Skip to content

Skip to table of contents

আধুনিক সময়ত তেওঁলোকৰ বৃদ্ধি আৰু উন্নতি

আধুনিক সময়ত তেওঁলোকৰ বৃদ্ধি আৰু উন্নতি

আধুনিক সময়ত তেওঁলোকৰ বৃদ্ধি আৰু উন্নতি

বৰ্তমান সময়ত থকা যিহোৱাৰ সাক্ষীসকলৰ ইতিহাস প্ৰায় এশ বছৰৰ পূৰ্বেই আৰম্ভ হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচেলভেনীয়াত থকা আলঘেনীয়া নামৰ চহৰত ১৮৭০ চনত অপ্ৰকাশিতৰূপে এক বাইবেল অধ্যয়নৰ সমূহৰ আৰম্ভণ হয়। সেই ঠাইখন বৰ্তমান পিট্‌চবাৰ্গ চহৰৰ এটা অংশ। সেই সমূহৰ স্থাপনা কৰা মুখ্য ব্যক্তিজন আছিল চাৰ্লচ্‌ তাজ্‌ ৰাচেল। জুলাই মাহৰ ১৮৮০ চনত জাইয়নচ্‌ ৱাচ টাৱাৰ এন্ড হেৰাল্ড দি খ্ৰাইষ্টচ্‌ প্ৰেজেনচ্‌ নামে আলোচনীখনৰ প্ৰথম খণ্ড প্ৰকাশ কৰা হʼল। ১৮৮০ চনত সেই ক্ষুদ্ৰ সমূহৰ পৰা বৃদ্ধি পাই প্ৰায় ২০ খন মণ্ডলী চুবুৰীয়া ৰাজ্যবোৰতো বিয়পী পৰিল। ১৮৮১ চনত জাইয়নচ্‌ ৱাচ টাৱাৰ ট্ৰেক্ট চোচাইটি গঠন কৰা হʼল আৰু ১৮৮৪ চনত সেই চোচাইটিখনক সংগঠিত কৰা হʼল, যাৰ সভাপতি আছিল ৰাচেল। পাছলৈ সেই চোচাইটিখনৰ নাম সলনি কৰি ৱাচ টাৱাৰ বাইবেল এন্ড ট্ৰেক্ট চোচাইটি ৰখা হʼল। বহুতো সাক্ষীয়ে ঘৰে ঘৰে বাইবেলৰ সাহিত্যসমূহ বিতৰণ কৰিবলৈ ধৰিলে। ১৮৮৮ চনত কেৱল পঞ্চাশ জন ব্যক্তিয়ে পূৰ্ণ সময় এই কাৰ্য্য কৰিছিল, কিন্তু বৰ্তমান সময়ত গোটেই বিশ্বত গড় হিচাপে প্ৰায় ৭,০০,০০০ জনে এই কাৰ্য্য কৰি আছে।

১৯০৯ চনলৈকে সেই কাৰ্য্যই আন্তঃৰাষ্ট্ৰীয় ৰূপে পৰিচিত হৈ পৰিল আৰু পাছলৈ সংস্থাই সেই ঠাইখনৰ পৰা নিউয়ৰ্কৰ ব্ৰুকলীন চহৰলৈ স্থানান্তৰিত হʼল। ছপা কৰা উপদেশসমূহ বাতৰি কাকতৰ দ্বাৰা প্ৰকাশ কৰিছিল আৰু ১৯১৩ চনলৈকে যুক্তৰাষ্ট্ৰ, কানাডা আৰু ইউৰোপত চাৰিটা ভাষাত হাজাৰ সংখ্যক বাতৰি কাকত প্ৰকাশ কৰা হৈছিল। কোটি কোটি সংখ্যাত কিতাপ, পুস্তিকা আৰু ট্ৰেক্ট বিতৰণ কৰা হʼল।

১৯১২ চনত “ফটো ড্ৰামা অৱ ক্ৰিয়েশ্বন” নামৰ চলচ্চিত্ৰৰ কাৰ্য্য আৰম্ভ কৰা হয়। এই কাৰ্য্যক্ৰমটোত পৃথিৱীৰ আৰম্ভণিৰ পৰা লৈ খ্ৰীষ্টৰ হাজাৰ বছৰীয়া শাসন কালৰ অন্ত হোৱা লৈকে বৰ্ণনা কৰি স্লাইড, চলচ্চিত্ৰ আৰু ধ্বনিৰ সৈতে নিৰ্মাণ কৰা হʼল। ১৯১৪ চনত ইয়াৰ প্ৰদৰ্শন আৰম্ভ হয়, যাৰ বাবে প্ৰত্যেক দিনা ৩৫,০০০ জনে ইয়াক চাই আনন্দ লাভ কৰে। ধ্বনি সৈতে থকা এই চলচ্চিত্ৰখনক এজন অগ্ৰগামীয়ে প্ৰদৰ্শন কৰিছিল।

