Skip to content

Skip to table of contents

সোতৰ অধ্যায়

প্ৰাৰ্থনা—এটা ডাঙৰ সন্মান

প্ৰাৰ্থনা—এটা ডাঙৰ সন্মান

‘স্বৰ্গ আৰু পৃথিবীৰ স্ৰজনকৰ্ত্তাই’ আমাৰ প্ৰাৰ্থনা শুনিব বিচাৰে।—গীতমালা ১১৫:১৫

১, ২. (ক) প্ৰাৰ্থনা এক বিশেষ উপহাৰ হয় বুলি আপুনি কিয় ভাবে? (খ) আমি কিয় জনা উচিত যে বাইবেলত প্ৰাৰ্থনাৰ বিষয়ে কি কোৱা হৈছে?

গোটেই বিশ্বব্ৰহ্মাণ্ডৰ তুলনাত পৃথিৱীখন নিচেই নগণ্য। যিহোৱা ঈশ্বৰৰ তুলনাত পৃথিৱীখনৰ সকলো দেশৰ লোক, বাল্টিত থকা এটোপাল পানীৰ দৰে। (গীতমালা ১১৫: ১৫; যিচয়া ৪০:১৫) যদিও আমি নিচেই সৰু, তথাপিও গীতমালা ১৪৫:১৮, ১৯ পদত উল্লেখ কৰিছে, “যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, যিবিলাকে সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলোৰে ওচৰ। তেওঁ তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ বাঞ্ছা পূৰ্ণ কৰিব, আৰু সিবিলাকৰ কাতৰোক্তি শুনি সিবিলাকক ত্ৰাণ কৰিব।” এয়া আমাৰ বাবে সঁচাকৈ এটা সন্মানৰ বিষয়! আমাৰ সৃষ্টিকৰ্তা, সৰ্বশক্তিমান যিহোৱা ঈশ্বৰ আমাৰ কাষত থাকিব বিচাৰে আৰু আমাৰ প্ৰাৰ্থনা শুনিব বিচাৰে। সঁচাকৈ, প্ৰাৰ্থনা আমাৰ বাবে এক ডাঙৰ সন্মান! প্ৰাৰ্থনা হৈছে যিহোৱাই আমাক সকলোকে দিয়া এক বিশেষ উপহাৰ।

যদি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো বিচাৰোঁ, তেনেহ’লে তেওঁ বিচাৰা অনুসৰি আমি প্ৰাৰ্থনা কৰা উচিত। এনে কৰিবলৈ আমি জনা উচিত যে বাইবেলত প্ৰাৰ্থনাৰ বিষয়ে কি কৈছে।

যিহোৱালৈ কিয় প্ৰাৰ্থনা কৰা উচিত?

৩. আপুনি যিহোৱালৈ কিয় প্ৰাৰ্থনা কৰা উচিত?

আমি ঈশ্বৰক প্ৰাৰ্থনা কৰা আৰু তেওঁৰ লগত কথা পতাটো তেওঁ বিচাৰে। ইয়াক আমি কেনেকৈ ক’ব পাৰোঁ? ফিলিপীয়া ৪:৬, ৭ পঢ়ক। এই নিমন্ত্ৰণৰ বিষয়ে চিন্তা কৰক। গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শাসনকৰ্তা আপোনাৰ প্ৰতি আগ্ৰহী। আপুনি কেনে অনুভৱ কৰে আৰু আপোনাৰ সমস্যাৰ বিষয়ে তেওঁক জনোৱাটো তেওঁ বিচাৰে।

৪. যিহোৱালৈ প্ৰতিদিনে প্ৰাৰ্থনা কৰিলে তেওঁৰ লগত আপোনাৰ বন্ধুত্ব কেনেকৈ ঘনিষ্ঠ হ’ব পাৰে?

