Skip to content

Skip to table of contents

সাধাৰণতে আগ্ৰহী লোকসকলে সোধা প্ৰশ্নসমূহ

সাধাৰণতে আগ্ৰহী লোকসকলে সোধা প্ৰশ্নসমূহ

সাধাৰণতে আগ্ৰহী লোকসকলে সোধা প্ৰশ্নসমূহ

যদি তেওঁ এজন প্ৰেমময় ঈশ্বৰ তেনেহʼলে কিয় দুষ্টতাক অনুমতি দিছে?

ঈশ্বৰে অৱশ্যে দুষ্টতা আৰু পৃথিৱীত থকা লাখ লাখ লোকক তেওঁলোকৰ নিজ ইচ্ছাৰ অনুসাৰে চলিবলৈ অনুমতি দিছে। উদাহৰণস্বৰূপে, তেওঁলোকে যুদ্ধ, নিৰ্দোষী লʼৰা-ছোৱালীৰ ওপৰত বোমা বৰ্ষণ, পৃথিৱীখনক ধ্বংস আৰু দুৰ্ভিক্ষ উৎপন্ন কৰিছে। লাখ লাখ লোকে ধুমপান কৰি শ্বাসযন্ত্ৰৰ কেন্সাৰ, ব্যভিচাৰ কৰি যৌন সংক্ৰামক ৰোগ, অত্যাধিক মাত্ৰাত মদ্যপান কৰি যকৃত ৰোগ আদি পৰিস্থিতিত ভোগীছে। তেনে লোকসকলে প্ৰকৃততে দুষ্টতাক প্ৰতিৰোধ কৰিব নিবিচাৰে। তেওঁলোকে ইয়াক সম্পূৰ্ণকৈ আঁতৰ কৰিবলৈ কেৱল দণ্ডাজ্ঞা বিচাৰে। তেওঁলোকে কৰা কাৰ্য্যৰ বাবে যেতিয়া কোনো পৰিণাম ভোগে তেতিয়া চিঞৰি কয় যে, “কিয় মই ভোগীবলগীয়া হৈছে?” এই সকলোবোৰৰ বাবে তেওঁলোকে হিতোপদেশ ১৯:⁠৩ পদত কোৱাৰ অনুসাৰে ঈশ্বৰক জগৰীয়া কৰে। যʼত এইদৰে কোৱা হৈছে: “মানুহৰ অজ্ঞানতাই তাৰ গতি লুটিয়ায়, আৰু তাৰ মনে [প্ৰভুৰ, The New English Bible ] ওপৰত বেজাৰ কৰে।” যেতিয়া ঈশ্বৰে তেওঁলোকৰ দুষ্ট কাৰ্য্যবোৰক বন্ধ কৰে তেতিয়া তেওঁলোকে কয় যে সকলো স্বাধীনতাৰ পৰা বঞ্চিত হৈছে!

যিহোৱাই, চয়তানে জনোৱা প্ৰত্যাহ্বানৰ সঠিক প্ৰত্যুত্তৰ দিবলৈহে এই পৃথিৱীত দুষ্টতাক অনুমতি দিছে। কিয়নো চয়তানে কৈছিল যে এই পৃথিৱীত থকা কোনো এজন ব্যক্তিয়ে পৰীক্ষাত ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থাকিব নোৱাৰে। (ইয়োব ১:⁠৬-⁠১২; ২:⁠১-​১০) গতিকে যিহোৱাই চয়তানক সি জনোৱা প্ৰত্যাহ্বানক প্ৰমাণ কৰিবলৈ সুযোগ দিলে। (যাত্ৰাপুস্তক ৯:⁠১৬) সেয়েহে চয়তানে মানৱজাতিক ঈশ্বৰৰ বিমুখ কৰি সি জনোৱা প্ৰত্যাহ্বানক সঁচা প্ৰমাণিত কৰিবলৈ মানুহৰ ওপৰত একেৰাহে এনে দুখ-কষ্টসমূহ আনিছে। (প্ৰকাশিত বাক্য ১২:⁠১২) যিহেতু ইয়োবে ঈশ্বৰৰ প্ৰতি নিষ্ঠা বজাই ৰাখিলে। একেইদৰে যীচুৱেও তেওঁৰ স্বৰ্গীয় পিতৃ যিহোৱাৰ প্ৰতি নিষ্ঠা বজাই ৰাখিলে। বৰ্তমান সময়ত সত্য খ্ৰীষ্টানসকলেও ইয়োব আৰু যীচুৰ দৰে ঈশ্বৰৰ প্ৰতি নিষ্ঠা বজাই ৰাখে।​—⁠ইয়োব ২৭:⁠৫; ৩১:⁠৬; মথি ৪:⁠১-​১১; ১ পিতৰ ১:⁠৬, ৭.

