Skip to content

Skip to table of contents

এঘাৰ অধ্যায়

পৃথিৱীত ইমান দুখ-কষ্ট কিয় হৈছে?

পৃথিৱীত ইমান দুখ-কষ্ট কিয় হৈছে?

১, ২. বেয়া খবৰ শুনি বহুতোলোকে কি চিন্তা কৰে?

ভূমিকম্পই নগৰখন ধ্বংস কৰি দিয়ে। কিছুমান উগ্ৰপন্থীয়ে হোটেলত সোমায় আৰু বন্দুকেৰে বহুতো লোকক হত্যা কৰে আৰু কিছুমানক আঘাত কৰে। কেন্সাৰ ৰোগৰ বাবে এগৰাকী মাতৃৰ মৃত্যু হয় আৰু তাইৰ পাঁচটা ল’ৰা-ছোৱালী সহায়হীন হৈ পৰে।

লোকসকলে যেতিয়া এনে ধৰণৰ বেয়া খবৰ শুনে, তেতিয়া তেওঁলোক চিন্তিত হৈ পৰে। তেওঁলোকে ভাবে যে পৃথিৱীত ইমান দুখ-কষ্ট আৰু সমস্যা কিয় হৈছে। আপুনিও এইদৰে চিন্তা কৰেনে?

৩, ৪. (ক) হবক্কুকে কি প্ৰশ্ন কৰিছিল? (খ) যিহোৱা ঈশ্বৰে তেওঁক কি উত্তৰ দিছিল?

বাইবেলত উল্লেখ কৰিছে যে প্ৰাচীন সময়তো যিহোৱা ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰা লোকসকলেও এনে ধৰণৰ প্ৰশ্ন কৰিছিল। ইয়াৰে ভিতৰত এজন ভৱিষ্যতবক্তা হৈছে হবক্কুক। হবক্কুকে যিহোৱা ঈশ্বৰক এইদৰে প্ৰশ্ন সুধিছিল: “তুমি কিয় মোক অধৰ্ম্ম দেখুৱাইছা, আৰু দুষ্কৰ্ম্মলৈ চাই আছা? কিয়নো মোৰ আগত উপদ্ৰৱ আৰু অত্যাচাৰ হৈছে, বিৰোধ উপস্থিত, আৰু বিবাদ বাঢ়ি উঠিছে।”—হবক্কুক ১:৩.

হবক্কুক ২:২, ৩ পদত যিহোৱা ঈশ্বৰে হবক্কুকক উত্তৰ দিছিল আৰু ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ পৰিস্থিতি নিশ্চয় ভাল কৰিব। যিহোৱা ঈশ্বৰে মানৱজাতিক বহুত প্ৰেম কৰে। বাইবেলে এইদৰে কৈছে: “তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।” (১ পিতৰ ৫:৭) পৃথিৱীত হৈ থকা দুখ-কষ্ট দেখি আমাক যিমান বেয়া লাগে, তাতোকৈ বেছি যিহোৱা ঈশ্বৰক বেয়া লাগে। (যিচয়া ৫৫:৮, ৯) তেনেহ’লে পৃথিৱীত ইমান দুখ-কষ্ট কিয় হৈ আছে? আহক এই প্ৰশ্নৰ ওপৰত আলোচনা কৰোঁ।

ইমান দুখ-কষ্ট কিয় হৈছে?

৫. (ক) দুখ-কষ্টৰ বিষয়ে ধৰ্ম গুৰুসকলে কি শিকায়? (খ) এই বিষয়ে বাইবেলে কি শিকায়?

