Skip to content

Skip to table of contents

কাহিনী ১০৬

বন্দীশালৰপৰা মুক্তি

বন্দীশালৰপৰা মুক্তি

স্বৰ্গদূতজনে দুৱাৰখন ধৰি থকা দেখিছানে? তেওঁ যীচুৰ পাঁচনিকেইজনক বন্দীশালৰপৰা মুকলি কৰিছে। কিন্তু কিহৰ বাবে তেওঁলোকে বন্দীশালত থাকিবলগীয়া হয় বাৰু? আহাঁ আমি তাৰ বিষয়ে চাওঁ।

যীচুৰ শিষ্যসকলৰ ওপৰত পবিত্ৰ আত্মা দিয়া কেইদিনমানহে হৈছে। ইয়াৰ পাছত এই ঘটনা ঘটিল। এদিনাখন আবেলিৰ সময়ত পিতৰ আৰু যোহনে যিৰূচালেম মন্দিৰলৈ যায়। মন্দিৰৰ দুৱাৰ মুখত এজন মানুহ বহি আছে আৰু তেওঁ জন্মৰেপৰা খোৰা। কিছুমান লোকে এই খোৰা মানুহজনক প্ৰতিদিনে মন্দিৰলৈ লৈ আহে। তেওঁ দুৱাৰ মুখত বহি মন্দিৰলৈ অহা-যোৱা কৰা লোকসকলক ভিক্ষা খোজে। পিতৰ আৰু যোহনে মন্দিৰলৈ আহি থকাৰ সময়ত, মানুহজনে তেওঁলোককো ভিক্ষা খোজে। পাঁচনিকেইজনে কি কৰিলে তোমালোকে জানানে?

খোৰা মানুহজনলৈ চাই পিতৰে ক’লে: ‘মোৰ ওচৰত কোনো ধন নাই। কিন্তু যি আছে, মই তোমাক দিম। যীচুৰ নামেৰে মই তোমাক কওঁ, উঠা আৰু খোজকাঢ়া।’ পিতৰে মানুহজনক সোঁহাতত ধৰি থিয় কৰালে আৰু লগে লগে তেওঁ খোজ কাঢ়িবলৈ ধৰিলে। খোৰা মানুহজনক সুস্থ হোৱা দেখি লোকসকল বৰ আচৰিত হ’ল আৰু তেওঁলোকে আনন্দ কৰিবলৈ ধৰিলে।

পিতৰে ক’লে: ‘যীচুক পুনৰ জীৱিত কৰা ঈশ্বৰৰ শক্তিৰে আমি এই আচৰিত কাৰ্য্য কৰিলো।’ পিতৰ আৰু যোহনে লোকসকলৰ আগত যীচুৰ পুনৰুত্থানৰ বিষয়ে বৰ্ণনা কৰি থাকোঁতে, কিছুমান ধৰ্ম্মীয় নেতা তাত উপস্থিত হয়। পাঁচনিকেইজনৰ কথা শুনি তেওঁলোকৰ বৰ খং উঠিল আৰু তেওঁলোকে পাঁচনিকেইজনক ধৰি বন্দীশালত ৰাখিলে।

পাছদিনাখন ধৰ্ম্মীয় নেতাসকলৰ এক ডাঙৰ সভা বহিল। এই সভাত পিতৰ, যোহন আৰু সুস্থ হোৱা মানুহজনো আছে। ধৰ্ম্মীয় নেতাসকলে পিতৰ আৰু যোহনক প্ৰশ্ন কৰিলে: ‘তোমালোকে কি শক্তিৰে এই কাৰ্য্য কৰিলা?’

পিতৰে উত্তৰ দিলে: ‘যি ঈশ্বৰে যীচুক মৃত্যুৰপৰা পুনৰ জীৱিত কৰিলে সেই ঈশ্বৰৰ শক্তিৰে আমি এই কাৰ্য্য কৰিলো।’ তেওঁলোকৰ উত্তৰ শুনি পুৰোহিতসকল অসহায় যেন হ’ল, কিয়নো এই আচৰিত কাৰ্য্য যে সঁচাকৈ ঘটিছে তাক তেওঁলোকে নুই কৰিব নোৱাৰে। তেওঁলোকে পাঁচনিকেইজনক যীচুৰ বিষয়ে ঘোষণা কৰিবলৈ মানা কৰিলে আৰু বন্দীশালৰপৰা মুকলি কৰিলে।

সময় অতিবাহিত হোৱাৰ লগে লগে, পাঁচনিসকলে যীচুৰ বিষয়ে ঘোষণা কৰা আৰু বেমাৰী লোকসকলক সুস্থ কৰা কাৰ্য্য কৰিয়েই থাকিল। এই আচৰিত কাৰ্য্যবোৰৰ খবৰ চাৰিওফালে বিয়পি পৰিল। যিৰূচালেমৰ ওচৰে-পাঁজৰে থকা লোকসকলে বেমাৰী লোকসকলক সুস্থ কৰিবলৈ পাঁচনিসকলৰ ওচৰলৈ লৈ আনে। পাঁচনিসকলৰ এই কাৰ্য্যত ধৰ্ম্মীয় নেতাসকলৰ বৰ খং উঠিল। তেওঁলোকে পাঁচনিসকলক ধৰি বন্দীশালত ৰাখিলে। কিন্তু তেওঁলোকে বন্দীশালত বেছিদিনলৈকে নাথাকিল।

ছবিখনলৈ চোৱাচোন। ঈশ্বৰৰ স্বৰ্গদূতজনে কেনেকৈ ৰাতি বন্দীশালৰ দুৱাৰখন খুলি পাঁচনিসকলক মুকলি কৰিছে! স্বৰ্গদূতজনে তেওঁলোকক ক’লে: ‘তোমালোক যোৱা আৰু ধৰ্ম্মধামত থিয় হৈ ঘোষণা কৰাগৈ।’ পাছদিনাখন ৰাতিপুৱা ধৰ্ম্মীয় নেতাসকলে বন্দীশালৰপৰা পাঁচনিসকলক আনিবলৈ মানুহ পঠালে। কিন্তু বন্দীশালৰ ভিতৰত কোনো নাই। অলপ পাছত, এই মানুহকেইজনে পাঁচনিসকলক মন্দিৰত শিক্ষা দি থকা দেখিবলৈ পালে। তেওঁলোকে পাঁচনিসকলক ধৰি মহাসভাৰ ওচৰলৈ লৈ আনিলে।

ধৰ্ম্মীয় নেতাসকলে ক’লে: ‘যীচুৰ বিষয়ে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলো। কিন্তু তোমালোকে তেওঁৰ শিক্ষাৰে গোটেই যিৰূচালেম পূৰ কৰিলা।’ পাঁচনিসকলে উত্তৰ দিলে: ‘মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে।’ ইয়াৰ পাছত তেওঁলোকে ‘শুভবাৰ্ত্তা’ ঘোষণা কৰি থাকিল। পাঁচনিসকলৰ এই উদাহৰণক আমিও অনুকৰণ কৰা উচিত, নহয়নে বাৰু?