মই লোকসকলে চিৰকাললৈ জীয়াই থকিবলগা পৰমদেশীয় পৃথিৱীক বিশ্বাস কৰিছোঁ, কিন্তু এইটো কেৱল এটা সপোন নে?

বাইবেলৰ অনুসাৰে নহয়। কিয়নো মানৱজাতিয়ে বহু সময়ৰ পৰা বেয়া পৰিস্থিতিসমূহ ভোগী থকাৰ বাবে তেওঁলোকে ইয়াক এটা সপোন বুলি ভাবে। দৰাচলতে যিহোৱাই পৃথিৱী নিৰ্ম্মাণ কৰি মানৱজাতিক সমুদায় পৃথিৱীখনত ধাৰ্ম্মিক পুৰুষ আৰু স্ত্ৰীৰে পূৰ্ণ কৰিবলৈ আজ্ঞা দিছিল। ইয়াৰ উপৰিও তেওঁলোকক গছ-গছনি, জীৱ-জন্তুক চোৱা-চিতা কৰা আৰু এই পৃথিৱীখনৰ সুন্দৰতাক ধ্বংস কৰিবলৈ নহয় কিন্তু তাক ৰক্ষা কৰিবলৈ দায়িত্বভাৰ দিছিল। (১২ আৰু ১৭ পৃষ্ঠা চাওক।) গতিকে পৰমদেশীয় প্ৰতিজ্ঞা কোনো সপোন নহয়, ইয়াৰ বিপৰীতে দেখা গৈছে যে এই বৰ্তমানৰ ক্লেশদায়ক বেয়া পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাইছে। কিন্তু পৰমদেশীয় পৃথিৱীয়ে ইয়াক সলনি কৰিব।

যিসকলে বাইবেলখনক কাল্পনিক আৰু বৈজ্ঞানীক দৃষ্টিভঙ্গীৰে প্ৰমাণিত নহয় বুলি কয়, মই তেনে লোকবিলাকক কেনেকৈ উত্তৰ দিম?

এই প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰাটো কোনো সহজ বিষয় নহয়। কিয়নো “শ্ৰৱণৰ দ্বাৰাই বিশ্বাস” উৎপন্ন হয়। গতিকে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ দ্বাৰা জ্ঞান প্ৰতীয়মান আৰু বিশ্বাস বৃদ্ধি হয়।​—⁠ৰোমীয়া ১০:⁠১৭; ইব্ৰী ১১:⁠১.

বাইবেলৰ পুৰাতত্ত্ববিদসকলে প্ৰমাণ কৰিছে যে বাইবেলখন ঐতিহাসিকভাৱে যথাৰ্থ। বাস্তৱতে বৈজ্ঞানীকসকলেও বাইবেলৰ সৈতে সন্মত। তলত দিয়া বাস্তৱিকতাবোৰ ধৰ্ম্মীয় বিদ্বানসকলে আৱিষ্কাৰ কৰাৰ বহু পূৰ্বেই বাইবেলত বৰ্ণনা কৰা হৈছিল। যেনে, পৃথিৱীয়ে নিজৰ কক্ষ্যপথত পৰিভ্ৰমন কৰে, পৃথিৱীখন ঘূৰণীয়া, ই শূন্যত ওলমি আছে আৰু আকাশত উৰিফুৰা চৰাইবোৰেও প্ৰব্ৰজন কৰে।​—⁠আদিপুস্তক ১ অধ্যায়; যিচয়া ৪০:⁠২২; ইয়োব ২৬:⁠৭; যিৰিমিয়া ৮:⁠৭.