যেতিয়া লোকসকলে দুখ-কষ্ট ভুগে, তেতিয়া ধৰ্ম গুৰুৱে শিকায় যে এই সকলোবোৰ ঈশ্বৰৰ ইচ্ছা। কিছুমানে হয়তো এইদৰে ক’ব পাৰে যে এজন ব্যক্তিৰ লগত যিয়েই ঘটনা নহওক কিয়, সেয়া ঈশ্বৰে আগতেই তৈয়াৰ কৰি থৈছে। তেওঁলোকে হয়তো এইদৰে ক’ব পাৰে যে ঈশ্বৰে এনেকুৱা কিয় কৰিলে, সেয়া আমাৰ বাবে বুজিবলৈ বৰ কঠিন। ইয়াৰ উপৰিও, যেতিয়া কাৰোবাৰ মৃত্যু হয়, বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ, তেতিয়া লোকসকলে কয় যে ঈশ্বৰে তেওঁলোকক নিজৰ ওচৰলৈ লৈ যায়। কিন্তু এয়া সঁচা নহয়। যিহোৱা ঈশ্বৰে কেতিয়াও কাৰো বেয়া নকৰে। বাইবেলত উল্লেখ কৰিছে যে “ঈশ্বৰে যে কুকৰ্ম্ম কৰিব, আৰু সৰ্ব্বশক্তিমান জনাই যে অন্যায় কৰিব, এয়ে তেওঁৰ পৰা দূৰে থাকক!”—ইয়োব ৩৪:১০.

৬. এই পৃথিৱীত হৈ থকা দুখ-কষ্টৰ বাবে বহুতোলোকে কিয় ঈশ্বৰক দায়ী কৰে?

পৃথিৱীত হৈ থকা দুখ-কষ্টৰ বাবে বহুতোলোকে ঈশ্বৰক দায়ী বুলি ভাবে, কাৰণ তেওঁলোকে ভাবে যে এই পৃথিৱীখনক ঈশ্বৰে শাসন কৰি আছে। কিন্তু আমি তিনি অধ্যায়ত শিকিলোঁ যে এই পৃথিৱীখনক প্ৰকৃততে চয়তানে শাসন কৰি আছে।

৭, ৮. পৃথিৱীত ইমান কিয় দুখ-কষ্ট হৈছে?

বাইবেলত এইদৰে উল্লেখ কৰিছে, “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” (১ যোহন ৫:১৯) এই পৃথিৱীৰ শাসক চয়তান বৰ দুষ্ট আৰু নিষ্ঠুৰ হয়। সি “গোটেই জগতৰ ভ্ৰান্তি জন্মায়।” (প্ৰকাশিত বাক্য ১২:৯) বহুতোলোকে চয়তানক অনুকৰণ কৰিছে। এয়াই এটা কাৰণ হৈছে আজি কিয় পৃথিৱীত মিছা, ঘৃণা আৰু নিষ্ঠুৰতাৰে ভৰি পৰিছে।

এই পৃথিৱীখনত ইমান দুখ-কষ্ট হোৱাৰ আন এটা কাৰণ হৈছে, আদম আৰু হৱাই যিহোৱা ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰাৰ পাছত তেওঁলোক পাপী হ’ল। তেওঁলোকৰ যিমান ল’ৰা-ছোৱালী আছিল, সকলোৱে পাপত জন্ম হ’ল। পাপৰ কাৰণে মানুহে এজনে-আনজনক দুখ দিয়ে আৰু নিজে আনতকৈ ডাঙৰ হ’ব বিচাৰে। তেওঁলোকে এজনে-আনজনৰ লগত কাজিয়া, যুদ্ধ আৰু অত্যাচাৰ কৰে। (উপদেশক ৪:১; ৮:৯) ইয়াৰ উপৰিও, বাইবেলে উল্লেখ কৰিছে যে ‘অকস্মাৎ হোৱা আপদৰ কালেই’ দুখ-কষ্টৰ আন এক কাৰণ। (উপদেশক ৯:১২) যেতিয়া এজন ব্যক্তিয়ে অসময়ত বেয়া ঠাইত উপস্থিত হয়, তেতিয়া তেওঁৰ লগত হয়তো কোনো ঘটনা বা বেয়া পৰিস্থিতি হ’ব পাৰে।

৯. আমি কিয় নিশ্চিত হ’ব পাৰোঁ যে ঈশ্বৰে দুখ-কষ্ট হ’বলৈ দিয়াৰ কিবা কাৰণ থাকিব পাৰে?

