Skip to content

Skip to table of contents

পোন্ধৰ অধ্যায়

ঈশ্বৰৰ উপাসনা কৰাৰ সঠিক উপায়

ঈশ্বৰৰ উপাসনা কৰাৰ সঠিক উপায়

১. ঈশ্বৰৰ উপাসনা কৰাৰ সঠিক উপায় আমাক কোনে ক’ব পাৰে?

বহুতো ধৰ্মই ঈশ্বৰৰ বিষয়ে সত্য শিকায় বুলি দাবী কৰে। কিন্তু এয়া সম্ভৱ নহয়, কিয়নো ঈশ্বৰ কোন আৰু তেওঁৰ উপাসনা কেনেকৈ কৰিব লাগে, ইয়াৰ বিষয়ে সকলো ধৰ্মই বেলেগ বেলেগ শিক্ষা দিয়ে। তেনেহ’লে, আমি কেনেকৈ জানিব পাৰিম যে ঈশ্বৰৰ উপাসনা কৰাৰ সঠিক উপায় কি? কেৱল যিহোৱা ঈশ্বৰে আমাক ক’ব পাৰে যে তেওঁৰ উপাসনা কেনেকৈ কৰা উচিত।

২. আপুনি ঈশ্বৰৰ উপাসনা কৰাৰ সঠিক উপায় ক’ৰপৰা জানিব পাৰে?

যিহোৱা ঈশ্বৰে বাইবেলত উল্লেখ কৰিছে যে তেওঁৰ উপাসনা কৰাৰ সঠিক উপায় কি। সেইবাবে, বাইবেল অধ্যয়ন কৰক। তেতিয়া যিহোৱাই আপোনাক এনে কথা শিকাব, যিয়ে আপোনাৰ বাবে লাভদায়ক হ’ব। কিয়নো, তেওঁ আপোনাৰ বিষয়ে চিন্তা কৰে।—যিচয়া ৪৮:১৭.

৩. ঈশ্বৰে আমাৰপৰা কি আশা কৰে?

কিছুমান লোকে কয় যে ঈশ্বৰে সকলো ধৰ্মক গ্ৰহণ কৰে, কিন্তু যীচুৱে এইদৰে শিকোৱা নাছিল। তেওঁ এইদৰে কৈছিল, “যিবিলাকে মোক প্ৰভু প্ৰভু বোলে, তেওঁবিলাক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেই জনহে সোমাব।” সেইবাবে, আমি ঈশ্বৰৰ ইচ্ছাৰ বিষয়ে জনা আৰু তাক পালন কৰাটো অতি প্ৰয়োজন। এয়া এক গভীৰ বিষয়, কিয়নো যীচুৱে ঈশ্বৰৰ আজ্ঞা পালন নকৰা লোকসকলক ‘অধৰ্ম্ম চাৰী’ বুলি কৈছিল।—মথি ৭:২১-২৩.

৪. যীচুৱে ঈশ্বৰৰ ইচ্ছা পূৰ কৰাৰ বিষয়ে কি কৈছিল?

যীচুৱে কৈছিল যে যেতিয়া আমি ঈশ্বৰৰ ইচ্ছা পূৰ কৰিম, তেতিয়া আমি সমস্যাৰ সন্মুখীন হ’ম। তেওঁ এইদৰে কৈছিল, “ঠেক দুৱাৰেদি সোমোৱা; কিয়নো যি দুৱাৰে আৰু যি বাটে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ বহল, বাটো মুকলি, আৰু সেয়েদি সোমোৱাও অনেক। কিয়নো যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক, বাটো চেপ, আৰু তাক পোৱা লোকো তাকৰ।” (মথি ৭:১৩, ১৪) ঠেক দুৱাৰেদি সোমোৱাৰ অৰ্থ হৈছে আমি সঠিকভাৱে ঈশ্বৰৰ উপাসনা কৰা, যাৰ দ্বাৰা অনন্ত জীৱন লাভ কৰিব পাৰিম। মুকলি বাটেদি যোৱাৰ অৰ্থ হৈছে ভুল উপায়েৰে ঈশ্বৰক উপাসনা কৰা, যাৰদ্বাৰা মৃত্যুৰ পথত লৈ যায়। সেইবাবে, তেওঁ সকলোকে তেওঁৰ বিষয়ে শিকিবলৈ সুযোগ দিছে।—২ পিতৰ ৩:৯.

