবোৰৰ তুলনাত এই তৰাটো উজ্জ্বল নহয়নে? এই মানুহকেইজন পূব দিশৰ কোনোবা এখন দেশৰপৰা আহিছে আৰু তেওঁলোকে তৰাবোৰৰ বিষয়ে অধ্যয়ন কৰে। তেওঁলোকৰ বিশ্বাস যে এই নতুন তৰাটোৱে তেওঁলোকক এক বিশেষ ব্যক্তিৰ ওচৰলৈ লৈ যাব।

এই মানুহকেইজনে যিৰূচালেমত উপস্থিত হৈ লোকসকলক সুধিবলৈ ধৰিলে: ‘যিহূদীবিলাকৰ যি ৰজা জন্মিল তেওঁ ক’ত?’ ইস্ৰায়েলীসকলক “যিহূদী” বুলিও কোৱা হয়। মানুহকেইজনে আৰু ক’লে: ‘পূব দিশত থকা সময়ত আমি শিশুটোৰ বাবে ওলোৱা তৰাটোক দেখিছিলো। আমি তেওঁক উপাসনা কৰিবলৈ আহিছোঁ।’

সেইসময়ত যিৰূচালেমৰ ৰজা আছিল হেৰোদ। এই বিষয়ে শুনিবলৈ পাই তেওঁ বৰ চিন্তিত হ’ল। আন এজন ৰজাই তেওঁৰ স্থান লোৱাটো তেওঁ বিচৰা নাই। সেইবাবে তেওঁ প্ৰধান পুৰোহিতসকলক মতাই আনি সুধিলে: ‘খ্ৰীষ্ট কোন ঠাইত জন্ম হ’ব?’ তেওঁলোকে উত্তৰ দিলে: ‘শাস্ত্ৰত বৰ্ণনা কৰিছে যে তেওঁ বৈৎলেহমত জন্ম হ’ব।’

তেতিয়া হেৰোদে পূব দিশৰপৰা অহা লোককেইজনক মতাই আনি ক’লে: ‘তোমালোকে গৈ সেই ল’ৰাটিৰ বিষয়ে বিচাৰ লোৱাগৈ আৰু তেওঁক পালে মোক খবৰ দিবা। কিয়নো ময়ো তেওঁক উপাসনা কৰিব বিচাৰোঁ।’ কিন্তু প্ৰকৃততে হেৰোদে ল’ৰাটোক হত্যা কৰিব বিচাৰিছিল।

এই মানুহকেইজনে যিৰূচালেম ত্যাগ কৰাৰ লগে লগে তৰাটো আকৌ দেখা গ’ল। তৰাটো তেওঁলোকৰ আগে আগে গৈ থাকিল আৰু বৈৎলেহমত থকা ল’ৰাটোৰ ঘৰৰ ওপৰত ৰ’ল। মানুহকেইজনে ঘৰৰ ভিতৰত সোমাই মৰিয়ম আৰু যীচুক দেখা পালে। তেওঁলোকে লগত অনা উপহাৰবোৰ যীচুক দিলে। কিন্তু সপোনৰ দ্বাৰা যিহোৱাই তেওঁলোকক হেৰোদৰ ওচৰলৈ যাবলৈ মানা কৰিলে। সেইবাবে তেওঁলোকে আন এক বাটেদি নিজৰ দেশলৈ উভতি গ’ল।

পূব দিশৰপৰা অহা মানুহকেইজনে নিজ দেশলৈ উভতি যোৱাৰ খবৰ পাই, ৰজা হেৰোদৰ বৰ খং উঠিল। সেইবাবে ৰজাই বৈৎলেহমত থকা দুবছৰ আৰু তাতকৈ কম বয়সৰ ল’ৰাবোৰক বধ কৰিবলৈ আদেশ দিলে। কিন্তু যিহোৱা ঈশ্বৰে যোচেফক এক সপোনৰ দ্বাৰা আগতীয়াকৈ ইয়াৰ বিষয়ে সাৱধান কৰিলে। লগে লগে যোচেফে পত্নী আৰু যীচুৰ সৈতে মিচৰ দেশলৈ যাত্ৰা কৰিলে। ৰজা হেৰোদৰ মৃত্যুৰ পাছত, যোচেফে পৰিয়ালৰ সৈতে পুনৰ নাচৰতলৈ ঘূৰি আহিল। ইয়াতে যীচু ডাঙৰ-দীঘল হ’বলৈ ধৰিলে।

সেই নতুন তৰাটোক কোনে উজ্জ্বলাই তুলিছিল বাৰু তুমি ক’ব পাৰিবানে? তৰাটো দেখাৰ পাছত মানুহকেইজনে যিৰূচালেমলৈ যোৱাৰ কথাটো তোমাৰ নিশ্চয় মনত আছে। চয়তানে ঈশ্বৰৰ পুত্ৰক বধ কৰিব বিচাৰিছিল। চয়তানে ইয়াকো জানিছিল যে যিৰূচালেমৰ ৰজা হেৰোদেও ঈশ্বৰৰ পুত্ৰক বধ কৰিব বিচাৰিব। নিশ্চয় চয়তানেই এই তৰাটো উজ্জ্বলাই তুলিছিল।

মথি ২:১-২৩; মীখা ৫:২.