Skip to content

Skip to table of contents

কাহিনী ৮৪

স্বৰ্গদূতৰ দ্বাৰা মৰিয়মক সাক্ষাৎ

স্বৰ্গদূতৰ দ্বাৰা মৰিয়মক সাক্ষাৎ

ছোৱালীজনীলৈ চোৱাচোন। তাইৰ নাম হৈছে মৰিয়ম। তাই এগৰাকী ইস্ৰায়েলী ছোৱালী আৰু নাচৰৎ নামৰ নগৰখনত বাস কৰে। ঈশ্বৰে জানে যে মৰিয়ম এগৰাকী ভাল ছোৱালী হয়। সেইবাবে ঈশ্বৰে গাব্ৰিয়েল নামৰ এজন স্বৰ্গদূতৰ যোগেদি মৰিয়মৰ ওচৰলৈ এটা খবৰ পঠিয়ালে। গাব্ৰিয়েল স্বৰ্গদূতে মৰিয়মক কি ক’লে তোমালোকে জানানে? আহাঁ আমি ইয়াৰ বিষয়ে চাওঁ।

স্বৰ্গদূত গাব্ৰিয়েলে মৰিয়মক ক’লে: ‘হে মহা-অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মঙ্গল হওক। প্ৰভু তোমাৰ লগত আছে।’ মৰিয়মে এই ব্যক্তিজনক কেতিয়াও দেখা নাই। তাই চিন্তাত পৰিল। তাই কথাবোৰ বুজি পোৱা নাই। মৰিয়মৰ অৱস্থা দেখি গাব্ৰিয়েলে তাইক উৎসাহিত কৰিলে।

গাব্ৰিয়েলে ক’লে: ‘হে মৰিয়ম, ভয় নকৰিবা। কিয়নো তুমি ঈশ্বৰৰপৰা অনুগ্ৰহ পালা। ঈশ্বৰে তোমাৰ বাবে এক আচৰিত কাৰ্য্য কৰিব। তুমি গৰ্ভৱতী হৈ এটি পুত্ৰ সন্তানৰ জন্ম দিবা আৰু তেওঁৰ নাম যীচু ৰাখিবা।’

ইয়াৰ বিষয়ে গাব্ৰিয়েলে মৰিয়মক আৰু ক’লে: ‘তেওঁ মহান হ’ব আৰু সৰ্ব্বশক্তিমান ঈশ্বৰৰ পুত্ৰ বুলি প্ৰখ্যাত হ’ব। যিহোৱাই তেওঁক দায়ুদৰ দৰে ৰজা পাতিব। কিন্তু যীচুয়ে অনন্ত কালৰ বাবে শাসন কৰিব। তেওঁৰ ৰাজ্য কেতিয়াও বিনাশ নহ’ব।’

মৰিয়মে গাব্ৰিয়েলক সুধিলে: ‘ই কেনেকৈ সম্ভৱ বাৰু? মোৰ এতিয়ালৈকে বিয়াই হোৱা নাই। মই কোনো পুৰুষৰ লগত বাস কৰা নাই, তেনে অৱস্থাত মই এটা সন্তান জন্ম দিয়াটো সম্ভৱ জানো?’

গাব্ৰিয়েলে তাইক উত্তৰ দিয়ে: ‘পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব আৰু ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। সেইবাবে সন্তানটোক ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হ’ব। তোমাৰ জ্ঞাতি এলীচাবেতৰ বিষয়ে তুমি নিশ্চয় জানা। লোকসকলে তাইক বাঁজী বুলিছিল। কিন্তু তাই বৃদ্ধা অৱস্থাত গৰ্ভধাৰণ কৰিছে আৰু এটি পুত্ৰ সন্তানৰ জন্ম দিব। ঈশ্বৰে কৰিব নোৱাৰা এনে কোনো কাম নাই।’

এইবোৰ কথা শুনি মৰিয়মে ক’লে: ‘মই যিহোৱাৰ দাসী। আপুনি কোৱাৰ দৰেই মোলৈ হওক।’ তেতিয়া স্বৰ্গদূতে তাইৰ ওচৰৰপৰা গুচি গ’ল।

ইয়াৰ পাছত, মৰিয়মে এলীচাবেতক দেখা কৰিবলৈ ওলাল। মৰিয়মৰ মাত শুনি এলীচাবেতৰ গৰ্ভত থকা সন্তানটোৱে আনন্দতে জঁপিয়াই উঠিল। এলীচাবেতে ঈশ্বৰৰ আত্মাৰে পূৰ হৈ মৰিয়মক ক’লে: ‘তিৰোতাসকলৰ মাজত তুমি ধন্য।’ মৰিয়মে এলীচাবেতৰ লগত প্ৰায় তিনিমাহ থাকি, নিজৰ ঘৰ নাচৰতলৈ উভতি গ’ল।

যোচেফ নামৰ এজন ব্যক্তিৰ লগত মৰিয়মৰ বিয়া হোৱাৰ কথা। কিন্তু যোচেফে মৰিয়ম গৰ্ভৱতী হোৱাৰ খবৰ শুনি, তাইক বিয়া কৰিবলৈ ইচ্ছা নকৰিলে। ঈশ্বৰৰ দূতে যোচেফক ক’লে: ‘মৰিয়মক তোমাৰ পত্নী হিচাপে গ্ৰহণ কৰিবলৈ ভয় নকৰিবা। কিয়নো ঈশ্বৰেহে তাইক এই সন্তান দিছে।’ মৰিয়ম আৰু যোচেফৰ বিয়া হয় আৰু তেওঁলোকে যীচুৰ জন্মৰ বাবে অপেক্ষা কৰি থাকিল।