Skip to content

Skip to table of contents

ওঠৰ অধ্যায়

মই নিজৰ জীৱন ঈশ্বৰলৈ সমৰ্পণ কৰি বাপ্তিষ্মা লোৱা উচিত নে?

মই নিজৰ জীৱন ঈশ্বৰলৈ সমৰ্পণ কৰি বাপ্তিষ্মা লোৱা উচিত নে?

১. এই কিতাপখন অধ্যয়ন কৰাৰ পাছত, আপুনি কি চিন্তা কৰিব পাৰে?

এই কিতাপখন অধ্যয়ন কৰাৰ যোগেদি আপুনি বাইবেলৰ বিষয়ে বহুতো সত্যতা শিকিলে। যেনে: ঈশ্বৰে মানৱজাতিৰ বাবে অনন্ত জীৱন দিয়াৰ প্ৰতিজ্ঞা কৰিছে, মৃত লোকসকল কেনে অৱস্থাত আছে আৰু তেওঁলোকক পুনৰ জীৱিত কৰা হ’ব। (উপদেশক ৯:৫; লূক ২৩:৪৩; যোহন ৫:২৮, ২৯; প্ৰকাশিত বাক্য ২১:৩, ৪) আপুনি হয়তো যিহোৱাৰ সাক্ষীসকলৰ সভাত উপস্থিত হৈছে আৰু তেওঁলোকে সত্য উপাসনা কৰে বুলি আপুনি বিশ্বাস কৰিছে। (যোহন ১৩:৩৫) হয়তো যিহোৱাৰ লগত আপোনাৰ বন্ধুত্ব ঘনিষ্ঠ হৈ পৰিছে আৰু যিহোৱাক সেৱা কৰিবলৈ আপুনি নিৰ্ণয় লৈছে। হয়তো আপুনি চিন্তা কৰিব পাৰে যে ‘যিহোৱাক সেৱা কৰিবলৈ মই কি কৰা উচিত?’

২. কূচ দেশৰ ব্যক্তিজনে কিয় বাপ্তিষ্মা ল’বলৈ বিচাৰিছিল?

এই প্ৰশ্ন যীচুৰ সময়ত এজন ব্যক্তিৰ মনলৈ আহিছিল আৰু ব্যক্তিজনে কূচ দেশত বাস কৰিছিল। যীচুক পুনৰুত্থান কৰাৰ কিছুসময়ৰ পাছত, ফিলিপ নামৰ যীচুৰ এজন শিষ্যই এই ব্যক্তিজনক প্ৰচাৰ কৰিছিল। ফিলিপে তেওঁক শাস্ত্ৰৰপৰা প্ৰমাণ কৰি দেখুৱাইছিল যে যীচুৱেই মচীহ হয়। ফিলিপৰ এই কথাই তেওঁৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পৰিছিল আৰু তেওঁ লগে লগে কৈছিল, “চোৱা, ইয়াতে পানী আছে; মই বাপ্তাইজিত হবলৈ কি বাধা আছে?”—পাঁচনিৰ কৰ্ম্ম ৮:২৬-৩৬.

৩. (ক) যীচুৱে তেওঁৰ শিষ্যসকলক কি আজ্ঞা দিছিল? (খ) এজন ব্যক্তিক কেনেকৈ বাপ্তিষ্মা দিয়া উচিত?

বাইবেলত স্পষ্টৰূপে উল্লেখ কৰিছে যে যদি আপুনি যিহোৱাৰ সেৱা কৰিব বিচাৰে, তেন্তে আপুনি বাপ্তিষ্মা লোৱা উচিত। যীচুৱে নিজৰ শিষ্যসকলক আজ্ঞা দিছিল, “সকলো জাতিকে শিষ্য কৰি . . . তেওঁবিলাকক বাপ্তাইজ কৰা।” (মথি ২৮:১৯) যীচু খ্ৰীষ্টই নিজেও বাপ্তিষ্মা লৈছিল। তেওঁৰ মূৰত পানী ছটিয়াই বাপ্তিষ্মা দিয়া হোৱা নাছিল, তাৰ পৰিৱৰ্তে তেওঁক সম্পূৰ্ণৰূপে পানীত ডুবাই বাপ্তিষ্মা দিয়া হৈছিল। (মথি ৩:১৬) ঠিক সেইদৰে, আজিও যেতিয়া এজন ব্যক্তিক বাপ্তিষ্মা দিয়া হয়, তেতিয়া তেওঁক পানীত সম্পূৰ্ণৰূপে ডুবোৱা হয়।

৪. আপুনি বাপ্তিষ্মা লোৱাৰ যোগেদি কি প্ৰকাশ কৰে?

