অধ্যায় ২৩
চাৰিওফালে শুভবাৰ্ত্তা ঘোষণা হʼবলৈ ধৰিল
শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ পৌলে জল-পথ আৰু স্থল-পথেৰে ভ্ৰমণ কৰিলে
যীচু খ্ৰীষ্টৰ শিষ্য হোৱাৰ পাছত পৌলে উৎসাহেৰে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিবলৈ ধৰিলে। এক সময়ত যীচুৰ শিষ্যসকলক যাতনা আৰু তাড়না দিয়া পৌলে, নিজেই এতিয়া বিৰোধীসকলৰ প্ৰকোপত পৰে। ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ পৌলে বহুতো যাত্ৰা কৰিছিল। এই ৰাজ্যই যে ঈশ্বৰৰ প্ৰকৃত উদ্দেশ্য পূৰ কৰিব তাৰ বিষয়ে লোকসকলক জনাবলৈ তেওঁ পাছ নুহুঁকিছিল।
লুস্ত্ৰাত প্ৰথম বাৰৰ বাবে যাত্ৰা কৰাৰ সময়ত, পৌলে জন্মৰেপৰা এজন খোৰাক সুস্থ কৰি তুলিছিল। ইয়াক দেখি লোকসকলে পৌল আৰু তেওঁৰ লগত যাত্ৰা কৰা বাৰ্ণব্বাক দেৱতা যেন দৃষ্টি কৰিলে আৰু তেওঁলোকৰ জয়ধ্বনি কৰিবলৈ ধৰিলে। আনকি তেওঁলোকে পৌল আৰু বাৰ্ণব্বাৰ আগত বলিদান কৰিবলৈ জা-যোগাৰ কৰিলে। কিন্তু লোকসকলক এনে কৰিবলৈ পৌল আৰু বাৰ্ণব্বাই বাধা দিলে। পাছলৈ কি হʼল তালৈ লক্ষ্য কৰক। বিৰোধীসকলৰ প্ৰভাৱত পৰি সেই একেই লোকসকলে পৌলক শিল দলিয়াবলৈ ধৰিলে আৰু তেওঁ মৰিল বুলি ভাবি এৰি থৈ গুচি গʼল। এই আক্ৰমণত পৌল কথমপিহে ৰক্ষা পৰিল আৰু তেওঁ সেই নগৰলৈ আকৌ উলটি গৈ তাত থকা শিষ্যসকলক উৎসাহিত কৰিবলৈ ধৰিলে।
যিহূদী নোহোৱা শিষ্যসকলে মোচিৰ নিয়মৰ কিছু অংশ পালন কৰিব লাগে বুলি কিছুমান যিহূদী খ্ৰীষ্টানে দাবী কৰিছিল। পৌলে এই সমস্যাৰ সমাধানৰ বাবে যিৰূচালেমত থকা পাঁচনি আৰু অন্যান্য বৃধ লোকসকলৰ লগত আলোচনা কৰিবলৈ তালৈ গʼল। তেওঁলোকে শাস্ত্ৰৰপৰা ধ্যানপূৰ্বকভাৱে চালি-জাৰি চালে আৰু পবিত্ৰ আত্মাৰ সহায়ত মন্ডলীবোৰলৈ পত্ৰ লিখিলে। এই পত্ৰত মূৰ্ত্তিপূজা কৰা, ব্যভিচাৰ, তেজ খোৱা আৰু টেঁটু-চেপা দি মৰা জন্তু আদিৰপৰা পৃথকে থাকিবলৈ তেওঁলোকে আজ্ঞা কৰিলে। এই আজ্ঞাবোৰ হৈছে ‘কৰ্ত্তব্য কৰ্ম্ম’ অৰ্থাৎ প্ৰয়োজনীয় কৰ্ত্তব্য। কিন্তু এইবোৰ অনুকৰণ কৰিবলৈ মোচিৰ নিয়মৰ প্ৰয়োজন নাই।—পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯.