লিপিবদ্ধ কৰা ভৱিষ্যতবাণীসমূহৰ পৰিপূৰ্ণতাই বাইবেলখনক ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত বাক্য বুলি প্ৰমাণ কৰিছে। উদাহৰণস্বৰূপে, দানিয়েলে বহুসময়ৰ পূৰ্বেই বিশ্ব শক্তিবোৰৰ উত্থান আৰু পতন, একেইদৰে এই পৃথিৱীলৈ মচীহ অহা আৰু তেওঁক হত্যা কৰাৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল। (দানিয়েল, ২, ৮ অধ্যায়; ৯:⁠২৪-⁠২৭) বৰ্তমান সময়ত আন আন ভৱিষ্যতবাণীবোৰো পূৰ্ণ হৈছে আৰু আমি বাস কৰা সময়ছোৱাক “শেষ-কাল” বুলি নিৰ্দ্দেশিত কৰিছে। (২ তীমথিয় ৩:⁠১-⁠৫; মথি ২৪ অধ্যায়) এনে দূৰদৃষ্টি কেতিয়াও মানুহৰ শক্তিৰ দ্বাৰা সম্ভৱ নহয়। (যিচয়া ৪১:⁠২৩) ইয়াতকৈ অধিক জানিবলৈ অনুগ্ৰহ কৰি যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ? (ইংৰাজী) আৰু এনে এজন সৃষ্টিকৰ্ত্তা আছেনে যিজনে আপোনাৰ তত্ত্বাৱধান লয়? (ইংৰাজী) নামৰ কিতাপখন চাওক।

মই বাইবেলৰ পৰা উত্তৰসমূহ বিচাৰি উলিওৱাৰ বিষয়ে কেনেকৈ শিকিব পাৰিম?

ইয়াৰ বাবে আপুনি অৱশ্যেই বাইবেলখন অধ্যয়ন আৰু তাৰ ওপৰত ধ্যান কৰা আৱশ্যক। একেই সময়ত আপুনি ঈশ্বৰৰ আত্মাৰে পৰিচালিত হʼবলৈ তেওঁক নিৱেদন কৰক। (হিতোপদেশ ১৫:⁠২৮; লূক ১১:⁠৯-​১৩) কিয়নো বাইবেলে কৈছে যে, “তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৰিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁক তেওঁ যাচনা কৰক; তাতে তেওঁক দিয়া হব।” (যাকোব ১:⁠৫) তদুপৰি, বাইবেল অধ্যয়নত সহায় কৰা আন সাহায্যবোৰো আছে যিবোৰৰ পৰা উপযোগী পৰামৰ্শ লাভ কৰিব পাৰে। সাধাৰণতে আমাক সদায়ে আনৰ পৰা সহায়ৰ আৱশ্যক হয়। একেইদৰে কুচ-দেশীয় নপুংসকজনকো ফিলিপৰ সহায়ৰ আৱশ্যক হৈছিল। (পাঁচনিৰ কৰ্ম্ম ৮:⁠২৬-​৩৫) যিহোৱাৰ সাক্ষীসকলে আগ্ৰহী লোকবিলাকৰ ঘৰলৈ গৈ কোনো মূল্য নোলোৱাকৈ বাইবেল অধ্যয়ন কৰে। গতিকে আপুনি সেই বিনামূলীয়া অধ্যয়নৰ বাবে কোনো সঙ্কোচবোধ নকৰাকৈ আৱেদন কৰক।

বহুতে কিয় যিহোৱাৰ সাক্ষীসকলক বিৰোধ কৰে আৰু মোক তেওঁলোকৰ সৈতে অধ্যয়ন নকৰিবলৈ কয়?

যীচুৱেও বিৰোধীতাৰ সন্মুখীন হৈছিল আৰু তেওঁৰ শিষ্যসকলেও বিৰোধীতাৰ সন্মুখীন হʼব বুলি কৈছিল। যেতিয়া কোনোৱে যীচুৰ শিক্ষাত প্ৰভাৱিত হৈছিল তেতিয়া ধৰ্ম্মীয় বিৰোধীসকলে এইদৰে কৈছিল: “তহঁতো ভোল গলি নে কি? শাসনকৰ্ত্তা বা ফৰীচীবিলাকৰ মাজৰ কোনোবাই জানো তাত বিশ্বাস কৰিলে?” (যোহন ৭:⁠৪৬-​৪৮; ১৫:⁠২০) বহুতে আপোনাক অধ্যয়ন নকৰিবলৈ পৰামৰ্শ দি এইদৰে কʼব পাৰে যে সাক্ষীসকলৰ অধিক জ্ঞান নাই অথবা তেওঁলোকে পক্ষপাত কৰে। এতেকে সাক্ষীসকলৰ সৈতে নিজে অধ্যয়ন কৰি চাওক যে বাইবেলৰ বিষয়ে আপোনাৰ জ্ঞান বৃদ্ধি হৈছে নে নাই।​—⁠মথি ৭:⁠১৭-​২০.