আপুনি বাপ্তিষ্মা লোৱাৰ যোগেদি সকলোৰে আগত প্ৰকাশ কৰে যে আপুনি সঁচাকৈ যিহোৱাৰ বন্ধু হ’বলৈ আৰু তেওঁৰ সেৱা কৰিবলৈ বিচাৰে। (গীতমালা ৪০:৭, ৮) আপুনি হয়তো চিন্তা কৰিব পাৰে, ‘বাপ্তিষ্মা ল’বলৈ মই কি কৰা উচিত?’

জ্ঞান আৰু বিশ্বাস

৫. (ক) বাপ্তিষ্মা ল’বলৈ আপুনি প্ৰথমে কি কৰা উচিত? (খ) খ্ৰীষ্টান সভাবোৰত উপস্থিত থকাটো কিয় প্ৰয়োজন?

বাপ্তিষ্মা লোৱাৰ আগতে আপুনি যিহোৱা আৰু যীচুৰ বিষয়ে জনাৰ প্ৰয়োজন। আপুনি বাইবেল অধ্যয়নৰ যোগেদি এইদৰে কৰি আছে। (যোহন ১৭:৩ পঢ়ক) কেৱল ইমানেই যথেষ্ট নহয়। বাইবেলে উল্লেখ কৰিছে যে আমি যিহোৱাৰ ইচ্ছাৰ অনুসৰি “তত্ত্ব-জ্ঞানেৰে পৰিপূৰ্ণ হোৱা।” (কলচীয়া ১:১০) ইয়াৰ বাবে আপুনি যিহোৱাৰ সাক্ষীসকলৰ সভাত উপস্থিত হোৱা উচিত। এই সভাই আপোনাক আৰু বেছিকৈ যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰিব। আপুনি কিয় নিয়মীয়াকৈ সভাত উপস্থিত হোৱা উচিত, এয়াই হৈছে এক কাৰণ।—ইব্ৰী ১০:২৪, ২৫.

বাপ্তিষ্মা লোৱাৰ আগত আপুনি বাইবেল অধ্যয়ন কৰা উচিত

৬. বাপ্তিষ্মা ল’বলৈ আপুনি বাইবেলৰ বিষয়ে কিমান জনা উচিত?

বাপ্তিষ্মা ল’বলৈ আপুনি বাইবেলৰ সম্পূৰ্ণ জ্ঞান লোৱাটো যিহোৱা ঈশ্বৰে নিবিচাৰে। কূচ দেশৰ সেই ব্যক্তিজনে বাপ্তিষ্মা লোৱাৰ আগত সকলো কথা জনাটো যিহোৱা ঈশ্বৰে আশা কৰা নাছিল। (পাঁচনিৰ কৰ্ম্ম ৮:৩০, ৩১) এয়া সত্য যে ঈশ্বৰৰ বিষয়ে আমি সদায় শিকি থাকিম। (উপদেশক ৩:১১) কিন্তু, বাপ্তিষ্মা ল’বলৈ আপুনি বাইবেলৰ প্ৰাথমিক জ্ঞান লোৱা আৰু সেইবোৰ আন্তৰিকতাৰে পালন কৰা উচিত।—ইব্ৰী ৫:১২.

৭. বাইবেল অধ্যয়ন কৰাৰ ফলত আপোনাৰ কি লাভ হৈছে?

বাইবেলে উল্লেখ কৰিছে: “বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য।” (ইব্ৰী ১১:৬) সেইবাবে, বাপ্তিষ্মা লোৱাৰ আগত আপোনাৰ বিশ্বাস হোৱা প্ৰয়োজন। বাইবেলে কৈছে যে প্ৰাচীন সময়ত কৰিন্থ চহৰৰ কিছুমান লোকসকলে যীচুৰ শিষ্যসকলৰ বাৰ্তা শুনি “বিশ্বাস কৰি বাপ্তাইজিত হল।” (পাঁচনিৰ কৰ্ম্ম ১৮:৮) ঠিক সেইদৰে, বাইবেলৰ অধ্যয়ন কৰাৰ বাবে হয়তো আপুনি ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰিছে। যীচুৰ বলিদানে আমাক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰিব পাৰে বুলি আপুনি হয়তো বিশ্বাস কৰে।—যিহোচূৱা ২৩:১৪; পাঁচনিৰ কৰ্ম্ম ৪:১২; ২ তীমথিয় ৩:১৬, ১৭.

