Skip to content

Skip to table of contents

তিনি অধ্যায়

ঈশ্বৰে মানৱজাতিক কিয় সৃষ্টি কৰিলে?

ঈশ্বৰে মানৱজাতিক কিয় সৃষ্টি কৰিলে?

১. ঈশ্বৰে মানৱজাতিক কিয় সৃষ্টি কৰিলে?

মানৱজাতিক সৃষ্টি কৰাৰ ঈশ্বৰৰ এক ভাল উদ্দেশ্য আছিল। তেওঁ প্ৰথমে পুৰুষ আৰু স্ত্ৰী অৰ্থাৎ আদম আৰু হৱাক সৃষ্টি কৰিছিল, যাতে তেওঁলোকে এক সুন্দৰ বাগিচাত অৰ্থাৎ প্ৰমোদবনত বাস কৰে। ঈশ্বৰে বিচাৰিছিল যে তেওঁলোকে নিজৰ পৰিয়ালক বঢ়াই, পৃথিৱীখনক এক সুন্দৰ বাগিচা কৰি ৰাখে আৰু জীৱ-জন্তুবোৰক চোৱা-চিতা কৰে।—আদিপুস্তক ১:২৮; ২:৮, ৯, ১৫; “পৃথিৱীৰ বাবে যিহোৱাৰ উদ্দেশ্য” চাওক।

২. (ক) আমি কেনেকৈ জানিব পাৰোঁ যে ঈশ্বৰে যি থিৰাং কৰিছে, তাক নিশ্চয় পূৰ কৰিব? (খ) বাইবেলৰ অনুসৰি কোন লোকসকলে পৃথিৱীত অনন্ত জীৱন লাভ কৰিব?

আপুনি কি ভাবে, এই পৃথিৱীখন কেতিয়াবা প্ৰমোদবনলৈ পৰিৱৰ্তন হ’বনে আৰু আমি তাত থাকিবলৈ পামনে? ইয়াৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: “মই কলোঁ, মই তাক সিদ্ধও কৰিম।” (যিচয়া ৪৬:৯-১১; ৫৫:১১) সঁচাকৈ, যিহোৱাই যি থিৰাং কৰিছে, তাক নিশ্চয় পূৰ কৰিব। কোনেও তেওঁক বাধা দিব নোৱাৰিব। যিহোৱাই কৈছে যে তেওঁ পৃথিৱীক “অনৰ্থকৰূপে সৃষ্টি” কৰা নাই, কিন্তু এক উদ্দেশ্যৰে সৃষ্টি কৰিছে। (যিচয়া ৪৫:১৮) পৃথিৱীৰ সকলো ঠাইত লোকসকলে বাস কৰাটো তেওঁ বিচাৰে। কিন্তু ঈশ্বৰে কোন লোকসকলক এই পৃথিৱীত থাকিবলৈ দিব? আৰু কিমান সময়লৈকে? বাইবেলত উল্লেখ আছে “ধাৰ্ম্মিকবিলাক [অথবা ঈশ্বৰৰ আজ্ঞা পালন কৰা লোকসকল] পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”গীতমালা ৩৭:২৯; প্ৰকাশিত বাক্য ২১:৩, ৪.

৩. পৃথিৱীৰ পৰিস্থিতি দেখি আপোনাৰ মনলৈ কি প্ৰশ্ন আহিব পাৰে?

কিন্তু আজি লোকসকলে বেমাৰ আৰু মৃত্যুৰ সন্মুখীন হৈছে। বহুতো ঠাইত যুদ্ধ আৰু এজনে-আনজনক হত্যা কৰা দেখিবলৈ পোৱা যায়। ইয়াত কোনো সন্দেহ নাই যে ঈশ্বৰৰ উদ্দেশ্য এয়া নাছিল। তেনেহ’লে আজি পৃথিৱীৰ পৰিস্থিতি ইমান বেয়ালৈ কিয় ঢাল খাইছে? ইয়াৰ উত্তৰ কেৱল বাইবেলত দিয়া আছে।

ঈশ্বৰৰ শক্ৰ

৪, ৫. (ক) এদন বাগিচাত কোনে সাপৰ যোগেদি হৱাৰ লগত কথা পাতিছিল? (খ) এজন সদাচাৰ ব্যক্তি কেনেকৈ চোৰ হ’ব পাৰে?

