Skip to content

Skip to table of contents

অধ্যায় ১৯

যীচুৰ সুদূৰপ্ৰসাৰী ভৱিষ্যতবাণী

যীচুৰ সুদূৰপ্ৰসাৰী ভৱিষ্যতবাণী

ৰজাৰূপে তেওঁৰ উপস্থিতি আৰু এই ব্যৱস্থাৰ ধ্বংসৰ বিষয়ে যীচুয়ে ভৱিষ্যতবাণী কৰিছিল

জৈতুন পৰ্ব্বতৰপৰা, যিৰূচালেম আৰু তাত থকা উপাসনা গৃহটো ভালদৰে দেখা পোৱা গৈছিল। এই পৰ্ব্বততে, যীচুয়ে কোৱা কিছুমান বিষয়ৰ ওপৰত তেওঁৰ চাৰিজন শিষ্যই প্ৰশ্ন কৰিলে। ইয়াৰ অলপ আগতে যিৰূচালেমত থকা উপাসনা গৃহৰ ধ্বংসৰ বিষয়ে যীচুয়ে শিষ্যসকলক কৈছিল। আন এক সময়ত যীচুয়ে তেওঁলোকক ‘জগতৰ শেষ’ হোৱাৰ বিষয়ে উল্লেখ কৰিছিল। (মথি ১৩:৪০, ৪৯) এতিয়া শিষ্যসকলে যীচুক প্ৰশ্ন কৰিলে, “আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি?”—মথি ২৪:৩.

প্ৰকৃততে যিৰূচালেম ধ্বংস হোৱাৰ আগতে কি হ’ব তাৰ বিষয়ে যীচুয়ে তেওঁলোকক বৰ্ণনা কৰে। যীচুয়ে কোৱা এই কথাবোৰ মাত্ৰ সেই সময়ত পূৰ হ’বলগীয়া আছিল এনে নহয়, কিন্তু ইয়াৰ পূৰ্ণতা ভৱিষ্যতলৈ গোটেই পৃথিৱীজোৰি হ’বলগীয়া আছিল। যীচুয়ে কিছুমান ঘটনা আৰু পৰিস্থিতিক চিন হিচাবে ভৱিষ্যতবাণী কৰিছিল। যেতিয়া এই চিনবোৰ পূৰ হোৱা দেখিবলৈ পোৱা যাব, তেতিয়া ইয়াৰপৰা ক’ব পাৰি যে যীচুয়ে স্বৰ্গত ৰজাৰূপে শাসন কৰিবলৈ আৰম্ভ কৰিছে। আন এক কথাত ক’বলৈ গ’লে, যিহোৱা ঈশ্বৰে যীচুক সেই ৰাজ্যৰ ৰজা হিচাবে নিযুক্ত কৰিছে যাৰ বিষয়ে বহু আগতেই ভৱিষ্যতবাণী কৰা হৈছিল। এই চিনবোৰে ইয়াকো প্ৰমাণ কৰে যে অতি সোনকালে মচীহৰ ৰাজ্যই এই পৃথিৱীৰ দুষ্টতাক নাইকিয়া কৰিব আৰু গোটেই মানৱ জাতিৰ বাবে শান্তি কঢ়িয়াই আনিব। যীচুৰ ভৱিষ্যতবাণীবোৰৰপৰা ক’ব পাৰি যে এই দুষ্ট ব্যৱস্থা—ধাৰ্ম্মিক, ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাৰ অতি সোনকালে অন্ত হ’বলগীয়া আছে। এই সকলোৰে অন্তত এক নতুন ব্যৱস্থাই শাসন কৰিব।

যীচুয়ে স্বৰ্গত ৰজাৰূপে শাসন আৰম্ভ কৰাৰ সময়ত এই পৃথিৱীত কি হ’ব তাৰ বিষয়ে তেওঁ জনাইছিল। গোটেই পৃথিৱীজোৰি যুদ্ধ, আকাল, ভূমিকম্প আৰু বিভিন্ন ধৰণৰ বেমাৰ হোৱাৰ বিষয়ে যীচুয়ে উল্লেখ কৰিছে। বেয়া কামবোৰ বেছিকৈ হ’বলৈ ধৰিব। যীচুক অনুকৰণ কৰা সকলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে গোটেই পৃথিৱীজোৰি ঘোষণা কৰিব। এই সকলোৰে অন্ত এক ‘মহাক্লেশৰ’ যোগেদি হ’ব, যি আগতে কেতিয়াও হোৱা নাই।—মথি ২৪:২১.

এই মহাক্লেশ কেতিয়া আৰম্ভ হ’ব তাৰ বিষয়ে যীচুৰ শিষ্যসকলে কেনেকৈ জানিব? যীচুয়ে ইয়াৰ উত্তৰত এইদৰে কৈছিল, ‘ডিমৰু গছৰ দৃষ্টান্তৰপৰা শিকা।’ (মথি ২৪:৩২) ডিমৰু গছৰ ঠালৰপৰা যেতিয়া কুঁহি পাত মেলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি ক’ব পাৰি। ঠিক সেইদৰে, যি কালত যীচুয়ে ভৱিষ্যতবাণী কৰা চিনবোৰ দেখিবলৈ পোৱা যাব, তেতিয়া এই দুষ্ট ব্যৱস্থাৰ বিনাশৰ কাষ চাপিছে বুলি ক’ব পাৰি। এই মহাক্লেশ কেতিয়া আৰম্ভ হ’ব তাৰ বিষয়ে কোনেও নাজানে, কিন্তু মাত্ৰ যিহোৱা ঈশ্বৰেহে জানে। সেইবাবে যীচুয়ে তেওঁৰ শিষ্যসকলক কৈছিল, “পৰ দি প্ৰাৰ্থনা কৰি থকা; কিয়নো সেই কাল কেতিয়া হব তাক তোমালোকে নাজানা।”—মাৰ্ক ১৩:৩৩.

—এই অংশ মথি ২৪ আৰু ২৫ অধ্যায়; মাৰ্ক ১৩; লূক ২১ অধ্যায়ৰ আধাৰত।

^ অনু. 14 যীচুয়ে কৰা ভৱিষ্যতবাণীৰ বিষয়ে অধিক জানিবলৈ, বাইবেলে প্ৰকৃততে কি শিকায়? নামৰ কিতাপখনৰ ন অধ্যায়ত চাওক। এই কিতাপখন যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশ কৰা হৈছে।