কাহিনী ১০১
যীচুৰ মৃত্যু
এই ভয়ানক দৃশ্যটোলৈ লক্ষ্য কৰাচোন! যীচুক মৃত্যুদণ্ড দিয়া হৈছে। তেওঁলোকে যীচুৰ হাত আৰু ভৰিত গজাল মাৰি তেওঁক স্তম্ভ এটাত আঁৰি ৰাখিছে। কিন্তু যীচুক এইদৰে শাস্তি দিয়াৰ কাৰণ কি বাৰু?
কিছুমান লোকে যীচুক ঘৃণা কৰে। তেওঁলোক কোন হয় তোমালোকে জানানে? যীচুক ঘৃণা কৰা সকলৰ মাজৰ এজনা হৈছে দুষ্ট স্বৰ্গদূত চয়তান। চয়তানে আদম আৰু হৱাক ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিবলৈ উচটাইছিল। এই চয়তানেই যীচুক বধ কৰিবলৈ তেওঁৰ শত্ৰুবিলাকক পৰিচালিত কৰিছে।
স্তম্ভত অঁৰাৰ আগতে শত্ৰুবিলাকে যীচুৰ লগত বৰ বেয়া ব্যৱহাৰ কৰিছিল। শত্ৰুবিলাকে গেৎচিমানী বাগিচাত আহি কেনেকৈ যীচুক আটক কৰিছিল তোমালোকৰ মনত আছেনে? সেই লোকসকল কোন আছিল বাৰু? তেওঁলোক হৈছে ধৰ্ম্মীয় নেতা। আহাঁ ইয়াৰ পাছত হোৱা ঘটনাবোৰলৈ ধ্যান দিওঁ।
ধৰ্ম্মীয় নেতাসকলে যীচুক আটক কৰাৰ সময়ত, পাঁচনিসকলে তাৰপৰা পলাল। যীচুক আটক কৰাৰ বাবে পাঁচনিসকলে বৰ ভয় খালে আৰু তেওঁলোকে শত্ৰুবিলাকৰ মাজত যীচুক অকলে এৰি গ’ল। কিন্তু পিতৰ আৰু যোহনে বেছি দূৰলৈ যোৱা নাছিল। যীচুৰনো কি হয়, তাক চাবলৈ তেওঁলোকে লোকসকলক অনুকৰণ কৰে।
ধৰ্ম্মীয় নেতাসকলে যীচুক হানন নামৰ এজন ব্যক্তিৰ ওচৰলৈ লৈ যায়। তেওঁ আগতে মহাপুৰোহিত আছিল। যীচুক লৈ অহা লোকসকলে বেছি সময় ইয়াত নাথাকিল। ইয়াৰ পাছত তেওঁলোকে যীচুক মহাপুৰোহিত কায়াফাৰ ওচৰলৈ লৈ যায়। কায়াফাৰ ঘৰতে ধৰ্ম্মীয় নেতাসকলে গোট খাইছে।
কায়াফাৰ ঘৰত বিচাৰৰ বাবে সভা বহিল। যীচুৰ বিষয়ে মিছা সাক্ষী দিবলৈ লোকসকলক গোটোৱা হৈছে। ধৰ্ম্মীয় নেতাসকলে তেওঁলোকৰ ৰায় দিলে: ‘যীচুক প্ৰাণদণ্ড দিয়া উচিত।’ ইয়াৰ পাছত তেওঁলোকে যীচুৰ মুখত থু পেলালে আৰু তেওঁক ভুকুৱালে।
কায়াফাৰ ঘৰৰ ভিতৰত এইবোৰ হৈ থকাৰ সময়ত পিতৰে বাহিৰত ৰৈ আছিল। ৰাতি ঠান্ডা হোৱাৰ বাবে লোকসকলে বাহিৰত জুই জ্বলাইছে। জুইৰ চাৰিওফালে বহি তাপ লৈ থাকোঁতে, এজনী দাসীয়ে পিতৰক উদ্দেশ্য কৰি ক’লে: ‘এই মানুহজনো যীচুৰ লগত আছিল।’
পিতৰে উত্তৰ দিলে: ‘নহয়, মই তেওঁৰ লগত নাছিলো।’
পিতৰে যীচুৰ লগত আছিল বুলি লোকসকলে তিনিবাৰকৈ কৈছিল। কিন্তু পিতৰে লোকসকলৰ এই দাবীক প্ৰতিবাৰে অস্বীকাৰ কৰে। অন্তিমবাৰত পিতৰে লোকসকলৰ কথা অস্বীকাৰ কৰোঁতে, যীচুয়ে পিতৰলৈ ঘূৰি চালে। এইদৰে মিছা কোৱাৰ বাবে পিতৰৰ বৰ দুখ লাগিল আৰু তেওঁ বাহিৰলৈ গৈ কান্দিবলৈ ধৰিলে।