বাইবেলত উল্লেখ আছে যে ঈশ্বৰৰ এজন শক্ৰ আছে। সি “দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত” আৰু সি এজন দুষ্ট স্বৰ্গদূত হয়। চয়তানে এদন বাগিচাত সাপৰ যোগেদি হৱাৰ লগত কথা পাতিছিল। (প্ৰকাশিত বাক্য ১২:৯; আদিপুস্তক ৩:১) চয়তানে চতুৰতাৰে হৱাৰ লগত কথা পাতিলে আৰু তাই ভাবিলে সাপে তাইৰ লগত কথা পাতিছে।—“চয়তান আৰু দিয়াবল” আৰু “স্বৰ্গদূত” চাওক।

তেনেহ’লে ঈশ্বৰে চয়তানক সৃষ্টি কৰিছিল নেকি? নাই কৰা। কিন্তু সেই স্বৰ্গদূতৰ মন সলনি হ’ল আৰু সি নিজে নিজে চয়তান হৈ গ’ল। ঈশ্বৰে আদম আৰু হৱাৰ বাবে পৃথিৱীখন সৃষ্টি কৰাৰ সময়ত চয়তান স্বৰ্গত আছিল। (ইয়োব ৩৮:৪, ৭) কিন্তু এজন স্বৰ্গদূত কেনেকৈ চয়তান হ’ব পাৰে? যেনেকৈ এজন সদাচাৰ ব্যক্তিও চোৰ হ’ব পাৰে। এজন ব্যক্তি জন্মৰেপৰা চোৰ নহয়, কিন্তু তেওঁ কেতিয়াবা আনৰ বস্তুৰ প্ৰতি লোভ কৰে আৰু সেই বিষয়ে ভাবি থাকে আৰু সেই বস্তুৰ প্ৰতি লোভ বাঢ়ি যায়। কেতিয়াবা সুযোগ পালেই তেওঁ সেই বস্তুটো চুৰ কৰে। এইদৰে এজন সদাচাৰ ব্যক্তিও চোৰ হৈ যাব পাৰে।—যাকোব ১:১৩-১৫ পঢ়ক।

৬. এজন স্বৰ্গদূত কেনেকৈ যিহোৱা ঈশ্বৰৰ শত্ৰু হৈ পৰিল?

ঠিক সেইদৰে, এই স্বৰ্গদূতৰ বিষয়েও একেই ক’ব পাৰি। যিহোৱা ঈশ্বৰে আদম আৰু হৱাক সৃষ্টি কৰাৰ পাছত তেওঁলোকক বহুবংশ হ’বলৈ আৰু “পৃথিৱীখন পৰিপূৰ্ণ” কৰিবলৈ আশীৰ্বাদ দিছিল। (আদিপুস্তক ১:২৭, ২৮) সেই স্বৰ্গদূতে হয়তো ভাবিছিল যে ‘যদি সকলো মানুহে ঈশ্বৰৰ সলনি মোক উপাসনা কৰে, তেনেহ’লে কেনে ভাল আছিল!’ যিহোৱা ঈশ্বৰৰ বাবে থকা উপাসনাৰ প্ৰতি সি লোভ কৰিবলৈ ধৰিলে। সি যিমানেই ইয়াৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিলে, সিমানেই তাৰ লোভ বাঢ়ি গ’ল। এদিন সি সুযোগ বিচাৰি হৱাক মিছা কথা কৈ ঠগিলে। (আদিপুস্তক ৩:১-৫ পঢ়ক।) এইদৰে সি ঈশ্বৰৰ শত্ৰু অৰ্থাৎ চয়তান হৈ পৰিল।

৭. (ক) আদম আৰু হৱাৰ কিয় মৃত্যু হৈছিল?(খ) আমি কিয় বৃদ্ধ হৈ মৃত্যু হওঁ?

আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা পালন নকৰি ফলটো খালে। (আদিপুস্তক ২:১৭; ৩:৬) এইদৰে তেওঁলোকে যিহোৱা ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিলে। যিহোৱা ঈশ্বৰে কোৱাৰ দৰে তেওঁলোকৰ এদিন মৃত্যু হয়। (আদিপুস্তক ৩:১৭-১৯) আদম আৰু হৱাৰ ল’ৰা-ছোৱালী জন্মৰেপৰা পাপী আছিল, সেইবাবে তেওঁলোকৰো মৃত্যু হ’ল। (ৰোমীয়া ৫:১২ পঢ়ক।) কিন্তু আদম আৰু হৱাইহে পাপ কৰিছিল, তেওঁলোকৰ ল’ৰা-ছোৱালীবিলাকে কিয় পাপী হ’ল? ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। কল্পনা কৰক, আপুনি এটা পাত্ৰত ৰুটি বনাই আছে আৰু সেই পাত্ৰত এটা ফুটা আছে। আপুনি যিমানে ৰুটি বনাই থাকিব, সেই ফুটা থকা ঠাইত ৰুটিবোৰ জ্বলি যাব অথবা দাগ পৰিব। যেতিয়া আদমে ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে, তেতিয়া তেওঁ পাপী হৈছিল। আমি সকলোৱে আদমৰ সন্তান হোৱাৰ বাবে জন্মৰেপৰা পাপী আৰু আমাৰ ওপৰত পাপৰ “দাগ” লাগিছে। পাপী হোৱাৰ বাবে আমি বৃদ্ধ আৰু মৃত্যু হওঁ।—ৰোমীয়া ৩:২৩; “পাপ” চাওক।

৮, ৯. (ক) চয়তানে আদম আৰু হৱাক কি বিশ্বাস কৰাইছিল? (খ) যিহোৱাই সেইসময়তে, এই তিনিওজনক কিয় মাৰি নেপেলালে?

আৰম্ভণিৰপৰা চয়তান যিহোৱাৰ বিৰোধী আছিল আৰু সি আদম আৰু হৱাকো ঈশ্বৰৰ বিৰোধ কৰিবলৈ ফুচুলাইছিল। চয়তানে, আদম আৰু হৱাক বিশ্বাস জন্মাইছিল যে যিহোৱা মিছলীয়া আৰু এজন দুষ্ট ৰজা, যি তেওঁলোকৰ ভাল নিবিচাৰে। চয়তানে কৈছিল যে তেওঁলোকক ঈশ্বৰৰ কোনো প্ৰয়োজন নাই। তেওঁলোকে নিজে ভাল-বেয়াৰ নিৰ্ণয় ল’ব পাৰে। আদম আৰু হৱাই চয়তানৰ কথা বিশ্বাস কৰিলে। সেইসময়ত যিহোৱা ঈশ্বৰে কি কৰিব? তেওঁ চয়তান, আদম আৰু হৱাক সেইসময়তে মাৰি পেলাব পাৰিলেহেঁতেন। কিন্তু ইয়াৰ দ্বাৰা চয়তান মিছা বুলি প্ৰমাণিত হ’লহেঁতেননে? নিশ্চয়, নহ’লহেঁতেন।

