Skip to content

Skip to table of contents

অধ্যায় ৮

ইস্ৰায়েলীসকলে কনান দেশত প্ৰৱেশ কৰে

ইস্ৰায়েলীসকলে কনান দেশত প্ৰৱেশ কৰে

যিহোচূৱাৰ নেতৃত্বত ইস্ৰায়েলীসকলে কনান দেশ জয় কৰিলে। যিহোৱাই তেওঁৰ লোকসকলক অত্যাচাৰ আৰু উৎপীড়নৰপৰা ৰক্ষা কৰিবলৈ বিচাৰকৰ্ত্তাসকলক নিযুক্ত কৰিলে

ইস্ৰায়েলীসকলে কনান দেশত প্ৰৱেশ কৰাৰ বহু শতিকাৰ আগতে, যিহোৱাই অব্ৰাহামৰ বংশধৰসকলক এই দেশখন দিয়াৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল। এতিয়া যিহোচূৱাৰ নেতৃত্বত ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশখন অধিকাৰ কৰিবলৈ তাৰ দুৱাৰ-ডলিত আছে।

ঈশ্বৰে কনান দেশৰ বাসিন্দাসকলক ধ্বংসৰ যোগ্য বুলি গণ্য কৰিলে। ইয়াত বাস কৰা লোকসকলে অতিশয় লজ্জাজনক যৌন কামত লিপ্ত হৈছিল আৰু ৰক্তপাতেৰে দেশখন ভৰি পৰিছিল। গতিকে ইস্ৰায়েলীসকলে অধিকাৰ কৰা এই কনান দেশৰ নগৰবোৰক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ প্ৰয়োজন আছিল।

কনান দেশত প্ৰৱেশ কৰাৰ আগতে, যিহোচূৱাই সেই দেশৰ বুজ-বিচাৰ লʼবলৈ দুজন চোৰাংচোৱাক তালৈ পঠিয়ালে। এই চোৰাংচোৱা কেইজনে যিৰীহো নগৰত প্ৰৱেশ কৰি, ৰাহাব নামৰ এগৰাকী তিৰোতাৰ ঘৰত থাকিল। এই তিৰোতা গৰাকীয়ে চোৰাংচোৱা কেইজন ইস্ৰায়েলী হয় বুলি জনাৰ সত্ত্বেও তেওঁলোকক নিজৰ ঘৰত থাকিবলৈ দিলে আৰু অন্য লোকসকলৰপৰা ৰক্ষা কৰিলে। ৰাহাবে এনে কিয় কৰিল বাৰু? কিয়নো, তাই যিহোৱাৰ ওপৰত বিশ্বাস কৰিছিল। যিহোৱা ঈশ্বৰে ইস্ৰায়েলীসকলৰ বাবে যি মহৎ কাম কৰিছিল, তাৰ বিষয়ে তাই শুনিছিল। তাই চোৰাংচোৱা কেইজনক শপত খুৱাইছিল যে যেতিয়া ইস্ৰায়েলীসকলে যিৰীহো নগৰখন আক্ৰমণ কৰিব, তেতিয়া তেওঁলোকে যাতে তাইক আৰু তাইৰ পৰিয়ালৰ লোকসকলক হত্যা নকৰে।

ইস্ৰায়েলীসকলে কনান দেশত প্ৰৱেশ কৰি যিৰীহো নগৰৰ বিৰুদ্ধে আহিল। যিহোৱা ঈশ্বৰে এই নগৰৰ বৰ বৰ দেৱালবোৰ আচৰিতভাৱে ধ্বংস কৰিলে। ইয়াৰ পাছত, যিহোচূৱা আৰু তেওঁৰ সৈন্য বাহিনীয়ে যিৰীহো নগৰখন ধ্বংস কৰিবলৈ আগবাঢ়ি গʼল, কিন্তু ৰাহাব আৰু তাইৰ পৰিয়ালক তেওঁলোকে জীৱিত ৰাখিলে। ছয় বছৰ ধৰি হোৱা যুদ্ধত যিহোচূৱাই প্ৰতিজ্ঞা কৰা দেশখনৰ প্ৰায় ভাগ অংশই দখল কৰিলে আৰু অধিকাৰ কৰা অংশ ইস্ৰায়েলৰ বাৰ ফৈদৰ মাজত ভগাই দিলে।

যিহোচূৱাৰ জীৱনৰ অন্তিম সময়ছোৱাত, তেওঁ ইস্ৰায়েলৰ লোকসকলক একত্ৰিত কৰিলে। পূৰ্ব্বপুৰুষসকলৰ আগত প্ৰদৰ্শন কৰা যিহোৱাৰ মহৎ কামবোৰৰ বিষয়ে তেওঁ লোকসকলক পুনৰ বৰ্ণনা কৰিলে আৰু যিহোৱাক সেৱা কৰি থাকিবলৈ তেওঁলোকক উৎসাহিত কৰিলে। যিহোচূৱা আৰু তেওঁৰ সময়ৰ বৃদ্ধ লোকসকলৰ মৃত্যুৰ পাছত, ইস্ৰায়েলীসকলে যিহোৱাক সেৱা কৰিবলৈ এৰিলে আৰু অন্য মিছা দেৱতাবোৰক উপাসনা কৰিবলৈ আৰম্ভ কৰিলে। প্ৰায় ৩০০ বছৰমান ধৰি ইস্ৰায়েলীসকলে যিহোৱাৰ আজ্ঞা ভালদৰে পালন কৰা নাছিল। সেই সময়ছোৱাত যিহোৱাই, পলেষ্টীয়া আদি শত্ৰুসকলক তেওঁলোকৰ ওপৰত অত্যাচাৰ আৰু উৎপীড়ন কৰিবলৈ অনুমতি দিলে। কিন্তু যেতিয়া তেওঁলোকে যিহোৱাক সহায়ৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া ঈশ্বৰে তেওঁলোকৰ সহায়ৰ বাবে বিভিন্ন সময়ত বাৰজন বিচাৰকৰ্ত্তাক নিযুক্ত কৰিলে।

বাইবেলৰ বিচাৰকৰ্ত্তাবিলাক নামৰ কিতাপখনত বিচাৰকৰ্ত্তাসকলৰ বিষয়ে বিতংভাৱে বৰ্ণনা আছে। প্ৰথম বিচাৰকৰ্ত্তা হৈছে, অৎনীয়েল আৰু শেষৰ জন হৈছে চিম্‌চোন, যি আটাইতকৈ শক্তিশালী ব্যক্তি আছিল। বিচাৰকৰ্ত্তাবিলাকৰ কিতাপত উল্লেখ কৰা বিৱৰণে এক নিগূঢ় সত্যতা প্ৰকাশ কৰিছে আৰু সেইয়া হৈছে, যিহোৱাৰ আজ্ঞাকাৰী হৈ থাকিলে আশীৰ্ব্বাদ আছে, কিন্তু তেওঁৰ আজ্ঞা অমান্য কৰিলে বিনাশ আছে।

এই অংশ যিহোচূৱা; বিচাৰকৰ্ত্তাবিলাক; লেবীয়া পুস্তক ১৮:২৪, ২৫ পদৰ আধাৰত।