Skip to content

Skip to table of contents

তেওঁলোক কোন?

তেওঁলোক কোন?

তেওঁলোক কোন?

যিহোৱাৰ সাক্ষীসকলৰ ইচ্ছা এই যে, আপুনি তেওঁলোকৰ সৈতে ভালদৰে পৰিচিত হওক। আপুনি হয়তো তেওঁলোকক আপোনাৰ চুবুৰীত আৰু কাৰ্য্যস্থলত বা দৈনন্দিন কাৰ্য্যৰ বিভিন্ন ক্ষেত্ৰত লগ পাইছে। নতুবা আপুনি হয়তো তেওঁলোকক বাটত আলোচনী বিতৰণ কৰি থকা সময়ত অথবা তেওঁলোকক আপোনাৰ ঘৰত আহি চমুকৈ কথোপকথন হোৱা দেখিছে।

দৰাচলতে, যিহোৱাৰ সাক্ষীসকলে আপোনাত আৰু আপোনাৰ কল্যাণৰ অৰ্থে ইচ্ছুক। তেওঁলোকে আপোনাৰ বন্ধু হোৱাটো আৰু তেওঁলোকৰ নিজৰ সম্পৰ্কে, বিশ্বাস আৰু সংগঠনৰ বিষয়ে কব বিচাৰে। ইয়াৰ উপৰিও তেওঁলোকে আজি আমাৰ জীৱনত ঘটি থকা ভয়ঙ্কৰ পৰিস্থিতি আৰু লোকসকলৰ সম্পৰ্কে চিন্তিত। এই সকলোবোৰ বিষয় জনাবলৈ তেওঁলোকে আপোনালৈ এই ব্ৰচাৰখন আগবঢ়াইছে।

যিহোৱাৰ সাক্ষীসকল হৈছে সাধাৰণ লোক। সাধাৰণতে তেওঁলোকেও আৰ্থিক, শাৰীৰিক আৰু মানসিক সমস্যাৰ সম্মুখীন হয়। তেওঁলোক কোনো সিদ্ধ, ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত বা অভ্ৰান্ত নহয়, তেওঁলোকেও সময়ে সময়ে ভুল-ভ্ৰান্তি কৰে। কিন্তু তেওঁলোকে ভুল অভিজ্ঞতাৰ পৰা শিক্ষা লাভ কৰে আৰু একান্তমনে বাইবেল অধ্যয়ন কৰি সেই ভুলবোৰক শুধৰণী কৰে। তেওঁলোকে ঈশ্বৰৰ ইচ্ছাক পূৰ্ণ কৰিবলৈ নিজকে যিহোৱালৈ সমৰ্পিত কৰিলে আৰু তেওঁলোকৰ সেই সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰে। তেওঁলোকে সকলো কাৰ্য্যতে যিহোৱাৰ বাক্য আৰু তেওঁৰ পবিত্ৰ আত্মাৰ পথ-প্ৰদৰ্শন বিচাৰে।

সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে তেওঁলোকৰ বিশ্বাস কোনো মানুহৰ কল্পিত কথা বা ধৰ্ম্মীয় মূলনীতিৰ ওপৰত নহয়, কিন্তু বাইবেলৰ ওপৰত আধাৰিত। তেওঁলোকেও পাঁচনি পৌলৰ দৰে অনুভৱ কৰে, যিজনে প্ৰেৰিত হৈ এইদৰে কৈছিল: “সকলো মানুহ মিছলীয়া হলেও, ঈশ্বৰ সত্য বুলি মনা হওক।” (ৰোমীয়া ৩:⁠৪ *) যেতিয়া বাইবেল আধাৰিত সত্য শিক্ষা প্ৰদান কৰাৰ প্ৰশ্ন আহে তেতিয়া সাক্ষীসকলে প্ৰাচীন বিৰয়া বাসীৰ আৰ্হিক অনুকৰণ কৰে। কিয়নো বিৰয়া বাসীসকলে পাঁচনি পৌলে প্ৰচাৰ কৰা বাৰ্ত্তা শুনি: “এওঁবিলাকে সম্পূৰ্ণ আগ্ৰহেৰে বাক্য গ্ৰহণ কৰি, এয়ে হয় কি নহয়, তাকে জানিবলৈ নিতৌ নিতৌ শাস্ত্ৰ আলোচনা কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ১৭:⁠১১) যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে তেওঁলোকে নিজৰেই হওক বা আন কোনোৱে দিয়া শিক্ষাই নহওক কিয়, সকলো ধৰ্ম্মৰ শিক্ষা শাস্ত্ৰৰ সামঞ্জস্যত হয় নে নহয় তাক পৰীক্ষা কৰা উচিত। তেওঁলোকে আপোনাকো তেনে কৰিবলৈ আমন্ত্ৰণ জনাইছে। ইয়াৰ বাবে আপুনি তেওঁলোকৰ সৈতে আলোচনা কৰা আৱশ্যক।