শুক্ৰবাৰে ৰাতিপুৱাতে পুৰোহিতসকলে যীচুক মহাসভালৈ লৈ আনে। যীচুক কি কৰা হ’ব, তাৰ বিষয়ে তেওঁলোকে এই মহাসভাত আলোচনা কৰে। তেওঁলোকে যীচুক পন্তীয় পীলাতৰ ওচৰলৈ লৈ যোৱাৰ সিদ্ধান্ত লয়। পন্তীয় পীলাত হৈছে যিহূদিয়া প্ৰদেশৰ শাসক।
পীলাতৰ ওচৰত উপস্থিত হৈ ধৰ্ম্মীয় নেতাসকলে ক’লে: ‘ই এজন দুষ্ট মানুহ। ইয়াক প্ৰাণদণ্ড দিয়া উচিত।’ যীচুক কিছুমান প্ৰশ্ন সোধাৰ পাছত পীলাতে ক’লে: ‘মই এই মানুহজনৰ গাত একো দোষ দেখা নাই।’ ইয়াৰ পাছত পীলাতে যীচুক হেৰোদ আন্তিপাৰ ওচৰলৈ পঠিয়ালে। হেৰোদ হৈছে গালীলৰ শাসক আৰু এই সময়ত তেওঁ যিৰূচালেমত আছে। যীচুয়ে কিবা বেয়া কাম কৰিছে বুলি হেৰোদেও কোনো দোষ বিচাৰি নাপালে। সেইবাবে তেওঁ যীচুক আকৌ পীলাতৰ ওচৰলৈ পঠিয়াই দিয়ে।
পীলাতে যীচুক মুক্ত কৰিব বিচাৰে। কিন্তু শত্ৰুবিলাকে যীচুৰ পৰিৱৰ্তে আন এজন বন্দীকহে মুক্ত কৰিব বিচাৰিছিল। বন্দীজনৰ নাম হৈছে বাৰাব্বা আৰু তেওঁ এজন ডকাইত আছিল। পীলাতে যীচুক বাহিৰলৈ ওলাই আনোঁতে প্ৰায় আবেলিয়েই হ’ল। লোকসকলৰ আগত যীচুক থিয় কৰাই পীলাতে ক’লে: ‘চোৱা, তোমালোকৰ ৰজা!’ কিন্তু ধৰ্ম্মীয় নেতাসকলে চিঞৰিবলৈ ধৰিলে: ‘ইয়াক দূৰ কৰক, দূৰ কৰক। ইয়াক মৃত্যুদণ্ড দিয়ক।’ অৱশেষত পীলাতে বাৰাব্বাক মুক্ত কৰিলে আৰু লোকসকলে যীচুক মৃত্যুদণ্ড দিবলৈ লৈ যায়।
শুক্ৰবাৰে আবেলি সময়ত যীচুক এটা স্তম্ভত আঁৰি দিয়া হয়। যীচুৰ দুয়োকাষে দুজন অপৰাধীক স্তম্ভত অঁৰা হৈছে। তেওঁলোকক কিন্তু তোমালোকে ছবিখনত দেখা নাপাবা। যীচুৰ মৃত্যুৰ আগমুহূৰ্ত্তত এজন অপৰাধীয়ে তেওঁক ক’লে: ‘আপোনাৰ ৰাজ্যত মোক সোঁৱৰিব।’ যীচুয়ে উত্তৰ দিলে: ‘মই তোমাক প্ৰতিজ্ঞা কৰিছোঁ যে তুমি প্ৰমোদবনত মোৰ সংগী হ’বা।’
যীচুৰ এই প্ৰতিজ্ঞাই আমাৰ বাবে আশা কঢ়িয়াই আনে। যীচুয়ে কোনখন প্ৰমোদবনৰ বিষয়ে কৈছিল তোমালোকে জানানে? আৰম্ভণিতে ঈশ্বৰে ক’ত প্ৰমোদবন সৃষ্টি কৰিছিল বাৰু? তেওঁ এই পৃথিৱীত প্ৰমোদবন সৃষ্টি কৰিছিল। যীচুয়ে যেতিয়া স্বৰ্গৰপৰা ৰজা হিচাপে শাসন কৰিব, তেতিয়া তেওঁ এই ব্যক্তিজনক পুনৰ জীৱিত কৰিব। পৃথিৱীত হোৱা প্ৰমোদবনত তেওঁ জীৱনৰ আনন্দ ল’ব। ইয়াৰ বিষয়ে জানি আমি আনন্দিত নহওঁনে?