লোকবিলাকৰ নিজা ধৰ্ম্ম হোৱাৰ স্বত্বেও যিহোৱাৰ সাক্ষীসকলে কিয় তেওঁলোকৰ ঘৰলৈ গৈ সাক্ষাৎ কৰে?

তেওঁলোকে এইদৰে কৰাৰ দ্বাৰা যীচুৰ আৰ্হিক অনুকৰণ কৰে। যদিও ইহুদীবিলাকৰ নিজা ধৰ্ম্ম আছিল তথাপিও যীচুৱে তেওঁলোকৰ ওচৰলৈ গৈছিল, কিয়নো তেওঁলোকে ঈশ্বৰৰ বাক্যৰ বিপৰীতে চলিছিল। (মথি ১৫:১-৯) একেইদৰে বৰ্তমান সময়তো সকলোৰে নিজা ধৰ্ম্ম আছে, হয়তো তেওঁলোকে তথাকথিত খ্ৰীষ্টান বা অন্য ধৰ্ম্মৰ লোক। কিন্তু গুৰুত্বপূৰ্ণ বিষয় এই যে তেওঁলোকে ঈশ্বৰৰ বাক্যত উল্লেখ কৰা অনুসাৰে বিশ্বাস কৰা প্ৰয়োজন আৰু এই সম্পৰ্কে যিহোৱাৰ সাক্ষীসকলে একেৰাহে লোকসকলক সহায় কৰি চুবুৰীয়াৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিছে।

যিহোৱাৰ সাক্ষীসকলে একমাত্ৰ তেওঁলোকৰ ধৰ্ম্মকে সত্য বুলি বিশ্বাস কৰেনে?

যিজনে নিজৰ ধৰ্ম্মক গভীৰতাৰে লয়, তেওঁ সেই ধৰ্ম্মক সঠিক বুলি বিবেচনা কৰা উচিত। অন্যথা তেওঁ বা তাই কিয় ইয়াত জড়িত হʼব? খ্ৰীষ্টানসকলক এইদৰে কোৱা হৈছে: “সকলো বিষয়ৰ পৰীক্ষা কৰি, যি ভাল তাকে ধৰি ৰাখা।” (১ থিচলনীকীয়া ৫:২১) গতিকে এজন ব্যক্তিয়ে নিশ্চিত কৰা আৱশ্যক যে তেওঁ কৰা বিশ্বাস যেন শাস্ত্ৰৰ ওপৰত আধাৰিত, কিয়নো কেৱল এটাই প্ৰকৃত বিশ্বাস আছে। ইফিচীয়া ৪:⁠৫ পদত এইদৰে উল্লেখ কৰিছে, “প্ৰভু এক, বিশ্বাস এক, বাপ্তিষ্মা এক।” আধুনিক সময়ত লোকসকলে বিশ্বাস কৰে যে বহু পথ বহু ধৰ্ম্ম আছে, সকলোৱে পৰিত্ৰাণলৈ পৰিচালনা কৰে, কিন্তু তেনে বিশ্বাস যীচুৱে অনুমোদন নকৰিলে। ইয়াৰ বিপৰীতে তেওঁ এইদৰে কৈছিল: “যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক, বাটো চেপ, আৰু তাক পোৱা লোকো তাকৰ।” যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে তেওঁলোকে সেই দুৱাৰ বিচাৰি পাইছে। অন্যথা তেওঁলোকে আন এটা ধৰ্ম্ম বিচাৰিলেহেঁতেন।​—⁠মথি ৭:⁠১৪.

কেৱল তেওঁলোকৰহে পৰিত্ৰাণ হʼব বুলি তেওঁলোকে বিশ্বাস কৰেনে?

