Skip to content

Skip to table of contents

ভাগ ১১

যিহোৱা ঈশ্বৰে আমাৰ কথা শুনেনে?

যিহোৱা ঈশ্বৰে আমাৰ কথা শুনেনে?

ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে। ১ পিতৰ ৩:১২

যিহোৱা হৈছে ‘প্ৰাৰ্থনা শুনোঁতা’ ঈশ্বৰ। (গীতমালা ৬৫:২) আমি তেওঁক হৃদয়ৰপৰা প্ৰাৰ্থনা কৰিব লাগে।

কেৱল যিহোৱাক প্ৰাৰ্থনা কৰক।

আমি বিভিন্ন বিষয়ৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। ১ যোহন ৫:১৪

স্বৰ্গ আৰু পৃথিৱীত ঈশ্বৰৰ ইচ্ছা পূৰ হ’বলৈ আমি প্ৰাৰ্থনা কৰা উচিত।

উচিত কাম কৰিবলৈ যিহোৱাৰ সহায় বিচাৰক। খাদ্য, চাকৰি, ঘৰ, কাপোৰ-কানি, স্বাস্থ্য আদি বিষয়বোৰৰ বাবেও আপুনি প্ৰাৰ্থনা কৰিব পাৰে।

যীচুয়ে আপোনাৰ বাবে যি কৰিলে, তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাই তেওঁৰ নামত প্ৰাৰ্থনা কৰক।