Skip to content

Skip to table of contents

তেওঁলোকে কি বিশ্বাস কৰে?

তেওঁলোকে কি বিশ্বাস কৰে?

তেওঁলোকে কি বিশ্বাস কৰে?

তেওঁলোকে আকাশ আৰু পৃথিৱী সৃষ্টি কৰা সৰ্ব্বশক্তিমান যিহোৱা ঈশ্বৰক বিশ্বাস কৰে। গোটেই বিশ্বত সৃষ্টি কৰা আচৰিত বস্তুসমূহে সকলোতকৈ জ্ঞানী আৰু শক্তিশালী সৃষ্টিকৰ্ত্তাজনৰ অস্তিত্ব থকা প্ৰমাণ দিয়ে। যিদৰে পুৰুষ আৰু স্ত্ৰীয়ে কাৰ্য্যৰ দ্বাৰা নিজৰ গুণসমূহ প্ৰকাশ কৰে, ঠিক সেইদৰে যিহোৱাৰ সৃষ্টিৰ দ্বাৰা তেওঁৰ গুণবোৰ প্ৰকাশ পায়। বাইবেলে আমাক এইদৰে কৈছে, “তেওঁৰ . . . অদৃশ্য গুণবোৰ জগতৰ সৃষ্টিকালৰে পৰা তেওঁৰ নানা কাৰ্য্যত বোধগম্য হৈ, স্পষ্টকৈ দেখা গৈছে।” তথাপিও কোনো শব্দ বা বাক্য উচ্চাৰণ নকৰাকৈ “গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে।”​—⁠ৰোমীয়া ১:⁠২০; গীতমালা ১৯:⁠১-​৪.

কোনো মানুহে উদ্দেশ্যহীনভাৱে কোনো মাটিৰ পাত্ৰ বা টেলিভিছন আৰু কম্পিউটাৰ নিৰ্ম্মাণ নকৰে। ঈশ্বৰে এই পৃথিৱীত গছ-গছনি আৰু জীৱ-জন্তুক সকলোতকৈ আচৰিতভাৱে সৃষ্টি কৰিলে। মানুহৰ শৰীৰত থকা কোটি কোটি কোষসমূহৰ বিষয়ে বুজাটো হৈছে আমাৰ বোধগম্যৰ বাহিৰত। উদাহৰণস্বৰূপে, আমি বিবেচনা আৰু চিন্তা কৰা আমাৰ মগজুক কিমান যে আচৰিতৰূপে সৃষ্টি কৰা হৈছে! মানুহে আৱিষ্কাৰ কৰা বস্তুসমূহত যদি উদ্দেশ্য থাকে, তেনেহʼলে ইয়াত কোনো সন্দেহ নাই যে যিহোৱা ঈশ্বৰে কৰা আচৰিত সৃষ্টিসমূহতো নিশ্চয়ে এটা উদ্দেশ্য আছে! হিতোপদেশ ১৬:⁠৪ পদত এইদৰে কৈছে: “যিহোৱাই নিজ অভিপ্ৰায়ৰ নিমিত্তে সকলোকে সৃষ্টি কৰিলে।”