বাইবেলৰ সত্যতা আনক জনাওক

৮. আপুনি বাইবেলৰপৰা যি শিকিছে, তাৰ বিষয়ে আনক জনাবলৈ আপোনাক কিহে অনুপ্ৰাণিত কৰিব?

আপুনি যেতিয়া বাইবেলৰপৰা আৰু বেছিকৈ শিকিব আৰু শিকা কথাবোৰ নিজৰ জীৱনত পালন কৰি লাভৱান হ’ব, তেতিয়া আপোনাৰ বিশ্বাস দৃঢ় হ’ব। এই বিশ্বাসে আপুনি শিকা কথাবোৰ আনক জনাবলৈ আপোনাক অনুপ্ৰাণিত কৰিব। (যিৰিমিয়া ২০:৯; ২ কৰিন্থীয়া ৪:১৩) কিন্তু আপুনি কাক জনাব?

আপোনাৰ বিশ্বাসে আনক নিজৰ বিশ্বাসৰ বিষয়ে জনাবলৈ অনুপ্ৰাণিত কৰিব

৯, ১০. (ক) আপুনি যি শিকিছে, তাৰ বিষয়ে কাক জনাবলৈ আৰম্ভ কৰিব পাৰে? (খ) যদি আপুনি মণ্ডলীৰ লগত প্ৰচাৰলৈ যাব বিচাৰে, তেনেহ’লে আপুনি কি কৰা উচিত?

হয়তো আপুনি যি শিকিছে, তাৰ বিষয়ে আপুনি নিজৰ পৰিয়াল, বন্ধু, ওচৰ-চুবুৰীয়া আৰু সহকৰ্মীসকলক জনাব বিচাৰে। ই এক ভাল কথা, কিন্তু আপুনি সদায় প্ৰেমেৰে আৰু সন্মানেৰে তেওঁলোকক জনোৱা উচিত। তাৰ পাছত আপুনি মণ্ডলীৰ লগত প্ৰচাৰলৈ যাব পাৰে। যেতিয়া আপুনি প্ৰচাৰৰ বাবে নিজকে যোগ্য বুলি ভাবে, তেতিয়া আপোনাক শিক্ষা দিয়া সাক্ষীজনৰ লগত কথা পাতক। যদি আপুনি প্ৰচাৰ কাৰ্য্যৰ বাবে যোগ্য বুলি তেওঁ ভাবে আৰু আপুনি বাইবেলৰ মানদণ্ডৰ অনুসৰি জীৱন অতিবাহিত কৰিছে, তেনেহ’লে তেওঁ আৰু আপুনি মণ্ডলীৰ দুজন প্ৰাচীনৰ লগত লগ কৰিব।

১০ সেই সাক্ষাতত কি হ’ব? প্ৰাচীনে আপোনাৰ লগত কথা পাতিব আৰু লক্ষ্য কৰিব যে আপুনি বাইবেলৰ প্ৰাথমিক শিক্ষা কিমান ভালদৰে বুজি পাইছে আৰু সেই শিক্ষাবোৰ পালন কৰিছে নে নাই। তেওঁলোকে ইয়াকো লক্ষ্য কৰিব যে আপুনি বাইবেলৰ সিদ্ধান্ত অনুসৰি জীৱন অতিবাহিত কৰিছে নে নাই আৰু সঁচাকৈ আপুনি এজন যিহোৱাৰ সাক্ষী হ’ব বিচাৰে নে নাই। মনত ৰাখিব, ঈশ্বৰে প্ৰাচীনসকলক মণ্ডলীৰ সকলো সদস্যক আৰু আপোনাকো চোৱা-চিতা কৰিবলৈ দায়িত্ব দিছে। সেইবাবে, তেওঁলোকৰ লগত কথা পাতিবলৈ সংকোচ নকৰিব। (পাঁচনিৰ কৰ্ম্ম ২০:২৮; ১ পিতৰ ৫:২, ৩) সেই সাক্ষাতৰ পাছত, প্ৰাচীনে আপোনাক জনাব যে আপুনি প্ৰচাৰত ভাগ ল’ব পাৰিব নে নোৱাৰে।

১১. মণ্ডলীৰ লগত প্ৰচাৰলৈ যোৱাৰ আগতে, আপুনি কিয় সাল-সলনি কৰাৰ প্ৰয়োজন?