সেইবাবে, যিহোৱা ঈশ্বৰে তেওঁলোকক সেইসময়তে মাৰি নেপেলালে। ইয়াৰ বিপৰীতে, তেওঁ মানৱজাতিক শাসন কৰিবলৈ সুযোগ দিলে। যেতিয়া সেই সময় পূৰ হ’ব, তেতিয়া প্ৰমাণ হ’ব যে চয়তান মিছলীয়া। মানৱজাতিৰ বাবে কি ভাল, কি বেয়া কেৱল যিহোৱা ঈশ্বৰেহে জানে। আমি ইয়াৰ বিষয়ে ১১ অধ্যায়ত আৰু বেছিকৈ শিকিবলৈ পাম। কিন্তু আদম আৰু হৱাই যি নিৰ্ণয় ল’লে, তাৰ বিষয়ে আপুনি কি ভাবে? চয়তানক বিশ্বাস কৰি আৰু ঈশ্বৰৰ আজ্ঞা পালন নকৰি তেওঁলোকে ভাল কৰিছিলনে? যিহোৱা ঈশ্বৰে আদম আৰু হৱাক ভালদৰে জীৱন অতিবাহিত কৰিবলৈ এখন সুন্দৰ ঠাই আৰু এটা উত্তম কাম আৰু প্ৰয়োজনীয় সকলো বস্তু দিছিল। কিন্তু চয়তানে তেওঁলোকৰ বাবে এটাও ভাল কাম কৰা নাছিল। আপুনি আদম আৰু হৱাৰ ঠাইত থকা হ’লে, কি কৰিলেহেঁতেন?

১০. আজি আমি কি গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’ব লাগিব?

১০ আজি আমি সকলোৱে এটা নিৰ্ণয় ল’ব লাগিব আৰু ইয়াৰ ওপৰত আমাৰ জীৱন নিৰ্ভৰ কৰিব। সেয়া হৈছে আমাৰ ৰজা হিচাপে আমি কাক নিৰ্বাচন কৰিম, যিহোৱাক নে চয়তানক। যদি আমি যিহোৱাক আমাৰ ৰজা হিচাপে নিৰ্বাচন কৰোঁ, তেনেহ’লে আমি সদায় তেওঁৰ আজ্ঞা পালন কৰিব লাগিব। এইদৰে আমি চয়তানক মিছলীয়া বুলি প্ৰমাণ কৰিব পাৰিম আৰু ঈশ্বৰৰ ফলিয়া হৈ থাকিম। (গীতমালা ৭৩:২৮; হিতোপদেশ ২৭:১১ পঢ়ক।) আজি পৃথিৱীত ঈশ্বৰৰ আজ্ঞা পালন কৰা লোকসকলৰ সংখ্যা নিচেই কম। বাস্তৱতে এই পৃথিৱীত ঈশ্বৰে শাসন কৰা নাই, তেনেহ’লে এই পৃথিৱীত কোনে শাসন কৰিছে?

পৃথিৱীখন কোনে শাসন কৰিছে?

যদি এই জগতৰ সকলো ৰাজ্য চয়তানৰ নোহোৱা হ’লে, সি যীচুক এইদৰে ক’ব পাৰিলেহেঁতেননে?

১১, ১২. (ক) সকলো ৰাজ্য যীচুক দিব বুলি চয়তানে কোৱা কথাৰপৰা আমি কি বুজিব পাৰোঁ? (খ) চয়তান এই পৃথিৱীৰ শাসক হয় বুলি বাইবেলৰ কোনবোৰ পদে কৈছে?

১১ এই পৃথিৱীখন প্ৰকৃততে কোনে শাসন কৰিছে, তাৰ বিষয়ে যীচুৱে জানিছিল। এবাৰ চয়তানে যীচুক “জগতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ ঐশ্বৰ্য্যও দেখুৱালে” আৰু সি কৈছিল: “তুমি যদি দণ্ডৱতে মোক প্ৰণাম কৰা, তেন্তে এই সকলোকে তোমাক দিম।” (মথি ৪:৮, ৯; লূক ৪:৫, ৬) কল্পনা কৰকচোন, যদি জগতৰ সকলো ৰাজ্য চয়তানৰ নোহোৱা হ’লে, সি এই সকলো যীচুক দিয়াৰ কথা ক’ব পাৰিলেহেঁতেননে? ইয়ে প্ৰমাণ কৰে যে গোটেই জগতখন চয়তানৰ অধীনত আছে।