১৯১৪ চনৰ সেই বছৰটো

এক ভয়ঙ্কৰ সময় কাষ চাপি আহিল। ১৮৭৬ চনত বাইবেল বিদ্যাৰ্থী চাৰ্লচ্‌ তাজ্‌ ৰাচেলে বাইবেল পৰীক্ষা কৰোঁতাসকললৈ এনে এখন প্ৰৱন্ধ আগবঢ়াই, যাৰ বিষয় আছিল “অন্যজাতিৰ সময়: কেতিয়া শেষ হʼব?” এই প্ৰৱন্ধটোক নিউয়ৰ্কৰ ব্ৰুকলীন নামৰ চহৰত প্ৰকাশ কৰা হৈছিল। ইয়াৰ অক্টোবৰ লেখ খনৰ ২৭ পৃষ্ঠাত কোৱা হৈছিল যে, “সা.যু. ১৯১৪ চনত সেই সাতকালৰ সময় শেষ হʼব।” ইয়াত উল্লেখ কৰা অন্যজাতিৰ সময়ছোৱাক আন এক বাইবেল অনুবাদে “পৰজাতি মানুহৰ কাল” বুলি উল্লেখ কৰিছে। (লূক ২১:⁠২৪) লক্ষ্য কৰক যে ঘটিব বুলি অনুমান কৰা সকলোবোৰ ১৯১৪ চনত ঘটিল, কিন্তু সেই চনটো অন্যজাতিৰ সময়ৰ শেষৰ সম্পৰ্কে এক বিশেষভাৱে চিহ্নিত কৰিলে। ইতিহাসকাৰ আৰু বিবৃতিদাতাসকলে স্বীকাৰ কৰে যে ১৯১৪ চনটো মানৱজাতিৰ বাবে এক বিশেষ সময় আছিল। তলত দিয়া উদ্ধৃতসমূহে এই বিষয়ে বৰ্ণনা কৰিছে:

মানৱ ইতিহাসত “১৯১৩ চনটো আছিল শেষ ‘স্বাভাৱিক’ বছৰ অৰ্থাৎ প্ৰথম বিশ্ব যুদ্ধ আৰম্ভ হোৱা আগৰ বছৰটো।‘​—⁠১৯৪৯ চনৰ ১৩ মাৰ্চৰ টাইমচ্‌-হেৰল্ড নামৰ সম্পাদকীয়খনত এইদৰে প্ৰকাশ পাইছিল।

“ইতিহাসৰ অনুসাৰে ১৯১৪ চনৰ পৰা ১৯৮৯ চনলৈ অৰ্থাৎ যোৱা ৭৫ বছৰৰ সময়ছোৱাত দুখনকৈ বিশ্ব যুদ্ধ হʼল আৰু শীতল যুদ্ধ ক্ৰমান্বয়ে অধিককৈ বৃদ্ধি পাইছে, যাৰ বাবে পৃথিৱীখনৰ বেছিভাগতেই যুদ্ধ হৈ থকা আৰু ইয়াৰ পাছত হোৱা ক্ষতিসমূহৰ সম্মুখীন বা যুদ্ধৰ বাবে উদ্যত হোৱা দেখিবলৈ পোৱা গৈছে।”​—⁠দ্যা নিউয়ৰ্ক টাইমচ্‌, ৭ মে’, ১৯৯৫ চন।

“গোটেই জগতখন কিয় প্ৰথম বিশ্ব যুদ্ধৰ গৰাহত পৰিছিল, আমি আজিলৈকে তাৰ কাৰণ বিচাৰি পোৱা নাই। ইয়াৰ আগতে মানুহে ভাবিছিল যে তেওঁলোকে কাল্পনিক দেশত আছে। কিয়নো সেই সময়ৰ শান্তিৰ শ্ৰীবৃদ্ধি হৈছিল। কিন্তু তেতিয়াই হঠাতে সকলোবোৰ উলট-পালট হৈ গʼল। বৰ্তমান সময়ত আমি এনে এটা অৱস্থাত বাস কৰিছোঁ, যʼত আগতকৈও অধিক পতন দেখিবলৈ পাইছোঁ . . . সেই শতাব্দীত অধিক লোকক হত্যা কৰা হʼল, যাৰ সংখ্যা ইতিহাসত উল্লেখ কৰা বিগত শতাব্দীতকৈও অধিক।”​—⁠ডা. ৱালকাৰ পাৰ্চী, আমেৰিকান মেডিকেল নিউজ, ২১ নবেম্বৰ, ১৯৭৭ চন।