১১ প্ৰাচীনে হয়তো আপোনাক ক’ব পাৰে যে মণ্ডলীৰ লগত প্ৰচাৰলৈ যোৱাৰ আগতে, আপুনি কিছুমান সাল-সলনি কৰাৰ প্ৰয়োজন আছে। এই সাল-সলনি কৰা কিয় প্ৰয়োজন? কিয়নো আমি যেতিয়া আনক ঈশ্বৰৰ বিষয়ে জনাও, তেতিয়া আমি যিহোৱাৰ ফালৰপৰা কোৱা হয়। সেইবাবে, আমি এনে জীৱন অতিবাহিত কৰিব লাগে, যাৰ দ্বাৰা তেওঁৰ সন্মান হওক।—১ কৰিন্থীয়া ৬:৯, ১০; গালাতীয়া ৫:১৯-২১.

অনুতাপ কৰক আৰু উভতি আহক

১২. সকলো মানুহে অনুতাপ কৰাৰ কিয় প্ৰয়োজন?

১২ বাপ্তিষ্মা লোৱাৰ আগত আপোনাক আৰু এটা পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। পিতৰে কৈছিল: “এতেকে মন পালটাই ঘূৰি আহাঁ, যেন তোমালোকৰ পাপ মোচন হয়।” (পাঁচনিৰ কৰ্ম্ম ৩:১৯) অনুতাপ কৰাৰ অৰ্থ কি? আমি যি ভুল কৰিলোঁ, তাৰ বাবে আমি নিজকে দুখ অনুভৱ কৰা উচিত। উদাহৰণস্বৰূপে, যদি এজন ব্যক্তিয়ে অনৈতিক জীৱন অতিবাহিত কৰিছিল, তেনেহ’লে তেওঁক অনুতাপ কৰাৰ প্ৰয়োজন আছে। কিন্তু, এজন ব্যক্তিয়ে যদিও জীৱনত ভাল কাম কৰিছে, তেওঁকো অনুতাপ কৰাৰ প্ৰয়োজন আছে। এনে কিয় বাৰু? কিয়নো আমি সকলোৱে পাপী, সেইবাবে আমি ঈশ্বৰৰপৰা ক্ষমা বিচৰা উচিত।—ৰোমীয়া ৩:২৩; ৫:১২.

১৩. ‘ঘূৰি অহাৰ’ অৰ্থ কি?

১৩ কেৱল অনুতাপ কৰাই যথেষ্ট নে? নহয়। পিতৰে কৈছিল যে আপুনি ‘ঘূৰি অহাৰ’ প্ৰয়োজন আছে। ইয়াৰ অৰ্থ হৈছে আপুনি বেয়া কাম এৰাৰ লগতে আপুনি ভাল কৰা উচিত। ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। চিন্তা কৰক, আপুনি নিজৰ গাড়ীৰে এখন নতুন ঠাইলৈ গৈ আছে। কিছু দূৰ যোৱাৰ পাছত আপুনি বুজিব পাৰিলে যে আপুনি ভুল ৰাস্তাত গৈ আছে। আপুনি যি ফালে ঘূৰিব লাগিছিল, সেয়া পিছফালে এৰি আহিল। আপুনি এতিয়া কি কৰিব? আপুনি গাড়ীখন ৰখাব আৰু ঘূৰাব আৰু পুনৰ সঠিক ৰাস্তালৈ উভতি যাব। ঠিক সেইদৰে, যেনেকৈ আপুনি বাইবেল অধ্যয়ন কৰিব, আপুনি হয়তো বুজিব পাৰিব যে আপোনাৰ কিছুমান বেয়া অভ্যাস আছে বা কিবা বেয়া কাম কৰি আছে, এনে পৰিস্থিতিত ‘ঘূৰি আহক।’ অৰ্থাৎ আপোনাক যি সলনি কৰাৰ প্ৰয়োজন আছে সেয়া কৰক আৰু ভাল কাম কৰক।

নিজৰ জীৱন ঈশ্বৰলৈ সমৰ্পণ কৰক

যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ আপুনি প্ৰতিজ্ঞা কৰিছেনে?