ঈশ্বৰৰ উপাসনা কৰাৰ সঠিক উপায়

৫. ঈশ্বৰক সঠিকভাৱে উপাসনা কৰা লোকসকলক আমি কেনেকৈ চিনাক্ত কৰিব পাৰোঁ?

যীচুৱে কৈছিল যে যিসকলে ঈশ্বৰক সঠিকভাৱে উপাসনা কৰে, তেওঁলোকক আমি চিনাক্ত কৰিব পাৰোঁ। কেনেকৈ বাৰু? তেওঁলোকৰ কাম আৰু শিক্ষাৰ দ্বাৰা চিনাক্ত কৰিব পাৰি। যীচুৱে এইদৰে কৈছিল, “সিহঁতৰ কৰ্ম্মফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা।” তেওঁ এয়াও কৈছিল, “সকলো ভাল গছে ভাল গুটি ধৰে।” (মথি ৭:১৬, ১৭) ইয়াৰ অৰ্থ এইটো নহয় যে ঈশ্বৰৰ উপাসনা কৰা লোকসকলে একো ভুল নকৰে। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে সদায় ভাল কাম কৰিবলৈ চেষ্টা কৰে। ঈশ্বৰৰ সত্য উপাসকসকলৰ কাম আৰু শিক্ষাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম।

৬, ৭. (ক) সত্য উপাসকসকলৰ শিক্ষা কিয় বাইবেলৰ আধাৰত হোৱা উচিত? (খ) যীচুৰপৰা আমি কি শিকিব পাৰোঁ?

সত্য উপাসকসকলৰ শিক্ষা বাইবেলৰ ওপৰত আধাৰিত। বাইবেলত উল্লেখ কৰিছে, “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতাসম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।” (২ তীমথিয় ৩:১৬, ১৭) পৌলে খ্ৰীষ্টানসকলৰ বাবে লিখিছিল, “তোমালোকে যেতিয়া আমাৰ পৰা শুনা বাক্য, অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰাহ্য কৰিছিলা, তেতিয়া মানুহৰ বাক্য বুলি নহয়, ঈশ্বৰৰ বাক্য বুলি যে গ্ৰাহ্য কৰিছিলা।” (১ থিচলনীকীয়া ২:১৩) সত্য উপাসনা সম্পূৰ্ণৰূপে বাইবেলৰ ওপৰত আধাৰিত। এয়া কোনো মানৱীয় বিচাৰ-ধাৰা, পৰম্পৰা বা আন কোনো বস্তুৰ ওপৰত আধাৰিত নহয়।

যীচুৱে দিয়া সকলো শিক্ষা, ঈশ্বৰৰ বাক্যৰপৰা আছিল। (যোহন ১৭:১৭ পঢ়ক।) তেওঁ প্ৰায় বাইবেলৰপৰা উদ্ধৃতি দিছিল। (মথি ৪:৪, ৭, ১০) ঈশ্বৰৰ সত্য সেৱকসকলে যীচুৰ উদাহৰণক অনুকৰণ কৰে। তেওঁলোকৰ শিক্ষা বাইবেলৰ ওপৰত আধাৰিত।

৮. যীচুৱে যিহোৱাৰ উপাসনা কৰাৰ বিষয়ে কি শিকাইছিল?