১৯১৪ চন পাৰ হৈ যোৱা ৫০ বছৰতকৈ অধিক সময়ৰ পাছত কনৰাড এডেনিউৰ নামৰ এজন জাৰ্মান বিবৃতিদাতাই এইদৰে লিখিছিল: “১৯১৪ চনৰ পাছৰ পৰা মানুহৰ জীৱনটো একেবাৰে নিৰাপত্তাহীন হৈ পৰিছে।”​—⁠দ্যা ৱেষ্ট্‌ পাৰ্কাৰ, ক্লিভলেণ্ড, অʼহিঅ’, ২০ জানুৱাৰী, ১৯৬৬ চন।

১৯১৬ চনত সংস্থাৰ প্ৰথম সভাপতি চি. টি. ৰাচেলৰ মৃত্যু হয় আৰু তাৰ পাছৰ বছৰত যোচেফ এফ. ৰাডাৰফোৰ্ডক সংস্থাৰ সভাপতিৰূপে নিযুক্ত কৰা হয়। তাৰ পাছত বহুতো সাল-সলনি কৰা হয়। প্ৰহৰীবুৰুজ নামৰ আলোচনীখনৰ সৈতে দ্যা গল্ডেন এইজ নামৰ আলোচনীখন প্ৰকাশ কৰা হয়। (বৰ্তমান সময়ত সেই আলোচনীখনক সচেতন! বুলি কোৱা হয়, যিখন ৮৬ টাতকৈ অধিক ভাষাত প্ৰকাশ আৰু ২,১০,০০,০০০ খনতকৈ অধিক সংখ্যাত ছপা কৰা হৈছে।) ঘৰে-ঘৰে গৈ প্ৰচাৰ কৰিবলৈ অধিক জোৰ দিয়া হয়। এই খ্ৰীষ্টানসকলে নিজকে আন খ্ৰীষ্টীয়জগতৰ পৰা পৃথক কৰিবলৈ ১৯৩১ চনত যিহোৱাৰ সাক্ষী নাম ধাৰণ কৰে। এই নামটো বাইবেলত থকা যিচয়া ৪৩:⁠১০-১২ পদৰ ওপৰত আধাৰিত।

১৯২০ আৰু ১৯৩০ চনত বহুলভাৱে অনাতাঁৰ মাধ্যমেৰে প্ৰচাৰণ কৰা হৈছিল। ১৯৩৩ চনৰলৈকে সংস্থাই বাইবেল আধাৰিত ভাষণসমূহ প্ৰচাৰ কৰিবলৈ ৪০৩ টা অনাতাঁৰ কেন্দ্ৰ ব্যৱহাৰ কৰিছিল। পিছলৈ অনাতাঁৰ যোগে প্ৰচাৰ কৰাৰ পৰিৱৰ্তে সাক্ষীসকলে সহজে কঢ়িয়াই নিব পৰা গ্ৰামোফোনত বাণীবদ্ধ কৰা বাইবেল আধাৰিত ভাষণসমূহ ঘৰে-ঘৰে গৈ গৃহস্থসকলক শুনাবলৈ ধৰিলে। যিসকল গৃহস্থই বাইবেলৰ সত্যৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল, তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰা হʼল।