১৪. আপুনি নিজৰ জীৱন ঈশ্বৰলৈ কেনেকৈ সমৰ্পণ কৰিব?

১৪ বাপ্তিষ্মা লোৱাৰ আগতে আপুনি আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। আপোনাক নিজৰ জীৱন ঈশ্বৰলৈ সমৰ্পণ কৰা। যেতিয়া আপুনি নিজকে যিহোৱা ঈশ্বৰলৈ সমৰ্পণ কৰিব, তেতিয়া আপুনি প্ৰাৰ্থনাত যিহোৱাক প্ৰতিজ্ঞা কৰিব যে আপুনি কেৱল তেওঁৰেই উপাসনা কৰিব আৰু তেওঁৰ ইচ্ছা পূৰ কৰাটোৱেই আপোনাৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ।—দ্বিতীয় বিবৰণ ৬:১৫.

১৫, ১৬. এজন ব্যক্তিক কি কথাই নিজৰ জীৱন ঈশ্বৰলৈ সমৰ্পণ কৰিবলৈ অনুপ্ৰাণিত কৰিব?

১৫ যিহোৱাৰ উপাসনা কৰিবলৈ প্ৰতিজ্ঞা কৰাৰ অৰ্থ হৈছে সেই ব্যক্তিৰ লগত গোটেই জীৱন অতিবাহিত কৰিবলৈ প্ৰতিজ্ঞা কৰা, যাক আপুনি প্ৰেম কৰে। কল্পনা কৰক যে এজন ল’ৰা আৰু ছোৱালীয়ে ডেটিং কৰিছে। লাহে লাহে তাইৰ লগত সদায় সময় অতিবাহিত কৰিবলৈ আৰম্ভ কৰে, তেওঁলোকে এজনে-আনজনক জানিবলৈ আৰম্ভ কৰে আৰু তেওঁ ছোৱালীজনীক ভাল পাবলৈ ধৰে। কিছুসময়ৰ পাছত তাইক বিয়া পাতিবলৈ বিচাৰে। তেওঁ জানে যে এয়া এক ডাঙৰ নিৰ্ণয় হয় আৰু তেওঁৰ দায়িত্বও বাঢ়িব। তথাপিও, তেওঁ এই পদক্ষেপ ল’বলৈ সাজু হয়, কিয়নো তেওঁ তাইক প্ৰেম কৰে।

১৬ যেতিয়া আপুনি যিহোৱাৰ বিষয়ে শিকিব, তেতিয়া আপুনি তেওঁক ভাল পাবলৈ ধৰিব আৰু তেওঁৰ উপাসনা কৰিবলৈ ইচ্ছা বাঢ়িব। এই ইচ্ছাই আপোনাক অনুপ্ৰাণিত কৰিব যে আপুনি যিহোৱাৰ উপাসনা কৰিবলৈ প্ৰতিজ্ঞা কৰে। বাইবেলে উল্লেখ কৰিছে যে যিসকলে যীচুৰ শিষ্য হ’ব বিচাৰে তেওঁ “নিজকে নিজে দমন” কৰা উচিত। (মাৰ্ক ৮:৩৪) ইয়াৰ অৰ্থ কি বাৰু? ইয়াৰ অৰ্থ হৈছে, সকলো বিষয়ত প্ৰথমে যিহোৱাৰ আজ্ঞা পালন কৰা, তেওঁৰ ইচ্ছা পূৰ কৰা আৰু নিজৰ ইচ্ছাবোৰ আৰু লক্ষ্যবোৰ আন এটা ঠাইত ৰখা।—১ পিতৰ ৪:১ পঢ়ক।

ব্যৰ্থ হোৱাৰ ভয়ক দমন কৰক

১৭. কিছুমান লোকে যিহোৱালৈ নিজৰ জীৱন কিয় সমৰ্পণ নকৰে?

১৭ কিছুমান লোকে যিহোৱাক নিজৰ জীৱন সমৰ্পণ নকৰে, কিয়নো তেওঁলোকে ভয় কৰে যে তেওঁলোকে ঈশ্বৰক কৰা নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব নোৱাৰিব। তেওঁলোকে যিকোনো পৰিস্থিতিত যিহোৱাক নিৰাশ কৰিব নিবিচাৰে। হয়তো তেওঁলোকে চিন্তা কৰিব পাৰে যে তেওঁলোকে যদি যিহোৱাক নিজৰ জীৱন সমৰ্পণ নকৰে, তেনেহ’লে তেওঁলোকক নিজৰ কামৰ বাবে যিহোৱাক লেখা দিব নালাগিব।

১৮. যিহোৱাক নিৰাশ কৰা ভয় দূৰ কৰিবলৈ কিহে আপোনাক সহায় কৰিব?

