তেওঁলোকে শুভবাৰ্ত্তা প্ৰচাৰ কৰা পদ্ধতিসমূহ
তেওঁলোকে শুভবাৰ্ত্তা প্ৰচাৰ কৰা পদ্ধতিসমূহ
খ্ৰীষ্টানসকলক “সকলো জাতিকে শিষ্য” বনাবলৈ আজ্ঞা দিয়া হৈছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে লোকসকলক বলেৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰে বা তেওঁলোকক ধৰ্ম্ম পৰিৱৰ্তন কৰিবলৈ বাধ্য কৰে। যীচুৱে “নম্ৰ লোকবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ,” আৰু “ভগ্নচিত্তীয়াবিলাকৰ ঘা বান্ধিবলৈ,” আজ্ঞা দিছিল। (মথি ২৮:১৯; যিচয়া ৬১:১, ২; লূক ৪:১৮, ১৯) যিহোৱাৰ সাক্ষীসকলে বাইবেল আধাৰিত শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দ্বাৰা তেনে সহায় কৰিবলৈ বিচাৰে। প্ৰাচীন সময়ত থকা ভৱিষ্যতবক্তা যিহিষ্কেলৰ দৰে বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলেও “সকলো ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা মানুহক” বিচাৰি উলিয়াবলৈ চেষ্টা কৰে।—যিহিষ্কেল ৯:৪.
তেওঁলোকে বৰ্তমানৰ পৰিস্থিতিত দুখ-কষ্ট ভোগী থকা লোকসকলক বিচাৰি উলিয়াবলৈ চেষ্টা কৰাৰ সকলোতকৈ পৰিচিত পদ্ধতিটো হৈছে ঘৰে-ঘৰে গৈ অনুসন্ধান কৰা। তেওঁলোকে এক সঠিক মনোবৃত্তি বজাই ৰাখি ৰাইজক সাক্ষাৎ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰাত যীচুৰ আৰ্হিক অনুকৰণ কৰে। কিয়নো যীচুৱে নিজেই “নগৰে নগৰে গাৱেঁ গাৱেঁ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা আৰু প্ৰচাৰ কৰি ফুৰিছিল।” একেইদৰে যীচুৰ প্ৰাচীন সময়ৰ শিষ্যসকলেও কৰিছিল। (লূক ৮:১; ৯:১-৬; ১০:১-৯) বৰ্তমান সময়ত যিমান সম্ভৱ যিহোৱাৰ সাক্ষীসকলে বছৰটোত প্ৰত্যেকটো ঘৰলৈ কেইবা বাৰো গৈ গৃহস্থৰ সৈতে কিছুমান স্থানীয় বা জগতত ঘটি থকা কোনো আগ্ৰহপূৰ্ণ বা বিবেচনাপূৰ্ণ বিষয়ত কথোপকথন কৰিবলৈ অলপ সময় অতিবাহিত কৰে। তেওঁলোকে সেই বিষয়ে বিবেচনা কৰিবলৈ এটা বা দুটা শাস্ত্ৰীয় পদ দেখুৱাই আৰু যদি গৃহস্থই অধিককৈ জানিবলৈ ইচ্ছুক হয়, তেনেহʼলে সাক্ষীসকলে তেওঁলোকৰ সুবিধা অনুসাৰে পুনৰ সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰে। তদুপৰি, যদি গৃহস্থই আগ্ৰহী হয় তেনেহʼলে তেওঁলোকক বাইবেল আধাৰিত আলোচনী বা সাহিত্য প্ৰদান কৰে আৰু তেওঁৰ সৈতে বিনামূলীয়া বাইবেল অধ্যয়ন আৰম্ভ কৰা হয়। বিশ্বজুৰি লাখ-লাখ সাক্ষীসকলে আগ্ৰহী ব্যক্তি আৰু পৰিয়ালসমূহৰ সৈতে নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰি তেওঁলোকলৈ সহায় আগবঢ়াইছে।
