পাঠ ১৮
বিপত্তিৰ সময়ত আমি আমাৰ ভাই-ভনীসকলক কেনেকৈ সহায় কৰোঁ?
যেতিয়া কিবা প্ৰাকৃতিক দুৰ্যোগে দেখা দিয়ে, তেতিয়া যিহোৱাৰ সাক্ষীসকলে লগে লগে তেওঁলোকৰ ভাই-ভনীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে। এনে কাৰ্য্যই এজনে-আনজনৰ প্ৰতি থকা প্ৰকৃত প্ৰেমৰ প্ৰমাণ দিয়ে। (যোহন ১৩:৩৪, ৩৫; ১ যোহন ৩:১৭, ১৮) কিন্তু আমি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰোঁ?
আমি টকা-পইচা দান কৰোঁ। যিহূদিয়াত যেতিয়া এক বৰ আকালে দেখা দিছিল, তেতিয়া আন্তিয়খিয়াত থকা খ্ৰীষ্টানসকলে তেওঁলোকৰ আধ্যাত্মিক ভাই-ভনীসকলক সহায় কৰিবলৈ টকা-পইচা পঠাইছিল। (পাঁচনিৰ কৰ্ম্ম ১১:২৭-৩০) ঠিক সেইদৰে, যেতিয়া আমি আমাৰ ভাই-ভনীসকলে কিবা বিপত্তিৰ সন্মুখীন হৈছে বুলি জানিব পাৰোঁ, তেতিয়া আমি স্থানীয় মণ্ডলীৰ যোগেদি তেওঁলোকক সহায় কৰিবলৈ বস্তু-বাহানি দান দিওঁ।—২ কৰিন্থীয়া ৮:১৩-১৫.
আমি ব্যৱহাৰিক সহায় আগবঢ়াওঁ। দুৰ্যোগৰ স্থানত থকা প্ৰাচীনসকলে মণ্ডলীৰ প্ৰতিজন সদস্যৰ বিষয়ে খবৰ লয় আৰু তেওঁলোকে সুৰক্ষিত আছে নে নাই তাৰ বিষয়ে খবৰ লয়। উদ্ধাৰ সমিতিয়ে খাদ্য, খোৱা পানী, কাপোৰ-কানি, তম্বু আৰু দৰৱ-পাতি আদি বিষয়বোৰৰ প্ৰতি মনোযোগ দিয়ে। বিশেষ কামত নিপুন থকা বহুতো যিহোৱাৰ সাক্ষীয়ে তেওঁলোকে নিজৰ খৰচত স্ব-ইচ্ছাৰে উদ্ধাৰ কামৰ বাবে আগবাঢ়ি আহে। তেওঁলোকে ৰাজ্যগৃহ বা ঘৰ মেৰামতি কামত সহযোগ কৰে। এটা সংগঠন হিচাপে আমাৰ একতা আৰু এজনে-আনজনৰ লগত কাম কৰাৰ যি অনুভৱ আছে, তাৰ বাবে আমি অতি সহজে প্ৰয়োজনীয় সময়ত সহায় আৰু ভাইসকলক একগোট কৰিবলৈ সক্ষম হওঁ। যদিও আমি “বিশ্বাস কৰাবিলাকলৈ” আমাৰ সহায় আগবঢ়াওঁ, কিন্তু যেতিয়াই সম্ভৱ আমি আন ধৰ্মৰ লোকসকলকো সহায় কৰোঁ।—গালাতীয়া ৬:১০.
আমি শাস্ত্ৰৰপৰা আশা আৰু শান্ত্বনা আগবঢ়াওঁ। দুৰ্যোগৰ সন্মুখীন হোৱা লোকসকলক বিশেষকৈ শান্ত্বনাৰ প্ৰয়োজন। এনে সময়ত আমি যিহোৱা ঈশ্বৰৰপৰা “শান্ত্বনা পাওঁ।” (২ কৰিন্থীয়া ১:৩, ৪) দুখ আৰু বেদনাত থকা এই লোকসকলক আমি শাস্ত্ৰৰপৰা বৰ্ণনা কৰোঁ যে অতি সোনকালে ঈশ্বৰৰ ৰাজ্যই এই সকলোবোৰ অন্ত কৰিব।—প্ৰকাশিত বাক্য ২১:৪.
-
যিহোৱাৰ সাক্ষীসকলে কেনেকৈ বিপত্তিৰ সময়ত নিজৰ ভাই-ভনীসকলক সহায় কৰিবলৈ সমৰ্থ হৈছে?
-
দুৰ্যোগৰপৰা উদ্ধাৰ হোৱা লোকসকলক আমি শাস্ত্ৰৰপৰা কি শান্ত্বনা দিব পাৰোঁ?