অধ্যায় ২
তেওঁলোকে প্ৰমোদবনত জীয়াই থকাৰ সুযোগ হেৰুৱালে
প্ৰথম দম্পতী, আদম আৰু হৱাক এটা বিদ্ৰোহী স্বৰ্গদূতে ঈশ্বৰৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উচটালে। ইয়াৰ পৰিণামস্বৰূপে, গোটেই মানৱ জাতিৰ মাজত পাপ আৰু মৃত্যু আহি পৰিল
ঈশ্বৰে মানৱক সৃষ্টি কৰাৰ আগতে, তেওঁ বহুতো আত্মিক প্ৰাণীৰ সৃষ্টি কৰিছিল আৰু তেওঁলোকক স্বৰ্গদূত বুলি কোৱা হয়। এদন বাগিচাত এটা স্বৰ্গদূতে বিদ্ৰোহ কৰিলে আৰু পাছলৈ সি চয়তান বুলি জনাজাত হৈ পৰিল। ঈশ্বৰে যি গছৰ ফল খাবলৈ তেওঁলোকক মানা কৰিছিল, তাকে খাবলৈ এই বিদ্ৰোহী স্বৰ্গদূতে ধূৰ্ত্ততাৰে হৱাক প্ৰলোভিত কৰিলে।
চয়তানে হৱাৰ লগত কথা পাতোঁতে এনে লাগিছিল, যেন তাইৰ লগত সাপে কথা পাতিছে। চয়তানে ইঙ্গিত দিছিল যে ঈশ্বৰে তেওঁলোকৰপৰা কিবা আকৰ্ষণীয় বস্তু লুকোৱাই ৰাখিছে। চয়তানে হৱাক কৈছিল যে যদি তাই আৰু আদমে এই নিষিদ্ধ ফল খায়, তেনেহ’লে তেওঁলোক কেতিয়াও নমৰে। মানৱ সন্তানসকলক মিছা কথা কৈছে বুলি, চয়তানে ঈশ্বৰক দোষাৰোপ কৰিলে। চয়তানে আচলতে ক’ব বিচাৰিছিল যে ঈশ্বৰৰ আজ্ঞা উলংঘা কৰিলে, আদম আৰু হৱাই এক বিশেষ জ্ঞান আহৰণ কৰিব আৰু তেওঁলোকে স্বাধীনতা লাভ কৰিব। কিন্তু, প্ৰকৃততে এয়া এটা বিৰাট মিছা বিষয় আছিল আৰু এই মিছা কথা গোটেই পৃথিৱীৰ ভিতৰত পোন প্ৰথম বাৰৰ বাবে কোনোবাই কৈছিল। ইয়াৰ যোগেদি চয়তানে ঈশ্বৰৰ সাৰ্ব্বভৌমত্ব বা তেওঁৰ শাসনৰ ওপৰত প্ৰশ্ন কৰিছিল। যেনে, মানৱক শাসন কৰাৰ ঈশ্বৰৰ অধিকাৰ আছে নেকি? ঈশ্বৰে ধাৰ্ম্মিকতাৰে আৰু তেওঁৰ লোকসকলৰ ভালৰ বাবে শাসন কৰেনে?
দুখৰ বিষয় যে হৱাই চয়তানৰ এই মিছা অপবাদক বিশ্বাস কৰিলে আৰু এই ফল অতি মনোমোহা যেন দেখি তাক খালে। ইয়াৰ পাছত হৱাই এই ফল নিজৰ গিৰিয়েককো দিলে আৰু তেৱোঁ ইয়াক খালে। এই ফল খোৱাৰ বাবে তেওঁলোক পাপী হৈ পৰিল। আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞাক উলংঘন কৰাৰ বিষয়টো সাধাৰণ যেন লাগিলেও প্ৰকৃততে তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ এয়া এক চিন আছিল। আদম আৰু হৱাই নিজ ইচ্ছাৰে ঈশ্বৰৰ আজ্ঞাক উলংঘন কৰাৰ বাবে, তেওঁলোকক সিদ্ধ জীৱন তথা সকলো বস্তু দিয়া সৃষ্টিকৰ্ত্তাৰ শাসনক অমান্য কৰিলে।
সেই বংশই “তোৰ মূৰ গুড়ি কৰিব, আৰু তই তাৰ গোৰোৱা গুড়ি কৰিবি।”—আদিপুস্তক ৩:১৫
এই লোকসকলে বিদ্ৰোহ কৰাৰ বাবে, ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে দণ্ড ঘোষণা কৰিলে। ঈশ্বৰে ভৱিষ্যতবাণী কৰিলে যে প্ৰতিজ্ঞা কৰা বংশ বা উদ্ধাৰকৰ্ত্তাই চয়তানক ধ্বংস কৰিব। ঈশ্বৰে আদম আৰু হৱাক মৃত্যুদণ্ডৰ শাস্তিৰপৰা অলপ সময়ৰ বাবে ৰেহাই দিলে আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ অজন্মা সন্তানসকলৰ বাবে তেওঁ দয়া দেখুৱালে। এই সন্তানসকলৰ বাবে এক আশাৰ কিৰণ থাকে, কিয়নো ঈশ্বৰে পঠোৱা উদ্ধাৰকৰ্ত্তাই এদন বাগিচাত হোৱা বিদ্ৰোহৰ ফলত যি দুখজনক পৰিণাম হ’ল, তাক তেওঁ সম্পূৰ্ণৰূপে নাইকিয়া কৰিব। এতিয়া প্ৰশ্ন হ’ব পাৰে যে ঈশ্বৰে প্ৰতিজ্ঞা কৰা এই উদ্ধাৰকৰ্ত্তাজন কোন হ’ব? তেওঁ কেনেকৈ ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰিব? বাইবেলৰ লিখনিবোৰত একাদিক্ৰমে লাহে লাহে ইয়াৰ বিষয়ে প্ৰকাশ কৰা হ’ল।
ঈশ্বৰে আদম আৰু হৱাক এদন বাগিচাৰপৰা বাহিৰ কৰি দিলে। প্ৰয়োজনীয় খাদ্যৰ বাবে এদন বাগিচাৰ বাহিৰত তেওঁলোকে খেতি-বাতি কৰিবলৈ কঠিন পৰিশ্ৰম কৰিবলগীয়া হৈছিল। ইয়াৰ পাছত হৱাই গৰ্ভৱতী হৈছিল আৰু প্ৰথম সন্তানৰ জন্ম দিছিল। তেওঁলোকে তাৰ নাম কয়িন ৰাখিছিল। হেবল আৰু চেথৰ জন্মৰ পাছত আদম আৰু হৱাৰ আৰু ল’ৰা-ছোৱালীৰ জন্ম হৈছিল। চেথ, নোহৰ পূৰ্ব্বপুৰুষ হৈ পৰিল।
—এই অংশ আদিপুস্তক কিতাপৰ ৩ পৰা ৫ অধ্যায় আৰু প্ৰকাশিত বাক্য ১২:৯ পদৰ আধাৰত।