যিহোৱাই এটা উদ্দেশ্যৰে পৃথিৱীখন নিৰ্ম্মাণ কৰিছিল, সেয়েহে তেওঁ প্ৰথম মানৱ দম্পতীক এইদৰে কৈছিল: “তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা, . . . আৰু সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, আৰু পৃথিবীত বগাই ফুৰা সকলো জীৱজন্তুৰ ওপৰত অধিকাৰ চলোৱা।” (আদিপুস্তক ১:⁠২৮) যিহেতু সেই দম্পতীয়ে অৱজ্ঞাকাৰী হোৱাৰ বাবে এই পৃথিৱীখন ধাৰ্ম্মিক মানৱ পৰিয়ালেৰে পৰিপূৰ্ণ, গছ-গছনি আৰু জীৱ-জন্তুবোৰক চোৱা-চিতা কৰাত বিফল হʼল। কিন্তু তেওঁলোকৰ তেনে বিফলতাত যিহোৱাৰ উদ্দেশ্য বিফল নহʼল। সেই ঘটনা ঘটিত হোৱা হাজাৰ হাজাৰ বছৰৰ পিছত এইদৰে লিখা হʼল: “ঈশ্বৰ যি জনা পৃথিবীৰ . . . স্থাপন কৰিলে, যি জনাই অনৰ্থকৰূপে সৃষ্টি নকৰি,” তেওঁ “বাসস্থানৰ নিমিত্তেহে তাক নিৰ্ম্মাণ কৰিলে।” এই পৃথিৱীখন ধ্বংস হʼবলৈ নহয়, কিন্তু “পৃথিবী সদায়” থাকিবলৈহে সৃষ্টি কৰিলে। (যিচয়া ৪৫:⁠১৮; উপদেশক ১:⁠৪) যিহোৱাই পৃথিৱীৰ প্ৰতি থকা উদ্দেশ্যৰ বিষয়ে এইদৰে কৈছিল: “মোৰ কল্পনা থিৰে থাকিব, আৰু মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিম।”​—⁠যিচয়া ৪৬:⁠১০.

সেয়েহে যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে এই পৃথিৱীখন চিৰকালৰ বাবে অস্তিত্বত থাকিব, যি মৃত আৰু জীৱিত লোকসকলে তেওঁৰ উদ্দেশ্যক শুশোভিত কৰে তেওঁলোকে এই পৃথিৱীৰ বাসস্থানত চিৰকলীয়া জীৱন-যাপন কৰিব। সকলো মানুহে আদম আৰু হৱাৰ পৰা অসিদ্ধতাক উত্তৰাধিকাৰৰূপে পোৱাৰ বাবে তেওঁলোক পাপত জন্ম হʼল। (ৰোমীয়া ৫:⁠১২) বাইবেলে আমাক এইদৰে কৈছে: “পাপৰ বেচ মৃত্যু।” “কিয়নো জীৱিত লোকবিলাকে মৰিম বুলি জানে; কিন্তু মৃত লোকবিলাকে একোকেই নাজানে।” “যি প্ৰাণীয়ে পাপ কৰে, সেই প্ৰাণীহে মৰিব।” (ৰোমীয়া ৬:⁠২৩; উপদেশক ৯:⁠৫; যিহিষ্কেল ১৮:⁠৪, ২০) তেতিয়াহʼলে মৃতবিলাকে এই পৃথিৱীত জিয়াই থকাৰ আশীৰ্ব্বাদসমূহ লাভ কৰিবলৈ পুনৰাই জী উঠিব পাৰিবনে? একমাত্ৰ যীচু খ্ৰীষ্টৰ মুক্তিপণ বলিদানৰ দ্বাৰা এইটো সম্ভৱ, কিয়নো তেওঁ এইদৰে কৈছিল: “ময়েই পুনৰুত্থানো আৰু জীৱনো। যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ মৰিলেও জীব।” “মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি, . . . পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে।”​—⁠যোহন ৫:⁠২৮, ২৯; যোহন ১১:⁠২৫; মথি ২০:⁠২৮.

এইটো কেনেকৈ হʼব? সেই বিষয়ে যীচুৱে এই পৃথিৱীত আৰম্ভ কৰা “ৰাজ্যৰ শুভবাৰ্ত্তা” প্ৰচাৰ কাৰ্য্যত বৰ্ণনা কৰিছিল। (মথি ৪:⁠১৭-​২৩) কিন্তু বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে এক বিশেষ প্ৰকাৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিছে।

[Chart on page 13]

যিহোৱাৰ সাক্ষীসকলকে কি বিশ্বাস কৰে

বিশ্বাস কৰাৰ শাস্ত্ৰীয় কাৰণসমূহ

বাইবেল হৈছে ঈশ্বৰৰ বাক্য আৰু সত্য ২ তীম. ৩:⁠১৬, ১৭; ২ পিত. ১:⁠২০, ২১;

