Skip to content

Skip to table of contents

দুই অধ্যায়

বাইবেল ঈশ্বৰৰ ফালৰপৰা হয়

বাইবেল ঈশ্বৰৰ ফালৰপৰা হয়

১, ২.  আমি কিয় ক’ব পাৰোঁ যে বাইবেল ঈশ্বৰৰপৰা অহা এক উত্তম উপহাৰ?

যদি আপোনাৰ বন্ধুৱে আপোনাক উপহাৰ দিয়ে, তেন্তে আপুনি কেনে অনুভৱ কৰিব? আপুনি নিশ্চয় আনন্দিত হ’ব যে তেওঁ আপোনাৰ বাবে চিন্তা কৰিলে। আপুনি লগে লগে উপহাৰটো খুলিব আৰু তেওঁক ধন্যবাদ দিব।

বাইবেলখনো হৈছে ঈশ্বৰে আমাক দিয়া এটা উপহাৰ। এই কিতাপখনত উল্লেখ কৰা বিষয়বোৰ পৃথিৱীৰ আন কোনো কিতাপত পোৱা নাযায়। যেনে, ইয়াত কোৱা হৈছে যে ঈশ্বৰে স্বৰ্গ, পৃথিৱী, প্ৰথম পুৰুষ আৰু স্ত্ৰীক সৃষ্টি কৰিছে। এই কিতাপখনত দিয়া পৰামৰ্শবোৰ পালন কৰিলে, আমি আমাৰ জীৱনৰ সমস্যাবোৰ সমাধান কৰিব পাৰিম। ইয়াৰ উপৰিও ঈশ্বৰে কেনেকৈ এই পৃথিৱীখনক সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰি নিজৰ উদ্দেশ্য পূৰ কৰিব, তাৰ বিষয়ে বৰ্ণনা কৰিছে। সঁচাকৈ, ই এক ভাল উপহাৰ!

৩. বাইবেল অধ্যয়ন কৰাৰ যোগেদি আপুনি কি শিকিব পাৰিব?

আপুনি বাইবেল অধ্যয়ন কৰি থাকিলে, জানিব পাৰিব যে যিহোৱা ঈশ্বৰে আপোনাৰ বন্ধু হ’ব বিচাৰে। আপুনি তেওঁৰ বিষয়ে যিমানেই বেছি শিকিব, সিমানেই তেওঁৰ লগত আপোনাৰ বন্ধুত্ব দৃঢ় হ’ব।

৪. বাইবেল কেনেকৈ আন কিতাপবোৰৰপৰা পৃথক?

প্ৰায় ২,৮০০ ভাষাত বাইবেল অনুবাদ কৰা হৈছে আৰু কোটি কোটি সংখ্যাত ইয়াক ছপা কৰা হৈছে। সেইবাবে, আজি পৃথিৱীত ৯০ শতাংশতকৈ বেছি লোকে নিজৰ ভাষাত বাইবেলখন পঢ়িব পাৰিছে। প্ৰতি সপ্তাহে প্ৰায় ১০ লাখতকৈ অধিক কপি লোকসকলক দিয়া হৈছে। সঁচাকৈ, বাইবেলৰ নিচিনা এনে কোনো কিতাপ নাই।

৫. বাইবেল “ঈশ্বৰ-নিশ্বাসিত” হয় বুলি আমি কেনেকৈ ক’ব পাৰোঁ?