তেওঁলোকে কেৱল যিহোৱাৰ উপাসনা কৰে। গীতমালা ৮৩:১৮ পদত উল্লেখ কৰিছে, “যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা।” লোকসকলে সত্য ঈশ্বৰৰ বিষয়ে জনাটো যীচুৱে বিচাৰিছিল, সেইবাবে, তেওঁ লোকসকলক ঈশ্বৰৰ নামৰ বিষয়ে শিকাইছিল। (যোহন ১৭:৬ পঢ়ক।) যীচুৱে এইদৰে কৈছিল, “তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা, আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।” (মথি ৪:১০) সেইবাবে, ঈশ্বৰৰ সেৱকসকলে যীচুৰ উদাহৰণক অনুকৰণ কৰে। তেওঁলোকে কেৱল যিহোৱাৰ উপাসনা কৰে আৰু তেওঁৰ নাম ব্যৱহাৰ কৰে। তেওঁলোকে লোকসকলক শিকায় যে ঈশ্বৰৰ নাম কি আৰু তেওঁ আমাৰ বাবে কি কৰিব।

৯, ১০. সত্য উপাসকসকলে কেনেকৈ এজনে-আনজনৰ প্ৰতি প্ৰেম দেখুৱায়?

তেওঁলোকে লোকসকলক প্ৰকৃত প্ৰেম কৰে। যীচুৱে নিজৰ শিষ্যসকলক এজনে-আনজনক প্ৰেম কৰিবলৈ শিকাইছিল। (যোহন ১৩:৩৫ পঢ়ক।) সত্য উপাসকসকলৰ বাবে এয়া কোনো অৰ্থ নাৰাখে যে তেওঁলোক কোন ঠাইৰ বা কোন সংস্কৃতিৰ বা ধনী নে দুখীয়া। এই প্ৰেমে তেওঁলোকৰ একতাৰ বান্ধোনক দৃঢ় কৰি ৰাখে। (কলচীয়া ৩:১৪) সেইবাবে, তেওঁলোকে যুদ্ধত ভাগ নলয় আৰু লোকসকলক হত্যাও নকৰে। বাইবেলে এইদৰে উল্লেখ কৰিছে, “ঈশ্বৰৰ সন্তানবিলাক, আৰু চয়তানৰ সন্তানবিলাক প্ৰকাশিত হয়। যি কোনোৱে ধৰ্ম্ম-আচৰণ নকৰে, তেওঁ ঈশ্বৰৰ নহয়; আৰু যি জনে নিজ ভায়েকক প্ৰেম নকৰে, তেৱোঁ নহয়।” বাইবেলে এয়াও উল্লেখ কৰিছে: “আমি যেন পৰস্পৰে প্ৰেম কৰোঁ . . . কয়িনে যেনেকৈ পাপ-আত্মাৰ পৰা হৈ, নিজ ভায়েকক বধ কৰিলে, তেনে হোৱা আমাৰ অনুচিত।”—১ যোহন ৩:১০-১২; ৪:২০, ২১.

১০ সত্য উপাসকসকলে আনক সহায় আৰু উৎসাহিত কৰিবলৈ নিজৰ সময়, শক্তি আৰু ধন-সম্পত্তিৰ ব্যৱহাৰ কৰে। (ইব্ৰী ১০:২৪, ২৫) তেওঁলোকে সকলোৰ বাবে “হিতজনক কৰ্ম্ম” কৰে।—গালাতীয়া ৬:১০.

১১. সত্য উপাসকসকলে কিয় বিশ্বাস কৰে যে আমি যীচুৰ দ্বাৰাই উদ্ধাৰ পাম?

১১ তেওঁলোকে যীচুৰ আজ্ঞা পালন কৰে, কিয়নো তেওঁৰ দ্বাৰা উদ্ধাৰ লাভ কৰিব। বাইবেলে উল্লেখ কৰিছে, “আন কাতো পৰিত্ৰাণ নাই, কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে, স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই।” (পাঁচনিৰ কৰ্ম্ম ৪:১২) এই কিতাপখনৰ পাঁচ অধ্যায়ত আমি শিকিছিলোঁ যে যিহোৱা ঈশ্বৰে যীচুক এই পৃথিৱীলৈ পঠিয়াইছিল, যাতে আজ্ঞা পালন কৰা লোকসকলৰ বাবে তেওঁ নিজৰ জীৱন মুক্তিপণস্বৰূপে বলিদান দিব পাৰে। (মথি ২০:২৬) যিহোৱা ঈশ্বৰে যীচুক এই পৃথিৱীত শাসন কৰিবলৈ নিৰ্বাচন কৰিছে। সেইবাবে, বাইবেলে কৈছে যে যদি আমি অনন্ত জীৱন লাভ কৰিব বিচাৰোঁ, তেনেহ’লে আমি যীচুৰ আজ্ঞা পালন কৰা উচিত।—যোহন ৩:৩৬ পঢ়ক।

১২. ঈশ্বৰৰ সত্য উপাসকসকলে ৰাজনীতিত কিয় ভাগ নলয়?

