Skip to content

Skip to table of contents

ভাগ ১৪

যিহোৱাৰ প্ৰতি আপুনি কেনেকৈ বিশ্বাসী হৈ থাকিব?

যিহোৱাৰ প্ৰতি আপুনি কেনেকৈ বিশ্বাসী হৈ থাকিব?

যিহোৱাৰ পক্ষে থিয় দিয়ক। ১ পিতৰ ৫:৬-৯

বাইবেলৰ লগত মিল নথকা নীতি-নিয়মবোৰত ভাগ নলʼব। এনে কৰাটো সহজ নহয়। আপোনাক সাহসৰ প্ৰয়োজন হʼব।

ৰাজনীতিত ভাগ নলʼব, কিয়নো তেওঁলোকে যিহোৱা আৰু তেওঁৰ ৰাজ্যক সমৰ্থন নকৰে।

উচিত নিৰ্ণয় লওক আৰু ঈশ্বৰৰ বাক্য শুনক। মথি ৭:২৪, ২৫

যিহোৱাৰ সাক্ষীসকলৰ লগত যোগাযোগ কৰক। ঈশ্বৰৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁলোকে আপোনাক সহায় কৰিব।

ঈশ্বৰৰ বিষয়ে শিকি থাকক আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ চেষ্টা কৰক।

যেতিয়া আপোনাৰ বিশ্বাস মজবুত হʼব, তেতিয়া আপুনি যিহোৱা ঈশ্বৰলৈ নিজকে সমৰ্পণ কৰক আৰু বাপ্তিষ্মা লওক।—মথি ২৮:১৯.

ঈশ্বৰৰ বাক্য শুনক। বাইবেলখন পঢ়ক আৰু ইয়াক ভালদৰে বুজিবলৈ যিহোৱাৰ সাক্ষীসকলৰ সহায় বিচাৰক। এনে কৰিলে আপুনি অনন্ত জীৱন জীয়াই থাকিব।—গীতমালা ৩৭:২৯.