যোহ. ১৭:⁠১৭

পৰম্পৰাগত ৰীতি-নীতিতকৈ বাইবেলখন হৈছে অধিক ভাৰসাযুক্ত মথি ১৫:⁠৩; কল. ২:⁠৮

ঈশ্বৰৰ নাম হৈছে যিহোৱা গীত. ৮৩:⁠১৮; যিচ. ২৬:⁠৪;

যিচ. ৪২:⁠৮; যাত্ৰা. ৬:⁠৩

খ্ৰীষ্ট হৈছে ঈশ্বৰৰ পুত্ৰ আৰু তেওঁ ঈশ্বৰতকৈ নিম্ন মথি ৩:⁠১৭; যোহ. ৮:⁠৪২; ১৪:⁠২৮; 

২০:⁠১৭; ১ কৰি. ১১:⁠৩; ১ কৰি. ১৫:⁠২৮

খ্ৰীষ্ট হৈছে ঈশ্বৰৰ সৃষ্টিৰ প্ৰথমজাত কল. ১:⁠১৫; প্ৰকা. ৩:⁠১৪

খ্ৰীষ্ট ক্ৰুচত নহয়, কিন্তু স্তম্ভত মৃত্যু হৈছিল গালা. ৩:⁠১৪; পাঁচ. ৫:⁠৩০

খ্ৰীষ্টই নিজৰ মানৱ জীৱন আজ্ঞাকাৰী মানৱৰ বাবে মুক্তিপণ মথি ২০:⁠২৬; ১ তীম. ২:⁠৫, ৬;

হিচাবে দান কৰিলে ১ পিত. ২:⁠২৪

খ্ৰীষ্টই এবাৰ দিয়া বলিদানেই যথেষ্ট ৰোমী. ৬:⁠১০; ইব্ৰী ৯:⁠২৫-​২৮

খ্ৰীষ্টই অবিনাশী আত্মিক ব্যক্তি হৈ মৃত্যুৰ পৰা জী উঠিল ১ পিত. ৩:⁠১৮; ৰোমী. ৬:⁠৯;

প্ৰকা. ১:⁠১৭, ১৮

খ্ৰীষ্টই আত্মিক ব্যক্তি হৈ উপস্থিত হʼব যোহ. ১৪:⁠১৯; মথি ২৪:⁠৩;

২ কৰি. ৫:⁠১৬; গীত. ১১০:⁠১, ২

বৰ্তমান আমি “শেষ-কালত” বাস কৰি আছোঁ মথি ২৪:⁠৩-​১৪; ২ তীম. ৩:⁠১-​৫;

লূক ১৭:⁠২৬-​৩০

খ্ৰীষ্টৰ অধীনত ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত ধাৰ্ম্মিকতা যিচ. ৯:⁠৬, ৭; যিচ. ১১:⁠১-​৫;

আৰু শান্তিৰে শাসন কৰিব দানি. ৭:⁠১৩, ১৪; মথি ৬:⁠১০

ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত জীয়াই থকাৰ এক উচ্চমান গীত. ৭২:⁠১-​৪;

পৰিস্থিতি আনিব প্ৰকা. ৭:⁠৯, ১০, ১৩-​১৭; প্ৰকা. ২১:⁠৩, ৪

এই পৃথিৱীখন কেতিয়াও ধ্বংস বা জনশূন্য নহʼব উপ. ১:⁠৪; যিচ. ৪৫:⁠১৮;

গীত. ৭৮:⁠৬৯

ঈশ্বৰে বৰ্তমানৰ ৰীতি-ব্যৱস্থাক হৰমাগিদোনৰ যুদ্ধত ধ্বংস কৰিব প্ৰকা. ১৬:⁠১৪, ১৬;

চফ. ৩:⁠৮; দানি. ২:⁠৪৪; যিচ. ৩৪:⁠২;

যিচ. ৫৫:⁠১০, ১১

দুষ্ট লোকসকলক চিৰকালৰ বাবে ধ্বংস কৰা হʼব মথি ২৫:⁠৪১-​৪৬; ২ থিচ. ১:⁠৬-৯

যিসকলে ঈশ্বৰৰ অনুমোদন লাভ কৰিব তেওঁলোকে চিৰকালৰ যোহ. ৩:⁠১৬; যোহ. ১০:⁠২৭, ২৮;

