কাহিনী ৯৬
বেমাৰী লোকক সুস্থ কৰা
যীচুয়ে গোটেই দেশখন ভ্ৰমণ কৰিছিল আৰু যাত্ৰাৰ সময়ত লগ পোৱা বেমাৰী লোকসকলক সুস্থ কৰিছিল। এই আচৰিত কাৰ্য্যবোৰৰ খবৰ গাঁৱে-ভূঁয়ে আৰু নগৰে-চহৰে বিয়পি পৰিল। খোৰা, অন্ধ, কলা আদি বেমাৰী লোকসকলক যীচুৰ ওচৰলৈ লৈ অনা হয়। যীচুয়ে সকলোকে সুস্থ কৰে।
যোহনে যীচুক বাপ্তিষ্মা দিয়াৰ তিনিবছৰতকৈ বেছি হ’ল। যিৰূচালেমত নিজৰ মৃত্যু হোৱা আৰু মৃত্যুৰ পাছত পুনৰ জীৱিত হোৱাৰ বিষয়ে যীচুয়ে পাঁচনিসকলক বৰ্ণনা কৰিলে। এই ঘটনাবোৰ নোহোৱালৈকে যীচুয়ে বেমাৰী লোকসকলক সুস্থ কৰি থাকিল।
এদিনাখন যীচুয়ে বিশ্ৰাম-বাৰত লোকসকলক শিক্ষা দিয়ে। বিশ্ৰাম-বাৰ হৈছে যিহূদীসকলে জিৰণি লোৱা এটা দিন। ছবিখনত দেখুৱা তিৰোতাগৰাকীলৈ লক্ষ্য কৰাচোন। তাই ১৮ বছৰ ধৰি কুঁজী হৈ আছিল। যীচুয়ে তাইক হাত দিয়াৰ লগে লগে তাই পোন হৈ থিয় হ’ল। তাই সুস্থ হ’ল!
যীচুৰ এই কাৰ্য্য দেখি ধৰ্ম্ম গুৰুসকলে খঙত জ্বলি-পকি উঠিল। তেওঁলোকৰ মাজৰে এজনে ক’লে: ‘আমি ছদিন কাম কৰা উচিত। এই হেতুকে সেইকেইদিনৰ ভিতৰত আহি সুস্থ হ’বা। কিন্তু বিশ্ৰাম-বাৰে হ’লে তোমালোকে নাহিবা।’
যীচুয়ে উত্তৰ দিলে: ‘হে কপটীয়াবিলাক, তোমালোকৰ প্ৰতিজনে বিশ্ৰাম-বাৰত নিজ নিজ গাধবোৰ পানী খুৱাবলৈ নিনিয়ানে? তেন্তে ১৮ বছৰৰপৰা বেমাৰত থকা এই তিৰোতাগৰাকী বিশ্ৰাম-বাৰৰ দিনা সুস্থ হোৱা উচিত নহয়নে?’ যীচুৰ উত্তৰে এই দুষ্ট লোকসকলক লাজত পেলালে।
ইয়াৰ পাছত যীচু আৰু তেওঁৰ পাঁচনিসকলে যিৰূচালেমলৈ যাত্ৰা কৰিলে। যিৰীহো নগৰৰ বাহিৰত থকা দুজন অন্ধ ভিক্ষাৰীয়ে, যীচু সেই বাটেদি যোৱা বুলি গম পালে। তেওঁলোকে চিঞৰিবলৈ ধৰিলে: ‘হে প্ৰভু যীচু, আমাক দয়া কৰক।’
যীচুয়ে অন্ধ লোককেইজনক সুধিলে: ‘মই তোমালোকক কি কৰাটো তোমালোকে বিচাৰা?’ তেওঁলোকে উত্তৰ দিলে: ‘হে প্ৰভু, আমাৰ চকু মুকলি কৰক।’ যীচুয়ে অন্ধ লোককেইজনৰ চকু চুলে আৰু লগে লগে তেওঁলোকে দেখিব পৰা হ’ল। যীচুয়ে এই আচৰিত কাৰ্য্যবোৰ কৰাৰ কাৰণ কি বাৰু? কিয়নো তেওঁ লোকসকলক প্ৰেম কৰে আৰু লোকসকলে তেওঁৰ ওপৰত বিশ্বাস কৰাটো তেওঁ বিচাৰে। গতিকে আমি নিশ্চিত হ’ব পাৰোঁ যে যেতিয়া তেওঁ ৰজা হিচাপে শাসন কৰিব, তেতিয়া তেওঁ এই পৃথিৱীৰপৰা বেমাৰ নাইকিয়া কৰিব।