যিহোৱাৰ লগত ঘনিষ্ঠ বন্ধুত্ব গঢ়ি তুলিবলৈ প্ৰাৰ্থনাই আমাক সহায় কৰে। দুজন বন্ধুৱে যেতিয়া সদায় কথা পাতে আৰু এজনে-আনজনক নিজৰ ভাবনা, চিন্তাধাৰা আৰু অনুভূতিৰ বিষয়ে জনায়, তেতিয়া তেওঁলোকৰ বন্ধুত্ব দৃঢ় হৈ পৰে। যিহোৱালৈ প্ৰাৰ্থনা কৰিলে এনে হ’ব। বাইবেলৰ যোগেদি তেওঁ নিজৰ চিন্তাধাৰা আৰু ভাবনাৰ বিষয়ে জনাইছে। তেওঁ আমাক ভৱিষ্যতৰ বিষয়েও জনাইছে। আপুনিও প্ৰতিদিনে প্ৰাৰ্থনাত তেওঁক নিজৰ মন আৰু হৃদয়ৰ ভাবনাৰ বিষয়ে জনাব পাৰে। আপুনি এইদৰে কৰিলে, যিহোৱাৰ লগত আপোনাৰ বন্ধুত্ব আৰু বেছি ঘনিষ্ঠ হৈ পৰিব।—যাকোব ৪:৮.

ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনিবলৈ আমি কি কৰা উচিত?

৫. যিহোৱাই সকলো প্ৰাৰ্থনা নুশুনে বুলি আমি কেনেকৈ ক’ব পাৰোঁ?

যিহোৱা ঈশ্বৰে সকলো প্ৰাৰ্থনা শুনেনে? তেওঁ নুশুনে। ভৱিষ্যতবক্তা যিচয়াৰ সময়ত যিহোৱা ঈশ্বৰে ইস্ৰায়েলীসকলক এইদৰে কৈছিল, “তোমালোকে বিস্তৰ প্ৰাৰ্থনা কৰিলেও মই নুশুনিম; তোমালোকৰ হাত তেজেৰে পূৰ হৈছে।” (যিচয়া ১:১৫) যদি আমি সাৱধান নহওঁ, তেতিয়া আমি যিহোৱাই ঘৃণা কৰা কামবোৰ কৰিব পাৰোঁ। সেইবাবে, হয়তো আমাৰ প্ৰাৰ্থনা শুনিবলৈ ঈশ্বৰে বন্ধ কৰিব পাৰে।

৬. (ক) আমি বিশ্বাস কৰা কিয় প্ৰয়োজন? (খ)আপুনি কেনেকৈ দেখুৱাব পাৰে যে আপোনাৰ বিশ্বাস আছে?

যদি যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনাটো বিচাৰোঁ, তেনেহ’লে আমি তেওঁৰ ওপৰত বিশ্বাস কৰা প্ৰয়োজন। (মাৰ্ক ১১:২৪) পাঁচনি পৌলে এইদৰে কৈছিল, “বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।” (ইব্ৰী ১১:৬) কিন্তু কেৱল মই ঈশ্বৰক বিশ্বাস কৰোঁ বুলি ক’লেই যথেষ্ট নহয়। আমি প্ৰতিদিনে যিহোৱাৰ আজ্ঞা পালন কৰাৰ যোগেদি দেখুৱাব লাগিব যে তেওঁক আমি বিশ্বাস কৰোঁ।—যাকোব ২:২৬ পঢ়ক।

৭. (ক) আমি কিয় নম্ৰতাৰে আৰু সন্মানেৰে যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত? (খ) হৃদয়েৰে প্ৰাৰ্থনা কৰাৰ অৰ্থ কি?

যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ সময়ত আমি নম্ৰতাৰে আৰু সন্মানেৰে তেওঁৰ লগত কথা পতা উচিত। কিয় বাৰু? আমি যদি প্ৰধানমন্ত্ৰী বা ডাঙৰ অধিকাৰীৰ লগত কথা পাতিবলৈ সুযোগ পাওঁ, তেনেহ’লে আমি তেওঁৰ লগত সন্মানেৰে কথা নাপাতিমনে? যিহোৱা তেওঁতকৈও মহান আৰু সৰ্বশক্তিমান ঈশ্বৰ হয়। তেনেহ’লে আমি তেওঁৰ লগত আৰু বেছিকৈ সন্মানেৰে আৰু নম্ৰতাৰে কথা পতা উচিত নহয়নে? (আদিপুস্তক ১৭:১; গীতমালা ১৩৮:৬) লগতে, আমি হৃদয়ৰে যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। আমি বাৰে বাৰে একেধৰণৰ কথা বা বাক্যক কয় থকা উচিত নহয়। —মথি ৬:৭, ৮.

৮. প্ৰাৰ্থনা কৰাৰ লগতে আমি আৰু কি কি কৰা প্ৰয়োজন?

আমি আমাৰ প্ৰাৰ্থনাৰ অনুসৰি কাম কৰা উচিত। উদাৰণস্বৰূপে, আমি যদি নিজৰ খোৱা-বোৱাৰ প্ৰয়োজনীয়তা বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেনেহ’লে ইয়াৰ অৰ্থ এইটো নহয় যে আমি এলেহুৱা হৈ যাম। আমি যি বস্তু নিজে কাম কৰি লাভ কৰিব পাৰোঁ, এনে সকলো বস্তু যিহোৱা ঈশ্বৰে দিব বুলি আশা কৰিব নোৱাৰোঁ। আমি পৰিশ্ৰমী হোৱা উচিত আৰু আমি যি কাম পাওঁ সেই কাম কৰা উচিত। (মথি ৬:১১; ২ থিচলনীকীয়া ৩:১০) আমি হয়তো কিবা বেয়া কাম ত্যাগ কৰিব বিচাৰোঁ আৰু ইয়াৰ বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ। কিন্তু, প্ৰাৰ্থনা কৰাৰ লগতে আমি এনে পৰিস্থিতিৰপৰা আঁতৰি থকা উচিত, যিয়ে আমাক বেয়া কাম কৰিবলৈ প্ৰলোভিত কৰিব পাৰে। (কলচীয়া ৩:৫) আহক এতিয়া আমি প্ৰাৰ্থনাৰ বিষয়ে কিছুমান প্ৰশ্নৰ ওপৰত আলোচনা কৰোঁ।

প্ৰাৰ্থনাৰ বিষয়ে প্ৰশ্ন

৯. (ক) আমি কাক প্ৰাৰ্থনা কৰা উচিত? (খ) যোহন ১৪:৬ পদত প্ৰাৰ্থনাৰ বিষয়ে কি কৈছে?

আমি কাক প্ৰাৰ্থনা কৰা উচিত? যীচুৱে নিজৰ শিষ্যসকলক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, “হে আমাৰ স্বৰ্গত থকা পিতৃ।” (মথি ৬:৯) তেওঁ এয়াও কৈছিল, “ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নাযায়।” (যোহন ১৪:৬) গতিকে, আমি কেৱল যীচুৰ যোগেদি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। কেৱল যীচুৰ যোগেদি কিয়? কিয়নো এইদৰে আমি তেওঁৰ সন্মান দেখুৱাও। কাৰণ যিহোৱাই তেওঁক এক বিশেষ কাম দিছিল। আমি শিকিছিলোঁ যে আমি পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ পাবলৈ যিহোৱাই যীচুক পৃথিৱীলৈ পঠাইছিল। (যোহন ৩:১৬; ৰোমীয়া ৫:১২) এয়াই নহয়, তেওঁ যীচুক ন্যায় আৰু মহা-পুৰোহিত হিচাপে নিযুক্ত কৰিছে।—যোহন ৫:২২; ইব্ৰী ৬:২০.

