তেওঁলোকে আপোনাক শুনাবলৈ বিচাৰা শুভবাৰ্ত্তা
তেওঁলোকে আপোনাক শুনাবলৈ বিচাৰা শুভবাৰ্ত্তা
যেতিয়া যীচু পৃথিৱীত আছিল, তেওঁৰ শিষ্যবিলাকে তেওঁৰ কাষলৈ আহি এইদৰে সুধিছিল: “আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি?” তেতিয়া তেওঁ উত্তৰ দি এইদৰে কৈছিল যে বহুতো দেশে যুদ্ধত জড়িত হʼব। ইয়াৰ উপৰিও তেওঁ কৈছিল, আকাল, মহামাৰী, ভূমিকম্প, অৰাজকতাৰ বৃদ্ধি, ভুৱা ধৰ্ম্মীয় শিক্ষকে বহুতকে বিপথে নিব, তেওঁৰ প্ৰকৃত শিষ্যসকলক ঘৃণা, অত্যাচাৰ আৰু ধাৰ্ম্মিকতাৰ প্ৰতি বহুতৰে প্ৰেম চেচাঁ হʼব। যেতিয়া এই ঘটনাবোৰ ঘটিবলৈ আৰম্ভ হʼব তেতিয়া এইবোৰে যীচুৰ অদৃশ্য উপস্থিতি আৰু তেওঁৰ স্বৰ্গীয় ৰাজ্যৰ স্থাপনক সূচিত কৰিব। এইটোৱে হʼব শুভবাৰ্ত্তা! সেয়েহে যীচুৱে এই বাক্যশাৰীক চিহ্ন হিচাবে সংযোগ কৰি এইদৰে কৈছিল: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।”—মথি ২৪:৩-১৪.
বৰ্তমান সময়ত জগতৰ পৰস্থিতি এই ঘটনাবোৰৰ বাবে বেয়ালৈ ধাল খাইছে, কিন্তু এই ঘটনাবোৰে ভাল পৰিস্থিতি অৰ্থাৎ খ্ৰীষ্টৰ উপস্থিতিক নিৰ্দ্দেশিত কৰিছে। আৰম্ভণিতে উল্লেখ কৰা সেই ঘটনাবোৰ ১৯১৪ চনত স্পষ্টকৈ বিশ্বজুৰি হোৱা প্ৰমাণ পাইছিল! ইয়ে পৰজাতিবিলাকৰ শাসন অন্ত আৰু মানৱ শাসনৰ পৰা যীচুৰ হাজাৰ বছৰীয়া শাসনকাল আৰম্ভণি হোৱালৈ অৱস্থান্তৰ কৰিলে।
সেই অৱস্থান্তৰ সময়ছোৱা আহিবলগীয়া আছিল বুলি গীতমালা ১১০ অধ্যায়ৰ ১ আৰু ২ পদ আৰু প্ৰকাশিত বাক্য ১২:৭-১২ পদত উল্লেখ কৰিছে। তাত কোৱা হৈছে যে খ্ৰীষ্টই ৰজা নোহোৱা পৰ্য্যন্ত ঈশ্বৰৰ সোঁহাতত বহিবলগীয়া আছিল। তাৰ পিছত স্বৰ্গত যুদ্ধ আৰু তাৰ পৰিণামস্বৰূপে চয়তানক পৃথিৱীলৈ পেলোৱা হʼল, পৃথিৱীৰ বাবে সন্তাপ আৰু খ্ৰীষ্টই শত্ৰুসকলৰ মাজত শাসন কৰিবলৈ আছিল। এই জগতৰ দুষ্টতাক “মহাক্লেশ” দ্বাৰা হৰমাগিদোন যুদ্ধত সম্পূৰ্ণকৈ ধ্বংস আৰু তাৰ পিছত খ্ৰীষ্টৰ হাজাৰ বছৰীয়া শাসনৰ যোগেদি শান্তি স্থাপন হʼবলৈ আছিল।—মথি ২৪:২১, ৩৩, ৩৪; প্ৰকাশিত বাক্য ১৬:১৪-১৬.
বাইবেলে কৈছে যে, “কিন্তু শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব, ইয়াকে জানিবা। কিয়নো সেই কালত মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা; ধন-লুভীয়া, দৰ্পী, অহঙ্কাৰী, নিন্দক, পিতৃ-মাতৃক নমনা, উপকাৰ নমনা, অপবিত্ৰ, স্নেহহীন, নিৰ্দ্দয়, অপবাদক, ইন্দ্ৰিয় দমন নকৰা, প্ৰচণ্ড, সাধুক ২ তীমথিয় ৩:১-৫.