১২ তেওঁলোকে ৰাজনীতিত ভাগ নলয়। যীচুৱে ৰাজনীতিত কেতিয়াও ভাগ লোৱা নাছিল। যেতিয়া তেওঁক ৰোমান শাসক পীলাতৰ ওচৰলৈ লৈ গৈছিল, তেতিয়া যীচুৱে এইদৰে কৈছিল, “মোৰ ৰাজ্য এই জগতৰ নহয়।” (যোহন ১৮:৩৬ পঢ়ক।) যীচুৰ দৰে সত্য উপাসকসকলে ঈশ্বৰৰ ৰাজ্যৰ বিশ্বাসী হৈ থাকে। সেইবাবে, তেওঁলোকে য’তেই নাথাকক কিয়, তেওঁলোকে কেতিয়াও ৰাজনীতিত ভাগ নলয়। কিন্তু, তেওঁলোকে বাইবেলত দিয়া আজ্ঞাৰ অনুসৰি “ক্ষমতা পোৱাবিলাকৰ বশীভূত” হয় অৰ্থাৎ চৰকাৰৰ নিয়ম পালন কৰে। (ৰোমীয়া ১৩:১) তেওঁলোকে যি দেশত বাস কৰে, সেই দেশৰ নিয়ম পালন কৰে। কিন্তু, যেতিয়া কোনো নিয়ম ঈশ্বৰৰ বিৰুদ্ধে হয়, তেতিয়া তেওঁলোকে যীচুৰ শিষ্যসকলৰ উদাহৰণক অনুকৰণ কৰে। তেওঁলোকে এইদৰে কৈছিল, “মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে।”—পাঁচনিৰ কৰ্ম্ম ৫:২৯; মাৰ্ক ১২:১৭.

১৩. সত্য উপাসকসকলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কি বিশ্বাস আৰু প্ৰচাৰ কৰে?

১৩ তেওঁলোকে বিশ্বাস কৰে যে কেৱল ঈশ্বৰৰ ৰাজ্যই পৃথিৱীৰ সমস্যাবোৰ সমাধান কৰিব পাৰে। যীচুৱে কৈছিল যে ‘ৰাজ্যৰ শুভবাৰ্ত্তা’ গোটেই পৃথিৱীত প্ৰচাৰ কৰা হ’ব। (মথি ২৪:১৪ পঢ়ক।) ঈশ্বৰৰ ৰাজ্যই আমাৰ বাবে যি কৰিব, সেয়া কোনো মানৱীয় চৰকাৰে কৰিব নোৱাৰে। (গীতমালা ১৪৬:৩) যীচুৱে আমাক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকায়, “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।” (মথি ৬:১০) বাইবেলে কৈছে যে ঈশ্বৰৰ ৰাজ্যই সকলো মানৱীয় চৰকাৰক ধ্বংস কৰিব আৰু কেৱল ঈশ্বৰৰ ৰাজ্যই “চিৰকাললৈকে থাকিব।”—দানিয়েল ২:৪৪.

১৪. আপুনি কি ভাবে, ঈশ্বৰৰ উপাসনা কোন লোকসকলে সঠিকভাৱে কৰি আছে?

