Skip to content

Skip to table of contents

ভাগ ৭

যীচু কোন আছিল?

যীচু কোন আছিল?

যিহোৱা ঈশ্বৰে যীচুক পৃথিৱীলৈ পঠিয়াইছিল। ১ যোহন ৪:৯

যদি আমি যিহোৱা ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰোঁ, তেনেহ’লে আমি আন এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ কথা শুনা উচিত। আদমক সৃষ্টি কৰাৰ বহুবছৰৰ আগতে, যিহোৱা ঈশ্বৰে এজন শক্তিশালী আত্মিক প্ৰাণী সৃষ্টি কৰিছিল।

যিহোৱা ঈশ্বৰে এই আত্মিক প্ৰাণীক মৰিয়ম নামৰ এগৰাকী কুমাৰীৰ গৰ্ভত স্থানান্তৰ কৰিলে। মৰিয়মে বৈৎলেহমত এটা সন্তানৰ জন্ম দিয়ে আৰু তাৰ নাম যীচু ৰখা হ’ল।—যোহন ৬:৩৮.

পৃথিৱীত থকাৰ সময়ছোৱাত যীচুয়ে ঈশ্বৰৰ গুণবোৰ ভালদৰে প্ৰতিফলিত কৰিছিল। তেওঁ বৰ দয়ালু আৰু মৰমিয়াল আছিল। লোকসকলে তেওঁৰ ওচৰলৈ আহিবলৈ কোনো সংকোচ কৰা নাছিল। তেওঁ সাহসেৰে লোকসকলক যিহোৱাৰ বিষয়ে শিক্ষা দিছিল।

যীচুয়ে ভাল কাম কৰাৰ সত্ত্বেও লোকসকলে তেওঁক ঘৃণা কৰিছিল। ১ পিতৰ ২:২১-২৪

ইয়াৰ উপৰিও যীচুয়ে বেমাৰী লোকসকলক সুস্থ কৰিছিল আৰু কিছুমান মৃত লোকক পুনৰ জীৱিত কৰিছিল।

ধৰ্ম্মীয় নেতাসকলে যীচুক ঘৃণা কৰিছিল, কিয়নো যীচুয়ে তেওঁলোকৰ মিছা শিক্ষা আৰু বেয়া কামবোৰক লোকসকলৰ আগত উদঙাই দিছিল।

যীচুক তাড়না দিবলৈ আৰু হত্যা কৰিবলৈ ধৰ্ম্মীয় নেতাসকলে ৰোমান শাসকসকলক উচটাইছিল।