কথা-বতৰা আৰম্ভ কৰাৰ সময়ত
পাঠ ৬
সাহসেৰে কথা পাতক
সিদ্ধান্ত: “ঈশ্বৰৰ শুভবাৰ্ত্তা তোমালোকৰ আগত কবলৈ আমাৰ ঈশ্বৰত সাহ কৰিছিলোঁ।”—১ থিচ. ২:২.
যীচুৱে কি কৰিলে?
১. ভিডিঅʼখন চাওক বা লূক ১৯:১-৭ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:
যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?
২. পক্ষপাত নকৰাকৈ সকলোকে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাবলৈ আমাক সাহসৰ প্ৰয়োজন।
যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?
৩. যিহোৱাত নিৰ্ভৰ কৰক। ঈশ্বৰৰ পবিত্ৰ শক্তিয়ে যীচুক প্ৰচাৰ কৰিবলৈ শক্তি দিলে, ইয়ে আপোনাকো শক্তি দিব পাৰে। (মথি ১০:১৯, ২০; লূক ৪:১৮) যিসকলক প্ৰচাৰ কৰিবলৈ ভয় লাগে, তেওঁলোকক সাহসেৰে প্ৰচাৰ কৰিবলৈ যিহোৱাৰ পৰা সাহস বিচাৰক।—পাঁচ. ৪:২৯.
৪. লোকসকলে নুশুনিব বুলি আগতীয়াকৈ ভাবি নলʼব। কিছুমান লোকৰ হয়তো চেহেৰা-পাতি, সমাজত ভাল নাম, ধনী-দুখীয়া, তেওঁলোকৰ জীৱন-যাপন বা ধৰ্মীয় বিশ্বাসৰ বাবে আমি হয়তো তেওঁলোকৰ লগত কথা পাতিবলৈ সংকোচ কৰিব পাৰোঁ। কিন্তু মনত ৰাখিব:
৫. সাহস দেখুৱাওক, কিন্তু বুদ্ধিমতাৰে। (মথি ১০:১৬) তৰ্ক কৰাৰ পৰা আঁতৰি থাকক। যদি ব্যক্তিজনে আপোনাৰ কথা শুনিব নিবিচাৰে বা আপুনি সুৰক্ষিত অনুভৱ নকৰে, তেনেহʼলে কথা-বতৰা সমাপ্ত কৰক আৰু তাৰ পৰা ওলাই আহক।—হিতো. ১৭:১৪.