১২ কিন্তু আপুনি এতিয়া প্ৰশ্ন কৰিব পাৰে, চয়তান এই পৃথিৱীৰ ৰজা কেনেকৈ হয়? যিহোৱাই গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা নহয়নে বাৰু? (প্ৰকাশিত বাক্য ৪:১১) নিশ্চয়, যিহোৱা ঈশ্বৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। কিন্তু যীচুৱে স্পষ্টৰূপে চয়তানক ‘এই জগতৰ অধিপতি’ বুলি কৈছিল। (যোহন ১২:৩১; ১৪:৩০; ১৬:১১) পৌলেও চয়তানক ‘এই যুগৰ দেৱতা’ বুলি কৈছিল। (২ কৰিন্থীয়া ৪:৩, ৪) যীচুৰ এজন শিষ্য, পাঁচনি যোহনে এইদৰে লিখিছিল: “আমি জানো যে, আমি ঈশ্বৰৰ পৰা হওঁ, আৰু গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।”—১ যোহন ৫:১৯.

চয়তানৰ জগতখনক কেনেকৈ ধ্বংস কৰা হ’ব?

১৩. আমাৰ বাবে এখন নতুন পৃথিৱীৰ কিয় প্ৰয়োজন?

১৩ দিনক দিনে এই পৃথিৱীখন এক ভয়ানক দিশলৈ গতি কৰিছে। চাৰিওফালে যুদ্ধ, হিংসাত্মক কাৰ্য্য আৰু লোকসকল ভ্ৰষ্টাচাৰী হৈছে। মানুহে যিমানেই চেষ্টা নকৰক কিয়, তেওঁলোকে এই সমস্যাবোৰ কেতিয়াও শেষ কৰিব নোৱাৰে। কিন্তু যিহোৱা ঈশ্বৰে অতি সোনকালে সকলো পৰিস্থিতি ভাল কৰিব। তেওঁ হৰমাগিদোন নামৰ যুদ্ধত এই দুষ্ট জগতক ধ্বংস কৰিব আৰু ধাৰ্মিক লোকসকলে বাস কৰা এখন নতুন পৃথিৱী কঢ়িয়াই আনিব।—প্ৰকাশিত বাক্য ১৬:১৪-১৬; “হৰমাগিদোন” চাওক।

১৪. (ক) ঈশ্বৰে নিজৰ ৰাজ্যৰ বাবে কাক ৰজা হিচাপে নিযুক্ত কৰিছে? (খ) বাইবেলত যীচুৰ বিষয়ে কি ভৱিষ্যতবাণী কৰা হৈছিল?

১৪ যিহোৱাই স্বৰ্গত এক ৰাজ্য স্থাপন কৰিলে। তেওঁ যীচু খ্ৰীষ্টক সেই ৰাজ্যৰ ৰজা হিচাপে নিযুক্ত কৰিলে। হাজাৰ হাজাৰ বছৰৰ আগতে ভৱিষ্যতবাণী কৰা হৈছিল যে যীচু খ্ৰীষ্ট “শান্তিৰাজ” হ’ব আৰু তেওঁৰ ৰাজ্য কেতিয়াও শেষ নহ’ব। (যিচয়া ৯:৬, ৭) যীচুৱে শিষ্যসকলক এই ৰাজ্যৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল: “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।” (মথি ৬:১০) আমি ৮ অধ্যায়ত শিকিবলৈ পাম যে কেনেকৈ ঈশ্বৰৰ ৰাজ্যই বৰ্তমানৰ সকলো চৰকাৰক ধ্বংস কৰি পৃথিৱীত শাসন কৰিব। (দানিয়েল ২:৪৪ পঢ়ক।) ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিৱীক পুনৰ প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব।—“ঈশ্বৰৰ ৰাজ্য” চাওক।

নতুন পৃথিৱী নিচেই কাষত!

১৫. ‘নতুন পৃথিৱীৰ’ অৰ্থ কি?