আপুনি যিকোনো সময়ত প্ৰাৰ্থনা কৰিব পাৰে

১০. প্ৰাৰ্থনা কৰাৰ সময়ত আমি বিশেষভাৱে বহি বা থিয় হৈ প্ৰাৰ্থনা কৰা উচিতনে? বুজাওক।

১০ প্ৰাৰ্থনা কৰাৰ সময়ত আমি বিশেষভাৱে বহি বা থিয় হৈ প্ৰাৰ্থনা কৰা উচিতনে? নহয়। যিহোৱাই আমাক আঁঠুকাৰী, বহি বা থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ কোৱা নাই। ইয়াৰ পৰিৱৰ্তে, বাইবেলে আমাক শিক্ষা দিছে যে যিহোৱালৈ সন্মানেৰে বিভিন্ন ধৰণে ভংগী কৰি প্ৰাৰ্থনা কৰিব পাৰোঁ। (১ বংশাৱলি ১৭:১৬; নহিমিয়া ৮:৬; দানিয়েল ৬:১০; মাৰ্ক ১১:২৫) যিহোৱাৰ বাবে এয়া গুৰুত্বপূৰ্ণ যে আমি যিকোনো ভংগীৰে প্ৰাৰ্থনা নকৰোঁ কিয়, আমাক সঠিক মনোবৃত্তিৰে প্ৰাৰ্থনা কৰা উচিত। আমি যিকোনো ঠাইত আৰু যিকোনো সময়ত প্ৰাৰ্থনা কৰিব পাৰোঁ। আমি জোৰকৈ বা মনে মনে প্ৰাৰ্থনা কৰিব পাৰোঁ। আমি মনে মনে যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ সময়ত বিশ্বাস কৰিব পাৰোঁ যে যদিও লোকসকলে নুশুনে, কিন্তু যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনিব।— নহিমিয়া ২:১-৬.

১১. আমি কিহৰ বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ?

১১ আমি কিহৰ বিষয়ে প্ৰাৰ্থনা কৰিব পাৰোঁ? যিহোৱা ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি আমি সকলো বিষয়ৰ বাবে প্ৰাৰ্থনা কৰি পাৰোঁ। বাইবেলত এইদৰে কৈছে, “আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচ্‌না কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচ্‌না শুনে।” (১ যোহন ৫:১৪) আমি নিজৰ জীৱনৰ লগত জড়িত থকা বিষয়বোৰৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁনে? নিশ্চয় পাৰোঁ! আমি নিজৰ বন্ধুৰ লগত কথা পতাৰ দৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিব লাগে। আমি নিজৰ মনৰ কথা তেওঁক ক’ব পাৰোঁ। (গীতমালা ৬২:৮) আমি সঠিক কাম কৰিবলৈ তেওঁৰপৰা পবিত্ৰ আত্মা বিচাৰিব পাৰোঁ। (লূক ১১:১৩) আমি সঠিক নিৰ্ণয় ল’বলৈ জ্ঞান বিচাৰিব পাৰোঁ। জীৱনত হোৱা সমস্যাবোৰ ভালদৰে সমাধান কৰিবলৈ যিহোৱাৰপৰা সাহস বিচাৰিব পাৰোঁ। (যাকোব ১:৫) আমি নিজৰ পাপৰ বাবে প্ৰাৰ্থনাৰ যোগেদি ক্ষমা বিচৰা উচিত। (ইফিচীয়া ১:৩, ৭) আমি নিজৰ পৰিয়াল আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ বাবেও প্ৰাৰ্থনা কৰা উচিত।—পাঁচনিৰ কৰ্ম্ম ১২:৫; কলচীয়া ৪:১২.

১২. আমি প্ৰাৰ্থনাত কি বিষয়বোৰ বেছিকৈ গুৰুত্ব দিয়া উচিত?