স্থানীয় ৰাজ্যগৃহত আয়োজিত কৰা সভাসমূহ হৈছে আন এটা পদ্ধতি যাৰ দ্বাৰা “ৰাজ্যৰ এই শুভবাৰ্ত্তা” প্ৰচাৰ কৰা হয়। সাক্ষীকলে সপ্তাহিকৰূপে সভাসমূহ পৰিচালনা কৰে। ইয়াৰে এখন সভা হৈছে ৰাজহুৱা ভাষণ, যাৰ বিষয়বস্তু চলিত কোনো পৰিস্থিতি বা অৱস্থাৰ ওপৰত আধাৰিত আৰু তাৰ পিছত প্ৰহৰীবুৰুজ আলোচনীৰ অধ্যয়ন কৰা হয়, যাৰ বিষয়বস্তু বাইবেলত বৰ্ণনা
কৰা ভৱিষ্যতবাণীৰ ওপৰত আধাৰিত। আন এটা সভাক স্কুলৰূপে পৰিচালনা কৰা হয়, যʼত সাক্ষীসকলক উত্তমৰূপে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ প্ৰশিক্ষণ দিয়া হয়। তাৰ পিছৰটো কাৰ্য্যক্ৰমত স্থানীয় এলেকাবোৰত সাক্ষী দিয়াৰ সম্পৰ্কে আলোচনা কৰা হয়। ইয়াৰ উপৰিও সপ্তাহত এবাৰকৈ সাক্ষীসকলে ব্যক্তিগত ঘৰবোৰত সৰু সৰু সমূহত একত্ৰিত হৈ বাইবেল অধ্যয়ন কৰে।এই সকলোবোৰ সভাত ৰাইজক আহিবলৈ আমন্ত্ৰিত কৰা হয়। ইয়াৰ বাবে কোনো মূল্য আদায় কৰাৰ আৱশ্যক নাই। সেই সভাসমূহ সকলোৰে বাবে লাভজনক। এই সম্পৰ্কে বাইবেলত এইদৰে কৈছে: “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ আমি পৰস্পৰে মনোযোগ কৰোঁহঁক আৰু কোনো কোনোৰ দস্তুৰমতে আমি গোট খাবলৈ নেৰি, দিন যিমান ওচৰ হোৱা দেখা, সিমান অধিককৈ পৰস্পৰে উদগাওঁহঁক।” ব্যক্তিগতভাৱে অধ্যয়ন কৰা আৰু অনুসন্ধান কৰাটো হৈছে এক আৱশ্যকীয় কৰ্তব্য, কিন্তু ইয়াৰ উপৰিও আনৰ সৈতে সভাত উপস্থিত হোৱাটো বাস্তৱতে উৎসাহজনক কাৰ্য্য। সেয়েহে শাস্ত্ৰত এইদৰে কোৱা হৈছে: “লোহাই লোহাক চোকা কৰে, তেনেকৈ মানুহেও বন্ধুৰ মুখ উজ্জ্বল কৰে।”—ইব্ৰী ১০:২৪, ২৫; হিতোপদেশ ২৭:১৭.
এই সাক্ষীসকলে দৈনন্দিন জীৱনত লগ পোৱা লোকসকলক সকলো সুযোগতে শুভবাৰ্ত্তা প্ৰচাৰ কৰে। তেওঁলোকে হয়তো বন্ধু-বান্ধৱ বা চুবুৰীয়া আৰু সহকৰ্ম্মীসকলক দুপৰীয়াৰ আহাৰ খোৱা সময়ত অথবা কোনো ঠাইত বাছেৰে, ৰেলেৰে বা উৰাজাহাজেৰে যাত্ৰা কৰা সময়ত যাত্ৰীৰ সৈতে কথা-বতৰা হʼবলৈ কিছুসময় অতিবাহিত কৰিব পাৰে। যীচুৱে এই পৃথিৱীত থকা সময়ছোৱাত কৰা বেছিভাগ প্ৰচাৰ কাৰ্য্য সাগৰৰ দাঁতি, পাহাৰৰ নামনি, অতিথিৰূপে কোনোবা এজনৰ ঘৰলৈ যাওঁতে, বিয়াঘৰত উপস্থিত আৰু নাৱেৰে গালীল সাগৰত যাত্ৰা কৰা সময়ত সম্পন্ন কৰিছিল। ইয়াৰ উপৰিও তেওঁ ইহুদীসকলৰ আৰাধনালয় আৰু যিৰূচালেম মন্দিৰত শিক্ষা দিছিল। যেতিয়াই তেওঁ সুযোগ পাইছিল তেতিয়াই লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল। যিহোৱাৰ সাক্ষীসকলেও তেওঁ ৰাখা আৰ্হিক নিবিড়ভাৱে অনুকৰণ কৰিবলৈ চেষ্টা কৰে।
আৰ্হিৰ দ্বাৰা প্ৰচাৰ কৰা