অৱশ্যেই নকৰে। অতীতত যিহোৱাৰ সাক্ষী নোহোৱা যি লাখ সংখ্যক লোকৰ মৃত্যু হৈছে, তেওঁলোকে পুনৰাই জী উঠাৰ সুযোগ পাব। বৰ্তমানে জীয়াই থকা যি লোকসকলে এতিয়াও “মহা-ক্লেশ” অহাৰ পূৰ্বেই ধাৰ্ম্মিকতা আৰু সত্যৰ পক্ষে পদক্ষেপ লৈছে তেওঁলোকে পৰিত্ৰাণ লাভ কৰিব। ইয়াৰ উপৰিও যীচুৱে কৈছিল যে আমি ইজনে সিজনক ন্যায়-বিচাৰ কৰা উচিত নহয়। কিয়নো আমি আনৰ বাহ্যিকৰূপত দৃষ্টি কৰোঁ; কিন্তু ঈশ্বৰে হৃদয় পৰীক্ষা কৰে। গতিকে তেওঁহে দয়াপূৰ্ণতাৰে সঠিক ন্যায়-বিচাৰ কৰিব পাৰে। এই দায়িত্ব তেওঁ আমাৰ হাতত নহয় কিন্তু যীচুৰ হাতত গতাই দিছে।​—⁠মথি ৭:⁠১-​৫; ২৪:⁠২১; ২৫:⁠৩১.

যিহোৱাৰ সাক্ষীসকলৰ সভাত উপস্থিত হোৱা ব্যক্তিবিলাকৰ পৰা কেনে মনোবৃত্তি ৰাখি দান-বৰঙণী দিয়াটো অপেক্ষা কৰা হয়?

দান-বৰঙণীৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “প্ৰতিজনে মনোদুখ বা আৱশ্যকতাৰে নিদি, নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক; কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।” (২ কৰিন্থীয়া ৯:⁠৭) যিহোৱাৰ সাক্ষীসকলে ৰাজ্যগৃহ আৰু অধিৱেশন গৃহবোৰত কোনো দান-বৰঙণী সংগ্ৰহ নকৰে। কিন্তু তেওঁলোকে সুবিধাজনক ঠাইত দান-বৰঙণীৰ বাকচ ৰাখে, যাতে দান কৰিবলৈ বিচৰাসকলে দান-বৰঙণী দিব পাৰে। কোনো এজনেও নাজানে যে আনজনে কিমান দান কৰিছে। কিছুমানে হয়তো আনতকৈ অধিক দান কৰিব পাৰে; কিছুমানে হয়তো নোৱাৰে। এই সম্পৰ্কে যীচুৱে যিৰূচালেম মন্দিৰত থকা দানৰ বাকচ আৰু তাত দান কৰা লোকসকলৰ প্ৰতি এক সঠিক মনোবৃত্তি দাঙি ধৰিছিল: এজনৰ ক্ষমতাৰ অনুসাৰে দান কৰা হয় আৰু তেওঁ দান কৰা ধনৰ পৰিমাণত নহয়, কিন্তু তেওঁৰ দান কৰাৰ উদ্যমতাকহে গণ্য কৰা হয়।​—⁠লূক ২১:১-৪.

যদি মই এজন যিহোৱাৰ সাক্ষী হওঁ তেতিয়া তেওঁলোকৰ দৰে ময়ো প্ৰচাৰ কৰিব লাগিবনে?

যেতিয়া এজন ব্যক্তিয়ে খ্ৰীষ্টৰ ৰাজ্যৰ অধীনত আহিবলগীয়া পাৰ্থিৱ পৰমদেশৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰে তেতিয়া তেওঁ আনকো ইয়াৰ বিষয়ে কব বিচাৰে। আপুনিও তেনেদৰে কৰা উচিত। কিয়নো বাস্তৱতে এইটো হৈছে এটা শুভবাৰ্ত্তা!​—⁠পাঁচনিৰ কৰ্ম্ম ৫:⁠৪১, ৪২.