বাইবেলখন “ঈশ্বৰ-নিশ্বাসিত”। (২ তীমথিয় ৩:১৬ পঢ়ক।) কিন্তু কিছুমান লোকে ভাবিব পাৰে যে বাইবেল মানুহে লিখিছে, তেনেহ’লে ই কেনেকৈ ঈশ্বৰৰ ফালৰপৰা হয়? বাইবেলত ইয়াৰ উত্তৰ দিয়া আছে, “মানুহবিলাকে পবিত্ৰ আত্মাৰ দ্বাৰাই চালিত হৈ, ঈশ্বৰৰ পৰা কথা পাই কলে।” (২ পিতৰ ১:২১) ইয়াক বুজিবলৈ এটা উদাহৰণলৈ লক্ষ্য কৰক। এজন বৃদ্ধ পিতৃয়ে নিজৰ পুত্ৰক এখন চিঠি লিখিবলৈ দিয়ে। এতিয়া সেই চিঠিখন কাৰ হ’ব? যদিও চিঠিখন পুত্ৰজনে লিখিলে, কিন্তু বাস্তৱতে চিঠিখন পিতৃৰ হ’ব। ঠিক সেইদৰে, বাইবেল ঈশ্বৰৰ কিতাপ হয়, ইয়াৰ লেখকসকলৰ নহয়। ঈশ্বৰে নিজৰ চিন্তাধাৰা তেওঁলোকক জনাইছিল আৰু তেওঁলোকে ঈশ্বৰৰ বাৰ্তা লিখিছিল। সেইবাবে, বাইবেল “ঈশ্বৰৰ বাক্য” হয়।—১ থিচলনীকীয়া ২:১৩; “বাইবেলখন ‘ঈশ্বৰ-নিশ্বাসিত’” চাওক।

বাইবেলৰ বাৰ্তাবোৰ সঠিক হয়

৬, ৭. আমি কিয় ক’ব পাৰোঁ যে বাইবেলৰ কিতাপবোৰৰ মাজত মিল আছে?

সম্পূৰ্ণ বাইবেলখন লিখিবলৈ ১,৬০০ বছৰতকৈ বেছি সময় লাগিছিল। ইয়াৰ লেখকসকল বেলেগ বেলেগ সময়ত বাস কৰিছিল। ইয়াৰে কিছুমান শিক্ষিত আছিল, উদাহৰণস্বৰূপে এজন চিকিৎসক আছিল আৰু আন কিছুমান বিচাৰক আৰু ৰজাও আছিল। কিছুমান সাধাৰণ লোক আছিল যেনে খেতিয়ক, মাছমৰীয়া, ভেড়াৰখীয়া, ভৱিষ্যতবক্তা। যদিও বেলেগ বেলেগ ঠাইৰপৰা অহা লোকসকলে বাইবেলৰ কিতাপবোৰ লিখিছিল, তথাপিও এই কিতাপবোৰৰ মাজত মিল আছে। কিন্তু ইয়াত এজন লেখকৰ কথা, আন এজন লেখকৰ লিখনিৰ লগত অমিল থকা দেখিবলৈ পোৱা নাযায়। *

বাইবেলৰ আৰম্ভণিৰ কিতাপখনত পৃথিৱীত হৈ থকা দুখ-কষ্ট কেনেকৈ আহিলে, তাৰ বিষয়ে বৰ্ণনা আছে আৰু শেষৰ কিতাপখনত এই দুখ-কষ্টৰ অন্ত কেনেকৈ হ’ব আৰু পৃথিৱী এক সুন্দৰ বাগিচালৈ কেনেকৈ পৰিৱৰ্তন হ’ব, তাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। বাইবেলত হাজাৰ হাজাৰ বছৰৰ ইতিহাসৰ বৰ্ণনা দিয়া আছে আৰু ইয়ে দেখুৱায় যে ঈশ্বৰৰ উদ্দেশ্য নিশ্চয় পূৰ হ’ব।

৮. বাইবেলখন যে বৈজ্ঞানিকভাৱে সঠিক হয় আপুনি কেনেকৈ বুজাব?