১৫ বাইবেলে উল্লেখ কৰিছে: “আমি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে।” (২ পিতৰ ৩:১৩; যিচয়া ৬৫:১৭) বাইবেলৰ কিছুমান পদত ‘পৃথিৱীৰ’ অৰ্থ হৈছে, এই পৃথিৱীত বাস কৰা লোকসকল। (যিচয়া ১:২) সেইবাবে, ‘নতুন পৃথিৱীৰ’ অৰ্থ হৈছে সেই লোকসকল, যিসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যিসকলৰ ওপৰত তেওঁৰ আশীৰ্বাদ আছে।

১৬. (ক) যিহোৱা ঈশ্বৰে নতুন পৃথিৱীত লোকসকলক কি উপহাৰ দিব? (খ) এই উপহাৰ পাবলৈ আমি কি কৰা উচিত?

১৬ যীচুৱে প্ৰতিজ্ঞা কৰিছিল যে যিসকল লোকে নতুন পৃথিৱীত বাস কৰিব, সেই লোকসকলক “অনন্ত জীৱন” দিয়া হ’ব। (মাৰ্ক ১০:৩০) অনন্ত জীৱন হৈছে এক উপহাৰ। এই উপহাৰ পাবলৈ আমি কি কৰা উচিত? ইয়াৰ উত্তৰৰ বাবে যোহন ৩:১৬ আৰু ১৭:৩ পঢ়ক। গতিকে, আহক এতিয়া আমি চাওঁ যে নতুন পৃথিৱীত আমাৰ জীৱন কেনেকুৱা হ’ব, ইয়াৰ বিষয়ে বাইবেলত কি উল্লেখ আছে।

১৭, ১৮. নতুন পৃথিৱীত শান্তি আৰু সুৰক্ষা হ’ব বুলি আমি কেনেকৈ নিশ্চিত হ’ব পাৰোঁ?

১৭ দুষ্টতা, যুদ্ধ, অপৰাধ আৰু হিংসা এই সকলো নাইকিয়া কৰা হ’ব। পৃথিৱীত এজনো দুষ্ট লোক নাথাকিব। (গীতমালা ৩৭:১০, ১১) যিহোৱা ঈশ্বৰে ‘পৃথিবীৰ অন্তলৈকে যুদ্ধ শেষ কৰিব।’ (গীতমালা ৪৬:৯; যিচয়া ২:৪) এই পৃথিৱীত কেৱল ঈশ্বৰক প্ৰেম কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰা লোকসকলেহে বাস কৰিব। পৃথিৱীৰ চাৰিওফালে সদায় দিনৰ বাবে শান্তি থাকিব। —গীতমালা ৭২:৭.

১৮ যিহোৱাৰ লোকসকল সুৰক্ষাত থাকিব। প্ৰাচীন সময়ত যেতিয়া ইস্ৰায়েলী লোকসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰিছিল, তেতিয়া তেওঁলোকৰ কোনো ভয় নাছিল। কিয়নো ঈশ্বৰে তেওঁলোকক ৰক্ষা কৰিছিল। (লেবীয়া পুস্তক ২৫:১৮, ১৯) ঠিক সেইদৰে, নতুন পৃথিৱীতো আমাক কোনো মানুহ বা বস্তুৰপৰা ভয় নাথাকিব। আমি সদায় সুৰক্ষিত অনুভৱ কৰিম!—যিচয়া ৩২:১৮; মীখা ৪:৪ পঢ়ক।

১৯. নতুন পৃথিৱীত প্ৰচুৰ পৰিমাণে আহাৰ থাকিব বুলি আমি কিয় সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰোঁ?

১৯ প্ৰচুৰ পৰিমাণে আহাৰ থাকিব। বাইবেলত এইদৰে কৈছে, “পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব।” (গীতমালা ৭২:১৬) যিহোৱা ঈশ্বৰে “আমাক আশীৰ্ব্বাদ কৰিব” আৰু ‘পৃথিবীয়ে নিজ ফল উৎপন্ন কৰিব।’—গীতমালা ৬৭:৬.

২০. আমি কেনেকৈ জানিব পাৰোঁ যে পৃথিৱীখন প্ৰমোদবনলৈ পৰিৱৰ্তন হ’ব?

