Skip to content

Skip to table of contents

ভাগ ৪

চয়তানৰ কথা শুনাৰ পৰিণাম কি হ’ল?

চয়তানৰ কথা শুনাৰ পৰিণাম কি হ’ল?

আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে আৰু সেইবাবে তেওঁলোকৰ মৃত্যু হ’ল। আদিপুস্তক ৩:৬, ২৩

হৱাই সাপৰ কথা শুনি, সেই গছৰ ফল খালে। ইয়াৰ পাছত তাই আদমকো সেই ফল খাবলৈ দিলে আৰু আদমেও সেই ফল খালে।

তেওঁলোকৰ এই কাৰ্য্য ভুল আছিল। তেওঁলোকে পাপ কৰিলে। ঈশ্বৰে আদম আৰু হৱাক এদন বাগিচাৰপৰা বাহিৰ কৰিলে।

এদন বাগিচাৰ বাহিৰত তেওঁলোক আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ জীৱন সহজ নাছিল। লাহে লাহে আদম আৰু হৱা বৃদ্ধ হ’বলৈ ধৰিলে আৰু এদিনাখন তেওঁলোকৰ মৃত্যু হ’ল। মৃত্যুৰ পাছত তেওঁলোক কোনো আত্মিক জগতলৈ যোৱা নাছিল। মাত্ৰ তেওঁলোকৰ অস্তিত্বহে নাইকিয়া হ’ল।

ধূলিৰ যেনেকৈ প্ৰাণ নাই, মৃত লোকসকলৰো তেনে অৱস্থা। আদিপুস্তক ৩:১৯

আদম আৰু হৱাৰ সন্তান হোৱাৰ বাবে আজি আমিও মৃত্যুৰ সন্মুখীন হওঁ। মৃত লোকসকলে দেখিব নোৱাৰে, শুনিব নোৱাৰে তথা একো কৰিব নোৱাৰে।—উপদেশক ৯:৫, ১০.

মানুহৰ মৃত্যু হোৱাটো ঈশ্বৰৰ উদ্দেশ্য নাছিল। ঈশ্বৰে অতি সোনকালে মৃত লোকসকলক পুনৰ জীৱিত কৰিব। পুনৰ জীৱন পোৱা এই লোকসকলে যদি ঈশ্বৰৰ বাক্য শুনে, তেনেহ’লে তেওঁলোকে অনন্ত জীৱন জীয়াই থাকিব।