ইয়াত কোনো সন্দেহ নাই যে যিহোৱাৰ সাক্ষীসকলে বাইবেলখনক ঈশ্বৰৰ বাক্য বুলি সম্পূৰ্ণকৈ বিশ্বাস কৰে। তেওঁলোকে ইয়াত থকা ৬৬ খন কিতাপক ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত হৈ লিখা আৰু ঐতিহাসিকৰূপে সঠিক বুলি বিবেচনা কৰে। খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰক সাধাৰণতে নতুন নিয়ম আৰু হিব্ৰু শাস্ত্ৰক পুৰণি নিয়ম বুলি কোৱা হয়। সাক্ষীসকলে গ্ৰীক আৰু হিব্ৰু এই দুয়োখন শাস্ত্ৰতে নিৰ্ভৰশীল আৰু শাস্ত্ৰত বৰ্ণনা কৰা বিষয়সমূহ সঙ্কেতিক হওক বা চিহ্নগত নহওক কিয়, তাক তেওঁলোকে বাস্তৱিকৰূপে গ্ৰহণ কৰে। সেয়েহে তেওঁলোকে বাইবেলত বৰ্ণনা কৰা পূৰ্ণ হোৱা ভৱিষ্যতবাণী, বৰ্তমান পূৰ্ণ হৈ থকা আৰু ভৱিষ্যতে পূৰ্ণ হʼবলগীয়া ভৱিষ্যতবাণীৰ বিষয়ে বুজি পাইছে।

তেওঁলোকৰ নাম

তেওঁলোকক যিহোৱাৰ সাক্ষী বুলি কোনে নামকৰণ কৰিলে? তেওঁলোকে নিজেই। কিয়নো এইটো হৈছে এটা বৰ্ণনামূলক নাম, যিয়ে যিহোৱাৰ বিষয়ে, তেওঁৰ ঈশ্বৰত্ব আৰু উদ্দেশ্যৰ বিষয়ে সাক্ষী দিয়ে। যিহেতু “ঈশ্বৰ,” “প্ৰভু” আৰু “সৃষ্টিকৰ্ত্তা” হৈছে ঈশ্বৰৰ উপাধি, যিদৰে কোনো সম্ভ্ৰান্ত লোকক “সভাপতি,” “ৰজা” আৰু “সেনাধ্যক্ষ” বুলি উপাধি দিয়া হয়। প্ৰকৃততে ঈশ্বৰৰ ব্যক্তিগত নাম হৈছে “যিহোৱা,” যিটো এনে এজন ব্যক্তিৰ নাম যিজন হৈছে সৰ্ব্বশক্তিমান ঈশ্বৰ আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। বাইবেলত উল্লেখ কৰা কিতাপ অৰ্থাৎ গীতমালা ৮৩:⁠১৮ পদত এইদৰে কৈছে: “যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।”

যিহোৱা (বা ৰোমান কেথলিক যিৰূচালেম বাইবেল আৰু কিছুমান বাইবেলৰ বিদ্বানৰ অনুসাৰে ইয়াহৱে) নামটো মূল হিব্ৰু শাস্ত্ৰত প্ৰায় ৭,০০০ বাৰ দেখিবলৈ পোৱা যায়। কিন্তু বহুতো বাইবেলত এই নামটোৰ সলনি “ঈশ্বৰ” বা “প্ৰভু” বুলি উল্লেখ কৰিছে। কিছুমান আধুনিক সময়ৰ বাইবেল অনুবাদত ঈশ্বৰৰ নামটো যিহোৱা বা ইয়াহৱে বুলি ব্যৱহাৰ কৰিছে। আমাৰ অসমীয়া পবিত্ৰ বাইবেলৰ যিচয়া ৪২:⁠৮ পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, “মই যিহোৱা, এয়েই মোৰ নাম।”

