ভাগ ১১
যিহোৱা ঈশ্বৰে আমাৰ কথা শুনেনে?
ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে। ১ পিতৰ ৩:১২
যিহোৱা হৈছে ‘প্ৰাৰ্থনা শুনোঁতা’ ঈশ্বৰ। (গীতমালা ৬৫:২) আমি তেওঁক হৃদয়ৰপৰা প্ৰাৰ্থনা কৰিব লাগে।
কেৱল যিহোৱাক প্ৰাৰ্থনা কৰক।
১ যোহন ৫:১৪
আমি বিভিন্ন বিষয়ৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ।স্বৰ্গ আৰু পৃথিৱীত ঈশ্বৰৰ ইচ্ছা পূৰ হʼবলৈ আমি প্ৰাৰ্থনা কৰা উচিত।
উচিত কাম কৰিবলৈ যিহোৱাৰ সহায় বিচাৰক। খাদ্য, চাকৰি, ঘৰ, কাপোৰ-কানি, স্বাস্থ্য আদি বিষয়বোৰৰ বাবেও আপুনি প্ৰাৰ্থনা কৰিব পাৰে।
যীচুয়ে আপোনাৰ বাবে যি কৰিলে, তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাই তেওঁৰ নামত প্ৰাৰ্থনা কৰক।