যিহোৱা ঈশ্বৰে মানৱজাতিক কেতিয়াও দুখ-কষ্ট নিদিয়ে। এই পৃথিৱীত হৈ থকা যুদ্ধ, অপৰাধ আৰু অন্যায়ৰ বাবে ঈশ্বৰ কেতিয়াও দায়ী নহয়। ঈশ্বৰে ভূমিকম্প, ধুমুহা আৰু বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ আমাৰ ওপৰত কেতিয়াও নানে। কিন্তু আপুনি চিন্তা কৰিব পাৰে, ‘যদি যিহোৱা ঈশ্বৰে এই বিশ্বৰ আটাইতকৈ শক্তিশালী ব্যক্তি হয়, তেনেহ’লে তেওঁ কিয় এই বেয়া ঘটনাবোৰ হ’বলৈ বাধা নিদিয়ে?’ আমি জানোঁ যে ঈশ্বৰে আমাৰ যত্ন লয়, সেইবাবে যদি তেওঁ দুখ-কষ্টক থাকিবলৈ দিছে, তেন্তে নিশ্চয় ইয়াৰ কিবা কাৰণ থাকিব পাৰে।—১ যোহন ৪:৮.

ঈশ্বৰে কিয় দুখ-কষ্টবোৰৰ অনুমতি দিছে?

১০. যিহোৱা ঈশ্বৰৰ ওপৰত চয়তানে কি বুলি দোষাৰোপ কৰিছিল?

১০ চয়তানে এদন বাগিচাত আদম আৰু হৱাক ভুল পথলৈ পৰিচালিত কৰিছিল। ঈশ্বৰ এজন বেয়া শাসক হয় বুলি চয়তানে দোষাৰোপ কৰিছিল। ঈশ্বৰে তেওঁলোকক ভাল বস্তুবোৰ দিয়াৰপৰা আঁতৰাই ৰাখিছিল বুলি চয়তানে আদম আৰু হৱাক কৈছিল। চয়তানে তেওঁলোকৰ বিশ্বাস জন্মাব বিচাৰিছিল যে যিহোৱা ঈশ্বৰৰ পৰিৱৰ্তে সি তেওঁলোকৰ বাবে ভাল শাসক হ’ব আৰু তেওঁলোকক ঈশ্বৰৰ কোনো প্ৰয়োজন নাই।—আদিপুস্তক ৩:২-৫; “যিহোৱাৰ সাৰ্বভৌমত্বৰ অধিকাৰ” চাওক।

১১. আমি কি প্ৰশ্নৰ বিষয়ে ধ্যান দিয়া উচিত?

১১ আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা পালন নকৰিলে আৰু তেওঁৰ ওপৰত বিদ্ৰোহ কৰিলে। আদম আৰু হৱাই ভাবিছিল যে তেওঁলোকৰ বাবে কি ভাল আৰু কি বেয়া নিৰ্ণয় কৰাৰ অধিকাৰ কেৱল তেওঁলোকৰ আছিল। আদম আৰু হৱাৰ চিন্তা-ভাৱনা ভুল আছিল বুলি যিহোৱাই কেনেকৈ প্ৰমাণ কৰিব? তেওঁলোকৰ বাবে আটাইতকৈ কি ভাল তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে বুলি কেনেকৈ প্ৰমাণ কৰিব?

১২, ১৩. (ক) যিহোৱা ঈশ্বৰে আদম আৰু হৱাক লগে লগে কিয় ধ্বংস নকৰিলে? (খ) যিহোৱা ঈশ্বৰে চয়তান আৰু মানুহক কি কৰিবলৈ সময় দিলে?

