Skip to content

Skip to table of contents

ভাগ ৯

প্ৰমোদবন কেতিয়া হ’ব?

প্ৰমোদবন কেতিয়া হ’ব?

বৰ্তমানে হৈ থকা ঘটনাবোৰে প্ৰমাণ কৰে যে ঈশ্বৰৰ ৰাজ্যই অতি সোনকালে কাৰ্য্য কৰিব। লূক ২১:১০, ১১; ২ তীমথিয় ৩:১-৫

বৰ্তমানে হৈ থকা ঘটনাবোৰৰ বিষয়ে বাইবেলত বহুবছৰৰ আগতেই ভৱিষ্যতবাণী কৰা হৈছিল। মানুহবিলাক ধন-লুভীয়া, পিতৃ-মাতৃক নমনা, প্ৰচণ্ড বা উগ্ৰ আৰু সুখ-প্ৰিয় হ’ব বুলি উল্লেখ কৰা হৈছে।

বৰ বৰ ভূমিকম্প, যুদ্ধ, আকাল আৰু বিভিন্ন ধৰণৰ বেমাৰ হ’ব বুলি ভৱিষ্যতবাণী কৰা হৈছিল। বৰ্তমানে এই ঘটনাবোৰ আমি দেখিবলৈ পাইছোঁ।

ইয়াৰ উপৰিও যীচুয়ে কৈছিল যে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা গোটেই পৃথিৱীজোৰি ঘোষণা কৰা হ’ব।—মথি ২৪:১৪.

ঈশ্বৰৰ ৰাজ্যই সকলো দুষ্টতাক অন্ত কৰিব। ২ পিতৰ ৩:১৩

যিহোৱাই অতি সোনকালে সকলো ধৰণৰ দুষ্টতাক ধ্বংস কৰিব।

চয়তান আৰু ভূতবোৰক শাস্তি দিয়া হ’ব।

যি লোকসকলে ঈশ্বৰৰ বাক্য শুনিব, তেওঁলোকে এক ধাৰ্ম্মিক জগতত বাস কৰিব। সেই জগতত কোনো ধৰণৰ ভয় নাথাকিব আৰু সকলোৱে এজনে-আনজনক প্ৰেম আৰু বিশ্বাস কৰিব।