বাবে জীয়াই থকাৰ আশীৰ্ব্বাদ প্ৰাপ্ত কৰিব যোহ. ১৭:⁠৩; মাৰ্ক ১০:⁠২৯, ৩০

কেৱল এটাহে জীৱনৰ পথ আছে মথি ৭:⁠১৩, ১৪; ইফি. ৪:⁠৪, ৫

আদমৰ পাপৰ বাবে সকলো মানুহৰ মৃত্যু হয় ৰোমী. ৫:⁠১২; ৬:⁠২৩

মৃত্যুত এজন ব্যক্তিৰ প্ৰাণ সম্পূৰ্ণকৈ অস্তিত্বহীন হয় যিহি. ১৮:⁠৪; উপ. ৯:⁠১০;

গীত. ৬:⁠৫; গীত. ১৪৬:⁠৪; যোহ. ১১:⁠১১-​১৪

নৰক হৈছে মানৱজাতিৰ সাধাৰণ কবৰ ইয়ো. ১৪:⁠১৩; প্ৰকা. ২০:⁠১৩, ১৪

মৃতবিলাকৰ পুনৰুত্থান হোৱাৰ আশা আছে ১ কৰি. ১৫:⁠২০-​২২; যোহ. ৫:⁠২৮, ২৯;

যোহ. ১১:⁠২৫, ২৬

আদমৰ পৰা অহা মৃত্যু লুপ্ত হʼব ১ কৰি. ১৫:⁠২৬, ৫৪; প্ৰকা. ২১:⁠৪;

যিচ. ২৫:⁠৮

১,৪৪,০০০ জনেৰে গঠিত কেৱল তাকৰ জাকটিয়ে স্বৰ্গলৈ লূক ১২:⁠৩২; প্ৰকা. ১৪:⁠১, ;

গৈ খ্ৰীষ্টৰ সৈতে শাসন কৰিব ১ কৰি. ১৫:⁠৪০-​৫৩; প্ৰকা. ৫:⁠৯, ১০

১,৪৪,০০০ জনে পুনৰাই ঈশ্বৰৰ আত্মিক পুত্ৰ হিচাবে ১ পিত. ১:⁠২৩; যোহ. ৩:⁠৩;

জন্মগ্ৰহণ কৰিছে প্ৰকা. ৭:⁠৩, ৪

আত্মিক ইস্ৰায়েলসকলৰ সৈতে এটি নতুন নিয়ম স্থাপন কৰা হʼল যিৰি. ৩১:⁠৩১; ইব্ৰী ৮:⁠১০-​১৩

খীষ্টৰ মণ্ডলী তেওঁৰ ওপৰত স্থাপিত কৰা হʼল ইফি. ২:⁠২০; যিচ. ২৮:⁠১৬;

মথি ২১:⁠৪২

খ্ৰীষ্টৰ যোগেদিহে যিহোৱালৈ প্ৰাৰ্থনা কৰা আৱশ্যক যোহ. ১৪:⁠৬, ১৩, ১৪;

১ তীম. ২:⁠৫

উপাসনাৰ বাবে কোনো মূৰ্ত্তি ব্যৱহাৰ কৰা উচিত নহয় যাত্ৰা. ২০:⁠৪, ৫; লেবী. ২৬:⁠১;

১ কৰি. ১০:⁠১৪; গীত. ১১৫:⁠৪-৮

প্ৰেতাত্মাবাদ নিশ্চয়ে বৰ্জ্জন কৰা উচিত দ্বিতী. ১৮:⁠১০-​১২;

গালা. ৫:⁠১৯-​২১; লেবী. ১৯:⁠৩১

চয়তান হৈছে এই জগতৰ অদৃশ্য শাসক ১ যোহ. ৫:⁠১৯; ২ কৰি. ৪:⁠৪;

যোহ. ১২:⁠৩১

এজন খ্ৰীষ্টান ব্যক্তিয়ে কোনো আন ধৰ্ম্মীয়বিশ্বাসৰ কাৰ্য্যসমূহত ২ কৰি. ৬:⁠১৪-​১৭; 

১১:⁠১৩-​১৫; গালা. ৫:⁠৯; দ্বিতী. ৭:⁠১-​৫.