১২ যিহোৱা ঈশ্বৰে লগে লগে আদম আৰু হৱাক ধ্বংস নকৰিলে। ইয়াৰ পৰিৱৰ্তে যিহোৱাই তেওঁলোকক ল’ৰা-ছোৱালী জন্ম কৰিবলৈ অনুমতি দিছিল। যিহোৱাই আদম আৰু হৱাৰ ল’ৰা-ছোৱালীক সুযোগ দিছিল যে তেওঁলোকে কাক শাসক হিচাপে নিৰ্বাচন কৰিব। গোটেই পৃথিৱীত ভাল মানুহেৰে ভৰি পৰাটো যিহোৱা ঈশ্বৰৰ উদ্দেশ্য আছিল আৰু চয়তানে যিয়েই নকৰক কিয়, তেওঁৰ এই উদ্দেশ্য নিশ্চয় পূৰ হ’ব।—আদিপুস্তক ১:২৮; যিচয়া ৫৫:১০, ১১.

১৩ চয়তানে লাখ লাখ স্বৰ্গদূতৰ আগত যিহোৱা ঈশ্বৰক দোষাৰোপ কৰিছিল। (ইয়োব ৩৮:৬; দানিয়েল ৭:১০) সেইবাবে, যিহোৱা ঈশ্বৰে নিজৰ দোষাৰোপ সত্য প্ৰমাণ কৰিবলৈ চয়তানক সময় দিলে। মানৱজাতিয়ে চয়তানৰ সহায়ত নিজৰ চৰকাৰ চলাবলৈ যিহোৱা ঈশ্বৰে তেওঁলোকক সময় দিলে আৰু তেওঁলোকে ঈশ্বৰৰ অবিহনে সফল হ’ব পাৰিবনে ইয়াকো প্ৰমাণ কৰিবলৈ সময় দিলে।

১৪. সময়ে কি প্ৰমাণ কৰিলে?

১৪ হাজাৰ হাজাৰ বছৰ ধৰি মানুহে এজনে-আনজনৰ ওপৰত শাসন কৰি আহিছে, কিন্তু তেওঁলোকে সফল হ’ব পৰা নাই। চয়তান মিছলীয়া হয় বুলি প্ৰমাণ হ’ল। এই কথা স্পষ্ট হ’ল যে মানুহক ঈশ্বৰৰ সহায়ৰ প্ৰয়োজন আছে। ভৱিষ্যতবক্তা যিৰিমিয়াই সঠিক কৈছিল, “হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।”—যিৰিমিয়া ১০:২৩.

যিহোৱাই কিয় দীৰ্ঘদিন ধৰি দুখ-কষ্ট থাকিবলৈ দিছে?

১৫, ১৬. (ক) যিহোৱাই কিয় দীৰ্ঘদিন ধৰি দুখ-কষ্ট থাকিবলৈ দিছে? (খ) চয়তানৰ বাবে হোৱা সমস্যাবোৰ যিহোৱা ঈশ্বৰে কিয় সমাধান কৰা নাই?

১৫ যিহোৱা ঈশ্বৰে কিয় দীৰ্ঘদিন ধৰি দুখ-কষ্ট থাকিবলৈ দিছে? তেওঁ কিয় বেয়া ঘটনাবোৰ হ’বলৈ বাধা নিদিয়ে? কিয়নো চয়তানে পৃথিৱীৰ ওপৰত শাসন কৰিব পাৰিম বুলি যি দাবী কৰিছিল, তাক প্ৰমাণ কৰিবলৈ সময়ৰ প্ৰয়োজন আছিল। কিন্তু সি সফল নহ’ল। মানুহে বিভিন্ন চৰকাৰৰ যোগেদি শাসন কৰিবলৈ চেষ্টা কৰিছে, কিন্তু তেওঁলোকেও সফল নহ’ল। ইমানেই নহয়, মানুহে বিজ্ঞান আৰু টেকন’লজিৰ দিশত বহুতো উন্নতি কৰিছে, তথাপিও পৰিস্থিতি ভাল হোৱাৰ পৰিৱৰ্তে আৰু বেয়ালৈ ঢাল খাইছে। অন্যায়, দৰিদ্ৰতা, অপৰাধ আৰু যুদ্ধ আদি বেছিকৈ হৈছে। ইয়াৰপৰা স্পষ্টকৈ বুজিব পাৰি যে মানুহে নিজৰ ওপৰত শাসন কৰিব নোৱাৰে, আমাক ঈশ্বৰৰ প্ৰয়োজন আছে।

