অধ্যায় ২৫
বিশ্বাস, আচৰণ আৰু প্ৰেমৰ বিষয়ে উপদেশ
যাকোব, পিতৰ, যোহন আৰু যিহূদাই ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ বিভিন্ন পত্ৰ লিখিছিল
যীচুৰ দুজন ভায়েকৰ নাম হৈছে যাকোব আৰু যিহূদা। যীচুৰ ১২ জন পাঁচনিৰ ভিতৰত দুজন হৈছে পিতৰ আৰু যোহন। এই চাৰিজন পাঁচনিয়ে গ্ৰীক শাস্ত্ৰপদৰ মুঠতে সাতখন পত্ৰ লিখিছিল। প্ৰতিখন পত্ৰই ইয়াৰ লেখকৰ নাম বহন কৰে। ঈশ্বৰ প্ৰেৰিত এই পত্ৰবোৰৰ উদ্দেশ্য হৈছে যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ সত্য খ্ৰীষ্টানসকলক প্ৰেৰণা কৰা।
বিশ্বাস প্ৰদৰ্শন কৰক। আমাৰ বিশ্বাস আছে বুলি কʼলেই যথেষ্ট নহয়। প্ৰকৃত বিশ্বাস কামৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়। ইয়াৰ বিষয়ে পাঁচনি যাকোবে এইদৰে কৈছে, ‘কৰ্ম্ম-বিহীন বিশ্বাস মৰা।’ (যাকোব ২:২৬) পৰীক্ষাৰ সময়ত বিশ্বাস প্ৰদৰ্শন কৰিলে, আমি সহনশীলতাৰ দৰে গুণবোৰ দৃঢ় কৰিব পাৰিম। জীৱনত অহা পৰীক্ষাবোৰত সফলতাৰে পাৰ হʼবলৈ আমি ঈশ্বৰক প্ৰজ্ঞাৰ বাবে প্ৰাৰ্থনা কৰিব লাগে আৰু আমাৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিব বুলি আমি নিজেও বিশ্বাস কৰা উচিত। এই সহনশীলতাই আমাক ঈশ্বৰৰ অনুমোদন দিয়ে। (যাকোব ১:২-৬, ১২) যদি এজন উপাসকে ঈশ্বৰৰ প্ৰতি নিজৰ নিষ্ঠা বজাই ৰাখে, তেনেহʼলে যিহোৱাই তেওঁলৈ ধ্যান দিয়ে। যাকোবে কৈছিল: “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।”—যাকোব ৪:৮.
নিজৰ জীৱনত অহা বিভিন্ন প্ৰলোভন আৰু অনৈতিক প্ৰভাৱবোৰক প্ৰতিৰোধ কৰিবলৈ এজন সত্য খ্ৰীষ্টানক নিজৰ বিশ্বাস দৃঢ় কৰা উচিত। প্ৰথম শতিকাত হোৱা বেয়া পৰিস্থিতিবোৰৰ বাবে যিহূদাই সেই সময়ৰ বিশ্বাসী খ্ৰীষ্টানসকললৈ এইদৰে লিখিছিল, ‘বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰা।’—যিহূদা ৩.
খ্ৰীষ্টানসকলৰ আচৰণ পবিত্ৰ হোৱা উচিত। যিহোৱা ঈশ্বৰে তেওঁৰ উপাসকসকলক সকলো দিশতে পবিত্ৰ হোৱাটো বিচাৰে। পবিত্ৰতাৰ বিষয়ে পাঁচনি পিতৰে এইদৰে বৰ্ণনা কৰিছিল, “তোমালোকো সকলো আচাৰ-ব্যৱহাৰত তেনে পবিত্ৰ হোৱা, কিয়নো লিখা আছে, তোমালোক পবিত্ৰ হোৱা, কাৰণ মই [যিহোৱা] পবিত্ৰ।” (১ পিতৰ ১:১৫, ১৬) পবিত্ৰতাৰ বিষয়ে যীচু খ্ৰীষ্টই, সত্য খ্ৰীষ্টানসকলৰ বাবে এক ভাল উদাহৰণ ৰাখিলে। লক্ষ্য কৰক যে পিতৰে যীচুৰ বিষয়ে কি কৈছিল, “এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি ৰাখি গল।” (১ পিতৰ ২:২১) ঈশ্বৰৰ মানদণ্ড অনুসৰি নিজৰ জীৱন অতিবাহিত কৰাৰ বাবে সত্য খ্ৰীষ্টানসকলে তাড়নাৰ সন্মুখীন হয় যদিও তেওঁলোকে এক ‘উত্তম বিবেক’ ৰাখে। (১ পিতৰ ৩:১৬, ১৭) ঈশ্বৰৰ বিচাৰৰ দিন আৰু ‘ধাৰ্ম্মিকতা নিবাস কৰা’ নতুন পৃথিৱীৰ আশাৰে, সত্য খ্ৰীষ্টানসকলক নিজৰ পবিত্ৰ আচৰণ আৰু ঈশ্বৰৰ কাৰ্য্যত ব্যস্ত থাকিবলৈ পাঁচনি পিতৰে উপদেশ দিছে।—২ পিতৰ ৩:১১-১৩.
“ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।”—যাকোব ৪:৮
প্ৰেম দেখুৱাওক। পাঁচনি যোহনে লিখিছিল যে “ঈশ্বৰ প্ৰেম” হয়। তেওঁ বৰ্ণনা কৰিছে যে ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক ‘আমাৰ পাপৰ প্ৰায়শ্চিত্তৰ’ বাবে পঠিয়াই নিজৰ প্ৰেম দেখুৱালে। ঈশ্বৰে এনে কৰাৰ বাবে সত্য খ্ৰীষ্টানসকলে কি কৰা উচিত? যোহনে ইয়াৰ উত্তৰ এইদৰে দিছিল, “হে প্ৰিয়বিলাক, ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, তেন্তে আমিও পৰস্পৰে প্ৰেম কৰা উচিত।” (১ যোহন ৪:৮-১১) প্ৰেম দেখুৱাৰ এক উপায় হৈছে, মণ্ডলীৰ ভাই-ভনীসকলক সহায় আৰু অতিথিসৎকাৰ কৰা।—৩ যোহন ৫-৮.
কিন্তু সত্য খ্ৰীষ্টানসকলে যিহোৱাৰ প্ৰতি নিজৰ প্ৰেম কেনেকৈ দেখুৱাব? ইয়াৰ বিষয়ে যোহনে কৈছিল, “কিয়নো আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।” (১ যোহন ৫:৩; ২ যোহন ৬) যিসকল লোকে যিহোৱাৰ আজ্ঞাবোৰ সম্পূৰ্ণ হৃদয়েৰে পালন কৰে, তেওঁলোকক ঈশ্বৰে ‘অনন্ত জীৱনেৰে’ আশীৰ্ব্বাদ কৰিব।—যিহূদা ২১.
—এই অংশ যাকোব; ১ পিতৰ; ২ পিতৰ; ১ যোহন; ২ যোহন; ৩ যোহন; যিহূদা কিতাপৰ আধাৰত।