পাঠ ৯
সভাবোৰৰ বাবে কেনেকৈ তৈয়াৰী কৰা উচিত?
যদি কোনো যিহোৱাৰ সাক্ষীৰ লগত আপুনি বাইবেলৰপৰা অধ্যয়ন কৰিছে, তেনেহʼলে অধ্যয়ন কৰিবলগীয়া বিষয়টো আগতীয়াকৈ পঢ়ি আহিবলৈ আপুনি নিশ্চয় চেষ্টা কৰে। ঠিক সেইদৰে, মণ্ডলীৰ সভাবোৰৰ বাবে আগতীয়াকৈ তৈয়াৰী কৰি আহিলে আমি লাভৱান হʼম। ইয়াৰ বাবে এখন ভাল তালিকা থকা উচিত।
কʼত আৰু কেতিয়া অধ্যয়ন কৰিব আপুনি তাক নিৰ্ণয় লওক। অধ্যয়ন কৰিবলৈ আপুনি কোন সময়ত ভালদৰে মনোযোগ দিব পাৰে? ৰাতিপুৱা আপোনাৰ কাম আৰম্ভ কৰাৰ আগতে, নে ৰাতি লʼৰা-ছোৱালী টোপনি যোৱাৰ পাছত? আপুনি হয়তো অধ্যয়নৰ বাবে বেছি সময় দিব নোৱাৰিব, কিন্তু আছুতীয়াকৈ কিছু সময় ৰাখক। চেষ্টা কৰক, যাতে অধ্যয়নৰ বাবে আপোনাক কোনো বিষয়ে বাধা নিদিয়ে। আপুনি অধ্যয়ন কৰাৰ সময়ত এক নিৰৱ স্থান বিচাৰক আৰু অধ্যয়নত যাতে কোনো বাধা নাহে তাৰ বাবে ৰেডিঅ’, টেলিভিছন আৰু মʼবাইল ফোন বন্ধ কৰক। আৰম্ভণিতে কৰা প্ৰাৰ্থনাই দিনৰ দুশ্চিন্তাবোৰৰপৰা দূৰ হʼবলৈ আৰু অধ্যয়নত মনোযোগ দিবলৈ আপোনাক সহায় কৰিব।—ফিলিপীয়া ৪:৬, ৭.
সভাত উত্তৰ দিবলৈ তৈয়াৰী কৰক আৰু প্ৰকাশনবোৰত দাগ দিয়ক। অধ্যয়ন কৰাৰ আগতে ওপৰে ওপৰে এবাৰ বিষয়টো চকু ফুৰাওক। লেখৰ মূল বিষয়বস্তু বা অধ্যায়টোৰ বিষয়ে চিন্তা কৰক। ইয়াৰ পাছত প্ৰতিটো উপশীৰ্ষৰ লগত বিষয়টো কেনেকৈ জড়িত আছে তাৰ বিষয়ে ধ্যান দিয়ক। ইয়াৰ উপৰিও, লেখত যদি কিবা ছবি আছে তেনেহʼলে ভালদৰে লক্ষ্য কৰক আৰু লেখ বা অধ্যায়ৰ শেষত উল্লেখ কৰা প্ৰশ্নবোৰ বিবেচনা কৰক। ইয়াৰ পাছত, প্ৰতিটো অনুচ্ছেদ পঢ়ি তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক। ইয়াত উল্লেখ থকা বাইবেলৰ পদসমূহ পঢ়ক আৰু বিষয়বস্তুৰ লগত কি সম্বন্ধ আছে তাক ধ্যান দিয়ক। (পাঁচনিৰ কৰ্ম্ম ১৭:১১) উত্তৰ বিচাৰি পোৱাৰ পাছত আপুনি মুখ্য শব্দবোৰ বা বাক্যশাৰীৰ তলত দাগ দিয়ক। এনে কৰিলে আপোনাক সভাত উত্তৰ দিবলৈ সহায় কৰিব। যদি আপুনি সভাত উত্তৰ দিবলৈ ইচ্ছা কৰে, তেনেহʼলে হাত উঠাই নিজৰ শব্দত চমুকৈ উত্তৰ দিব পাৰে।
প্ৰতি সপ্তাহে সভাবোৰত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। সেইবোৰ আগৰে পৰা তৈয়াৰী কৰিলে আপুনি নতুন নতুন বিষয়বোৰ শিকি আপোনাৰ বাইবেলৰ জ্ঞানৰ ‘ভঁৰাল’ বৃদ্ধি কৰিব পাৰিব।—মথি ১৩:৫১, ৫২.
-
সভাবোৰৰ বাবে তৈয়াৰী কৰিবলৈ আপুনি কেনেধৰণৰ তালিকা বনাব?
-
সভাবোৰত উত্তৰ দিবলৈ আপুনি কেনেদৰে তৈয়াৰী কৰিব?