পাঠ ৮
আমি সভাবোৰৰ বাবে কিয় পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰোঁ?
যিহোৱাৰ সাক্ষীসকলে মণ্ডলীৰ সভাবোৰত উপস্থিত হʼবলৈ, কেনেকৈ পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰিছে তাক আপুনি এই ব্ৰচাৰখনৰ ছবিবোৰত লক্ষ্য কৰিছেনে? আমি সাজ-পোছাক পৰিধান কৰাৰ ওপৰত কিয় ধ্যান দিওঁ?
ঈশ্বৰৰ প্ৰতি আমাৰ সন্মান দেখুৱাবলৈ। এইটো সত্য যে ঈশ্বৰে আমাৰ কেৱল বাহ্যিক ৰূপটোৱেই নহয়, কিন্তু তেওঁ আমাৰ মনলৈও লক্ষ্য কৰে। (১ চমূৱেল ১৬:৭) যেতিয়া আমি ঈশ্বৰক উপাসনা কৰিবলৈ একগোট হওঁ, তেতিয়া আমি ঈশ্বৰ আৰু ভাই-ভনীসকলক আদৰ বা সন্মান দেখুৱাবলৈ বিচাৰোঁ। যদি আমি আদালতৰ এজন বিচাৰকৰ্ত্তাৰ সন্মুখত উপস্থিত হʼবলগীয়া হয়, তেতিয়া আমি তেওঁৰ পদৰ প্ৰতি সন্মান জনাই নিশ্চয় ভালদৰে সাজ-পোছাক পৰিধান কৰিম। ঠিক সেইদৰে, সভাবোৰত উপস্থিত হওঁতে আমি যিদৰে সাজ-পোছাক পৰিধান কৰোঁ, তাৰ দ্বাৰা দেখুৱাওঁ যে “সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা” যিহোৱা ঈশ্বৰ আৰু তেওঁক উপাসনা কৰা ঠাইক আমি সন্মান জনাওঁ।—আদিপুস্তক ১৮:২৫.
আমি কাৰ মানদণ্ড অনুসৰি চলোঁ তাক দেখুৱাওঁ। বাইবেলে সত্য খ্ৰীষ্টানসকলক উৎসাহিত কৰিছে যে “সুলাজ আৰু সুবোধেৰে সৈতে” পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰা উচিত। (১ তীমথিয় ২:৯, ১০) ইয়াত উল্লেখ কৰা “সুলাজ” বা শালীনতাৰ সৈতে সাজ-পোছাক পৰিধান কৰাৰ অৰ্থ হৈছে, এনে কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থকা যিয়ে নিজৰৰ শৰীৰৰ অংশ প্ৰকাশ কৰিব পাৰে বা আনক কামাভিলাষৰ বাবে উত্তেজিত কৰিব পাৰে। ইয়াৰ উপৰিও “সুবোধেৰে” কাম কৰাৰ বাবে, আমাক ভাল কাপোৰ পৰিধান কৰিবলৈ সহায় কৰিব। বাইবেলৰ এই সিদ্ধান্তবোৰে আমাক বিভিন্ন ধৰণৰ সাজ-পোছাক পৰিধান কৰাৰ বাবে নিৰ্ণয় লʼবলৈ সহায় কৰিব। আমাৰ শালীনতাৰ সাজ-পোছাকে “আমাৰ ত্ৰাণকৰ্ত্তা” আৰু “ঈশ্বৰক স্তুতি” কৰে। (তীত ২:৯; ১ পিতৰ ২:১২) আমি যি ধৰণে সভাত উপস্থিত হʼবলৈ সাজ-পোছাক পৰিধান কৰোঁ, তাক দেখি আন লোকসকলে যিহোৱাৰ উপাসনাৰ প্ৰতি মন্তব্য কৰিব পাৰে।
আপোনাৰ ওচৰত ভাল সাজ-পোছাক নাথাকিলেও, আপুনি ৰাজ্যগৃহত হোৱা সভাবোৰত আহিব পাৰে। দামী বা আকৰ্ষণীয় সাজ-পোছাকৰ পৰিৱৰ্ত্তে আমি পৰিষ্কাৰ বা উচিত সাজ-পোছাক পৰিধান কৰিব পাৰোঁ।
-
ঈশ্বৰক উপাসনা কৰিবলৈ একগোট হোৱাৰ সময়ত আমি সাজ-পোছাকৰ প্ৰতি ধ্যান দিয়াটো কিয় প্ৰয়োজন?
-
বাইবেলৰ কি সিদ্ধান্তবোৰে সাজ-পোছাক পৰিধান কৰাৰ বাবে আমাক নিৰ্ণয় লʼবলৈ সহায় কৰিব?