Skip to content

Skip to table of contents

অধ্যায় ১৩

ভাল ৰজা আৰু বেয়া ৰজা

ভাল ৰজা আৰু বেয়া ৰজা

ইস্ৰায়েল দুটা ভাগত বিভক্ত হ’ল। সময় অতিবাহিত হোৱাৰ লগে লগে বহুতো ৰজাই ইস্ৰায়েলীসকলৰ ওপৰত শাসন কৰিলে, কিন্তু ইয়াৰ বেছিভাগেই ঈশ্বৰৰ প্ৰতি বিশ্বাসী নাছিল। বাবিলীয়াসকলৰ দ্বাৰা যিৰূচালেম ধ্বংস হ’ল

চলোমনে সত্য উপাসনা ত্যাগ কৰাৰ লগে লগে ইস্ৰায়েল বিভক্ত হ’ল আৰু ইয়াৰ বিষয়ে যিহোৱাই আগতেই ভৱিষ্যতবাণী কৰিছিল। চলোমনৰ ঠাইত তেওঁৰ পুত্ৰ ৰহবিয়াম ৰজা হ’ল, কিন্তু তেওঁ এজন নিষ্ঠুৰ শাসক আছিল। পৰিণামস্বৰূপে, ইস্ৰায়েলৰ দহ ফৈদে বিদ্ৰোহ কৰি ইস্ৰায়েলৰ উত্তৰ ৰাজ্য স্থাপন কৰিলে। বাকী থকা দুই ফৈদে যিৰূচালেমত দায়ূদৰ সিংহাসনত বহা ৰজাসকলৰ প্ৰতি বিশ্বাসী হৈ থাকিল আৰু তেওঁলোকে দক্ষিণফালত যিহূদা ৰাজ্য স্থাপন কৰিলে।

দুয়োখন ৰাজ্যৰ মাজত কিন্তু স্থিৰতা নাছিল আৰু তেওঁলোকৰ মাজত বহুতো সমস্যা আছিল। ইয়াৰ প্ৰকৃত কাৰণ কি বাৰু? দুয়ো ৰাজ্যৰ বেছিভাগ ৰজাই অবিশ্বাসী আৰু ঈশ্বৰৰ আজ্ঞা নামানিছিল। উত্তৰত থকা ৰাজ্য, ইস্ৰায়েলৰ অৱস্থা যিহূদাতকৈও বেয়া আছিল। কিয়নো ইয়াৰ ৰজাবিলাকে আৰম্ভণিৰ পৰাই মিছা উপাসনাক সমৰ্থন কৰিছিল। সেই সময়ত ইস্ৰায়েলত এলিয়া আৰু ইলীচা ভৱিষ্যতবক্তাই বহুতো আচৰিত কৰ্ম্ম কৰিছিল। তেওঁলোকে আনকি মৃত লোকসকলকো জীৱিত কৰি তুলিছিল, কিন্তু তেতিয়াও ইস্ৰায়েলে তেওঁলোকৰ ঘৃণনীয় কামবোৰ ত্যাগ নকৰিলে। শেষত যিহোৱা ঈশ্বৰে অৰামীয়াসকলৰ দ্বাৰা উত্তৰত থকা ৰাজ্য, ইস্ৰায়েলক ধ্বংস কৰিবলৈ অনুমতি দিলে।

ইস্ৰায়েলৰ ধ্বংসৰ পাছত, দক্ষিণৰ যিহূদা ৰাজ্য মাত্ৰ অলপ সময়ৰ বাবেহে টিকি আছিল, কিন্তু এই ৰাজ্যও ঈশ্বৰৰপৰা শাস্তি ভোগ কৰিবলগীয়া হয়। যিহূদা ৰাজ্যৰ মাত্ৰ কেইজনমান ৰজাহে ঈশ্বৰৰ ভৱিষ্যতবক্তাসকলৰ সাৱধানবাণীলৈ ধ্যান দিছিল আৰু তেওঁলোকে লোকসকলক যিহোৱাৰ নিৰ্দ্দেশনা অনুসৰি চলিবলৈ সহায় কৰিছিল। উদাহৰণস্বৰূপে, ৰজা যোচিয়ালৈ লক্ষ্য কৰক। তেওঁ যিহূদা ৰাজ্যক মিছা উপাসনাৰপৰা মুক্ত কৰিবলৈ ধৰিলে আৰু যিহোৱাৰ উপাসনা গৃহ পুনৰস্থাপন কৰিলে। যেতিয়া মোচিয়ে লিখা ঈশ্বৰৰ নিয়মৰ মূল লিখনিখন ৰজা যোচিয়াই আৱিষ্কাৰ কৰিলে, তেওঁ সত্য উপাসনাৰ পুনৰস্থাপন কৰা অভিযানক প্ৰবল কৰি তুলিলে।

কিন্তু দুখৰ বিষয় যে যোচিয়াৰ উত্তৰাধিকাৰীসকলে তেওঁৰ দৰে কৰিব নোৱাৰিলে। ইয়াৰ বাবে বাবিলৰ দ্বাৰা, যিহূদা তথা যিৰূচালেম আৰু ইয়াৰ উপাসনা গৃহক ধ্বংস কৰিবলৈ যিহোৱাই অনুমতি দিলে। এই আক্ৰমণত ৰক্ষা পোৱা লোকসকলক বাবিলীয়াসকলে নিজৰ দেশলৈ বন্দী কৰি লৈ গ’ল। ঈশ্বৰে ভৱিষ্যতবাণী কৰিছিল যে বন্দী কৰা লোকসকলে ৭০ বছৰ বাবিলত থাকিব। ভৱিষ্যতবাণীৰ অনুসৰি, বন্দী লোকসকলক নিজৰ দেশলৈ আহিবলৈ আদেশ নিদিয়ালৈকে, যিহূদা দেশ নিৰ্জন হৈ থাকিব।

কিন্তু মন কৰিবলগীয়া কথা যে প্ৰতিজ্ঞা কৰা মচীহ বা উদ্ধাৰকৰ্ত্তা নহালৈকে দায়ূদৰ বংশৰ কোনো ৰজাই আৰু শাসন নকৰিব। যিৰূচালেমৰপৰা শাসন কৰা দায়ূদৰ বংশৰ ৰজাসকলে এটা কথাই প্ৰমাণ কৰিলে যে কোনো অসিদ্ধ লোকে শাসন কৰাৰ যোগ্য নহয়। মাত্ৰ মচীহেই হৈছে, শাসন কৰাৰ যোগ্য। মচীহৰ বিষয়ে যিহোৱাই এইদৰে উল্লেখ কৰিছে: “যাকোবৰ বংশৰ ওপৰত তেওঁ সৰ্ব্বদায় ৰাজত্ব কৰিব; তেওঁৰ ৰাজ্যৰ অন্ত কেতিয়াও নহব।”—লূক ১:৩৩.

এই অংশ ১ ৰাজাৱলি; ২ ৰাজাৱলি; ২ বংশাৱলি ১০ পৰা ৩৬ অধ্যায়; যিৰিমিয়া ২৫:৮-১১ পদৰ আধাৰত।