১৮ যিহোৱাৰ প্ৰতি থকা আপোনাৰ প্ৰেমে আপোনাক এই ভয়ক দূৰ কৰিবলৈ সহায় কৰিব। আচলতে, এই প্ৰেমে আপোনাক নিজৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ অনুপ্ৰাণিত কৰে। (উপদেশক ৫:৪; কলচীয়া ১:১১) এই প্ৰেমৰ বাবে আপুনি কেতিয়াও নাভাবিব যে যিহোৱাৰ ইচ্ছা পূৰ কৰাটো কঠিন। যোহনে এইদৰে লিখিছিল: “কিয়নো আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।”—১ যোহন ৫:৩.

১৯. আপুনি যিহোৱা ঈশ্বৰক নিজৰ জীৱন সমৰ্পণ কৰিবলৈ কিয় ভয় কৰা উচিত নহয়?

১৯ যিহোৱা ঈশ্বৰলৈ নিজৰ জীৱন সমৰ্পণ কৰিবলৈ আপুনি সিদ্ধ হোৱাৰ প্ৰয়োজন নাই। তেওঁ আমাৰপৰা এনে কাম আশা নকৰে, যিবোৰ কাম আমি কৰিব নোৱাৰোঁ। (গীতমালা ১০৩:১৪) ইয়াৰ পৰিৱৰ্তে, তেওঁ আপোনাক সঠিক কাম কৰিবলৈ সহায় কৰিব। (যিচয়া ৪১:১০) সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক ভৰসা কৰক আৰু ‘তেওঁ আপোনাৰ পথবোৰ সমান কৰিব।’—হিতোপদেশ ৩:৫, ৬.

সকলোৰ আগত প্ৰকাশ কৰা

২০. ঈশ্বৰলৈ নিজৰ জীৱন সমৰ্পণ কৰাৰ পাছত দ্বিতীয় পদক্ষেপ কি?

২০ আপুনি ভাবেনে, আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ সাজু আছে? যদি হয়, তেনেহ’লে এনে কৰক। তাৰ পাছত দ্বিতীয় পদক্ষেপ ল’বলৈ আপুনি সাজু হ’ব আৰু সেয়া হৈছে বাপ্তিষ্মা।

২১, ২২. আপুনি সকলোৰে আগত কেনেকৈ নিজৰ বিশ্বাসৰ বিষয়ে, “মূখেৰে স্বীকাৰ” কৰিব?

২১ আপোনাৰ মণ্ডলীৰ প্ৰাচীন গোষ্ঠীৰ সমপদস্থ ভাইজনক আপোনাৰ সমৰ্পণৰ বিষয়ে আৰু আপুনি বাপ্তিষ্মা ল’বলৈ ইচ্ছা কৰিছে, তাৰ বিষয়ে জনাওক। তেওঁ কিছুমান প্ৰাচীনৰ লগত কথা পাতিব, যাতে তেওঁলোকে আপোনাৰ লগত প্ৰাথমিক শিক্ষাৰ ওপৰত আলোচনা কৰিব। বাপ্তিষ্মাৰ বাবে আপুনি যোগ্য বুলি যদি এই প্ৰাচীন কেইজনে একমত হয়, তেনেহ’লে তেওঁলোকে আপোনাক জনাব যে আহিবলগীয়া সন্মিলন বা অধিৱেশনত আপুনি বাপ্তিষ্মা ল’ব পাৰে। সন্মিলন বা অধিৱেশনত এটা ভাষণৰ দ্বাৰা বাপ্তিষ্মাৰ বিষয়ে বুজোৱা হ’ব। তাৰ পাছত ভাষণ দিয়া ভাইজনে, বাপ্তিষ্মা ল’বলৈ সাজু থকা লোকসকলক দুটা সহজ প্ৰশ্ন সুধিব। এই প্ৰশ্নবোৰৰ উত্তৰ ‘হয়’ বুলি কোৱাৰ যোগেদি আপুনি সকলোৰে আগত নিজৰ বিশ্বাসৰ বিষয়ে, “মূখেৰে স্বীকাৰ” কৰিব।—ৰোমীয়া ১০:১০.