২০ গোটেই পৃথিৱীখন এক প্ৰমোদবনলৈ পৰিৱৰ্তন হ’ব। লোকসকলে থাকিবলৈ এখন সুন্দৰ ঘৰ আৰু নিজৰ এখন বাগিচা থাকিব। (যিচয়া ৬৫:২১-২৪; প্ৰকাশিত বাক্য ১১:১৮ পঢ়ক।) গোটেই পৃথিৱীখন এদন বাগিচাৰ দৰে সুন্দৰ হৈ পৰিব। যিহোৱা ঈশ্বৰে আমাৰ সকলো প্ৰয়োজনীয়তা সদায় পূৰ কৰিব। বাইবেলত এইদৰে কৈছে: “তুমি তোমাৰ হাত মেলি, সমূদায় প্ৰাণীৰে বাঞ্ছা পূৰ্ণ কৰি থাকা।”—গীতমালা ১৪৫:১৬.

২১. আমি কেনেকৈ ক’ব পাৰোঁ যে মানুহ আৰু জীৱ-জন্তুৰ মাজত কোনো ভয় নাথাকিব?

২১ মানুহ আৰু জীৱ-জন্তুৰ মাজত কোনো ভয় নাথাকিব। জীৱ-জন্তুৰপৰা মানুহৰ কোনো ক্ষতি নহ’ব। হিংস্ৰ জীৱ-জন্তুৰ প্ৰতি সৰু সৰু ল’ৰা-ছোৱালীৰ কোনো ভয় নাথাকিব।—যিচয়া ১১:৬-৯; ৬৫:২৫ পঢ়ক।

২২. যীচুৱে বেমাৰ-আজাৰৰ বাবে কি কৰিব?

২২ কোনেও বেমাৰ নহ’ব। যীচুৱে পৃথিৱীত থাকোতে কিছুমান লোকক সুস্থ কৰিছিল। (মথি ৯:৩৫; মাৰ্ক ১:৪০-৪২; যোহন ৫:৫-৯) বৰ্তমান তেওঁ স্বৰ্গত ঈশ্বৰৰ ৰাজ্যৰ ৰজা হয় আৰু অতি সোনকালে পৃথিৱীৰ সকলো মানুহৰ বেমাৰ-আজাৰ নাইকিয়া কৰিব। “মই নৰিয়া” বুলি কোনেও কেতিয়াও নক’ব।—যিচয়া ৩৩:২৪; ৩৫:৫, ৬.

২৩. মৃত লোকসকলৰ বাবে ঈশ্বৰে কি প্ৰতিজ্ঞা কৰিছে?

২৩ মৃত লোকসকলক জীৱিত কৰা হ’ব। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে মৃত্যু হোৱা লাখ লাখ লোকক পুনৰ জীৱিত কৰিব। “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব।”—যোহন ৫:২৮, ২৯ পঢ়ক; পাঁচনিৰ কৰ্ম্ম ২৪:১৫.

২৪. প্ৰমোদবনত জীয়াই থকাৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে?

২৪ আমি সকলোৱে নিৰ্ণয় ল’ব লাগিব। আমি যিহোৱাৰ বিষয়ে শিকিবলৈ আৰু তেওঁক সেৱা কৰিবলৈ অথবা আমি যি বিচাৰোঁ, তাক কৰিবলৈ নিৰ্ণয় ল’ব পাৰোঁ। যদি আমি যিহোৱাক সেৱা কৰিবলৈ নিৰ্ণয় লওঁ, তেন্তে আমাৰ সুন্দৰ ভৱিষ্যত হ’ব। এজন ব্যক্তিয়ে নিজৰ মৃত্যুৰ পাছত যীচুক মনত ৰাখিবলৈ কোৱাৰ সময়ত, যীচুৱে তেওঁক প্ৰতিজ্ঞা কৰিছিল যে “তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।” (লূক ২৩:৪৩) আহক আমি যীচুৰ বিষয়ে আৰু বেছিকৈ শিকোঁ। ইয়াৰ উপৰিও যীচুৱে কেনেকৈ ঈশ্বৰৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিলে, তাৰ বিষয়েও আমি জানিবলৈ চেষ্টা কৰোঁ।