১২ আমি বিশেষকৈ কি বিষয়বোৰৰ বাবে প্ৰাৰ্থনা কৰা উচিত? যিহোৱা আৰু তেওঁৰ ইচ্ছাৰ বিষয়ে। যিহোৱা ঈশ্বৰে আমাৰ কাৰণে কৰা সকলো কামবোৰৰ বাবে আমি তেওঁক আন্তৰিকতাৰে ধন্যবাদ কৰা উচিত। (১ বংশাৱলি ২৯:১০-১৩) যীচু পৃথিৱীত থকাৰ সময়ত নিজৰ শিষ্যসকলক এইবোৰ বিষয়ত প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। (মথি ৬:৯-১৩ পঢ়ক।) যেনে ঈশ্বৰৰ নাম পূজনীয় অৰ্থাৎ পবিত্ৰ হওক, তেওঁৰ ৰাজ্য হওক আৰু পৃথিৱীত তেওঁৰ ইচ্ছা পূৰ হওক। যীচুৱে কৈছিল যে এই গুৰুত্বপূৰ্ণ বিষয়বোৰৰ বাবে প্ৰাৰ্থনা কৰাৰ পাছতহে আমি নিজৰ প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰাৰ্থনা কৰা উচিত। আমি যেতিয়া ঈশ্বৰ আৰু তেওঁৰ ইচ্ছাৰ বিষয়ে প্ৰথমে প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি দেখুৱাও যে আমি এই বিষয়বোৰক বেছিকৈ গুৰুত্ব দিওঁ।

১৩. আমাৰ প্ৰাৰ্থনা কিমান দীঘলীয়া হোৱা উচিত?

১৩ আমাৰ প্ৰাৰ্থনা কিমান দীঘলীয়া হোৱা উচিত? ইয়াৰ বিষয়ে বাইবেলত একো উল্লেখ নাই। পৰিস্থিতিৰ অনুসৰি আমাৰ প্ৰাৰ্থনা দীঘলীয়া বা চুটি হ’ব পাৰে। উদাহৰণস্বৰূপে, আহাৰ খোৱাৰ সময়ত আমি চুটিকৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু যেতিয়া আমি কিবা বিষয়ৰ বাবে ধন্যবাদ দিওঁ বা নিজৰ সমস্যাৰ বিষয়ে জনাওঁ, তেতিয়া আমাৰ প্ৰাৰ্থনা দীঘলীয়া হ’ব পাৰে। (১ চমূৱেল ১:১২, ১৫) আমি আনৰ প্ৰশংসা পাবলৈ দীঘলীয়া প্ৰাৰ্থনা কৰা উচিত নহয়, যেনেকৈ যীচুৰ সময়ত কিছুমান লোকে কৰিছিল। (লূক ২০:৪৬, ৪৭) যিহোৱাই এনে প্ৰাৰ্থনা গ্ৰহণ নকৰে। আমি তেওঁক কেৱল আন্তৰিকতাৰে প্ৰাৰ্থনা কৰাটো তেওঁ বিচাৰে।

১৪. (ক) আমি কেইবাৰ প্ৰাৰ্থনা কৰা উচিত? (খ) ইয়াৰপৰা আমি যিহোৱাৰ বিষয়ে কি শিকোঁ?

১৪ আমি কেইবাৰ প্ৰাৰ্থনা কৰা উচিত? আমি প্ৰতিদিনে যিহোৱাৰ লগত কথা পাতিবলৈ তেওঁ আমাক কৈছে। বাইবেলে উল্লেখ কৰিছে, “প্ৰাৰ্থনা কৰা,” “প্ৰাৰ্থনাত লাগি থাকা” আৰু “নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা।” (মথি ২৬:৪১; ৰোমীয়া ১২:১২; ১ থিচলনীকীয়া ৫:১৭) ইয়াৰপৰা বুজিব পাৰি যে যিহোৱাই আমাৰ কথা শুনিবলৈ সাজু থাকে। যিহোৱাৰ প্ৰেম আৰু দয়া গুণৰ বাবে আমি প্ৰতিদিনে তেওঁক ধন্যবাদ দিব পাৰোঁ। আমি তেওঁৰপৰা নিৰ্দেশনা, শাত্বনা আৰু শক্তি বিচাৰিব পাৰোঁ। যদি আমি সঁচাকৈ প্ৰাৰ্থনাক গুৰুত্বপূৰ্ণ বুলি ভাবোঁ, তেনেহ’লে প্ৰতিটো সুযোগতে যিহোৱাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম।

১৫. আমি প্ৰাৰ্থনাৰ শেষত কিয় “আমেন” কোৱা উচিত?