গতিকে যিহোৱাৰ সাক্ষীসকলে, যিচয়া ৪৩ অধ্যায়ৰ ওপৰত আধাৰিত কৰি তেওঁলোকৰ এই নামটো ধাৰণ কৰিছে। এই জগতখনক আদালতৰ বিচাৰকক্ষত হোৱা নাটকীয় পৰিস্থিতিৰ সৈতে তুলনা কৰি আমি এইদৰে কব পাৰোঁ: যিহোৱাই এই জাতিবিলাকৰ দেৱতাবোৰক নিজ নিজ ধাৰ্ম্মিকতাক প্ৰমাণ কৰিবলৈ অথবা যিহোৱাৰ পক্ষত থকা সাক্ষীসকলৰ বাৰ্ত্তা আৰু সত্যতাৰ বিষয়ে শুনিবলৈ আমন্ত্ৰণ কৰিছে। সেয়েহে যিহোৱাই তেওঁৰ লোকসকলক উদ্দেশ্য কৰি এইদৰে কৈছে: “তোমালোকে জ্ঞান পাই মোত বিশ্বাস কৰিবলৈ, আৰু ময়েই যে তেওঁ, ইয়াক বুজিবলৈ তোমালোকেই মোৰ সাক্ষী আৰু মনোনীত দাস। মোৰ পূৰ্ব্বে কোনো ঈশ্বৰ নিৰ্ম্মিত হোৱা নাই, আৰু মোৰ পাছেও কোনো নহব। মই, ময়েই যিহোৱা, মোৰ বাহিৰে কোনো ত্ৰাণকৰ্ত্তা নাই।”​—⁠যিচয়া ৪৩:⁠১০, ১১.

যীচু জন্ম হোৱা হাজাৰ বছৰৰ পূৰ্বেই যিহোৱাই এই পৃথিৱীত সাক্ষী দিলে। ইব্ৰী ১১ অধ্যায়ত সেই বিশ্বাসী ব্যক্তিসকলৰ কিছুমানৰ বিষয়ে উল্লেখ কৰি ইব্ৰী ১২:⁠১ পদত এইদৰে কৈছে: “এতেকে ইমান মেঘৰূপ সাক্ষীয়ে আমাক বেৰি থকা দেখি, আহাঁ, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি, আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্য্যেৰে দৌৰোঁহঁক।” যীচুৱেও পন্তীয় পীলাতক কৈছিল: “সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ।” সেইবাবে তেওঁক “বিশ্বাসী আৰু সত্য সাক্ষী” বুলিও কোৱা হয়। (যোহন ১৮:⁠৩৭; প্ৰকাশিত বাক্য ৩:⁠১৪) যীচুৱে তেওঁৰ শিষ্যসকলক এইদৰে কৈছিল: “যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে শক্তি পাবা। আৰু যিৰূচালেম আদি কৰি গোটেই যিহূদিয়া আৰু চমৰিয়া দেশত, আৰু পৃথিবীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা।”​—⁠পাঁচনিৰ কৰ্ম্ম ১:⁠৮.

বৰ্তমান সময়ত ৬১,০০,০০০ জনতকৈ অধিক ব্যক্তিয়ে যীচুৰ দ্বাৰা আহিব লগা যিহোৱাৰ ৰাজ্যৰ বিষয়ে ২৩৫ খন দেশত শুভবাৰ্ত্তা প্ৰচাৰ কৰিছে। সেয়েহে তেওঁলোকে উপযুক্তভাৱে নিজকে যিহোৱাৰ সাক্ষী হিচাবে পৰিচয় দিছে।

[Footnote]

^ ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলʼৰ পৰা লোৱা হৈছে। অন্যথা সেই শাস্ত্ৰ পদবোৰৰ পিছত উল্লেখ কৰা হৈছে।

[Blurb on page 4]

তেওঁলোকে ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰিবলৈ নিজকে তেওঁলৈ সমৰ্পণ কৰিলে

[Blurb on page 4]

তেওঁলোকে বাইবেলখনক ঈশ্বৰৰ বাক্য বুলি বিশ্বাস কৰে

[Blurb on page 5]

আদালতৰ বিচাৰকক্ষত হোৱা মোকৰ্দ্দমাৰ নিচিনাকৈ জড়িত থকা সেই নাম

[Blurb on page 5]

২৩৫ খন দেশত ৬১,০০,০০০ জনতকৈ অধিক যিহোৱাৰ সাক্ষী ব্যক্তি আছে

[Picture on page 3]

তেওঁলোক আপোনাৰ প্ৰতি আগ্ৰহী

[Picture on page 4]

প্ৰাচীন হিব্ৰু ভাষাত পোৱা ঈশ্বৰৰ ব্যক্তিগত নাম