পাঠ ৩
বাইবেলৰ সত্যতাক কেনেকৈ পুনৰ আৱিষ্কাৰ কৰা হʼল?
বাইবেলে ভৱিষ্যতবাণী কৰিছিল যে যীচুৰ মৃত্যুৰ পাছত সত্য খ্ৰীষ্টানসকলৰ মাজত মিছা শিক্ষা দিওঁতা ওলাব আৰু তেওঁলোকে বাইবেলৰ সত্যতাক কলুষিত কৰিব। (পাঁচনিৰ কৰ্ম্ম ২০:২৯, ৩০) সময় অতিবাহিত হোৱাৰ লগে লগে ভৱিষ্যতবাণীত কোৱাৰ দৰেই ঘটিল। তেওঁলোকে যীচুৰ শিক্ষাৰ লগত মিছা ধৰ্মৰ শিক্ষাবোৰ যোগ কৰিলে আৰু মিছা খ্ৰীষ্টানৰূপে বাঢ়িবলৈ ধৰিলে। (২ তীমথিয় ৪:৩, ৪) গতিকে, আজি আমি কেনেকৈ নিশ্চিত হʼব পাৰিম যে বাইবেলে প্ৰকৃততে যি শিকাইছে, সেইয়া আমি সঠিকভাৱে বুজি পাইছোঁ?
যিহোৱা ঈশ্বৰে সত্যক প্ৰকাশ কৰাৰ সময় আহিল। ঈশ্বৰে ভৱিষ্যতবাণী কৰিছিল যে শেষ-কালত সত্যৰ ‘জ্ঞান বৃদ্ধি হʼব।’ (দানিয়েল ১২:৪) এটা সৰু গোটে ১৮৭০ চনত বাইবেলত থকা সত্যক জানিব বিচাৰিছিল। তেওঁলোকে জানিব পাৰিলে যে গীৰ্জাৰ বহুতো শিক্ষা বাইবেলৰ লগত মিল নাই। তেওঁলোকে বাইবেলৰ প্ৰকৃত শিক্ষাৰ বিষয়ে বুজিবলৈ অনুসন্ধান কৰিবলৈ ধৰিলে আৰু যিহোৱা ঈশ্বৰে তেওঁলোকক বাইবেলৰ পদবোৰ সঠিকভাৱে বুজিবলৈ সহায় কৰিলে।
নম্ৰ হৃদয়ৰ লোকসকলে গভীৰভাৱে বাইবেলৰপৰা অধ্যয়ন কৰিছিল। সেই বিদ্যাৰ্থীসকলক বৰ্তমান সময়ত যিহোৱাৰ সাক্ষী নামেৰে জনা যায়। তেওঁলোকে বাইবেল অধ্যয়ন কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি আজি আমিও ব্যৱহাৰ কৰোঁ। তেওঁলোকে বাইবেলৰ বিষয়বোৰ এটাৰ পাছত আনটো আলোচনা কৰিছিল। যেতিয়া কোনো এটা বিষয় বুজিবলৈ কঠিন হয়, তেতিয়া তেওঁলোকে বাইবেলৰ আন পদবোৰৰ সহায় লৈছিল। কোনো এটা নিৰ্ণয় লোৱাৰ সময়ত যেতিয়া বাইবেলৰ আন আন পদবোৰে সমৰ্থন কৰে, তেতিয়া তেওঁলোকে তাক লিখি ৰাখে। এইদৰে তেওঁলোকে বাইবেলৰ বিষয়ে বুজিবলৈ, বাইবেলৰ সহায় লৈছিল। ইয়াৰ যোগেদি তেওঁলোকে ঈশ্বৰৰ নাম আৰু তেওঁৰ ৰাজ্যৰ সত্যতাৰ বিষয়ে পুনৰ আৱিষ্কাৰ কৰিলে। ইয়াৰ উপৰিও মানৱজাতি আৰু পৃথিৱীৰ বাবে তেওঁৰ উদ্দেশ্য কি, মৃত লোকসকলৰ অৱস্থা আৰু পুনৰুত্থানৰ আশাৰ বিষয়ে তেওঁলোকে সঠিক জ্ঞান লাভ কৰিলে। এইদৰে অনুসন্ধান কৰাৰ যোগেদি বহুতো মিছা শিক্ষা আৰু অভ্যাসবোৰপৰা তেওঁলোকক মুক্ত হʼবলৈ সহায় কৰিলে।—যোহন ৮:৩১, ৩২.
বাইবেলৰ বিদ্যাৰ্থীসকলে ১৮৭৯ চনলৈকে বুজিব পাৰিলে যে গোটেই পৃথিৱীজুৰি সত্যৰ বিষয়ে ঘোষণা কৰা উচিত। গতিকে, সেই বছৰৰপৰা তেওঁলোকে বাইবেল আধাৰিত এখন আলোচনী প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে। বৰ্তমান সময়তো সেই আলোচনীখন প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্য ঘোষণা কৰে, নামেৰে ছপা কৰা হয়। আজি আমি আমি ২৪০ খন দেশ আৰু দ্বীপত, ৭৫০ তকৈ অধিক ভাষাত বাইবেলৰ সত্যতাৰ বিষয়ে লোকসকলক জনাইছোঁ। সঁচাকৈ, ইয়াৰ আগতে সত্যৰ জ্ঞান কেতিয়াও এইদৰে পোৱা নগৈছিল।
-
যীচুৰ মৃত্যুৰ পাছত বাইবেলৰ সত্য কি হʼল?
-
আমি কেনেকৈ বাইবেলৰ সত্য পুনৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হʼলোঁ?