Skip to content

Skip to table of contents

ভাগ ১০

ঈশ্বৰৰ বাক্য শুনা লোকসকলৰ বাবে কি আশীৰ্ব্বাদ আছে?

ঈশ্বৰৰ বাক্য শুনা লোকসকলৰ বাবে কি আশীৰ্ব্বাদ আছে?

মৃত লোকসকলক এই পৃথিৱীত পুনৰ জীৱিত কৰা হ’ব। পাঁচনিৰ কৰ্ম্ম ২৪:১৫

যদি আপুনি ঈশ্বৰৰ বাক্য শুনে, তেনেহ’ল আপুনি কি আশীৰ্ব্বাদ লাভ কৰিব তাৰ কল্পনা কৰিব পাৰিবনে? আপুনি সু-স্বাস্থ্যৰ অধিকাৰী হ’ব। কোনো ধৰণৰ বেমাৰ-আজাৰ নহ’ব। কোনো দুষ্ট লোক নাথাকিব আৰু আপোনাৰ চাৰিওফালে থকা লোকসকলক আপুনি বিশ্বাস কৰিব পাৰিব।

কোনো ধৰণৰ দুখ-কষ্ট, বেদনা আৰু চকুলো নাথাকিব। কোনেও বৃদ্ধ নহ’ব আৰু কাৰো মৃত্যু নহ’ব।

আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধুসকলৰ লগত একেলগে বাস কৰিব। প্ৰমোদবনত জীৱন বৰ আনন্দৰ হ’ব।

কোনো ধৰণৰ ভয় নাথাকিব। লোকসকলে সঁচাকৈ আনন্দত বাস কৰিব।

ঈশ্বৰৰ ৰাজ্যই সকলো দুখ-কষ্টৰ অন্ত কৰিব। প্ৰকাশিত বাক্য ২১:৩, ৪