কথা-বতৰা আৰম্ভ কৰাৰ সময়ত
পাঠ ২
স্বাভাৱিকভাৱে কথা পাতক
সিদ্ধান্ত: “উচিত সময়ত কোৱা বাক্য কেনে উত্তম!”—হিতো. ১৫:২৩.
ফিলিপে কি কৰিলে?
১. ভিডিঅʼখন চাওক বা পাঁচনিৰ কৰ্ম্ম ৮:৩০, ৩১ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:
ফিলিপৰ পৰা আমি কি শিকিব পাৰোঁ?
২. শুভবাৰ্তা জনাবলৈ খৰ-ধৰ কৰাৰ পৰিৱৰ্তে যদি আমি কথা-বতৰা স্বাভাৱিকভাৱে আগবাঢ়িবলৈ দিওঁ, তেনেহʼলে হয়তো ব্যক্তিজনক বাইবেলৰ পৰা কোনো কথা জনালে তেওঁ আমাৰ কথা শুনিব।
ফিলিপৰ দৰে আমি কি কৰিব পাৰোঁ?
৩. লক্ষ্য কৰক। এজন ব্যক্তিৰ অংগি-ভংগি আৰু কথা পতাৰ ধৰনে বহুতো কথা প্ৰকাশ কৰে। যদি ব্যক্তিজনে আপোনাৰ কথা শুনিব বিচাৰে, তেনেহʼলে বাইবেলৰ সত্যতাৰ বিষয়ে জনাবলৈ আপুনি তেওঁক এইদৰে সুধিব পাৰে, “আপুনি জানেনে . . . ?” যদি কোনোবাই কথা পাতিব নিবিচাৰে, তেনেহʼলে জোৰ-জবৰদস্তি নকৰিব।
৪. ধৈৰ্য্য ধৰক। ব্যক্তিজনক বাইবেলৰ বিষয়ে এতিয়াই জনাব লাগিব বুলি নাভাৱিব। সঠিক সময়ৰ বাবে অপেক্ষা কৰক। ব্যক্তিজনৰ লগত প্ৰথমবাৰ কথা পাতোঁতে বাইবেলৰ কোনো কথা জনাবলৈ সুযোগ নাপাবও পাৰে। কিন্তু ব্যক্তিজনক পুনৰ লগ কৰোঁতে, হয়তো আপুনি স্বাভাৱিকভাৱে তেওঁক বাইবেলৰ বিষয়ে জনাব পাৰে।
৫. পৰিস্থিতিৰ অনুসৰি বিষয় সলনি কৰক। আপুনি হয়তো কোনো এটা বিষয় তৈয়াৰী কৰি গৈছে, কিন্তু ব্যক্তিজনে আন কিবা বিষয়ে কথা পাতে, তেনেহʼলে নিজৰ বিষয় সলনি কৰক। তাৰ পাছত ব্যক্তিজনৰ প্ৰয়োজনীয়তা অনুসৰি বাইবেলৰ পৰা কোনো কথা জনাওক।
এয়াও চাওক
উপ. ৩:১, ৭; ১ কৰি. ৯:২২; ২ কৰি. ২:১৭; কল. ৪:৬