অধ্যায় ৪
ঈশ্বৰে অব্ৰাহামৰ লগত এক নিয়ম স্থাপন কৰিলে
অব্ৰাহামে, ঈশ্বৰৰ ওপৰত বিশ্বাস কৰি তেওঁৰ আজ্ঞা পালন কৰিছিল। সেইবাবে ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল যে অব্ৰাহামক তেওঁ আশীৰ্ব্বাদ কৰিব আৰু তেওঁৰ বংশ বৃদ্ধি কৰিব
নোহৰ জল-প্লাৱন হোৱা প্ৰায় ৩৫০ বছৰ মানেই হৈছিল। ঊৰ নামৰ নগৰত অব্ৰাহাম নামৰ ব্যক্তিজন বাস কৰিছিল। ঊৰ নগৰখন বৰ্তমানে ইৰাক নামে জনাজাত দেশখনৰ এটা অংশ আছিল। অব্ৰাহামৰ বিশ্বাস অতুলনীয় আছিল। কিন্তু তেওঁৰ এই বিশ্বাসৰ অতি সোনকালে পৰীক্ষা হʼবলগীয়া আছিল।
যিহোৱা ঈশ্বৰে, অব্ৰাহামক তেওঁৰ জন্মস্থান ত্যাগ কৰি আন এখন দেশলৈ যাবলৈ আজ্ঞা দিলে আৰু সেই দেশখনৰ নাম আছিল কনান। কোনো সংকোচ নকৰাকৈ অব্ৰাহামে, ঈশ্বৰৰ এই আজ্ঞা পালন কৰিলে। তেওঁৰ পত্নী চাৰা আৰু ভতিজাক লোট তথা লগুৱা লিক্চৌ আদি সকলোকে লগত লৈ অব্ৰাহামে যাত্ৰা আৰম্ভ কৰিলে। এক সময়ত তেওঁলোকে কনান দেশ পালেগৈ আৰু তাত তেওঁলোকে তম্বুত বাস কৰিবলৈ ধৰিলে। ঈশ্বৰে অব্ৰাহামৰ লগত নিয়ম স্থাপন কৰিছিল আৰু তাত তেওঁ প্ৰতিজ্ঞা কৰিছিল যে অব্ৰাহামৰপৰা তেওঁ এক মহান ৰাষ্ট্ৰ স্থাপন কৰিব। এই ৰাষ্ট্ৰৰ যোগেদি পৃথিৱীত থকা সকলো পৰিয়ালে আশীৰ্ব্বাদপ্ৰাপ্ত হʼব আৰু কনান দেশখন তেওঁৰ বংশধৰসকলে অধিকাৰ কৰিব।
লাহে লাহে অব্ৰাহাম আৰু তেওঁৰ ভতিজাক লোট কনান দেশত সমৃদ্ধিশালী হʼবলৈ ধৰিলে আৰু তেওঁলোকৰ ভেৰা তথা জীৱ-জন্তুবোৰো দিনক দিনে বাঢ়িবলৈ ধৰিলে। লোটে যাতে নিজৰ পৰিয়াল আৰু জীৱ-জন্তুৰ সৈতে একেলগে বাস কৰিব পাৰে, তাৰ বাবে অব্ৰাহামে লোটক নিজৰ পছন্দ অনুসৰি ঠাই নিৰ্ব্বাচন কৰিবলৈ কʼলে। যৰ্দ্দন নদীৰ কাষত থকা সাৰুৱা ঠাইখন লোটে পছন্দ কৰিলে আৰু চদোম নামৰ নগৰখনৰ কাষত বাস কৰিবলৈ লʼলে। চদোমত বাস কৰা লোকসকলৰ জীৱন অনৈতিক আছিল আৰু তেওঁলোকে যিহোৱা ঈশ্বৰৰ বিৰুদ্ধে অতিকৈ পাপ কৰিছিল।
ঈশ্বৰে নিজৰ প্ৰতিজ্ঞাৰ বিষয়ে অব্ৰাহামক আশ্বাস দি কৈছিল যে কোনেও গণিব নোৱাৰা আকাশৰ তৰাৰ দৰে তেওঁৰ বংশ হʼব। অব্ৰাহামে ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰিছিল। কিন্তু, সেই সময়লৈকে তেওঁলোকৰ কোনো সন্তান নাছিল। যেতিয়া অব্ৰাহামৰ বয়স ৯৯ বছৰ আৰু চাৰাৰ বয়স ৯০ বছৰ হৈছিল, তেতিয়া ঈশ্বৰে কৈছিল যে তেওঁলোকৰ এটা পুত্ৰ সন্তান হʼব। ঈশ্বৰে কোৱাৰ দৰে, চাৰাই এটা সন্তানৰ জন্ম দিছিল আৰু তেওঁলোকে তাৰ নাম ইচ্হাক ৰাখিছিল। ইয়াৰ উপৰিও অব্ৰাহামৰ আৰু সন্তান আছিল, কিন্তু এদন বাগিচাত ঈশ্বৰে প্ৰতিজ্ঞা কৰা অনুসৰি, উদ্ধাৰকৰ্ত্তা কেৱল ইচ্হাকৰ ফালৰ পৰাহে আহিবলগীয়া আছিল।
ইতিমধ্যে, লোট আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে চদোমত বাস কৰিবলৈ লʼলে। এই নগৰখনত বাস কৰা লোকসকলে যদিও অনৈতিক জীৱন অতিবাহিত কৰিছিল, কিন্তু লোট তেওঁলোকৰ দৰে নাছিল। এই লোকসকলৰ অনৈতিকতাৰ বাবে যিহোৱাই চদোমৰ বিৰুদ্ধে দণ্ড ঘোষণা কৰিলে। কিন্তু ঈশ্বৰে লোটক ইয়াৰ বিষয়ে সতৰ্ক কৰিবলৈ স্বৰ্গদূতসকলক পঠালে। স্বৰ্গদূতসকলে লোট আৰু তেওঁৰ পৰিয়ালবৰ্গক চদোম নগৰৰপৰা বাহিৰ হʼবলৈ খাটনি ধৰিলে আৰু তেওঁলোকক পিছলৈ ঘূৰি চাবলৈ হাক দিলে। ইয়াৰ পাছত, ঈশ্বৰে চদোম আৰু ঘমোৰাত বাস কৰা দুষ্ট লোকসকলৰ ওপৰত আকাশৰপৰা গন্ধক আৰু অগ্নি বৰষাই সম্পূৰ্ণৰূপে ধ্বংস কৰিলে। এই বিনাশত লোট আৰু তেওঁৰ দুজনী ছোৱালীৰ প্ৰাণ ৰক্ষা পৰিল। লোটৰ পত্নীৰ কি হʼল বাৰু? স্বৰ্গদূতে তেওঁলোকক পিছলৈ ঘূৰি চাবলৈ মানা কৰিছিল, কিন্তু লোটৰ পত্নীয়ে তেওঁলোকৰ কথা নুশুনি পিছলৈ ঘূৰি চাইছিল। হয়তো তাই এৰি অহা সা-সম্পত্তিবোৰলৈ আকাঙ্ক্ষা কৰিছিল। তাই ঈশ্বৰৰ আজ্ঞা অমান্য কৰাৰ বাবে নিজৰ জীৱন হেৰুৱালে।
—এই অংশ আদিপুস্তক কিতাপৰ ১১:১০–১৯:৩৮ পদৰ আধাৰত।