১৬ কিন্তু চয়তানৰ বাবে হোৱা সমস্যাবোৰ যিহোৱা ঈশ্বৰে কিয় সমাধান কৰা নাই? কিয়নো যদি যিহোৱা ঈশ্বৰে এনে কৰে, তেন্তে চয়তানৰ শাসনক সমৰ্থন কৰাৰ দৰে হ’ব। দ্বিতীয় কাৰণ যদি যিহোৱা ঈশ্বৰে সমস্যাবোৰ সমাধান কৰে, তেনেহ’লে মানৱজাতিয়ে ভাবিব যে তেওঁলোকে নিজৰ শক্তিৰে শাসন কৰিব পাৰে, ঠিক যেনেকৈ চয়তানে দাবী কৰিছিল। কিন্তু এয়া মিছা হয় আৰু যিহোৱা ঈশ্বৰে কেতিয়াও মিছাক সমৰ্থন নকৰে। বাইবেলত উল্লেখ আছে যে যিহোৱা ঈশ্বৰে মিছা কোৱাটো অসম্ভৱ।—ইব্ৰী ৬:১৮.

১৭, ১৮. চয়তানে যিবোৰ ক্ষতি কৰিলে তাৰ বাবে যিহোৱা ঈশ্বৰে কি কৰিব?

১৭ চয়তান আৰু মানৱজাতিয়ে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি আজিলৈকে যি ক্ষতি কৰিছে, ঈশ্বৰে সেই ক্ষতি পূৰ কৰিব পাৰিবনে? নিশ্চয় পাৰিব! যিহোৱাৰ বাবে কোনো কাম অসম্ভৱ নহয়। চয়তানে কৰা সকলো দোষাৰোপৰ সম্পূৰ্ণ উত্তৰ কেতিয়া দিব লাগে যিহোৱা ঈশ্বৰে ভালদৰে জানে। যেতিয়া এনে হ’ব, তেতিয়া যিহোৱা ঈশ্বৰে এই পৃথিৱীক সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰিব, যেনেকৈ তেওঁ আৰম্ভণিতে ভাবিছিল। “মৈদামত থকা” সকলোকে পুনৰুত্থান কৰা হ’ব। (যোহন ৫:২৮, ২৯) লোকসকলৰ কেতিয়াও বেমাৰ আৰু মৃত্যু নহ’ব। চয়তানে কৰা সকলো ক্ষতি যীচুৱে পূৰ কৰিব। যিহোৱা ঈশ্বৰে যীচুৰ যোগেদি “চয়তানৰ কৰ্ম্ম লুপ্ত” কৰিব। (১ যোহন ৩:৮) তেতিয়ালৈকে যিহোৱা ঈশ্বৰে আমাৰ লগত ধৈৰ্য্যৰে ব্যৱহাৰ কৰি আছে। আমি তেওঁৰ বিষয়ে জানিবলৈ আৰু তেওঁক নিজৰ শাসক হিচাপে নিৰ্বাচন কৰিবলৈ তেওঁ আমাক সুযোগ দিছে। (২ পিতৰ ৩:৯, ১০ পঢ়ক।) এয়াই নহয় আমি দুখ-কষ্ট ভুগি থকাৰ সময়ত তেওঁ আমাক ধৈৰ্য্য ধৰিবলৈ সহায় কৰে। সেইবাবে, আমি যিহোৱা ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ।—যোহন ৪:২৩; ১ কৰিন্থীয়া ১০:১৩ পঢ়ক।

১৮ যিহোৱাক শাসক হিচাপে নিৰ্বাচন কৰিবলৈ তেওঁ আমাক কেতিয়াও জোৰ নকৰে। আমি সকলোৱে নিজৰ নিৰ্ণয় নিজে লোৱাৰ স্বতন্ত্ৰতা ঈশ্বৰে আমাক দিছে। আহক আমি চাওঁ এই স্বতন্ত্ৰতা আমাৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ।

এই স্বতন্ত্ৰতাক আপুনি কেনেকৈ ব্যৱহাৰ কৰিব?