ঘিণাওঁতা, বিশ্বাস-ঘাতক, আপোনমইমত, গপাল, ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়, ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হব; এনেবিলাক মানুহৰ পৰা তুমি বিমুখ হোৱা।”—কিছুমানে হয়তো তৰ্ক কৰিব পাৰে যে এইবোৰ ঘটনা মানৱ ইতিহাসত ইতিমধ্যেই ঘটি গৈছে, কিন্তু দৰাচলতে সেই ঘটনাবোৰ ইমান বৃহৎমাত্ৰাত একেলগে ঘটনা নাছিল। বুৰঞ্জীবিদসকলে কৈছে যে ১৯১৪ চনৰ আগলৈকে কেতিয়াও পৃথিৱীয়ে এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল। (৭ পৃষ্ঠাত চাওক।) সেই সন্তাপ আগতকৈও অধিকমাত্ৰাত বৃদ্ধি পালে। ইয়াৰ উপৰিও শেষ দিনৰ চিহ্ন হিচাবে খ্ৰীষ্টই দিয়া এই চিহ্নটোক বিবেচনা কৰা উচিত: খ্ৰীষ্টৰ উপস্থিতি আৰু ঈশ্বৰৰ ৰাজ্যৰ স্থাপনৰ বিষয়ে কৰা বিশ্বজুৰি প্ৰচাৰ কাৰ্য্যৰ বিস্তাৰিত বুৰঞ্জীত পূৰ্বতে কেতিয়াও হোৱা নাছিল। যিহোৱাৰ সাক্ষীসকলে পূৰ্বতে অধিক পৰিমাণে তাড়নাৰ কেতিয়াও সন্মুখীন হোৱা নাছিল। নাজীৰ যাতনা শিবিৰীত শ শ লোকক প্ৰাণদণ্ড দিয়া হʼল। বৰ্তমান সময়তো কিছুমান দেশত যিহোৱাৰ সাক্ষীসকলৰ ওপৰত প্ৰতিবন্ধ লগোৱা হৈছে আৰু আন কিছুমান দেশত তেওঁলোকক গ্ৰেপ্তাৰ, কাৰাবাস, অত্যাচাৰ আৰু হত্যা কৰা হৈছে। এই সকলোবোৰক যীচুৱে চিহ্ন হিচাবে আগতেই উল্লেখ কৰিছিল।
প্ৰকাশিত বাক্য ১১:১৭ পদত ভৱিষ্যতবাণী কৰাৰ অনুসাৰে, যিহোৱাৰ বিশ্বাসী সাক্ষীসকলৰ ওপৰতৰ “পৰজাতিবিলাকৰ খং উঠিছিল” আৰু ইয়ে নিৰ্দ্দেশিত কৰিছে যে যিহোৱাই সেই জাতিবিলাকৰ অহিতে ‘নিজৰ ক্ৰোধ’ প্ৰকাশ কৰিব। সেই পদত কৈছে যে ঈশ্বৰে ‘পৃথিৱী নাশকবিলাকক নাশ কৰিবৰ সময় উপস্থিত হʼল।’ মানৱ ইতিহাসত আগতে কেতিয়াও এই পৃথিৱীখনৰ অৱস্থা ইমান প্ৰাণঘাটক হোৱা নাছিল। যিহেতু এতিয়া সম্পূৰ্ণকৈ ভিন্ন পৰিস্থিতিলৈ পৰিণত হৈছে! বহুতো বৈজ্ঞানীকে সতৰ্কবাণী দিছে যে যদি মানুহে পৃথিৱীখনক একেইদৰে প্ৰদূষণ কৰি থাকে, তেনেহʼলে এই পৃথিৱীখনত বাস কৰাটো অনুপযুক্ত হৈ পৰিব। কিন্তু যিহোৱাই “বাসস্থানৰ নিমিত্তেহে” পৃথিৱীখনক সৃষ্টি কৰিছিল। সেয়েহে এই পৃথিৱীখনক প্ৰদূষণেৰে সম্পূৰ্ণকৈ নাশ কৰাৰ পূৰ্বেই যিহোৱাই সেইবোৰক আঁতৰ কৰিব।—যিচয়া ৪৫:১৮.