বাইবেলখন কোনো স্কুলৰ বিজ্ঞানৰ কিতাপ নহয়, তথাপিও ইয়াত বিজ্ঞানৰ বিষয়ে যি লিখা আছে, সেয়া সম্পূৰ্ণ সঠিক। কিয়নো বাইবেলখন ঈশ্বৰৰ ফালৰপৰা হয়। উদাহৰণস্বৰূপে, বাইবেলৰ লেবীয়া পুস্তক কিতাপখনত লিখা আছে যে ঈশ্বৰে নিজৰ লোকসকলক অৰ্থাৎ ইস্ৰায়েলীসকলক নিৰ্দেশনা দিছিল যে তেওঁলোকে বেমাৰ-আজাৰৰপৰা হাত হাৰিবলৈ কি কৰা উচিত। এই কথাবোৰ লিখাৰ সময়ত ইস্ৰায়েলীসকলে নাজানিছিল যে বীজাণুৰপৰা বেমাৰ বিয়পি যায়। ইয়াৰ উপৰিও বাইবেলত এই বিষয়ে উল্লেখ আছে যে পৃথিৱীখন শূণ্যত ওলমি আছে, যি একেবাৰে সঠিক। (ইয়োব ২৬:৭) এটা সময়ত বহুতো মানুহে বিশ্বাস কৰিছিল যে পৃথিৱীখন চেপেটা, কিন্তু বাইবেলত উল্লেখ আছে যে পৃথিৱীখন ঘূৰণীয়া।—যিচয়া ৪০:২২.

৯. বাইবেলৰ লেখকসকলৰ সদাচাৰে কি প্ৰমাণ কৰে?

বাইবেলখন ঐতিহাসিকভাৱেও সঠিক হয়। কিন্তু পৃথিৱীৰ বহুতো বুৰঞ্জীৰ কিতাপত কিছুমান বিষয় আছে, যি সঠিক নহয়। কিয়নো বুৰঞ্জীবিদসকলে বহুতো কথা লুকুৱাই ৰাখিছিল। যেনে, যেতিয়া তেওঁলোকৰ দেশখন যুদ্ধত পৰাজয় হয়, তেতিয়া তেওঁলোকে এই ঘটনাবোৰ বৰ্ণনা কৰা নাছিল। কিন্তু বাইবেলৰ লেখকসকলে সকলো কথা সঠিকভাৱে বৰ্ণনা কৰিছিল। তেওঁলোকে নিজৰ ইস্ৰায়েল দেশৰ পৰাজয়ৰ বিষয়েও বৰ্ণনা কৰিছিল। উদাহৰণস্বৰূপে, গণনা পুস্তক কিতাপখনত মোচিয়ে নিজে কৰা ডাঙৰ ভুলৰ বিষয়ে উল্লেখ কৰিছিল আৰু ইয়াৰ বাবে ঈশ্বৰে তেওঁক কেনেকৈ শুধৰণি কৰিছিল, তাৰ বিষয়েও তেওঁ লিখিছিল। (গণনা পুস্তক ২০:২-১২) বাইবেলৰ লেখকসকলৰ সদাচাৰে প্ৰমাণ কৰে যে এই কিতাপখন ঈশ্বৰৰ ফালৰপৰা হয় আৰু আমি বাইবেলত লিখা কথাবোৰ বিশ্বাস কৰিব পাৰোঁ।

ভাল পৰামৰ্শৰে পৰিপূৰ্ণ

১০. বাইবেলত দিয়া পৰামৰ্শবোৰ আজিও আমাৰ বাবে কিয় লাভজনক?

১০ বাইবেলখন হৈছে ঈশ্বৰৰ-নিশ্বাসিত। সেইবাবে “শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ . . . অৰ্থে লাভজনক।” (২ তীমথিয় ৩:১৭) সঁচাকৈ, আজিও যদি আমি বাইবেলত দিয়া পৰামৰ্শবোৰ পালন কৰোঁ, তেন্তে আমি লাভৱান হ’ম। এই পৰামৰ্শই দেখুৱায় যে যিহোৱাই আমাৰ বিষয়ে ভালদৰে জানে। তেওঁ আমাক সৃষ্টি কৰিছে, সেইবাবে আমাৰ চিন্তাধাৰা আৰু অনুভূতিৰ বিষয়ে জানে। তেওঁ আমাৰ বিষয়ে আমাতকৈ বেছি জানে। ইয়াৰ উপৰিও আমি আনন্দেৰে থকাটো তেওঁ বিচাৰে। তেওঁ জানে যে আমাৰ বাবে কিহৰ প্ৰয়োজন।

১১, ১২. (ক) যীচুৱে মথি নামৰ কিতাপখনত ৫-ৰপৰা ৭ অধ্যায়ত কিহৰ বিষয়ে পৰামৰ্শ দিছে? (খ) যিহোৱাই বাইবেলত আৰু কি কি বিষয়ে উল্লেখ কৰিছে?

