ভাগ ৪
চয়তানৰ কথা শুনাৰ পৰিণাম কি হʼল?
আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে আৰু সেইবাবে তেওঁলোকৰ মৃত্যু হʼল। আদিপুস্তক ৩:৬, ২৩
হৱাই সাপৰ কথা শুনি, সেই গছৰ ফল খালে। ইয়াৰ পাছত তাই আদমকো সেই ফল খাবলৈ দিলে আৰু আদমেও সেই ফল খালে।
তেওঁলোকৰ এই কাৰ্য্য ভুল আছিল। তেওঁলোকে পাপ কৰিলে। ঈশ্বৰে আদম আৰু হৱাক এদন বাগিচাৰপৰা বাহিৰ কৰিলে।
এদন বাগিচাৰ বাহিৰত তেওঁলোক আৰু তেওঁলোকৰ লʼৰা-ছোৱালীৰ জীৱন সহজ নাছিল। লাহে লাহে আদম আৰু হৱা বৃদ্ধ হʼবলৈ ধৰিলে আৰু এদিনাখন তেওঁলোকৰ মৃত্যু হʼল। মৃত্যুৰ পাছত তেওঁলোক কোনো আত্মিক জগতলৈ যোৱা নাছিল। মাত্ৰ তেওঁলোকৰ অস্তিত্বহে নাইকিয়া হʼল।
আদিপুস্তক ৩:১৯
ধূলিৰ যেনেকৈ প্ৰাণ নাই, মৃত লোকসকলৰো তেনে অৱস্থা।আদম আৰু হৱাৰ সন্তান হোৱাৰ বাবে আজি আমিও মৃত্যুৰ সন্মুখীন হওঁ। মৃত লোকসকলে দেখিব নোৱাৰে, শুনিব নোৱাৰে তথা একো কৰিব নোৱাৰে।—উপদেশক ৯:৫, ১০.
মানুহৰ মৃত্যু হোৱাটো ঈশ্বৰৰ উদ্দেশ্য নাছিল। ঈশ্বৰে অতি সোনকালে মৃত লোকসকলক পুনৰ জীৱিত কৰিব। পুনৰ জীৱন পোৱা এই লোকসকলে যদি ঈশ্বৰৰ বাক্য শুনে, তেনেহʼলে তেওঁলোকে অনন্ত জীৱন জীয়াই থাকিব।