১৪ এই বিষয়ে ধ্যান দিয়াৰ পাছত নিজকে সুধক: ‘বাইবেলৰ আধাৰত শিক্ষা দিয়া লোকসকল কোন? ঈশ্বৰৰ নামৰ বিষয়ে কোন লোকসকলে আনক জনায়? কোন লোকসকলে এজনে-আনজনক প্ৰকৃত প্ৰেম কৰে আৰু বিশ্বাস কৰে যে আমাৰ উদ্ধাৰ কৰিবলৈ ঈশ্বৰে যীচুক পঠিয়াইছে? কোন লোকসকলে ৰাজনীতিত ভাগ নলয়? কেৱল ঈশ্বৰৰ ৰাজ্যই আমাৰ সমস্যাবোৰ সমাধান কৰিব পাৰে বুলি কোন লোকসকলে প্ৰচাৰ কৰে?’ একমাত্ৰ যিহোৱাৰ সাক্ষীয়ে এই কামবোৰ কৰে।—যিচয়া ৪৩:১০-১২.

আপুনি কি কৰিব?

১৫. যদি আমাৰ উপাসনা ঈশ্বৰে গ্ৰহণ কৰাটো বিচাৰোঁ, তেনেহ’লে আমি কি কৰা উচিত?

১৫ ঈশ্বৰ আছে বুলি কেৱল বিশ্বাস কৰাই যথেষ্ট নহয়। ঈশ্বৰ আছে বুলি দুষ্ট স্বৰ্গদূতবিলাকেও বিশ্বাস কৰে, কিন্তু তেওঁৰ আজ্ঞা পালন নকৰে। (যাকোব ২:১৯) যদি আমাৰ উপাসনা ঈশ্বৰে গ্ৰহণ কৰাটো বিচাৰোঁ, তেনেহ’লে তেওঁক বিশ্বাস কৰাৰ উপৰিও আমি তেওঁৰ ইচ্ছা অনুসৰি কাম কৰা উচিত।

১৬. আমি মিছা ধৰ্মৰপৰা কিয় দূৰে থকা উচিত?

১৬ যদি আমাৰ উপাসনা ঈশ্বৰে গ্ৰহণ কৰাটো বিচাৰোঁ, তেনেহ’লে, আমি মিছা ধৰ্ম ত্যাগ কৰা উচিত। যিচয়া নামৰ ভৱিষ্যতবক্তাই এইদৰে কৈছিল, “কোনো অশুচি বস্তু নুচুবা; তাৰ মাজৰ পৰা ওলাই যোৱা।” (যিচয়া ৫২:১১; ২ কৰিন্থীয়া ৬:১৭) গতিকে, আমি মিছা ধৰ্মৰ লগত জড়িত থকা সকলো বস্তুৰপৰা দূৰে থকা উচিত।

১৭, ১৮. (ক) “মহা-বাবিল” কি হয়? (খ) মিছা ধৰ্ম ত্যাগ কৰাটো কিয় প্ৰয়োজন?

১৭ মিছা ধৰ্ম কি? যি ধৰ্মই বাইবেলৰ বিৰুদ্ধে ঈশ্বৰৰ উপাসনা কৰিবলৈ শিক্ষা দিয়ে, সেয়া হৈছে মিছা ধৰ্ম। বাইবেলত এনে সকলো মিছা ধৰ্মক “মহা-বাবিল” বুলি কোৱা হৈছে। (প্ৰকাশিত বাক্য ১৭:৫) কিয় বাৰু? কিয়নো নোহৰ সময়ত হোৱা জল-প্লাৱনৰ পাছত বাবিল নগৰত বহুতো মিছা শিক্ষা আৰম্ভ হৈছিল। তাৰ পাছত এই শিক্ষাবোৰ গোটেই পৃথিৱীত বিয়পি গ’ল। উদাহৰণস্বৰূপে, বাবিলৰ লোকসকলে ত্ৰিয়কৰ উপাসনা কৰিছিল অৰ্থাৎ এনে দেৱতা যি তিনিটা দেৱী-দেৱতাৰে গঠিত হৈছে। বৰ্তমান সময়তো বহুতো ধৰ্মই শিক্ষা দিয়ে যে ঈশ্বৰ ত্ৰিয়ক হয়। কিন্তু বাইবেলে স্পষ্টকৈ শিকাই যে সত্য ঈশ্বৰ কেৱল এজন আৰু সেয়া হৈছে যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ হৈছে যীচু খ্ৰীষ্ট। (যোহন ১৭:৩) বাবিলৰ লোকসকলে বিশ্বাস কৰিছিল যে এজন ব্যক্তিৰ মৃত্যুৰ পাছত, তেওঁৰ আত্মা জীয়াই থাকে আৰু যদি সেই ব্যক্তিজন দুষ্ট আছিল, তেনেহ’লে তেওঁৰ আত্মাক নৰকত তাড়না দিয়া হয়। কিন্তু এই শিক্ষা সত্য নহয়।—“ত্ৰিয়কৰ শিক্ষা মিছা” আৰু “আত্মা” চাওক।