১১ বাইবেলৰ মথি নামৰ কিতাপখনত ৫-ৰপৰা ৭ অধ্যায়ত যীচুৱে বহুতো বিষয়ত ভাল পৰামৰ্শ দিছে। যেনে, প্ৰকৃত আনন্দ কেনেকৈ লাভ কৰিব পাৰি, আনৰ লগত ভাল সম্পৰ্ক কেনেকৈ বজাই ৰাখিব পাৰি, কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, টকা-পইচাৰ বিষয়ে কেনে দৃষ্টিভংগী ৰখা উচিত। যীচুৱে এই পৰামৰ্শ ২,০০০ বছৰ আগতে দিছিল, কিন্তু আজিও এই পৰামৰ্শ ব্যৱহাৰিক আৰু লাভজনক।

১২ যিহোৱাই বাইবেলত দিয়া সিদ্ধান্তবোৰ পালন কৰিলে, আমাৰ পাৰিবাৰিক জীৱন সুখী হ’ব, আমি পৰিশ্ৰমী হ’ম আৰু আন লোকসকলৰ লগত শান্তি বজাই ৰাখিব পাৰিম। আমি যিয়ে নহওঁ কিয়, য’তেই নাথাকো কিয় বা যিকোনো সমস্যাৰ সন্মুখীন নহওঁ কিয়, বাইবেলৰ সিদ্ধান্তই সদায় আমাক সহায় কৰিব।—যিচয়া ৪৮:১৭ পঢ়ক; সিদ্ধান্ত” চাওক।

আপুনি বাইবেলৰ ভৱিষ্যতবাণীৰ ওপৰত ভৰসা কৰিব পাৰে

বাবিল নগৰ ধ্বংস হ’ব বুলি বাইবেলৰ লেখক যিচয়াই ভৱিষ্যতবাণী কৰিছিল

১৩. যিচয়াই বাবিল নগৰৰ বিষয়ে কি ভৱিষ্যতবাণী কৰিছিল?

১৩ বাইবেলৰ বহুতো ভৱিষ্যতবাণীবোৰ পূৰ হৈছে। উদাহৰণস্বৰূপে, যিচয়া নামৰ এজন ভৱিষ্যতবক্তাই কৈছিল যে বাবিল নগৰখন ধ্বংস হ’ব। (যিচয়া ১৩:১৯) এয়া কেনেকৈ হ’ব, ইয়াৰ বিষয়ে তেওঁ সঠিক বিৱৰণ দিলে। বাবিলৰ সুৰক্ষাৰ বাবে ডাঙৰ ডাঙৰ দুৱাৰ আছিল আৰু চাৰিওফালে এখন নদীও আছিল। কিন্তু যিচয়াই ভৱিষ্যতবাণী কৰিছিল যে নদীখন শুকাই যাব আৰু নগৰৰ দুৱাৰখন খোলা থাকিব। শত্ৰুসকলে কোনো যুদ্ধ নকৰাকৈ নগৰখনক সহজে অধিকাৰ কৰিব। বাবিল নগৰখনক ৰজা কোৰচে অধিকাৰ কৰিব বুলিও ভৱিষ্যতবাণী কৰিছিল।—যিচয়া ৪৪:২৭–৪৫:২ পঢ়ক; ভৱিষ্যতবাণী” চাওক।

১৪, ১৫. যিচয়াৰ ভৱিষ্যতবাণী কেনেকৈ পূৰ হ’ল?