১৯. (ক) যিহোৱা ঈশ্বৰে আমাক কি মূল্যৱান উপহাৰ দিছে? (খ) আমাক এই উপহাৰৰ বাবে কিয় কৃতজ্ঞতা দেখুওৱা উচিত?

১৯ যিহোৱা ঈশ্বৰে আমাক নিজে নিৰ্ণয় লোৱা যি স্বতন্ত্ৰতা দিছে, সেয়া এক মূল্যৱান উপহাৰ হয়। ইয়াৰ বাবে আমি জীৱ-জন্তুৰপৰা একেবাৰে বেলেগ। জীৱ-জন্তু অতিশয় জ্ঞানৱন্ত আৰু সিহঁতে তাৰ অনুসৰি কাম কৰে। কিন্তু আমি নিৰ্ণয় ল’ব পাৰোঁ যে কেনেধৰণৰ জীৱন অতিবাহিত কৰিম আৰু যিহোৱা ঈশ্বৰক আনন্দিত কৰিমনে নকৰিম। (হিতোপদেশ ৩০:২৪) এয়াই নহয়, আমি কোনো ৰবট নহয়, যি কেৱল সেইটো কৰে যাৰ কাৰণে তাক বনোৱা হৈছে। ইয়াৰ উপৰিও, আমি নিজে নিৰ্ণয় ল’ব পাৰোঁ যে আমি কেনেধৰণৰ ব্যক্তি হ’ব বিচাৰোঁ, কাৰ লগত বন্ধুত্ব কৰিম আৰু আমি জীৱনত কি কৰিব বিচাৰোঁ। আমি জীৱনত আনন্দ লোৱাটো যিহোৱা ঈশ্বৰে বিচাৰে, সেইবাবে, তেওঁ আমাক স্বতন্ত্ৰতা দিছে।

২০, ২১. আপুনি কি ভাল নিৰ্ণয় ল’ব পাৰে?

২০ আমি যিহোৱাক প্ৰেম কৰাটো তেওঁ বিচাৰে। (মথি ২২:৩৭, ৩৮) তেওঁ সেই পিতৃৰ দৰে হয়, যিয়ে নিজৰ ল’ৰা-ছোৱালীৰপৰা এয়া শুনিবলৈ বিচাৰে, ‘দেউতা, মই আপোনাক বহুত ভাল পাওঁ।’ সেইবাবে, ল’ৰা-ছোৱালীয়ে যেতিয়া কোনোবাই জোৰ দিয়াৰ বাবে নহয়, নিজৰ অন্তৰৰপৰা এই কথাষাৰ কয়, তেতিয়া দেউতাকে বৰ আনন্দিত হয়। যিহোৱা ঈশ্বৰে আমাক এয়া নিৰ্ণয় কৰিবলৈ দিছে যে আমি তেওঁৰ উপাসনা কৰিম নে নকৰিম। চয়তান, আদম আৰু হৱাই যিহোৱা ঈশ্বৰক ত্যাগ কৰিবলৈ নিৰ্ণয় লৈছিল। এই স্বতন্ত্ৰতাক আপুনি কেনেকৈ ব্যৱহাৰ কৰিব?

২১ যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লওক। এনে লাখ লাখ লোক আছে, যিসকলে যিহোৱাক আনন্দিত কৰিবলৈ আৰু চয়তানক ত্যাগ কৰিবলৈ নিৰ্ণয় লৈছে। (হিতোপদেশ ২৭:১১) গতিকে, আপুনি নতুন পৃথিৱীত জীয়াই থাকিবলৈ এতিয়া কি কৰিব পাৰে, য’ত একেবাৰে দুখ-কষ্ট নাথাকিব? এই প্ৰশ্নৰ উত্তৰ পৰৱৰ্তী অধ্যায়ত দিয়া হ’ব।