১৫ আমি প্ৰাৰ্থনাৰ শেষত কিয় “আমেন” কোৱা উচিত? “আমেন” শব্দৰ অৰ্থ হৈছে, “নিশ্চয়” বা “সেইদৰে হওক।” আমি যেতিয়া নিজৰ প্ৰাৰ্থনাৰ শেষত আমেন কওঁ, তেতিয়া আমি দেখুৱাও যে আমি যি কথা ক’লো সেইবোৰ হৃদয়ৰপৰা সত্য হয়। (গীতমালা ৪১:১৩) বাইবেলে আমাক শিকায় যে যেতিয়া কোনো এজন ব্যক্তিয়ে সকলোৰে বাবে প্ৰাৰ্থনা কৰে, তেতিয়াও আমি শেষত মনে মনে বা জোৰেৰে “আমেন” কোৱা উচিত। এইদৰে আমি দেখুৱাও যে প্ৰাৰ্থনা কৰোঁতাজনে উল্লেখ কৰা বিষয়বোৰৰ প্ৰতি আমি সন্মত।—১ বংশাৱলি ১৬:৩৬; ১ কৰিন্থীয়া ১৪:১৬.

ঈশ্বৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?

১৬. প্ৰকৃততে, যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়েনে?

১৬ প্ৰকৃততে, যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়েনে? নিশ্চয়, তেওঁ উত্তৰ দিয়ে! বাইবেলত তেওঁক “প্ৰাৰ্থনা শুনোতা জনা” বুলি কোৱা হৈছে। (গীতমালা ৬৫:২) যিহোৱা ঈশ্বৰে হৃদয়েৰে কৰা লাখ লাখ লোকৰ প্ৰাৰ্থনা শুনে আৰু বিভিন্ন ধৰণে তেওঁলোকৰ উত্তৰ দিয়ে।

১৭. যিহোৱাই নিজৰ স্বৰ্গদূত আৰু সেৱকসকলৰ যোগেদি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?

১৭ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ যিহোৱা ঈশ্বৰে নিজৰ স্বৰ্গদূত আৰু পৃথিৱীত থকা নিজৰ সেৱকসকলক ব্যৱহাৰ কৰে। (ইব্ৰী ১:১৩, ১৪) এনে বহুতোলোকৰ উদাহৰণ আছে, যিসকলে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল যে মই আপোনাৰ বিষয়ে শিকিব বিচাৰোঁ বা আপুনি মোক বাইবেলৰ শিক্ষাবোৰ বুজিবলৈ সহায় কৰক আৰু ইয়াৰ অলপ সয়মৰ পাছত এজন যিহোৱাৰ সাক্ষীয়ে তেওঁলোকক লগ কৰিবলৈ আহিলে। বাইবেলে উল্লেখ কৰিছে যে স্বৰ্গদূতসকলৰ নিৰ্দেশনাত ৰাজ্যৰ “শুভবাৰ্ত্তা” গোটেই পৃথিৱীত ঘোষণা কৰা হৈছে। (প্ৰকাশিত বাক্য ১৪:৬ পঢ়ক।) ইয়াৰ উপৰিও, আমাৰ মাজত বহুতোলোকে অনুভৱ কৰিছে যে যেতিয়া যিহোৱা ঈশ্বৰলৈ আমি আমাৰ সমস্যাৰ বিষয়ে বা প্ৰয়োজনীয়তাৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ, তেতিয়া লগে লগে কোনো এজন ভাই বা ভনীয়ে আমাৰ সহায় কৰিছিল।—হিতোপদেশ ১২:২৫; যাকোব ২:১৬.