১৪ এই ভৱিষ্যতবাণী কৰাৰ প্ৰায় ২০০ বছৰ পাছত এক সৈন্যদলে বাবিলৰ ওপৰত আক্ৰমণ কৰিলে। ইয়াৰ সেনাপতি কোন আছিল? ভৱিষ্যতবাণীত উল্লেখ কৰাৰ দৰে পাৰস্যৰ ৰজা কোৰচ আছিল। এই ভৱিষ্যতবাণীৰ সকলো কথা পূৰ হ’ল।

১৫ বাবিলৰ লোকসকলে ভাবিলে যে তেওঁলোক সুৰক্ষিত আছে। কিয়নো নগৰৰ চাৰিওফালে ডাঙৰ ডাঙৰ দেৱাল আৰু এখন নদীও আছিল। সেইবাবে, যিদিনা ৰাতি বাবিলৰ ওপৰত আক্ৰমণ হ’ল, সেই ৰাতি নগৰৰ ভিতৰত ভোজৰ মেল চলি আছিল। কিন্তু নগৰৰ বাহিৰত কোৰচ আৰু তেওঁৰ সৈনিকসকলে এটা নলা খান্দিলে, যাতে নদীৰ পানী শুকাই যায়। পানী ইমানেই কম হ’ল যে সৈনিকসকলে সহজে নদী পাৰ কৰিলে। কিন্তু এতিয়া তেওঁলোকে বাবিলৰ ডাঙৰ দেৱালবোৰ কেনেকৈ পাৰ কৰিব? ইয়াৰ বাবে একো কৰাৰ প্ৰয়োজন নাছিল। ভৱিষ্যতবাণী কৰাৰ দৰেই হ’ল। নগৰৰ দুৱাৰখন খোলা আছিল। সেইবাবে, সৈনিকসকলে যুদ্ধ নকৰাকৈ নগৰখন অধিকাৰ কৰিলে।

১৬. (ক) যিচয়াই বাবিলৰ বিষয়ে আৰু কি ভৱিষ্যতবাণী কৰিছিল? (খ) এই ভৱিষ্যতবাণী পূৰ হ’ল বুলি কি প্ৰমাণ আছে?

১৬ যিচয়াই এয়াও ভৱিষ্যতবাণী কৰিছিল যে বাবিল নগৰত আগলৈ গৈ কোনেও আৰু কেতিয়াও বাস নকৰিব। তেওঁ কৈছিল: “সেয়ে কেতিয়াও নিবাসস্থান নহব, আৰু পুৰুষানুক্ৰমে কোনেও তাত বাস নকৰিব।” (যিচয়া ১৩:২০) এই ভৱিষ্যতবাণী পূৰ হ’ল নে? যি ঠাইত বাবিল নগৰ আছিল, সেই ঠাই ইৰাক দেশৰ বাগদাদ চহৰৰপৰা ৮০ কিলোমিটাৰ দূৰত দক্ষিণত আছে। আজিও সেই ঠাই ধ্বংসাৱশেষ আৰু তাত কোনেও নাথাকে। সঁচাকৈ যিহোৱাই বাবিলক ‘সংহাৰকস্বৰূপ বাঢ়নীৰে সাৰি দিলে।’—যিচয়া ১৪:২২, ২৩. *

বাবিল নগৰৰ ধ্বংসাৱশেষ

১৭. আমি কিয় বিশ্বাস কৰিব পাৰোঁ যে ঈশ্বৰৰ সকলো ভৱিষ্যতবাণী নিশ্চয় পূৰ হ’ব?

১৭ বাইবেলৰ বহুতো ভৱিষ্যতবাণী পূৰ হ’ল। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে আমাৰ ভৱিষ্যতৰ বিষয়ে বাইবেলে যি উল্লেখ কৰিছে, সেয়াও পূৰ হ’ব। আমি বিশ্বাস কৰিব পাৰোঁ যে ঈশ্বৰে এই পৃথিৱীখনক এক সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰাৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব। (গণনা পুস্তক ২৩:১৯ পঢ়ক।) সঁচাকৈ, আমাৰ ওচৰত “অনন্ত জীৱন মিছা নোকোৱা ঈশ্বৰে অনাদি কালৰ পূৰ্ব্বে দিবলৈ প্ৰতিজ্ঞা কৰিছিল, কিন্তু ঠিক ঠিক সময়ত ঘোষণাৰ দ্বাৰাই নিজ বাক্য প্ৰকাশ কৰিলে।”—তীত ১:২. *

বাইবেলে আপোনাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে

১৮. পৌলে ‘ঈশ্বৰৰ বাক্যৰ’ বিষয়ে কি লিখিছিল?

