Skip to content

Skip to table of contents

শুভবাৰ্ত্তাই আপোনাৰ সমাজৰ বাবে ব্যৱহাৰিক পৰামৰ্শ প্ৰদান কৰে

শুভবাৰ্ত্তাই আপোনাৰ সমাজৰ বাবে ব্যৱহাৰিক পৰামৰ্শ প্ৰদান কৰে

শুভবাৰ্ত্তাই আপোনাৰ সমাজৰ বাবে ব্যৱহাৰিক পৰামৰ্শ প্ৰদান কৰে

বৰ্তমান জগতত আমি প্ৰায়ে এনেদৰে কোৱা শুনিবলৈ পাওঁ: “খ্ৰীষ্টান ধৰ্ম্মৰ সিদ্ধান্তবোৰ ব্যৱহাৰিক নহয়। সেইবোৰে আজিৰ বিশৃংখলাবদ্ধ সমাজত কোনো সহায় কৰিব নোৱাৰে।” যিহেতু হিন্দু নেতা মোহনদাস কে. গান্ধী আৰু ভাৰতৰ ভূতপূৰ্ব্ব ভাইচ্‌ৰয় লৰ্ড আৰʼউইনৰ মাজত হোৱা কথা-বতৰাত এক ভিন্ন মনোবৃত্তি প্ৰকাশ পাইছিল। সেই সময়ত আৰʼউইনে গান্ধীক উদ্দেশ্য কৰি এইদৰে সুধিছিল যে গ্ৰেট বৃটেইন আৰু ভাৰতৰ মাজত হোৱা সমস্যাক কিহে সমাধান কৰিব বুলি আপুনি ভাবে? তেতিয়া গান্ধীয়ে বাইবেলৰ মথি নামৰ কিতাপৰ পাঁচ অধ্যায় খুলি এইদৰে কৈছিল: “যদি আপোনাৰ আৰু মোৰ দেশখনে যীচুৰ পৰ্ব্বতীয় উপদেশৰ অনুসাৰে চলে, তেন্তে আমি কেৱল আমাৰ মাজতেই নহয় কিন্তু গোটেই পৃথিৱীৰ সমস্যা সমাধান কৰিব পাৰিম।”

সেই পৰ্ব্বতীয় উপদেশত আধ্যাত্মিকতা, নম্ৰতা, শান্তিপ্ৰিয় আৰু ধাৰ্ম্মিকতাক প্ৰেম কৰাৰ বিষয়ে উল্লেখ কৰিছে। ইয়াত কেৱল হত্যা কৰা কাৰ্য্যকে বেয়া বুলি কোৱা নাই, যিসকলে আনৰ ওপৰত অত্যন্ত ক্ৰোধ কৰে তেনে কাৰ্য্যকো গৰিহণা দিছে। তদুপৰি, ইয়াত কেৱল ব্যভিচাৰ কাৰ্য্যকে ভৎৰ্সনা কৰিছে এনে নহয়, কিন্তু কামভাৱে চোৱা কাৰ্য্যকো তিৰস্কাৰ কৰিছে। কোনো উপযুক্ত কাৰণ নথকাকৈ বিবাহ-বিচ্ছেদ কৰা কাৰ্য্যক সেই উপদেশত কঠোৰভাৱে বিৰোধ কৰিছে। কিয়নো বিবাহ-বিচ্ছেদৰ বাবে পৰিয়াল ভাঙি যায় আৰু লʼৰা-ছোৱালীয়ে বিভিন্ন সমস্যাৰ সম্মুখীন হবলগীয়া হয়। ইয়াৰ উপৰিও ইয়াত কোৱা কৈছে: ‘আপোনাক পছন্দ নকৰা সকলকো প্ৰেম কৰা, আনক বিচাৰ কৰাৰ পৰা দূৰত থকা, দৰিদ্ৰক সহায় আৰু আনৰ সৈতে তেনে ব্যৱহাৰ কৰা যেনেদৰে আনে আমাক কৰাটো অপেক্ষা কৰোঁ।’ এই সকলো উপদেশৰ অনুসাৰে চলিলে এক বৃহতমাত্ৰাত লাভবান হʼব পাৰে। আপোনাৰ সমাজত লোকবিলাকে যিমানেই সেই উপদেশবোৰ পালন কৰিব সিমানেই সমাজখনৰ উন্নতি হʼব!

যিহোৱাৰ সাক্ষীসকলে এই নিৰ্দ্দেশনাৰ অনুসাৰে চলিবলৈ প্ৰেৰিত হৈছে। বাইবেলে তেওঁলোকক বিবাহৰ প্ৰতি আদৰ কৰিবলৈ শিক্ষা দিছে। তেওঁলোকৰ লʼৰা-ছোৱালীক বাইবেলৰ সিদ্ধান্তৰ অনুসাৰে প্ৰশিক্ষণ দিয়া হৈছে। পৰিয়ালৰ বাবে কি আৱশ্যক তাৰ ওপৰত জোৰ দিয়া হৈছে। একত্ৰিত পৰিয়াল কেৱল সমাজৰে নহয় কিন্তু আপোনাৰ দেশৰ বাবেও লাভজনক। ইতিহাসত এনে বহুতো উদাহৰণ দাঙি ধৰিছে যে যেতিয়াৰ পৰা পৰিয়ালৰ বন্ধন দুৰ্ব্বল আৰু অনৈতিকতা বৃদ্ধি হৈছে তেতিয়াৰ পৰা বিশ্ব শক্তিবোৰৰ পতন হোৱা দেখা গৈছে। যিহোৱাৰ সাক্ষীসকলে কোৱা খ্ৰীষ্টান সিদ্ধান্তবোৰক যিমানেই ব্যক্তি আৰু পৰিয়ালবৰ্গই পালন কৰে, আপোনাৰ সমাজত সিমানেই অপৰাধ আৰু অনৈতিকতাৰ হ্ৰাস হʼব।

