Skip to content

Skip to table of contents

অধ্যায় ১২

জীৱনৰ বাবে ঈশ্বৰীয় প্ৰজ্ঞা

জীৱনৰ বাবে ঈশ্বৰীয় প্ৰজ্ঞা

হিতোপদেশ কিতাপখন হৈছে, ঈশ্বৰ প্ৰেৰিত পৰামৰ্শৰ এক সংগ্ৰহ আৰু ই দৈনন্দিন জীৱনৰ বাবে নিৰ্দ্দেশনা দিয়ে। ইয়াৰ বেছিভাগ পৰামৰ্শ ৰজা চলোমনে লিখিছিল

যিহোৱা ঈশ্বৰ এজন জ্ঞানী শাসক হয়নে? ইয়াৰ উত্তৰ পাবলৈ হʼলে তেওঁ কেনেকৈ পৰামৰ্শ আগবঢ়ায়, তাৰ বিষয়ে আমি আলোচনা কৰাৰ প্ৰয়োজন। তেওঁৰ পৰামৰ্শবোৰ প্ৰভাৱিতনে? এইবোৰ পালন কৰিলে আমাৰ জীৱন সুখী আৰু অৰ্থপূৰ্ণ হয়নে? জ্ঞানী ৰজা চলোমনে বহুতো হিতোপদেশ বা যোজনা লিখিছিল। এই লিখনিবোৰে জীৱনৰ সকলো দিশৰ লগত জড়িত থকা বিষয়বোৰ বৰ্ণনা কৰিছে। আহক আমি তাৰে কেইটামান উদাহৰণলৈ লক্ষ্য কৰোঁ।

আমি ঈশ্বৰক বিশ্বাস কৰা উচিত। ঈশ্বৰৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক ৰখাৰ বাবে বিশ্বাসৰ প্ৰয়োজন। ৰজা চলোমনে লিখিছিল: “তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো কাৰ্য্যত তেওঁক স্বীকাৰ কৰা; তাতে তেওঁ তোমাৰ পথবোৰ সমান কৰিব।” (হিতোপদেশ ৩:৫, ৬) ঈশ্বৰক ভাৰসা কৰাৰ অৰ্থ হৈছে, তেওঁৰ নিৰ্দ্দেশনা বিচৰা আৰু তেওঁৰ বাক্যবোৰ নিজৰ জীৱনত পালন কৰা। এইবোৰে এজন ব্যক্তিৰ জীৱনটো অৰ্থপূৰ্ণ কৰি তুলে। এনে কৰাৰ দ্বাৰা এজন ব্যক্তিয়ে ঈশ্বৰৰ হৃদয়ক আনন্দিত কৰে আৰু তেওঁ প্ৰমাণ কৰে যে চয়তানে যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ ওপৰত যি প্ৰশ্ন কৰিছিল এই বিষয়ে তেওঁ কাৰ পক্ষ।—হিতোপদেশ ২৭:১১.

আনৰ লগত বুদ্ধিমতাৰে আচৰণ কৰক। স্বামী, পত্নী আৰু লʼৰা-ছোৱালীৰ বাবে ঈশ্বৰে বহু আগতে দিয়া পৰামৰ্শ আজিও প্ৰযোজ্য। স্বামীসকলক ঈশ্বৰে পৰামৰ্শ দিছে, “তুমি তোমাৰ যৌৱন-কালৰ ভাৰ্য্যাত আনন্দ কৰা।” (হিতোপদেশ ৫:১৮-২০) ইয়াৰ অৰ্থ হৈছে, স্বামীয়ে নিজৰ পত্নীৰ প্ৰতি বিশ্বাসী হৈ থকা উচিত। পত্নীসকলৰ বাবেও হিতোপদেশ কিতাপে সুন্দৰ পৰামৰ্শ দিয়ে। ইয়াত এগৰাকী গুণৱতী পত্নীৰ বিষয়ে বৰ্ণনা কৰিছে, যিয়ে নিজৰ স্বামী আৰু লʼৰা-ছোৱালীৰপৰা প্ৰশংসা লাভ কৰে। (হিতোপদেশ ৩১ অধ্যায়) হিতোপদেশ কিতাপে লʼৰা-ছোৱালীবিলাকক নিজৰ মাক-দেউতাকৰ আজ্ঞা পালন কৰিবলৈ পৰামৰ্শ দিছে। (হিতোপদেশ ৬:২০) ইয়াৰ উপৰিও এই কিতাপখনে বন্ধুত্বৰ ওপৰতো গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। যদি এজন ব্যক্তিৰ কোনো বন্ধু নাথাকে, তেনেহʼলে তেওঁ স্বাৰ্থপৰ হৈ পৰে। (হিতোপদেশ ১৮:১) কিন্তু আমি সাৱধানেৰে বন্ধুত্ব কৰা উচিত, কিয়নো বন্ধুয়ে আমাক ভাল বা বেয়াৰ বাবে প্ৰভাৱিত কৰিব পাৰে।—হিতোপদেশ ১৩:২০; ১৭:১৭.

নিজকে ভালদৰে যত্ন লোৱা উচিত। হিতোপদেশ কিতাপে আমাক কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত পৰামৰ্শ দিয়ে। যেনে, অতিপাত সুৰাপান কৰাৰপৰা আঁতৰি থকা, নিজকে ভালদৰে যত্ন লোৱা, বেয়া ভাবনাবোৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু পৰিশ্ৰমী হোৱা আদি। (হিতোপদেশ ৬:৬; ১৪:৩০; ২০:১) এই কিতাপখনে আমাক মানৱীয় পৰামৰ্শৰ ওপৰত বিশ্বাস কৰিবলৈ হাক দিছে। কাৰণ এনে পৰামৰ্শই এজন ব্যক্তিক বিপদত পেলাব পাৰে আৰু এইবোৰ ঈশ্বৰৰ পৰামৰ্শৰ লগত মিল নাই। (হিতোপদেশ ১৪:১২) হিতোপদেশ কিতাপখনে আমাৰ হৃদয়ক সুৰক্ষা দিবলৈ উৎসাহিত কৰিছে, “কিয়নো তাৰে [হৃদয়ৰ] পৰাই জীৱন উৎপন্ন হয়।”—হিতোপদেশ ৪:২৩.

আজি পৃথিৱীৰ লাখ লাখ লোকে বাইবেলৰ এই পৰামৰ্শবোৰ পালন কৰি, সুখ আৰু আনন্দৰ জীৱন অতিবাহিত কৰিছে। সেইবাবে তেওঁলোকে যিহোৱাক এজন জ্ঞানী শাসক হিচাবে গ্ৰহণ কৰিছে।

এই অংশ হিতোপদেশ কিতাপৰ আধাৰত।