এজন খ্ৰীষ্টান ব্যক্তিয়ে অৱশ্যেই এই জগতৰ ভাগ হোৱা যাকো. ৪:⁠৪; ১ যোহ. ২:⁠১৫;

উচিত নহয় যোহ. ১৫:⁠১৯; যোহ. ১৭:⁠১৬

ঈশ্বৰৰ নিয়মৰ সৈতে বিৰোধীতা নোহোৱা মানুহৰ নিয়মসমূহক মথি ২২:⁠২০, ২১;

পালন কৰা ১ পিত. ২:⁠১২; ১ পিত. ৪:⁠১৫

মুখেৰে বা ইঞ্জেক্‌চনেৰে শৰীৰত তেজ লোৱাৰ অৰ্থ হৈছে ঈশ্বৰৰ আদি. ৯:⁠৩, ৪; লেবী. ১৭:⁠১৪;

ব্যৱস্থাক উলঙ্ঘন কৰা পাঁচ. ১৫:⁠২৮, ২৯

নৈতিকতাৰ বিষয়ে দিয়া বাইবেলৰ নিয়মসমূহক নিশ্চয়ে পালন কৰা ১ কৰি. ৬:⁠৯, ১০;

আৱশ্যক ইব্ৰী ১৩:⁠৪; ১ তীম. ৩:⁠২; হিতো. ৫:⁠১-​২৩

কেৱল ইহুদীসকলক বিশ্ৰাম-দিন পালন কৰিবলৈ আজ্ঞা দিছিল আৰু দ্বিতী. ৫:⁠১৫; যাত্ৰা. ৩১:⁠১৩;

মোচিৰ নিয়ম ব্যৱস্থাৰ সৈতে ইয়াৰো অন্ত পৰিল ৰোমী. ১০:⁠৪;

গালা. ৪:⁠৯, ১০; কল. ২:⁠১৬, ১৭

যাজক বা পাদুৰী বৰ্গ আৰু বিশেষ উপাধি গ্ৰহণ কৰাটো উচিত নহয় মথি ২৩:⁠৮-​১২; ২০:⁠২৫-​২৭

সৃষ্টিত মানুহ জড়িত নাছিল, কিন্তু মানুহক সৃষ্টি কৰা হৈছিল যিচ. ৪৫:⁠১২; আদি. ১:⁠২৭;

মথি ১৯:⁠৪

খ্ৰীষ্টই ৰখা আৰ্হিক অনুকৰণ কৰি ঈশ্বৰক উপাসনা কৰা উচিত ১ পিত. ২:⁠২১; ইব্ৰী ১০:⁠৭;

যোহ. ৪:⁠৩৪; যোহ. ৬:⁠৩৮

সম্পূৰ্ণকৈ পানীত নিমজ্জিত হৈ বাপ্তিষ্মা লোৱাটো সমৰ্পণক চিহ্নিত কৰে মাৰ্ক ১:⁠৯, ১০;

যোহ. ৩:⁠২৩; পাঁচ. ১৯:⁠৪, ৫

খ্ৰীষ্টানসকলে আনন্দিত হৈ ৰাইজৰ আগত শাস্ত্ৰীয় সত্যতাক প্ৰচাৰ কৰে ৰোমী. ১০:⁠১০;

ইব্ৰী ১৩:⁠১৫; যিচ. ৪৩:⁠১০-​১২

[Picture on page 12]

পৃথিৱীখন . . . যিহোৱাৰ দ্বাৰা সৃষ্টি কৰা হʼল . . . চোৱা-চিতা কৰিবলৈ মানুহক . . . চিৰকালৰ বাসস্থানৰ বাবে দিয়া হʼল