আজি সমাজ আৰু দেশত হোৱা সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে জাতিগত পক্ষপাত। ইয়াৰ বিপৰীতে পাঁচনি পৌলে এইদৰে কৈছিল: “তেতিয়া পিতৰে মাত লগাই কলে, ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়।” পাঁচনী পৌলে এইদৰে লিখিছিল: “যিহূদী বা গ্ৰীক আৰু হবই নোৱাৰে, দাস বা স্বাধীন আৰু হবই নোৱাৰে, পুৰুষ আৰু স্ত্ৰীও আৰু হব নোৱাৰে; কিয়নো খ্ৰীষ্ট যীচুত তোমালোক সকলোৱেই এক।” (পাঁচনিৰ কৰ্ম্ম ১০:⁠৩৪, ৩৫; গালাতীয়া ৩:⁠২৮) যিহোৱাৰ সাক্ষীসকলে এই পৰামৰ্শসমূহৰ অনুসাৰে জীৱন-যাপন কৰে। সেয়েহে তেওঁলোকৰ বিশ্বৰ মুখ্য কাৰ্য্যালয়, শাখা কাৰ্য্যালয় আৰু মণ্ডলীবোৰত সকলো জাতি আৰু ভাষাৰ ব্যক্তিসকলে মিলিজুলি কাম কৰে।

আফ্ৰিকা মহাদেশত থকা কিছুমান বিশেষ জাতিয়ে কোনো সংঘৰ্ষ নোহোৱাকৈ কেতিয়াও আন জাতিৰ সৈতে মিলিত হʼব নোৱাৰে। অন্যহাতেদি, যিহোৱাৰ সাক্ষীসকলৰ সন্মিলনসমূহত বিভিন্ন জাতিৰ পৰা অহা বহুতো লোকে একেলগে খোৱা-বোৱা, শুৱা আৰু স্হেনপূৰ্ণ সঙ্গীবৃন্দৰ সৈতে একেলগে উপাসনা কৰে। তেওঁলোকৰ ঐক্যতা দেখি চৰকাৰী বিষয়াসকল আচৰিত হৈছে। উদাহৰণস্বৰূপে, নিউয়ৰ্ক চহৰত আগষ্ট ২, ১৯৫৮ চনত আমেচটাৰডাম নিউজʼত প্ৰকৃত খ্ৰীষ্টানসকলৰ ঐক্যতা দেখি প্ৰশংসা কৰিছিল। দৰাচলতে তেওঁলোকে, পূৰ্বতে উল্লেখ কৰা নিউয়ৰ্ক চহৰত হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনত উপস্থিত হোৱা লাখ-লাখ সাক্ষীসকলৰ একাংশক দেখি এইদৰে শলাগ লʼবলৈ প্ৰেৰিত হৈছিল।

“পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা অহা বেলেগ বেলেগ জাতিৰ লোকসকলক সকলো ঠাইতে কৃষ্ণাঙ্গ, স্বতাঙ্গ আৰু প্ৰাচ্য দেশৰ লোকক আনন্দ আৰু মুকলি মনেৰে একেলগ হোৱা দেখা গৈছে, . . . ১২০ খন দেশৰ পৰা অহা সাক্ষীসকলে একেলগে বাস আৰু শান্তিৰে উপাসনা কৰি প্ৰকাশ কৰিছে যে কেনেকৈ আমেৰিকা বাসীসকলে সহজে এনে কৰিব পাৰে। . . . সেই সন্মিলনখনে এটা জ্বলন্ত উদাহৰণ দাঙি ধৰিলে যে কেনেকৈ লোকসকলে একেলগে থাকি কাৰ্য্য কৰিব পাৰে।”

বহুতে হয়তো কব পাৰে যে খ্ৰীষ্টানসকলৰ সিদ্ধান্ত আধুনিক সময়ৰ বাবে ব্যৱহাৰিক নহয়। তেতিয়াহʼলে আন কিহে কাৰ্য্যকাৰী হʼব পাৰিলে বা পাৰে? বৰ্তমান সময়ত যদি আপোনাৰ সমাজত খ্ৰীষ্টান সিদ্ধান্তসমূহ ব্যৱহাৰ কৰে তেন্তে অধিক লাভবান হʼব পাৰিব আৰু পৃথিৱীত ঈশ্বৰৰ ৰাজ্যৰ অধীনত সকলো ‘জাতি, ফৈদ আৰু ভাষাৰ লোকক’ একত্ৰিত কৰাৰ এক আধাৰশিলা হʼব।​—⁠প্ৰকাশিত বাক্য ৭:⁠৯, ১০.

[Blurb on page 23]

সকলো জাতি আৰু পৃষ্ঠভূমিৰ লোকে একেলগে কাৰ্য্য কৰে

[Blurb on page 24]

খ্ৰীষ্টান সিদ্ধান্তসমূহ হৈছে ব্যৱহাৰিক। ততিয়াহʼলে আন কিহে কাৰ্য্যকাৰী হʼব পাৰিলে?