২২ ইয়াৰ পাছত আপোনাৰ বাপ্তিষ্মা হ’ব। আপোনাক সম্পূৰ্ণৰূপে পানীত ডুবোৱা হ’ব। বাপ্তিষ্মা লোৱাৰ যোগেদি আপুনি সকলোৰে আগত প্ৰকাশ কৰিব যে আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিছে আৰু এতিয়াৰপৰা আপুনি এজন যিহোৱাৰ সাক্ষী।

আপোনাৰ বাপ্তিষ্মাই কি চিত্ৰিত কৰে

২৩. “পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তিষ্মা লোৱাৰ অৰ্থ কি?

২৩ যীচুৱে কৈছিল যে তেওঁৰ শিষ্যসকলে, “পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তাইজিত হ’ব। (মথি ২৮:১৯ পঢ়ক।) ইয়াৰ অৰ্থ কি? পিতৃৰ নামেৰে বাপ্তিষ্মাৰ লোৱাৰ অৰ্থ হৈছে আপুনি যিহোৱাৰ অধিকাৰক স্বীকাৰ কৰে। পুত্ৰৰ নামেৰে বাপ্তিষ্মাৰ লোৱাৰ অৰ্থ হৈছে আপুনি ঈশ্বৰৰ উদ্দেশ্য যীচুৰ ভূমিকাক স্বীকাৰ কৰে আৰু পবিত্ৰ আত্মাৰ নামেৰে বাপ্তিষ্মাৰ লোৱাৰ অৰ্থ হৈছে আপুনি বিশ্বাস কৰে যে ঈশ্বৰে নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ এই শক্তি ব্যৱহাৰ কৰে।—গীতমালা ৮৩:১৮; মথি ২৮:১৮; গালাতীয়া ৫:২২, ২৩; ২ পিতৰ ১:২১.

বাপ্তিষ্মা লোৱাৰ যোগেদি আপুনি প্ৰকাশ কৰে যে আপুনি যিহোৱাৰ ইচ্ছা পূৰ কৰিব বিচাৰিছে

২৪, ২৫. (ক) বাপ্তিষ্মাই কি চিত্ৰিত কৰে? (খ) শেষৰ অধ্যায়ত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

২৪ বাপ্তিষ্মা লোৱাই এক গুৰুত্বপূৰ্ণ বিষয়ক চিত্ৰিত কৰে। এজন ব্যক্তিক যেতিয়া সম্পূৰ্ণৰূপে পানীত ডুবোৱা হয়, তেতিয়া তেওঁৰ অতীতৰ কাৰ্য্যবোৰৰ মৃত্যু হোৱা বুজায়। পানীৰপৰা ওপৰলৈ অহাৰ অৰ্থ হৈছে, আপুনি এক নতুন জীৱন ধাৰণ কৰি ঈশ্বৰৰ ইচ্ছা অনুসৰি জীৱন অতিবাহিত কৰা। বাপ্তিষ্মা লোৱাৰ যোগেদি আপুনি প্ৰকাশ কৰে যে এতিয়াৰপৰা আপুনি যিহোৱাৰ উপাসনা কৰিব। আপুনি মনত ৰখা উচিত যে আপোনাৰ সমৰ্পণ কোনো কাম বা কোনো সংগঠন তথা কোনো ব্যক্তিৰ বাবে নহয়। আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিছে।

২৫ আপোনাৰ সমৰ্পণে আপোনাক যিহোৱাৰ লগত ঘনিষ্ঠ বন্ধুত্ব কৰিবলৈ সহায় কৰিব। (গীতমালা ২৫:১৪) কিন্তু, বাপ্তিষ্মা লোৱাৰ অৰ্থ এয়া নহয় যে আপোনাৰ উদ্ধাৰ নিশ্চিত। পাঁচনি পৌলে এইদৰে কৈছিল, “ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা।” (ফিলিপীয়া ২:১২) বাপ্তিষ্মা কেৱল এক আৰম্ভণি। এতিয়া প্ৰশ্ন হৈছে আপুনি কেনেকৈ যিহোৱাৰ কাষত থাকিব পাৰে? এই কিতাপখনৰ শেষ অধ্যায়ত ইয়াৰ উত্তৰ দিয়া হ’ব।