বাইবেল অধ্যয়ন কৰাৰ সময়ত
পাঠ ১২
স্পষ্টকৈ পৰামৰ্শ দিয়ক
সিদ্ধান্ত: ‘সুগন্ধি তেল আৰু ধূপে যেনেকৈ মনক আনন্দিত কৰে, বন্ধুৰ আন্তৰিক পৰামৰ্শও তেনেকৈ আনন্দিত কৰে।’—হিতো. ২৭:৯.
যীচুৱে কি কৰিলে?
১. ভিডিঅʼখন চাওক বা মাৰ্ক ১০:১৭-২২ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:
যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?
২. বিদ্যাৰ্থীক আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ মৰমেৰে আৰু বন্ধুৰ দৰে সহায় কৰিব লাগিব।
যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?
৩. লক্ষ্যত উপনীত হʼবলৈ নিজৰ বিদ্যাৰ্থীক সহায় কৰক।
-
ক. দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপৰ পৰা বিদ্যাৰ্থীক “লক্ষ্য” ৰাখিবলৈ সহায় কৰক।
-
খ. আপোনাৰ বিদ্যাৰ্থীক সৰু বা ডাঙৰ লক্ষ্যত উপনীত হʼবলৈ সহায় কৰক।
৪. বিদ্যাৰ্থীক উন্নতি কৰিবলৈ বাধা দিয়া কথাক চিনাক্ত কৰক আৰু সহায় কৰক।
-
-
‘মোৰ বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ কিহে বাধা দিছে?’
-
‘মই তেওঁক কেনেকৈ ব্যৱহাৰিকভাৱে সহায় কৰিব পাৰোঁ?’
-
-
খ. নিজৰ বিদ্যাৰ্থীক স্পষ্টকৈ আৰু মৰমেৰে বুজাবলৈ সাহস বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক।
৫. উন্নতি নকৰা বিদ্যাৰ্থীৰ অধ্যয়ন বন্ধ কৰক।
-
ক. অধ্যয়ন বন্ধ কৰাটো উচিত হʼব নে নহয়, এই বিষয়ে বুজিবলৈ চিন্তা কৰক:
-
‘মোৰ বিদ্যাৰ্থীয়ে যি শিকি আছে, সেয়া পালন কৰেনে?’
-
‘তেওঁ নিয়মীয়াকৈ সভাবোৰত উপস্থিত হয়নে আৰু যি শিকি আছে, সেয়া আনক জনাইনে?’
-
‘যদি তেওঁ বহু সময়ৰ পৰা অধ্যয়ন কৰি আছে, তেনেহʼলে তেওঁ এজন যিহোৱাৰ সাক্ষী হʼব বিচাৰেনে?’
-
-
খ. যদি বাইবেল বিদ্যাৰ্থীয়ে উন্নতি কৰা নাই:
-
তেনেহʼলে তেওঁক সোধক যে কি কথাই তেওঁক বাধা দিছে।
-
বিদ্যাৰ্থীক স্পষ্টকৈ কওক যে আপুনি কিয় অধ্যয়ন বন্ধ কৰিছে।
-
যদি বিদ্যাৰ্থীজনে পুনৰ অধ্যয়ন কৰিব বিচাৰে, তেনেহʼলে তেওঁক স্পষ্টকৈ জনাওক যে তেওঁ কি কৰিব লাগিব।
-
এয়াও চাওক
গীত. ১৪১:৫; হিতো. ২৫:১২; ২৭:৬; ১ কৰি. ৯:২৬; কল. ৪:৫, ৬