আপোনাক শুভবাৰ্ত্তা প্ৰচাৰ কৰা জনে যদি নিজেই কোৱাৰ অনুসাৰে জীৱন-যাপন নকৰে তেন্তে তেওঁ কোৱা সেই বাৰ্ত্তা আপোনাৰ বাবে নিশ্চয়ে অৰ্থহীন হʼব। যি কয় তাৰ অনুসাৰে নচলা কাৰ্য্যক কপটাচৰণ বুলি আখ্যা দিয়া হয়। ধৰ্ম্মীয় কপটীয়া ব্যক্তিসকলে আজি বহুতকে বাইবেলৰ বিপৰীতে পৰিচালিত কৰিছে। ইয়াৰ বাবে বাইবেল দায়ী নহয়। অধ্যাপক আৰু ফৰীচীসকলৰ ওচৰতো হীব্ৰু শাস্ত্ৰ আছিল, তথাপিও তেওঁলোকক যীচুৱে কপটীয়া বুলি গৰিহণা দিছিল। তেওঁ তেওঁলোকক মোচিৰ ব্যৱস্থা পঢ়া বুলি উল্লেখ কৰি নিজৰ শিষ্যবিলাকক এইদৰে কৈছিল: “তেওঁবিলাকে তোমালোকক যি আজ্ঞা দিয়ে, সেই সকলোকে পালন আৰু মান্য কৰিবা; কিন্তু তেওঁবিলাকৰ কৰ্ম্মৰ দৰে নকৰিবা।” (মথি ২৩:৩) গতিকে এজন খ্ৰীষ্টানে শুভবাৰ্ত্তা প্ৰচাৰ কৰাত অধিক সময় অতিবাহিত কৰাতকৈ এক ভাল আৰ্হি ৰাখি জীৱন-যাপন কৰাৰ দ্বাৰা অধিক কিছু প্ৰকাশ কৰে। এই বিষয়টো খ্ৰীষ্টান পত্নীসকলকো নিৰ্দ্দেশিত কৰিছে, বিশেষকৈ যিসকলৰ স্বামী সত্যত নাই। তেওঁলোকক উদ্দেশ্য কৰি এইদৰে কোৱা হৈছে: “নিজ নিজ ভাৰ্য্যাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰাই, অৰ্থাৎ তোমালোকৰ ভয়যুক্ত শুচি আচাৰ-ব্যৱহাৰ দেখিলে, তাৰ দ্বাৰাই বিনাবাক্যেৰে যেন তেওঁবিলাকক পোৱা যায়।”—১ পিতৰ ৩:১, ২.
যিহোৱাৰ সাক্ষীসকলে এই পদ্ধতিৰেও আনক শুভবাৰ্ত্তা দিবলৈ চেষ্টা কৰে: তেওঁলোকে খ্ৰীষ্টান আচাৰ-ব্যৱহাৰত এক উত্তম আৰ্হি বজাই ৰাখি আনকো সেইদৰে কৰিবলৈ অনুৰোধ কৰে। তেওঁলোকে ‘আনক তেনে ব্যৱহাৰ কৰাটো বিচাৰে যেনেকৈ তেওঁলোকে আনৰ সৈতে কৰে।’ (মথি ৭:১২) তেওঁলোকে কেৱল সঙ্গী খ্ৰীষ্টান, বুন্ধু-বান্ধৱ, ওচৰ-চুবুৰীয়া বা আত্মীয়-স্বজনৰ সৈতে উত্তম আচৰণ কৰে এনে নহয় কিন্তু সকলো লোকৰ সৈতে উত্তম ব্যৱহাৰ কৰিবলৈও চেষ্টা কৰে। অপৰিপূৰ্ণ হোৱা হেতুকে তেওঁলোকে সদায়ে সম্পূৰ্ণভাৱে সফলতা লাভ কৰিব নোৱাৰে। তথাপিও তেওঁলোকে সকলো লোকক কেৱল ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাই নহয়, কিন্তু যিমান সম্ভৱ তেওঁলোকক সহায় কৰিবলৈও চেষ্টা কৰে। এইয়াই হৈছে তেওঁলোকৰ আন্তৰিক ইচ্ছা।—যাকোব ২:১৪-১৭.
[Picture on page 19]
হাৱাই
[Picture on page 19]
ভেনজুৱেলা
[Picture on page 19]
য়ুগʼস্লাভিয়া
[Pictures on page 20]
ৰাজ্য গৃহসমূহক বাইবেল আলোচনা কৰাৰ বাবেহে নিৰ্ম্মাণ কৰা হৈছে
[Pictures on page 21]
যিহোৱাৰ সাক্ষীসকলে অকপটভাৱে তেওঁলোকে কোৱা অনুসাৰে নিজ পৰিয়ালবৰ্গ আৰু আনৰ সৈতে কৰিবলৈ চেষ্টা কৰে