ঈশ্বৰৰ ৰাজ্যৰ অধীনত এই পৃথিৱীত আশীৰ্ব্বাদ
ঈশ্বৰৰ ৰাজ্যৰ অধীনত এই পৃথিৱীত লোকসকলে বাস কৰা বিষয়টোৱে বাইবেলক বিশ্বাস কৰা ব্যক্তিসকলক বিস্মিত কৰি তুলে, যিসকলে বিশ্বাস কৰে যে সকলোকে ৰক্ষা কৰি স্বৰ্গলৈ নিয়া হʼব। বাইবেলত দেখুৱাইছে যে কেৱল এক সীমিত সংখ্যাৰ লোকহে স্বৰ্গত যাব আৰু এক বৰ লোকসমূহে এই পৃথিৱীত চিৰকালৰ বাবে বাস কৰিব। (গীতমালা ৩৭:১১, ২৯; প্ৰকাশিত বাক্য ৭:৯; ১৪:১-৫) বাইবেলৰ দানিয়েল নামৰ পুস্তকত ভৱিষ্যতবাণী কৰা হৈছে যে খ্ৰীষ্টৰ অধীনত ঈশ্বৰৰ ৰাজ্যই পৃথিৱীখন ধাৰ্ম্মিকলোকেৰে পৰিপূৰ্ণ আৰু তেওঁলোকৰ ওপৰত ঈশ্বৰে শাসন কৰিব।
খ্ৰীষ্টৰ ৰাজ্যখন, যিহোৱাৰ পৰ্ব্বতস্বৰূপ আধিপত্যৰ পৰা কাটি উলিয়াই অনা সেই শিলাখণ্ডক চিহ্নিত কৰিছে। এই শিলাখণ্ডই বৰ্তমানে পৃথিৱীত অস্তিত্বত থকা মূৰ্ত্তিৰূপী শক্তিশালী জাতিবোৰক ধ্বংস কৰিব আৰু “যি শিলটোৱে মূৰ্ত্তিটোক খুন্দা মাৰিছিল, সেয়ে পৰ্ব্বত হৈ গোটেই পৃথিবী জুৰিলে।” সেই ভৱিষ্যতবাণীত আগলৈ এইদৰে কোৱা হৈছে: “সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব, আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহব; কিন্তু সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।”—দানিয়েল ২:৩৪, ৩৫, ৪৪.
ইয়েই হৈছে সেই ৰাজ্য আৰু শাস্ত্ৰই প্ৰদান কৰা অনন্ত জীৱনৰ আশা যাৰ বিষয়ে যিহোৱাৰ সাক্ষীসকলে আপোনাক কবলৈ ইচ্ছুক আৰু এই ৰাজ্যই পৃথিৱীখনক সুন্দৰ, পৰিষ্কাৰ পৰিস্থিতিলৈ ৰূপান্তৰিত কৰিব। বৰ্তমান জীয়াই থকা আৰু কবৰত থকা লাখ-লাখ লোকে সেই পৃথিৱীত চিৰকালে একেলগে থাকিবলৈ সুযোগ পাব। তাৰ পিছত যীচুৰ হাজাৰ বছৰীয়া শাসনে এই পৃথিৱীত আৰম্ভণিতে যিহোৱাই যি উদ্দেশ্যেৰে প্ৰথম মানৱ দম্পতীক নিৰ্ম্মাণ কৰিছিল, সেই উদ্দেশ্যক সম্পন্ন কৰিব। এই পৰমদেশীয় পৃথিৱীত থাকিবলৈ আমি কেতিয়াও বিৰক্ত অনুভৱ নকৰিম। যিদৰে আদমক এদন বাগিছাক চোৱা-চিতা কৰিবলৈ নিযুক্ত দিয়া হৈছিল, তেনেদৰে মানৱজাতিক এই পৃথিৱীত জীৱ-জন্তু, গছ-গছনিবোৰক চোৱা-চিতা কৰিবলৈ অনেক কাৰ্য্য দিয়া হʼব। তেওঁলোকে “নিজ নিজ হাতেৰে কৰা কাৰ্য্যৰ ফল বহুকাললৈকে ভোগ কৰিব।”—যিচয়া ৬৫:২২; আদিপুস্তক ২:১৫.
এনে পৰিস্থিতি যে বাস্তৱতে পূৰ্ণ হʼব, এই সংক্ৰান্তত বহুতো শাস্ত্ৰীয় পদত প্ৰমাণ পোৱা যায়। যেতিয়া যীচুৱে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল তেতিয়া তেওঁ এইদৰে কৈছিল: “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।” (মথি ৬:১০) এতেকে আঁহক আমি এইটো জানি সন্তুষ্টি লাভ কৰোঁহঁক, যʼত এইদৰে কোৱা হৈছে: “মই সেই সিংহাসনৰ পৰা এই মহা আকাশী বাণী শুনিলোঁ, সৌৱা চোৱা, মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস, আৰু তেওঁবিলাকৰ সহিত তেওঁ নিবাস কৰিব; তেওঁবিলাক তেওঁৰ লোক হব, আৰু ঈশ্বৰ নিজে তেওঁবিলাকৰ সঙ্গী হৈ তেওঁবিলাকৰ ঈশ্বৰ হব; আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল। পাছে সিংহাসনৰ ওপৰত বহা জনাই কলে, চোৱা, মই সকলোকে নতুন কৰোঁ। তেওঁ আৰু কলে, লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।”—প্ৰকাশিত বাক্য ২১:৩-৫.
[Blurb on page 15]
“ভয়ঙ্কৰ সময় উপস্থিত হব,”
কিন্তু “তেতিয়াহে শেষ হব”
[Picture on page 18]
নেদাৰলেণ্ড
[Picture on page 18]
নাইজিৰিয়া