ন্যায়ালয়ে যিহোৱাৰ সাক্ষীসকলৰ পক্ষে ৰায় দিয়ে

১৯৩০ আৰু ১৯৪০ চনৰ সময়ছোৱাত যিহোৱাৰ সাক্ষীসকলে ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যৰ বাবে তেওঁলোকৰ বহুতকে গ্ৰেপ্তাৰ কৰে আৰু নিজৰ বাকস্বাধীনতা আৰু প্ৰেচ, সন্মিলন, উপাসনা কৰাৰ স্বাধীনতাৰ হকে ন্যায়ালয়ত মোকৰ্দ্দমা দিয়া হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা নিম্ন ন্যায়ালয়সমূহৰ পৰা যিহোৱাৰ সাক্ষীসকলৰ বিপক্ষে কৰা ৪৩ টা মোকৰ্দ্দমাত উচ্চতম ন্যায়ালয়ে যিহোৱাৰ সাক্ষীসকলৰ পক্ষে ৰায় দিয়ে। একেইদৰে আন দেশত থকা উচ্চতম ন্যায়ালয়সমূহেও যিহোৱাৰ সাক্ষীসকলৰ সপক্ষে সন্তুষ্টজনক ৰায় দিছে। ন্যায়ালয়সমূহে সাক্ষীসকলৰ সপক্ষে দিয়া ৰায়ৰ বিষয়ে প্ৰফেচাৰ চাৰ্লচ্‌ চামুৱেল ব্ৰাডেনে লিখা দিজ অলচো বিলিভ নামৰ কিতাপখনত এইদৰে কয়: “তেওঁলোকে নিজৰ নাগৰিকত্বৰ অধিকাৰক ৰক্ষা কৰিবলৈ লোৱা পদক্ষেপৰ দ্বাৰা উত্তম কাৰ্য্য কৰাৰ স্বাধীনতাক লাভ কৰিলে। তেওঁলোকে তেনে সংগ্ৰাম কৰি আমেৰিকাত থকা আন আন সৰু সৰু গোটত থকা লোকসমূহৰো অধিকাৰ ৰক্ষা কৰিলে।”

এক বিশেষ প্ৰশিক্ষণৰ কাৰ্য্যক্ৰম

১৯৪২ চনত জে. এফ. ৰাডাৰফোৰ্ডৰ মৃত্যুৰ পিছত এন. এইচ. নৰে সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তাৰ পিছত এক পৰিকল্পিত কাৰ্য্যক্ৰমৰ আৰম্ভ কৰা হয়। ১৯৪৩ চনত মিছনাৰীসকলৰ বাবে এক বিশেষ প্ৰশিক্ষণ আৰম্ভ কৰা হয়, যাক গীলিয়েড ৱাচটাৱাৰ বাইবেল স্কুল বুলিও কোৱা হয়। সেই সময়ৰ পৰা বহুতো গীলিয়েড স্নাতক প্ৰাপ্ত কৰাসকলক পৃথিৱীৰ ভিন্ন ঠাইলৈ পঠোৱা হয়। যিবোৰ ঠাইত এসময়ত কোনো মণ্ডলী নাছিল তাত বহুতো মণ্ডলীৰ বৃদ্ধি আৰু বহুতো শাখা কাৰ্য্যালয় স্থাপন কৰা হয়। বৰ্তমান সময়ত বিশ্বজুৰি ১১০ টাতকৈ অধিক শাখা কাৰ্য্যালয় আছে। সময়ে সময়ে মণ্ডলীৰ প্ৰাচীন, শাখা কাৰ্য্যালয়সমূহত স্বইচ্ছাৰে কাৰ্য্য কৰা আৰু পূৰ্ণসময়ে অগ্ৰগামী সেৱা কৰাসকলক প্ৰশিক্ষণ দিবলৈ বিশেষ কাৰ্য্যক্ৰমৰ ব্যৱস্থা কৰা হয়। পৰিচাৰকসকলক বিশেষ স্কুলৰে প্ৰশিক্ষণ দিবলৈ নিউয়ৰ্ক চহৰত থকা পেটাৰচনত এক কেন্দ্ৰ স্থাপন কৰা হʼল।

১৯৭৭ চনত এন. এইচ. নৰ্‌ৰ মৃত্যু হয়। মৃত্যুৰ পূৰ্বেই তেওঁ অংশ লোৱা শেষ সংগঠনিক সাল-সলনিটো আছিল ব্ৰুকলীন চহৰত থকা বিশ্বৰ মুখ্য কাৰ্য্যলয়ৰ প্ৰশাসন গোষ্ঠীক বিস্তাৰিত কৰা। ১৯৭৬ চনত প্ৰশাসনিক দায়িত্বসমূহক ভগাই দিয়া হয় আৰু প্ৰশাসন গোষ্ঠীৰ দ্বাৰা গঠিত বহুতো সমিটিৰ নিযুক্ত কৰা হয়।

