ভাগ ১৩
ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আমি কি কৰা উচিত?
বেয়া কামবোৰক ত্যাগ কৰক। ১ কৰিন্থীয়া ৬:৯, ১০
যদি আমাৰ যিহোৱাৰ প্ৰতি শ্ৰদ্ধা আৰু প্ৰেম থাকে, তেনেহʼলে আমি তেওঁ বেয়া পোৱা কাৰ্য্যবোৰ নকৰিম।
চুৰ কৰা, অধিক মাত্ৰাত মদ খোৱা বা নিচাযুক্ত পদাৰ্থ সেৱন কৰা আদি কাৰ্য্যবোৰ যিহোৱা ঈশ্বৰে ভাল নাপায়।
হত্যা, গৰ্ভপাত আৰু সমকামিতা আদি বিষয়বোৰ ঈশ্বৰে ঘৃণা কৰে। আমি লুভীয়া হোৱা উচিত নহয়। আনৰ লগত কাজিয়া কৰাটোও ঈশ্বৰে ভাল নাপায়।
আমি প্ৰতিমা উপাসনা বা মায়াকৰ্ম্মত জড়িত হোৱাটো উচিত নহয়।
বেয়া কাম কৰা লোকসকলে প্ৰমোদবনত স্থান নাপাব।
মথি ৭:১২
ভাল কামবোৰ কৰক।যদি আমি ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰোঁ, তেনেহʼলে আমি তেওঁক অনুকৰণ কৰা উচিত।
দয়ালু আৰু উদাৰ হোৱাৰ যোগেদি আনক প্ৰেম দেখুৱাওক।
সত্যবাদী হওক।
দয়া দেখুৱাওক আৰু আনক ক্ষমা কৰক।
যিহোৱা আৰু তেওঁৰ নিয়মবোৰৰ বিষয়ে আনক জনাওক।—যিচয়া ৪৩:১০.