এইদৰে কৰাৰ দ্বাৰা আপুনি স্পষ্টকৈ প্ৰকাশ কৰে যে আপুনি এজন যীচুৰ শিষ্য। বাইবেলত কোৱা হৈছে যে যীচুৱে তেনে কাৰ্য্য কৰাসকলক “বিশ্বাসী আৰু সত্য সাক্ষী” বুলি কৈছিল। যীচুৱে এই পৃথিৱীত থকা সময়ছোৱাত প্ৰচাৰ কৰি এইদৰে কৈছিল: “স্বৰ্গৰাজ্য ওচৰ হল” আৰু তেওঁৰ শিষ্যসকলকো তেনেদৰে কবলৈ পঠিয়াইছিল। (প্ৰকাশিত বাক্য ৩:⁠১৪; মথি ৪:⁠১৭; ১০:⁠৭) পিছলৈ তেওঁ অনুগামীসকলক আজ্ঞা দি এইদৰে কৈছিল: “এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, . . . তেওঁবিলাকক শিক্ষা দিয়া।” তদুপৰি, তেওঁ এই জগতৰ অন্ত হোৱা পূৰ্বেই সম্পন্ন হʼবলগীয়া কাৰ্য্যৰ বিষয়ে এইদৰে ভৱিষ্যতবাণী কৰিছিল, “ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।”​—⁠মথি ২৪:⁠১৪; ২৮:⁠১৯, ২০.

বিভিন্ন পদ্ধতিৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰা হয়। বন্ধু-বান্ধৱ আৰু পৰিচিত ব্যক্তিৰ সৈতে কৰা কথোপকথনে প্ৰায়ে শুভবাৰ্ত্তাৰ বিষয়ে কবলৈ সুযোগ মুকলি কৰে। কিছুমানে পত্ৰ লিখা বা টেলিফোনৰ দ্বাৰা সাক্ষী দিয়ে। আন কিছুমানে তেওঁলোকৰ আগ্ৰহী চিনাকি ব্যক্তিসকললৈ ডাকযোগে সাহিত্য বা আলোচনী পঠিয়ায়। কোনো এজনো যেন শুভবাৰ্ত্তা শুনাত বাদ নপৰে তাৰ বাবে সাক্ষীসকলে ইচ্ছুকতাৰে ঘৰে-ঘৰে লোকসকলক সাক্ষাৎ কৰে।

সেয়েহে বাইবেলে এইদৰে এটা উৎসাহজনক আমন্ত্ৰণ দিছে: “আত্মা আৰু কন্যাই কয়, আহাঁ; আৰু যি জনে শুনে, তেৱোঁ বোলক, আহাঁ; যি আৰু পিয়াহ লাগে, তেওঁ আহক; যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন-জল গ্ৰহণ কৰক।” (প্ৰকাশিত বাক্য ২২:⁠১৭) স্বইচ্ছা আৰু হৃদয়েৰে আগ্ৰহী হৈ আনক পৰমদেশীয় পৃথিৱী আৰু আশীৰ্ব্বাদসমূহৰ বিষয়ে কোৱা আৱশ্যক।

আমি নিশ্চিত যে যিহোৱাৰ সাক্ষী আৰু তেওঁলোকৰ বিশ্বাসৰ বিষয়ে জানিবলৈ আপোনাৰ আন বহুতো প্ৰশ্ন আছে। স্বাভাৱিকতেই কিছুমান বিষয়ে তৰ্ক-বিতৰ্কৰ সৃষ্টি কৰিব পাৰে। কিন্তু আমি আপোনাৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ পাই আনন্দিত হম। এই ব্ৰচাৰখনত সীমিত পৃষ্ঠা হোৱাৰ বাবে আমি আপোনাক সকলোখিনি ইয়াত বৰ্ণনা কৰিব নোৱাৰিম। সেয়েহে আমি আপোনাক স্থানীয় সাক্ষীসকলক সাক্ষাৎ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আপুনি তেওঁলোকক সাক্ষাৎ কৰিবলৈ স্থানীয় ৰাজ্যগৃহত যাব পাৰে বা তেওঁলোকে ব্যক্তিগতভাৱে আপোনাৰ ঘৰলৈ আহোঁতে কথোপকথন কৰিব পাৰে। অথবা আপুনি তলত দিয়া যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যালয়ৰ উপযুক্ত ঠিকনাত নিজৰ প্ৰশ্নসমূহ পঠিয়াব পাৰে।