খ্ৰীষ্টান ভাই-ভনীসকলৰ যোগেদি যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব পাৰে

১৮. যিহোৱা ঈশ্বৰে কেনেকৈ নিজৰ পবিত্ৰ আত্মা আৰু বাইবেলৰ যোগেদি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে?

১৮ যিহোৱাই নিজৰ পবিত্ৰ আত্মাৰ সহায়ত আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। আমি যেতিয়া কোনো সমস্যাৰ সন্মুখীন হ’বলৈ তেওঁক সহায় বিচাৰোঁ, তেতিয়া তেওঁ নিজৰ পবিত্ৰ আত্মাৰ যোগিদ আমাক নিৰ্দেশনা আৰু শক্তি দিয়ে। (২ কৰিন্থীয়া ৪:৭) যিহোৱাই বাইবেলৰ যোগেদি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে আৰু আমাক সঠিক নিৰ্ণয় ল’বলৈ সহায় কৰে। আমি বাইবেল পঢ়াৰ সময়ত হয়তো এনে এটা পদ পঢ়িব পাৰোঁ, যিয়ে আমাক সহায় কৰিব পাৰে। যিহোৱাই সভাত কোনো এজন ভাই বা ভনীক টিপ্পনী দিবলৈ উৎসাহিত কৰিব পাৰে, যি আমাৰ বাবে লাভৱান। বা তেওঁ মণ্ডলীৰ কোনো প্ৰাচীনক বাইবেলৰপৰা আমাক নিৰ্দেশনা দিবলৈ উৎসাহিত কৰিব পাৰে।—গালাতীয়া ৬:১.

১৯. আমি এনে কিয় অনুভৱ কৰিব পাৰোঁ যে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাই?

১৯ কেতিয়াবা আমি ভাবিব পাৰোঁ, ‘যিহোৱাই এতিয়ালৈকে মোৰ প্ৰাৰ্থনাৰ উত্তৰ কিয় দিয়া নাই?’ এনে পৰিস্থিতিত আমি মনত ৰাখিব পাৰোঁ যে যিহোৱাই ভালদৰে জানে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেতিয়া আৰু কেনেকৈ দিয়া উচিত। তেওঁ আমাৰ সকলো প্ৰয়োজনীয়তাৰ বিষয়ে জানে। আমি হয়তো কেতিয়াবা কিবা বিষয়লৈ কিছুসময়ৰলৈকে প্ৰাৰ্থনা কৰোঁ, যাতে আমি দেখুৱাব পাৰোঁ যে আমাৰ প্ৰাৰ্থনা হৃদয়ৰপৰা সত্য হয় আৰু যিহোৱাৰ ওপৰত আমি সম্পূৰ্ণ ভৰসা কৰোঁ। (লূক ১১:৫-১০) বহুতো সময়ত যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ এনে ধৰণে দিয়ে, যাৰ বিষয়ে আমি আশাই কৰা নাছিলোঁ। উদাহৰণস্বৰূপে, যেতিয়া আমি কোনো সমস্যাৰ সন্মুখীন হওঁ আৰু যিহোৱাৰপৰা সহায় বিচাৰোঁ, তেতিয়া হয়তো তেওঁ আমাৰ সমস্যা দূৰ নকৰে, কিন্তু ইয়াক সহন কৰিবলৈ শক্তি দিয়ে।—ফিলিপীয়া ৪:১৩ পঢ়ক।

২০. আমি কিয় যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত?

২০ যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ কি এক ডাঙৰ সন্মান লাভ কৰিছোঁ! আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁ নিশ্চয় আমাৰ প্ৰাৰ্থনা শুনিব। (গীতমালা ১৪৫:১৮) আমি যিমানেই যিহোৱালৈ আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিম, সিমানেই তেওঁৰ লগত আমাৰ বন্ধুত্ব ঘনিষ্ঠ হৈ পৰিব।