১৮ আমি শিকিলোঁ যে বাইবেল পৃথিৱীৰ সকলো কিতাপতকৈ একেবাৰে বেলেগ। বাইবেলৰ কিতাপবোৰ এখনে-আনখনৰ লগত মিল আছে। ইয়াত বিজ্ঞান আৰু বুৰঞ্জীৰ বিষয়ে যি উল্লেখ আছে, সেয়া সঠিক। ইয়াত আমাৰ বাবে ভাল পৰামৰ্শও দিয়া আছে। বাইবেলৰ বহুতো ভৱিষ্যতবাণী পূৰ হৈছে। ইয়াৰ উপৰিও বাইবেলৰ আৰু এটা বিশেষত্ব আছে। যীচুৰ এজন শিষ্য পৌলে এইদৰে কৈছিল: “ঈশ্বৰৰ বাক্য জীয়া, কাৰ্য্য-সাধক।” ইয়াৰ অৰ্থ কি?—ইব্ৰী ৪:১২ পঢ়ক।

১৯, ২০. (ক) বাইবেলে আপোনাক নিজকে জানিবলৈ কেনেকৈ সহায় কৰিব? (খ) বাইবেলৰ প্ৰতি আপুনি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰে?

১৯ বাইবেলে আপোনাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে। ইয়ে আপোনাক নিজকে জানিবলৈ সহায় কৰিব পাৰে। আপোনাৰ মনৰ গভীৰ চিন্তাধাৰা আৰু অনুভূতিবোৰ বুজিবলৈ সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে, আমি হয়তো দাবী কৰিব পাৰোঁ যে আমি ঈশ্বৰক প্ৰেম কৰোঁ। কিন্তু কেৱল ক’লেই নহ’ব। যদি আমি ঈশ্বৰক সঁচাকৈ প্ৰেম কৰোঁ, তেনেহ’লে আমি বাইবেলত দিয়া তেওঁৰ আজ্ঞাবোৰ পালন কৰিম।

২০ বাইবেল সঁচাকৈ ঈশ্বৰৰ ফালৰপৰা হয়। আপুনি এই কিতাপখন পঢ়া, অনুসন্ধান কৰাটো তেওঁ বিচাৰে। এনে কৰাৰ যোগেদি এই কিতাপখন আপোনাৰ প্ৰিয় হৈ যাব। এই উপহাৰৰ বাবে সদায় কৃতজ্ঞতা দেখুৱাওক আৰু ইয়াৰপৰা শিকি থাকক। তেতিয়া আপুনি বুজিব পাৰিব যে ঈশ্বৰে মানুহক কিয় সৃষ্টি কৰিছিল। পৰৱৰ্তী অধ্যায়ত ইয়াৰ বিষয়ে আমি শিকিম।

^ অনু. 6 কিছুমান লোকে কয় যে বাইবেলত লিখা কিছুমান বিষয় এটাই আনটোৰ লগত মিল নাই। কিন্তু এয়া সঁচা নহয়। সকলো লোকৰ বাবে এখন কিতাপ (হিন্দী) নামৰ পুস্তিকাখনৰ ১৪-১৭ পৃষ্ঠাত চাওক। ইয়াক যিহোৱাৰ সাক্ষীসকলে প্ৰকাশিত কৰিছে।

^ অনু. 16 বাইবেলৰ ভৱিষ্যতবাণীৰ বিষয়ে বেছিকৈ জানিবলৈ সকলো লোকৰ বাবে এখন কিতাপ (হিন্দী) নামৰ পুস্তিকাখনৰ পৃষ্ঠা ২৭-২৯ চাওক। ইয়াক যিহোৱাৰ সাক্ষীসকলে প্ৰকাশিত কৰিছে।

^ অনু. 17 বাবিলৰ ভৱিষ্যতবাণীৰ উপৰিও আৰু বহুতো ভৱিষ্যতবাণী আছে যি পূৰ হৈছে। যেনে যীচু খ্ৰীষ্টৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰ। ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ আপুনি “মচীহৰ বিষয়ে ভৱিষ্যতবাণী” চাব পাৰে।