১৮ ঈশ্বৰে ভৱিষ্যতবাণী কৰিছে যে অতি সোনকালে সকলো মিছা ধৰ্মক ধ্বংস কৰিব। (প্ৰকাশিত বাক্য ১৮:৮) সেইবাবে, আপুনি হয়তো বুজিব পাৰিছে যে মিছা ধৰ্মক ত্যাগ কৰাটো কিমান প্ৰয়োজন? যিহোৱা ঈশ্বৰে বিচাৰে যে আপুনি কোনো পলম নকৰাকৈ অতি সোনকালে পদক্ষেপ লোৱা উচিত।—প্ৰকাশিত বাক্য ১৮:৪.

আপুনি যদি যিহোৱা ঈশ্বৰৰ লোকসকলৰ লগত তেওঁৰ উপাসনা কৰে, তেনেহ’লে আপুনি পৃথিৱীজুৰিত থকা তেওঁৰ পৰিয়ালৰ সদস্য হ’ব পাৰিব

১৯. আপুনি যিহোৱা ঈশ্বৰৰ সেৱা কৰিবলৈ নিৰ্ণয় ল’লে, তেওঁ আপোনাৰ কেনেকৈ যত্ন ল’ব?

১৯ আপুনি যেতিয়া মিছা ধৰ্ম ত্যাগ কৰিবলৈ নিৰ্ণয় ল’ব, তেতিয়া হয়তো আপোনাৰ পৰিয়ালৰ লোকসকলে আৰু বন্ধুসকলে আপোনাৰ নিৰ্ণয় বুজি নাপাবও পাৰে। তেওঁলোকে আপোনাৰ বাবে সমস্যাও সৃষ্টি কৰিব পাৰে। কিন্তু মনত ৰাখিব যে যিহোৱাই আপোনাক কেতিয়াও ত্যাগ নকৰে। কেৱল এয়াই নহয়, আপুনি গোটেই পৃথিৱীজুৰিত প্ৰকৃত প্ৰেম কৰা লাখ লাখ লোকেৰে গঠিত এক বৃহৎ পৰিয়ালৰ সদস্য হ’ব পাৰিব। আপুনি আহিবলগীয়া ঈশ্বৰৰ নতুন পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিবলৈ আশা লাভ কৰিব। (মাৰ্ক ১০:২৮-৩০) হয়তো আপোনাক বিৰোধ কৰা কিছুমান লোকে ভৱিষ্যতে বাইবেল অধ্যয়ন কৰিবলৈ নিৰ্ণয় ল’ব পাৰে।

২০. ঈশ্বৰক সঠিকভাৱে উপাসনা কৰাটো কিয় প্ৰয়োজন?

২০ অতি সোনকালে ঈশ্বৰে সকলো দুষ্টতাক ধ্বংস কৰিব আৰু এই পৃথিৱীত তেওঁৰ ৰাজ্যই শাসন কৰিব। (২ পিতৰ ৩:৯, ১৩) সঁচাকৈ, ই কি এক সুন্দৰ পৰিস্থিতি হ’ব! সকলোৱে যিহোৱা ঈশ্বৰে বিচৰা অনুসৰি তেওঁৰ উপাসনা কৰিব। সেইবাবে, ঈশ্বৰৰ উপাসনা সঠিকভাৱে কৰিবলৈ আপুনি এতিয়াই পদক্ষেপ লোৱা প্ৰয়োজন।