ছপা কৰাৰ সা-সুবিধা বিস্তাৰিত কৰা

যিহোৱাৰ সাক্ষীসকলৰ বৰ্তমান ইতিহাস বহুতো নাটকীয় পৰিৱৰ্তনেৰে পূৰ্ণ হৈ আছে। অতীতত অৰ্থাৎ ১৮৭০ চনত পেনচেলভেনীয়াত থকা এক বাইবেল অধ্যয়নৰ সৰু সমূহৰ পৰা বৃদ্ধি হৈ ২০০১ চনত বিশ্বজুৰি ৯৩,০০০ টা মণ্ডলীলৈ বৃদ্ধি পালে। সেই সময়ত সকলোবোৰ বাইবেল সাহিত্য ব্যৱসায়ী ছপাশালাত ছপা কৰা হৈছিল; পিছলৈ অৰ্থাৎ ১৯২০ চনত যিহোৱাৰ সাক্ষীসকলে কিছুমান আলোচনীক ভাড়ালৈ লোৱা ফেক্টৰী ভৱনবোৰত ছপা কৰিছিল। কিন্তু ১৯২৭ চনত ব্ৰুকলীন, নিউয়ৰ্কত থকা ৱাচটাৱাৰ বাইবেল এণ্ড ট্ৰেক্ট চোচাইটী অৱ নিউয়ৰ্ক, ইনকৰপ্যাৰেটৰৰ নিজা আঠ মহলীয়া ফেক্টৰী ভৱনত অধিক আলোচনী আৰু সাহিত্যসমূহ ছপা কৰি প্ৰকাশ কৰা হয়। বৰ্তমান সময়ত এই ভৱনটোক আন ফেক্টৰী ভৱন আৰু এটা অফিচ কমপ্লেক্সলৈ বিস্তাৰিত কৰা হৈছে। ইয়াৰ উপৰিও ব্ৰুকলীনত থকা সংস্থাৰ ভৱনৰ ওচৰত আন ভৱনো আছে যʼত স্বেচ্ছাচাৰে কাৰ্য্য কৰা কৰ্ম্মীসকলে ছপা কৰাৰ বাবে ব্যৱহাৰ কৰিছে। তদুপৰি, নিউয়ৰ্কৰ উত্তৰ ভাগত অৰ্থাৎ ৱালকিল চহৰৰ ওচৰত এখন কৃষি-পাম আৰু ছপাকৰা কাৰ্য্য চলোৱা হৈছে। তাত প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী ছপা কৰা আৰু তাৰ বিভিন্ন স্থানত কাৰ্য্য কৰা স্বেচ্ছাকৰ্ম্মীসকলৰ বাবে কিছুমাত্ৰাত কৃষি কৰা হয়। প্ৰত্যেকজন স্বেচ্ছাকৰ্ম্মীক মাহিলি নিজৰ ব্যক্তিগত খৰচ-পাতিৰ বাবে এক ক্ষুদ্ৰ পৰিমাণে ধন দিয়া হয়।

আন্তঃৰাষ্ট্ৰীয় অধিৱেশনসমূহ

১৮৯৩ চনত আমেৰিকাৰ চিকাগো ইলীনয়জ নামৰ ঠাইত প্ৰথম বৃহৎ অধিৱেশনৰ আয়োজন কৰা হয়। তাত উপস্থিত হোৱা লোকসকলৰ সংখ্যা আছিল ৩৬০ জন আৰু ৭০ জন নতুন বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লৈছিল। অকলশৰীয়াকৈ হোৱা শেষ বৃহৎ অধিৱেশনখন ১৯৫৮ চনত নিউয়ৰ্কত আয়োজন কৰা হৈছিল। ইয়াৰ বাবে ইয়াংকি ষ্টেডিয়াম আৰু তেতিয়াৰ সময়ত অৱস্থিত থকা পʼল গ্ৰাউন্ডখন ব্যৱহাৰ কৰা হৈছিল। তাত উপস্থিত থকা সৰ্ব্ববৃহৎ উপস্থিতিৰ সংখ্যা আছিল ২,৫৩,৯২২ জন আৰু ৭,১৩৬ জনে বাপ্তিষ্মা লৈছিল। সেই সময়ৰ পিছৰ পৰা বহুতো দেশত অনুক্ৰমিকভাৱে বহুতো আন্তঃৰাষ্ট্ৰীয় অধিৱেশন হʼবলৈ ধৰিলে। এই সকলোবোৰ অনুক্ৰমিকত বিশ্বজুৰি হোৱা হাজাৰ হাজাৰ অধিৱেশন জড়িত আছিল।

[Blurb on page 8]

নাগৰিকত্বৰ অধিকাৰৰ স্বতন্ত্ৰতাক প্ৰতিৰক্ষা কৰাৰ এটা সঙ্কেত

[Picture on page 6]

“প্ৰহৰীবুৰুজ,” আলোচনীখন ৬,০০০ খনৰ পৰা বৃদ্ধি হৈ ১৪৩ টাতকৈ অধিক ভাষাত ২,৪০,০০,০০০ খনতকৈ বেছি সংখ্যাত ছপা কৰা হৈছে

[Picture on page 7]

মানৱ ইতিহাসত ঘটিত হোৱা এক উল্লেখনীয় পৰিৱৰ্তন

[Full-page picture on page 10]