দ্বিতীয় যাত্ৰাৰ সময়ছোৱাত পৌলে বিৰয়া নগৰলৈ গৈছিল। বৰ্তমানৰ গ্ৰীচ দেশত বিৰয়া নগৰখন আছিল। ইয়াত থকা যিহূদী লোকসকলে বৰ আগ্ৰহেৰে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে আৰু পৌলৰ শিক্ষাবোৰ শাস্ত্ৰ পদৰ লগত ৰিজাই চালে। কিন্তু ইয়াতো ঘোষণা কৰা কাৰ্য্যত বিৰোধ হʼবলৈ ধৰিলে আৰু সেইবাবে পৌল আথীনীলৈ বুলি যাত্ৰা কৰিলে। আথীনীত পৌলে কিছুমান শিক্ষিত লোকৰ আগত এক ভাষণ দিয়ে আৰু এই ভাষণত তেওঁ নিজৰ বিবেচনা শক্তি, অন্তৰ্দৃষ্টি আৰু যুক্তিৰে লোকসকলক মোহিত কৰি তুলিলে।
শুভবাৰ্ত্তাৰ ঘোষণা কৰিবলৈ পৌলে তৃতীয় বাৰ যাত্ৰা কৰাৰ পাছত তেওঁ যিৰূচালেমলৈ গʼল। তাত তেওঁ উপাসনা গৃহলৈ যোৱাত কিছুমান যিহূদীয়ে এক বৰ লোকসমূহক একত্ৰিত কৰি তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিলে। ৰোমান সৈনিকসকলে তেওঁক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিল আৰু তেওঁলোকে পৌলক জেৰা কৰিবলৈ ধৰিলে। পৌল এজন ৰোমান নাগৰিক হোৱাৰ বাবে, ৰোমান ৰাজ্যপাল ফীলিক্সৰ আগত তেওঁ উপস্থিত হয়। যিসকল যিহূদীয়ে পৌলক দোষাৰোপ কৰিছিল, তেওঁলোকে তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ দিব নোৱাৰিলে। ফীষ্ট নামৰ আন এজন ৰাজ্যপালে পৌলক যিহূদীসকলৰ হাতত গতাই দিবলৈ বিচাৰিছিল, কিন্তু পৌলে তেওঁক এইদৰে কৈছিল: “মই কৈচৰত আপীল কৰোঁ।” তেতিয়া ফীষ্টে পৌলক কʼলে, “তুমি কৈচৰত আপীল কৰিলা; কৈচৰৰ আগলৈ যাবা।”—পাঁচনিৰ কৰ্ম্ম ২৫:১১, ১২.
বিচাৰৰ বাবে পৌলক সমুদ্ৰ পথেৰে ইটালীলৈ লৈ যোৱা হয়। এই যাত্ৰাত জাহাজখন ধুমুহাৰ বাবে ভাঙি পৰাত তেওঁলোকক মিলিতা নামৰ এটা দ্বীপত থাকিবলগীয়া হয়। এই সকলোৰে অন্তত পৌল ৰোমত উপস্থিত হয় আৰু তেওঁ দুবছৰ এটা ভাড়া ঘৰত থাকে। তেওঁ এই ঘৰত থাকোঁতে এজন বন্দীৰ দৰে আছিল আৰু সৈনিকবিলাকে তেওঁক পহৰা দি আছিল। কিন্তু পৌলে কেতিয়াও ৰাজ্যৰ বাৰ্ত্তা ঘোষণা কৰাৰপৰা পাছ নুহুঁকিলে। পৌলক দেখা কৰিবলৈ অহা লোকসকলক তেওঁ ৰাজ্যৰ শুভবাৰ্ত্তা জনাইছিল।
—এই অংশ পাঁচনিৰ কৰ্ম্ম ১১:২২–২৮:৩১ পদৰ আধাৰত।